Breaking

‘অসমত কেৱল জয় আই অসম ধ্বনিহে চলিব, ভাৰত মাতা কি জয় চলিবলৈ দিয়া নহব’

0 182

‘অসমত কেৱল জয় আই অসম ধ্বনিহে চলিবলৈ দিয়া হব । কোনো কাৰণতে ভাৰত মাতা কি জয় দিবলৈ দিয়া নহব । উপনিৱেশকাৰী দখলত থাকি নিজৰ মাতৃভূমিক প্ৰতিক্ষণতে তুচ্চ-তাচিল্য কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই এইবাৰ এটা কথা বুজি পোৱা উচিত সমাগত এইবাৰ বিধান সভা নিৰ্বাচনত দিছপুৰত এখন খিলঞ্জীয়া জনসাধাৰণৰ জাতীয়তাবাদী চৰকাৰ গঠন হব ।’ ৰাজ্যৰ নৱগঠিত নতুন আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ আজি চৰাইদেউ জিলাৰ মাহমৰাৰ দেউঘৰীত অনুষ্ঠিত এক বিশাল জন সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনদৰে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰে দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই । ইয়াৰ উপৰিও দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীয়ে লগতে কয় যে, দিল্লীয়ে কেৱল অসমত ভাৰত মাতা কি জয় ধ্বনি দি অসমৰ সম্পদ লুন্ঠন কৰি অসমৰ অৰ্থনীতি কোঙা কৰি পেলাব বিচাৰিছে । তদুপৰি সমাগত ২১ৰ বিধান সভা নিৰ্বাচনত এইবাৰ ভাৰত মাতা কি জয় আৰু জয় আই অসমৰ মাজত নিৰ্বাচনী যুঁজ হব । অসমৰ কোনো খিলঞ্জীয়া জনসাধাৰণে ত্ৰিপুৰাৰ দৰে দ্বিতীয় শ্ৰেণী নাগৰিক হিচাপে জীয়াই থাকিব নিবিচাৰে । অসমৰ প্ৰতিটো সম্পদ, প্ৰতিটো অধিকাৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত তুলি ধৰিবলৈ সমাগত বিধান সভা নিৰ্বাচনত সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হৈ বিদেশীৰ পৰা অসমক মুক্ত কৰিব লাগিব । আনহাতে দলটোৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে লগতে কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ দৰে জাতিধ্বংসী আইন অসমত জাপি দি অসমৰ নিজ মাতৃভূমিতে খিলঞ্জীয়া জনসাধাৰণক সংখ্যালঘু কৰিব বিচৰা বিজেপি চৰকাৰে আন্দোলনৰ নামত ৫ জনকৈ ফুলকুমলীয়া শিশুক হত্যা কৰা ঘটনা কোনোজন অসমীয়াই আজিও পাহৰিব পৰা নাই । কৃষকনেতা অখিল গগৈক কাৰাৰুদ্ধ কৰি বিজেপি চৰকাৰে যি নিৰ্বাচনৰ ৰণ কৌশল ৰচনা কৰিছে । এইবাৰ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সমাগত বিধান সভা নিৰ্বাচনত দিছপুৰত এখন খিলঞ্জীয়া জাতীয়তাবাদী চৰকাৰ গঠন কৰিব লাগিব । ৰাইজৰ দলৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি জীৱেশ্বৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠানত সভাখন আঁত ধৰে সমষ্টি সমিতিৰ সম্পাদক শোভন ফুকনে । প্ৰায় পাঁচ সহস্ৰাধিক ব্যক্তি উপস্থিত থকা সভাখনৰ আৰম্ভণীতে আদৰণী ভাষণ প্ৰদান কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অংকুৰ শইকীয়াই । সাধাৰণ সম্পাদকগৰাকীয়ে ভাষণ প্ৰসঙ্গত অসমত বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক বীজ ৰোপন কৰি ধৰ্মীয় ভিত্তিত জনসাধাৰণক ভাগ ভাগ কৰিব বিচৰা কৰা কাৰ্যটো অতি নিন্দনীয় । বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি সাধাৰণ সম্পাদকগৰাকীয় কয় যে, অসমত কেৱল খিলঞ্জীয়াৰ অধিপত্য বিস্তাৰ কৰিব পৰা চৰকাৰ গঠন কৰি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী  আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক চিৰদিনৰ বাবে বিদায় দিব লাগিব । সমাৱেশত ৰাইজৰ দলৰ উপ-সভাপতিদ্বয় লু-চ্যুনশ্যাম গোঁহাই, পদ্মনাথ দাস, সাধাৰণ সম্পাদক লোহিত গগৈ, ৰাইজৰ দলৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মণিদীপ মহন, মৰাণ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তুলসী দাস, কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি ফুকন, দাদুল আলি, নীলাম্বৰ গগৈ, হিৰণ্য বৰপাত্ৰগোঁহাই, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি শিৱ বড়া, নাৰী মুক্তিৰ সভানেত্ৰী হেলেন চৌধুৰী, আয়োজক সমিতিৰ সভাপতি থানুৰাম বৰুৱা, হেমেন পেগুকে ধৰি ভালেসংখ্যক শীৰ্ষ নেতা উপস্থিত থাকে । আনহাতে সমাৱেশৰ আৰম্ভণীতে লোকশিল্পী মহেন্দ্ৰ বৰুৱাৰ নেতৃত্বত এটা মহিলাৰ শিল্পী দলে টাই আহোম আৰু মাতৃভাষাত জাতীয় সংগীত পৰিৱেশন কৰে । আনহাতে পুৱাৰ ১০ বজাত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াক মৰাণৰ পৰা প্ৰায় পাঁচশ বাইক ৰেলীৰে মৰাণ-কচুমাৰি- মাহমৰা-বৰবিল পথেৰে আদৰি আনে । ইয়াৰ মাজতে ২নং বৰবিল গাঁৱত গুপ্তহত্যাৰ বলি হোৱা কৃষক উমা গগৈৰ ছয়জনীয়া পৰিয়ালৰ সমাধিস্থলীত ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক লোহিত গগৈয়ে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । 

Leave A Reply