Breaking

লাহৰীঘাটৰ কুশতলীত মণিপুৰৰ টুপুলত ভূমিস্কলনত নিহত হোৱা শ্ৰমিক সকলৰ বাসগৃহত বিৰোধী দলপতিৰ লগতে কংগ্ৰেছৰ বহু বিধায়ক

0 29

লাহৰীঘাটৰ কুশতলীত মণিপুৰৰ টুপুলত ভূমিস্কলনত নিহত হোৱা শ্ৰমিক সকলৰ বাসগৃহত বিৰোধী দলপতিৰ লগতে কংগ্ৰেছৰ বহু বিধায়ক


বিৰোধী দলপতি শইকীয়াই কয় : পঞ্চায়ত , তিৱা কাউঞ্চিল আছে যদিও ইয়াৰ পৰা ৰাইজ লাভাম্বিত হোৱা নাই । ভূমিস্খলনত নিহত দেৱজিৎ ফুকন নামৰ শ্ৰমিক জনে নিজৰ ৯ বছৰীয়া ছোৱালী জনীৰ দাঁতৰ চিকিৎসাৰ ধন গোটাবলৈ মণিপুৰলৈ গৈছিল । দু্ৰ্ঘটনাটোত নিহত দুখীয়া শ্ৰমিক সকল ৰেল বিভাগৰ দৰে ৰাষ্ট্ৰীয় প্ৰকল্পত কাম কৰিবলৈ গৈছিল । বিষয়টো বিষয়টো দৃষ্টি গোচৰ কৰি প্ৰধান মন্ত্ৰী আৰু ৰেলমন্ত্ৰীক ক্ষতিপূৰণ কৰি দাবী পত্ৰ সুদুত্তৰ নোপোৱা বুলি আক্ষেপ কৰি বিৰোধী দলপতি গৰাকীয়ে ।


আনহাতে মণিপুৰৰ ভূমিস্খলনত নিহত পৰিয়ালবোৰলৈ সাহাৰ্য আগবঢ়োৱা তথা ঘোষণা কৰাৰ দায়িত্ব আছিল অসম চৰকাৰৰ ।
বিভন্ন সময়ত চৰকাৰে যুৱকৰ বাবে বহু আঁচনি ঘোষণা কৰিছিল যদিও ১৭ জনকৈ শ্ৰমিকে কৰ্মহীন হৈ বাহিৰলৈ যাব লগা হ’ল সেই বিলাক আঁচনিয়ে ঢুকি নোপোৱাত । মুখ্যমন্ত্ৰীয়ে ১৭ খিলঞ্জীয়া যুৱক নিহত পৰিয়ালৰ ওচৰলৈ আহি সমবেদনা জনাব লাগিছিল । দুৰ্ভাগ্যজনক ।


আজিৰ মূল্যবৃদ্ধিৰ দিনত জৱকাৰ্ডৰ যি নিৰিখ সেয়া বৃদ্ধি কৰিব লাগে বুলি উল্লেখ্য কৰা শইকীয়াই ইউ ডি এফৰ বিধায়ল কৰীমুদ্দিন বৰভূঞাই ৰাষ্ট্ৰপতিৰ ৰ্নিবাচত কংগ্ৰেছৰ ২০ জন বিধায়কে NDA প্ৰাৰ্থীক ভোট দিয়া বুলি কৰা বিস্ফোৰক মন্তব্য কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যসভা ৰ্নিবাচনৰ সময়ত কৰা তেনে মন্তব্য দিয়াৰ বাবে উচ্চ ন্যায়লয়ত আইনী ব্যৱস্থা ব্যৱস্থা লোৱা লৈছে । গতিকে তেওঁ যি কৰে কৰি থাকক ।
লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

Leave A Reply