Breaking

‘কেৱল বিজেপিয়েহে মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিব পাৰে…’: কোচবিহাৰত সন্দেশখালিৰ ঘটনাৰ উদ্ধৃতিৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

0 9

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পশ্চিম বংগৰ কোচবিহাৰত নিৰ্বাচনী প্ৰচাৰ চলায়। মোদীয়ে তেওঁৰ ভাষণত সন্দেশখালিৰ ঘটনাত বংগৰ শাসকীয় চৰকাৰে অভিযুক্তক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰি তৃণমূল কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰত বিশাল সমাবেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেৱল বিজেপিয়েহে পশ্চিম বংগত মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিব পাৰে আৰু দলটোৱে সন্দেশখালি ঘটনাৰ দোষীৰ শাস্তি নিশ্চিত কৰাৰ সংকল্প গ্ৰহণ কৰিছে। মোদীয়ে কয়- সমগ্ৰ দেশে দেখিছে যে কেনেকৈ টিএমচি চৰকাৰে সান্দেশখালিত অভিযুক্তক সুৰক্ষা দিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। বিজেপিয়ে সন্দেশখালি ঘটনাত অভিযুক্তৰ শাস্তি নিশ্চিত কৰাৰ সংকল্প লৈছে।

তেওঁলোকে কাৰাগাৰত জীৱন কটাব লাগিব । মোদীয়ে লগতে দাবী কৰে যে টিএমচি নেতৃত্বাধীন চৰকাৰে পশ্চিম বংগত কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণত বাধা প্ৰদান কৰি আহিছে। তেওঁ লগতে কয় যে বিজেপিয়ে বংগৰ প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বিচাৰে , কিন্তু টিএমচিয়ে ইয়াক হ’বলৈ নিদিয়ে। টিএমচি চৰকাৰ ইয়াত পশ্চিম বংগত কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণৰ অনুমতি নিদিয়ে… চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটো বিজেপিৰ উদ্দেশ্য বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়। মোদীয়ে কয় “আমি দেশৰ প্ৰতিখন জিলাতে এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বিচাৰো। কিন্তু টিএমচি চৰকাৰে পশ্চিম বংগক অভিলেখ পৰিমাণৰ ধন দিয়া স্বত্বেও আমাক বংগত এনে কৰিবলৈ অনুমতি নিদিয়ে, টিএমচিৰ বাবে বহুতো প্ৰকল্প সময়মতে সম্পূৰ্ণ হোৱা নাই,”।

Leave A Reply