Breaking

শৃংখলিত যুৱ সমাজেহে শৃংখলিত সমাজ গঢ়ি তুলিব পাৰে: দেৱজিৎ বৰা

0 2,086

অসম সত্র মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ অসমৰ মাজুলী জিলা সমিতি গঠনৰ উদ্দেশ্যে আজি শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ সংস্কৃত টোলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় | দিনৰ ১১ বাজি ৩০ মিনিটৰ পৰা সমন্বিত যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দীপাংকৰ মহন্তই সভাপতিত্ব কৰা আজি অনুষ্ঠানত মুখ্য পৰ্যবেক্ষক তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃণাল খনিকৰে অসমীয়া জাতীয় জীৱন শক্তিশালী কৰিবৰ বাবে অসমৰ যুৱ প্ৰজন্মক অসম সত্র মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ অসমৰ অন্তভুক্ত হৈ স্বদেশ আৰু স্বজাতিৰ সেৱাত উৎসৰ্গিত হ’বলৈ আহ্বান জনায় |  সভাৰ অন্যতম আহ্বায়ক শংকুসিদ্ধ নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বৰ্তমানৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই ভাষণ প্ৰসংগত কয় শৃংখলিত যুৱ সমাজে শৃংখলিত সমাজ গঢ়ি তুলিব পাৰে | শিক্ষা-দীক্ষা গ্ৰহণ কৰি যুৱ প্ৰজন্মই অসমৰ জাতীয় জীৱন শক্তিমান কৰি তুলিবৰ বাবে ঐক্যবদ্ধ হ’ব পাৰিব লাগিব, নহ’লে সবল শক্তিমান জাতি গঢ় দিয়াত আমি সাফল্য হ’ব নোৱাৰিম | সভাৰ আহ্বায়ক মনোজ্যোতি ৰেগনে আঁত ধৰা সভাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণী কৰে বিশিষ্ট কবি তথা মাজুলী জিলা সাহিত্য সভাৰ জ্যেষ্ঠ কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্তই | অসম সত্র মহাসভাৰ চৰাইদেউ জিলাৰ সম্পাদক প্ৰমোদ মহন্ত, মাজুলী জিলা সত্র মহাসভাৰ সম্পাদক পুতুল মহন্ত, যোৰহাট জিলা সমন্বিত যুৱতীৰ্থৰ সভাপতি ধ্ৰুৱজ্যোতি বৰদলৈ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰা সভাখনত শিক্ষক প্ৰণৱজিত মিশ্ৰ, অনুপ্ৰভা দেৱী, যাদৱকৃষ্ণ মহন্ত, শিল্পী গোলাপ চন্দ্ৰ নাথ, প্ৰফুল্ল বৰুৱা প্ৰমুখ্যে বহুসংখ্যক লোক উপস্থিত থাকে | সভাৰ শেষত উৎপল মহন্তক সভাপতি, মনোজ্যোতি ৰেগনক কাৰ্যকৰী সভাপতি, শংকুসিদ্ধ নাথ আৰু চন্দন গোস্বামীক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰি সমন্বিত যুৱতীৰ্থ অসমৰ মাজুলী জিলা সমিতিখন গঠন কৰে | 

Leave A Reply