Breaking

অপাৰেছন লোটাছঃ দিল্লী বিধানসভাত আস্থা ভোটৰ প্ৰস্তাৱ উত্থাপন কৰিলে কেজৰিৱালে, আজি আলোচনা

0 18

দিল্লীত বিজেপিয়ে অপাৰেছন লোটাছ চলাব বিচাৰিছে। এই অভিযোগ ৰাজ্য খনৰ শাসনত থকা দল আপৰ। এনে অভিযোগৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে বিধানসভাত আস্থা ভোটৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ হঠাতে কিয় এনে প্ৰস্তাৱ উত্থাপন কৰিলে তাকে লৈ ৰাজনৈতিক চক্ৰত জল্পনা-কল্পনা আৰম্ভ হৈছে। আস্থা ভোটৰ প্ৰস্তাৱকলৈ কাইলৈ দিল্লী বিধানসভাত আলোচনা অনুষ্ঠিত হ’ব। উল্লেখ্য যোৱা মাহত কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে তেওঁৰ দলৰ কেইবা জনো বিধায়কক বিজেপিয়ে “ক্ৰয়” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক উৎকোচ আগবঢ়াইছে। কেজৰিৱালে এইবুলিও কৈছিল যে তেনেদৰে ধন আগবঢ়োৱাৰ প্ৰস্তাৱ “ৰেকৰ্ড” কৰা হৈছে। কেজৰিৱালে কৈছিল “বিজেপিয়ে আমাৰ দলৰ সাতজন বিধায়কক ক্ৰয় কৰাৰ বাবে ২৫ কোটি টকা আগবঢ়াইছে। আনহাতে ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক ছবাৰ চমন জাৰি কৰিছে।

পূৰ্বে তেওঁ পাঁচবাৰ চমন জাৰিৰ পিছতো ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ন্যায়াধীশে কেজৰিৱালক ব্যক্তিগতভাৱে আদালতলৈ আহিবলৈ আৰু তেওঁ কিয় ইডিৰ চমন এৰাই চলিছে সেয়া বাখ্যা কৰিবলৈ নিৰ্দেশ দিছিল। বুধবাৰে, ইডিয়ে পুনৰ কেজৰিৱাললৈ জাননী জাৰি কৰিছিল। কেজৰিৱালক ১৯ ফেব্ৰুৱাৰীত ইডিৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে। মন কৰিব লগীয়া যে ৭০ খন আসন থকা দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ‘যাদুকৰী সংখ্যা’ হৈছে ৩৬। আপৰ ৬২ জন বিধায়ক আছে। বিজেপিৰ মাত্ৰ আঠজন বিধায়ক আছে।

Leave A Reply