Breaking

‘২০২৪ চনত বিৰোধী একত্ৰিত হোৱাটো প্ৰয়োজনীয়’- মমতা বেনাৰ্জী

0 57

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পুনৰবাৰ বিৰোধী ঐক্যৰ বাৰ্তা দিলে। তেওঁ মুৰ্ছিদাবাদ জিলাৰ খহনীয়া প্ৰভাৱিত ধুলিয়ান পৰিদৰ্শন কৰাৰ সময়ছোৱাত তেওঁ সকলো বিৰোধী দলক একত্ৰিত হৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়। কেন্দ্ৰত মোডী চৰকাৰক লক্ষ্য কৰি মমতা বেনাৰ্জীয়ে কয় যে কেন্দ্ৰৰ অনুৰোধ সত্ত্বেও বংগত গংগাৰ খহনীয়া ৰোধ কৰিবলৈ সহায় আগবঢ়োৱা হোৱা নাই। এজেন্সীয়ে (ইডি, চিবিআই) বিজেপিক ভোট লাভ কৰাত সহায় নকৰে বুলি ঠাট্টা-মস্কৰা কৰে। খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোকৰ জীৱন। মুৰ্ছিদাবাদত অনুষ্ঠিত সভাত ভাষণ দি মমতাই কেন্দ্ৰক লক্ষ্য কৰি কয় যে ৰাজনীতি, উচটনি আৰু ঘৃণা বিয়পোৱাৰ বাবে যিমান চিন্তা আছে, তেওঁলোকৰ চিন্তা যদি প্ৰকৃতিৰ প্ৰতি হ’লহেঁতেন তেন্তে এই বংগ অধিক সুন্দৰ হ’লহেঁতেন। মালদাহ-মুৰ্ছিদাবাদ জিলাৰ এই খহনীয়া ৰোধ কৰিবলৈ দিঘাক ‘মডেল’ হিচাপে গঢ়ি তোলা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

Leave A Reply