Breaking

ধুমুহাই তচনচ কৰা ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ লৈ সহায়ৰ হাত আগবঢ়ালে বিৰোধী দলপতি দেৱব্ৰত  শইকীয়াই…..

0 57

কালি প্ৰৱল ধুমুহাই তচনচ কৰি ব্যাপক ক্ষতিগ্ৰস্ত কৰা নাজিৰা মহকুমাৰ গেলেকীৰ বিভিন্ন প্ৰান্তৰ পৰিয়ালৰ গৃহে গৃহে গৈ ক্ষেত্ৰৰয় – ক্ষতিৰ বুজ ললে সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

পুৱা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ নাজিৰা ৰাজহ চক্ৰ বিষয়াই সংগ দিয়া অৱস্থাত গেলেকী , ন – পাম বাৰুতীয়া , আঠখেল , নামৰূপ গাওঁ দোলাকাষৰীয়া , মিছাজান আদি বিভিন্ন স্থানৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ ঘৰে ঘৰে গৈ ক্ষয় – ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক বিৰোধী দলপতি গৰাকীয়ে নিজা ববীয়াকৈ খাদ্য – সামগ্ৰী , ঘৰ নিৰ্মাণৰ কিছু বা – সৰঞ্জাম আদি প্ৰদান কৰি সহায়ৰ হাত আগবঢ়ায় ।

নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কালি সমষ্টিটোৰ  ধুমুহাই তচনচ কৰি ক্ষতিগ্ৰস্ত কৰা পৰিয়ালসমূহক চৰকাৰ তৰফৰ পৰা তৎকালীনভাৱে সহায়ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নাজিৰা মহকুমা প্ৰশাসন , শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰকাৰী দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা চৰকাৰলৈ কামৰ আহ্বান জনাইছে । 

Leave A Reply