Breaking

বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে‌ ওৰাং আৰক্ষীয়ে গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ

0 1,086

দুষ্কৃতিকাৰীৰ কবলৰ পৰা বন আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে‌ ওৰাং আৰক্ষীয়ে গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ সজাগতা সভা অনুষ্ঠিত কৰিছে ওৰাং আৰক্ষীয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোক সকলৰ মাজত বন আৰু বন্যপ্ৰাণীৰ সচেতনতা অনাৰ লক্ষ্যৰে প্ৰথমখন সজাগতা সভা ২০ মে’ত ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীভেটিটুপ প্ৰাৰ্থমিক বিদ্যালয়ত অনুষ্ঠিত  কৰে ওৰাং আৰক্ষীয়ে। ওৰাং ৰাষ্টীয় উদ্যানখনত থকা বন্যপ্ৰাণী সমূহ দুষ্কৃতিকাৰীৰ হাতত নিধন হোৱাৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ আহ্বানেৰে আৰাম্ভ হৈছে ওৰাং আৰক্ষীৰ এই পদক্ষেপ। যোৱা ১১ মে’ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছিল এক অঘটন। উল্লেখযোগ্য যে জীৱিত গঁড়ৰ খৰ্গ চোৰাং চিকাৰীয়ে   কাটি নিয়াৰ বাতৰি সম্প্ৰচাৰ হৈছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত খৰ্ড়্গবিহীন গঁড় এটা উদ্ধাৰ হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যতে। যোৱা ২৬ এপ্ৰিলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক বনবিষয়াৰ কাৰ্য্যলয়ৰ  বন কৰ্মীসকলে উদ্যানখনৰ মাগুৰি মাৰি এলেকাত খৰ্ড়্গ বিহীন গঁড়টো প্ৰত্যক্ষ কৰে যদিও খবৰ সম্পূৰ্ণ গোপন কৰি ৰখিছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল। খৰ্ড়্গবিহীন গঁড়টো উদ্যানখনৰ ভিতৰতে জীৱন যুঁজত অনাই বনাই ঘুৰি আছিল। এই ঘটনাৰ পিছতে চোৰাং চিকাৰীৰ বিৰুদ্ধে তৎপৰ হোৱা পৰিলক্ষিত হৈছিল বন বিভাগ আৰু আৰক্ষীক। এনেধৰনৰ ঘটনা ৰোধ কৰা আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী সমূহক কিদৰে সুৰক্ষা প্ৰদান কৰিব পাৰি তাকে লৈ সংখ্যালঘু অঞ্চলত এই সজাগতা সৃষ্টি কৰিছে ওৰাং আৰক্ষীয়ে।

লগতে ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা বানপানীৰ সময়ত জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণী সমূহক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত লবলগীয়া জতন আৰু সতৰ্কতা সন্দৰ্ভত সকলোকে অৱগত কৰোৱা হয়। দুষ্কৃতিকাৰীৰ কবলৰ পৰা বন আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে‌ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোক সকলক লৈ ওৰাং আৰক্ষীয়ে গঠন কৰিছে একোটা কৈ গোট। যিয়ে দুষ্কৃতিকাৰী অথবা চোৰাং চিকাৰীৰ বিৰুদ্ধে তথ্য প্ৰদান কৰিব আৰু তেওঁলোকক আৰক্ষীৰ তৰফৰ পৰা পুৰস্কূত কৰা হ’ব। ওৰাং আৰক্ষীয়ে অনুষ্ঠিত কৰা এই সজাগতা সভাত ৰৌতাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক জিতেন্দ্ৰ সিঙে বন্যপ্ৰানী সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজে ল’ব লগা পদক্ষেপ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। ৰাষ্ট্ৰীয় উদ্যানৰ‍ জীৱ-জন্তু নিজৰ পৰিয়ালৰ এজন সদস্য হিচাবে গ্ৰহণ কৰিবলৈ সজাগতা সভাত উপস্থিত ৰাইজক আহ্বান জনাই। লগতে তেওঁ জীৱ-জন্তু হত্যা মানে নিজৰ পৰিয়ালৰ সদস্যৰ হত্যা বুলি মন্তব্য কৰে। এই সজাগতা সভাত উপস্থিত থাকে ওৰাং আৰক্ষী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া কবীন্দ্ৰ ৰাভা, শিলবৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া, কছাৰীভেটি টোপ অঞ্চলৰ ৰাইজ, দল-সংগঠনৰ প্ৰতিনিধি আৰু গাঁও সুৰক্ষা বাহিনীৰ লোক।

Leave A Reply