Breaking

‘২০২৪ চনত বিৰোধীয়ে বিজেপিক পৰাস্ত কৰিব, ফলাফলে মানুহক আচৰিত কৰিব’ আমেৰিকাত এই মন্তব্য ৰাহুল গান্ধীৰ…

0 59

আমেৰিকা ভ্ৰমণৰ তৃতীয় দিনা ৱাশ্বিংটন ডি চিৰ প্ৰেছ ক্লাবত ৰাহুল গান্ধীয়ে মোডী চৰকাৰক কথাৰে তীব্ৰ কটাক্ষ কৰে। ২০২৪ চনৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব বুলি ৰাহুল গান্ধী। ৱাশ্বিংটনৰ নেশ্যনেল প্ৰেছ ক্লাবত কেইবাটাও প্ৰশ্নৰ উত্তৰ দি ৰাহুল গান্ধীয়ে অহা বছৰ লোকসভা নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ বিৰোধীয়ে একত্ৰিত হোৱাৰ ওপৰত আস্থা প্ৰকাশ কৰে। ৰাহুল গান্ধীয়ে কয় যে ‘মই ভাবো ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে বহুত ভাল কাম কৰিব আৰু মানুহক আচৰিত কৰিব। বিৰোধীয়ে নিজাববীয়াকৈ একত্ৰিত হৈ বিজেপিক পৰাস্ত কৰিব।

ভাৰত জোডো যাত্ৰাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে বিৰোধীয়ে সংগ্ৰাম কৰি আছে। আমি এখন গণতান্ত্ৰিক যুদ্ধ কৰি আছো। সেইবাবেই কেইমাহমানৰ আগতে আমি সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ কথা ভাবিছিলো। আনহাতে, নিজৰ ওপৰত থকা মানহানিৰ গোচৰৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, ‘মই কেতিয়াও ভবা নাছিলো যে মানহানিৰ গোচৰত আটাইতকৈ ডাঙৰ শাস্তি পোৱা আৰু লোকসভাৰ সদস্যপদ হেৰুৱাব পৰা প্ৰথমজন ব্যক্তি মই হ’ম। কিন্তু ৰাজনৈতিকভাৱে ই মোক আৰু ডাঙৰ সুযোগ দিছে।

Leave A Reply