Breaking

খৰাঙৰ কবলত পৰিছে ওৰাং মৌজা :পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নাই

0 1,608

পুনৰ খৰাঙৰ কবলত পৰিছে  ওদালগুৰি জিলাৰ ওৰাং মৌজা ।প্ৰতিদিনে মেঘে ওন্দোলাই আছে যদিও পৰ্যাপ্ত পৰিমাণে বৰষুণ হোবা নাই । ফলত আহাৰৰ প্ৰথমটো সপ্তাহতো  মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ ওৰাং মৌজাৰ কৃষক সকলে শালীধানৰ কঠিয়া   এতিয়ালৈকে ৰুব পৰা নাই। জলসিঞ্চনৰ ব্যৱস্থা নথকা মৌজাটোৰ কৃষক  সকলে অইন বছৰ জেঠৰ শেষ আৰু আহাৰৰ প্ৰথম সপ্তাহত শালিধানৰ কঠিয়া ৰুই বছৰৰ প্ৰথমটো গোজ মাঙ্গলিক অনুষ্ঠানেৰে আৰাম্ভ কৰে যদিও এইবেলি পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নোহোৱাৰ বাবে এই পৰ্যন্ত এমুঠি শালী ধানৰ কঠীয়া ৰুব পৰা নাই কৃষক সকলে ।পুৰ্বতে মেচিনেৰে পানী সিচিঁ কঠিয়া পাৰি শালিধান ৰুবলৈ কৃষক সসকলে মাটি তৈয়াৰ কৰি লৈছিল যদিও বৰষুনৰ অভাবত আজি পৰ্য্যন্ত শালিধান ৰুব পৰা নাই ওৰাং মৌজাৰ কৃষক সকলে। উপায়ন্তৰ হৈ  ৭০ মাজবাট বিধান সভা সমষ্টিৰ  ওৰাং মৌজাৰ কৃষ্ণক সকলে মূৰে কপালে হাত সাবতি বহি থাকিবলগীয়া হৈছে । কাৰন ৭০ শতাংশ কৃষকে বৰষুন পানীৰে  কৃষি কাৰ্য্য সমাপন কৰে ।যদিও এইবেলি বৰষুণৰ অভাবত এই  পৰ্য্যন্ত এদৰা মাটি ৰুব পৰা নাই ওৰাং মৌজাৰ কৃষক সকলে । এনেদৰে আৰু এসপ্তাহ যদি ওৰাং মৌজাত বৰষুণ নিদিয়ে তেনেহলে কৃষক সকলক খাদ্য সংকটত  পৰাটো নিশ্চিত ।

Leave A Reply