Breaking

উন্নত জাতৰ বিনামূলীয়া বীজ নাপালে ওৰাঙৰ কৃষকে

0 1,526

বিটিএডি ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাৰ কৃষক সকলে এইবাৰ এক কিলো উন্নত জাতৰ বিনামূলীয়া ধানৰ বীজ পাবলৈ সক্ষম নহল  । বিগত সময়ত ওদালগুৰি জিলা কৃষি বিভাগে  মৌজাটোৰ কৃষক সকলক সকাহ দি জেঠৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে উন্নত জাতৰ আইজং, ৰনজিত, স্বৰ্ণ   মনচুৰি ইত্যাদি উন্নত জাতৰ শালি ধানৰ বীজ বিতৰণ কৰিছিল যদিও এইবেলি ওৰাং মৌজাৰ কৃষক সকলে বিনামূলীয়া বীজৰ পৰা বঞ্চিত হব লগা হল । এই খিনিতে উল্লেখনীয় আৰু পৰিতাপৰ কথা যে অইন বছৰৰ তুলনাত এইবাৰ মহামাৰী ক’ৰণাৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে উন্নত জাতৰ ধানৰ বীজৰ মুল্য  দুগুন বৃদ্ধি কৰাত কৃষক সকলে উপায়ন্তৰ হৈ ভঁড়ালত খাবলৈ সাচি থোৱা ধানকে কঠিয়া পাৰিছিল যদিও এই পৰ্যন্ত  মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাত পৰ্যাপ্ত পৰিমাণে বৰষুণ নোহোৱাৰ বাবে কৃষক সকলে  এদৰা শালিধান ৰুব পৰা নাই । যাৰ ফলত মেচিনেৰে  পানী সিঁচি পেলোৱা কঠিয়া পৈনত হোৱাৰ পাছত এমাহ বা দেৰমাহৰ ভিতৰত ৰুব নোৱাৰিলে সেই কঠিয়া ধানৰ উৎপাদন হ্ৰাস পাব বুলি জানিবলৈ দিছে ওৰাং মৌজাৰ কৃষক সকলে । এতিয়া মাজবাট , ওৰাং,  ৰৌতাৰ শ ,শ কৃষকে  বৰষুণৰ পানীৰ লগতে কঠিয়াৰ বাবে চিন্তাত  মুৰে কপালে হাত দিছে । 

Leave A Reply