Breaking

অসমৰ দ্ৰুত গতিত চলিত ৰাস্তা পকীকৰণৰ পৰা বঞ্চিত ওৰাং বাসী

0 1,168

মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত অন্যতম বৃত্ত হিচাপে চিহ্নিত ওৰাং চাৰিআলি । আচলতে ওৰাং খনৰ কিছু অংশ চমুৱাগাঁও আৰু তাৰে কিছু অংশ ১ নং শইকীয়া চুবুৰীৰ অন্তৰ্গত এই দুই খন গাঁওৰেই কিছু অংশক লৈ ওৰাং চাৰিআলি অৱস্থিত । বিজেপি নেতৃত্বাধীন চৰকাৰে সমগ্ৰ অসমৰ বাগান সমূহৰ লগতে ৰাজ্যৰ প্ৰায়ে ভিতৰুৱা গাঁও সমূহৰ ৰাস্তা ঘাট যাতায়ত ব্যৱস্থা উন্নত কৰি আহিছে । কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱেই যে ওৰাঙৰ গাতে  লাগি থকা এই দুখন চমুৱাগাঁও আৰু ১ নং শইকীয়া চুবুৰীৰ বাসিন্দা  সকলক বাৰুকৈ চিন্তিত কৰি তুলিছে দৈনিক অহা যোৱা কৰা যাতায়তৰ পথে । ১ নং শইকীয়া চুবুৰী গাঁওখন ওৰাঙৰ গাতে  লাগি থকা বাবে টাউনৰ দৰে  কেইবাটাও গলিত ভিভক্ত হোৱাৰ লগতে ওৰাঙৰ আধা অংশ লাগি থকা চামুচগাওঁ খন  বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মিলন ভূমি হিচাপে চিহ্নিত । ওৰাং বাসী ৰাইজে গাঁও অঞ্চলৰ ৰাস্তা পকী হৈ থকা সময়তো ওৰাঙৰ চমুৱাগাঁও আৰু ১ নং  শইকীয়া চুবুৰীৰ ৰাইজ বঞ্চিত হব লগীয়া হোৱাত দুখ প্ৰকাশ কৰিছে । ওৰাঙৰ চমুৱাগাঁওৰ ৰাস্তা খনৰ বৰ্তমান অতি দুখ লগা অৱস্থা । উল্লেখযোগ্য যে এই চমুৱাগাঁওৰ ওৰাং উচ্চতৰ মাধ্যমিক আৰু ওৰাং চাৰিআলি সংযোগী একমাত্ৰ পথ । যি পথেৰে পাউৰীপোটা, ৰৌমাৰী , ভোগদল ইত্যাদি গাঁওৰ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে দৈনিক যাতায়ত কৰা সাধাৰণ ভুক্তভোগী ৰাইজে বিভিন্ন গাঁওৰ লগত সংযোগ থকা চমুৱাগাঁওৰ ৰাস্তা খন আজিৰ তাৰিখতো পকী নোহোৱাত চৰকাৰক কাতৰ অনুৰোধ জনোৱাৰ  ওৰাং বাসী ৰাইজে । লগতে গাঁওখনৰ ৰাইজে অতিশীঘ্ৰে ৰাস্তা পকীকৰণ কৰাৰ কাম হাতত লবলৈ দাবী উত্থাপন কৰিছে  । এইখন গাঁওত বসবাস কৰা দুখীয়া  ভাড়া মাৰি জীৱন নিৰ্বাহ কৰা আটো চালক , ই-ৰিক্সা চালক সকলে প্ৰতিবছৰে  বাৰিষা  আৰম্ভ হোৱাৰ পৰাই কিদৰে ঘৰ চলাব সেই বিষয় চিন্তিত হৈ পৰে কাৰণ ৰাস্তাৰে তেওঁলোকৰ অটো , ই ৰিক্সা , ভাড়া মৰা সৰু গাড়ী আদিবোৰ ঘৰৰ পৰা ওৰাং চাৰিআলিলৈ ৰাস্তাৰ দুৰৱস্থাৰ ফলত ওলাই লৈ যোৱা সম্ভৱ হৈ নুঠে ।  খালি হাতেৰে খোজ কাঢ়ি যোৱাটোৱেই অসম্ভৱ হৈ পৰে । বাৰিষা কালত এইখন  ৰাস্তাত চাইকেল ,মটৰ চাইকেল আদিৰো চলাচল সম্পূৰ্ণ স্তব্ধ হৈ পৰাত বছৰ বছৰ ধৰি বহু সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে এইখন ৰাস্তাৰ লগত সংলগ্ন থকা সাধাৰণ ৰাইজ । ওৰাংৰ গায়ে লাগি থকা চমুৱাগাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পৰা ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয় যোৱা পথৰ দুয়োকাষে ঘৰ থকা একমাত্ৰ  পথ  চমুৱাগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা জিতেন বড়োৰ ঘৰ লৈ পকী কৰি ৰাইজক যাতায়তৰ সুবিধা কৰি দিবলৈ অঞ্চলৰ ভুক্তভোগী সকলৰ লগতে বিভিন্ন দল সংগঠনেও দাবী তুলিছে ।মাজবাটৰ বিজেপিৰ যুব নেতা কিশোৰ শৰ্মাই এইটো পথ অনতিপলমে পকীকৰণৰ কৰাৰ সুব্যৱস্থা গ্ৰহন কৰাৰ বাবে আহ্বান জনাইছে ৷

Leave A Reply