Breaking

ওৰাংআঞ্চলিক বিষ্ণুজ্যোতি মহিলা আৰু শিশু বিকাশ সমিতিৰ কাৰ্য্যালয় গৃহ শুভ উদ্ধোধন

0 21

 ৩১মাৰ্চত ওদালগুৰি জিলাৰ  ওৰাং আঞ্চলিক বিষ্ণুজ্যোতি মহিলা আৰু শিশু বিকাশ সমিতিৰ  আই মাতৃ সকলৰ প্ৰচেষ্টাত আৰু সাংসদ পুঁজিৰ সহযোগত সম্পূৰ্ণ হৈ উঠা স্থায়ী কাৰ্য্যালয়টো  মুকলি কৰা হয়  । সুৱৰ্ণ ভৱন  হিচাপে নামাকৰণ কৰা কাৰ্য্যালয় গৃহটো শুভ উদ্বোধন কৰে  ওৰাঙৰ বিশিষ্ট ব্যক্তি কেশব চন্দ্ৰ বৰুৱাই ৷এই অনুষ্ঠানটোৰ আৰাম্ভনীতে  কবিতা বৰা,দিপিকা নাথ,বনলতা শৰ্মা,মেৰিনা শইকীয়া,মিনা বেগম,অনুৰূপা  ডেকা,বিজয়া বৰাই এটি কোৰাজ এটি পৰিবেশন কৰে ।

এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ভৱনটোৰ চৌহতে বৃক্ষৰোপণ অনুষ্ঠান এটি হৈ যায় ৷বৃক্ষৰোপণ কৰে -দিপিকা শৰ্মা,বনলতা শৰ্মা,মিনা বেগম,মেৰিনা শইকীয়া,যোগেশ্বৰী  শৰ্মাই  ৷এই অনুষ্ঠানটোৰ উপলক্ষে এখনি মুকলি সভাও অনুষ্ঠিত হৈ যায় ৷সভাত সভাপতিত্ব কৰে সমিতিটোৰ সভানেত্ৰী অভয়া শৰ্মা৷সভাখনৰ উদেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদিকা বন্দনা শইকীয়াই ৷মুকলি সভাত  ওদালগুৰি জিলাৰ বিজেপিৰ মুখপাত্ৰ কিশোৰ শৰ্মা,ওৰাং ভিচিডিচিৰ সভাপতি দিব্যজ্যোতি শইকীয়া,উপসভাপতি নিলোৎপল গগৈ,মামনী শৰ্মা,NRDS কলেজৰ অধ্যক্ষা প্ৰনতি দেৱীয়ে ভাষণ আগবঢ়ায় ৷

মুকলি সভাত শিশু শিল্পী -নিবিড় চহৰীয়া,অভিনন্দন কশ্যপ,হিমৰঞ্জন বৰদলৈ,নিয়ৰ চহৰীয়া,কস্তুুৰী ডেকা,উজ্জয়িনী ছেত্ৰীয়ে এটি কোৰাজ পৰিবেশন কৰে৷এই অনুষ্ঠানতে বিজয়া বৰাই  স্বৰচিত কবিতা পাঠ  আৰু যোগেশ্বৰী শৰ্মাই গীত পৰিবেশ কৰি সভাৰ সৌষ্ঠৱ আগবঢ়ায় ৷সভাত ওৰাঙৰ উদ্যমী মহিলা ব্যবসায়ী জয়মতী দাস,বিমলা শইকীয়া আৰু বয়োজেষ্ঠ মহিলা লক্ষী দত্তক সম্বৰ্দ্ধিত কৰা হয় ৷সভাৰ আৰাম্ভনীতে সমিতিৰ প্ৰাক্তন,প্ৰয়াত প্ৰতিষ্ঠাপক সভানেত্ৰী সুৱৰ্ণ বৰুবা  আৰু ভূমিদাতা নকুল চন্দ্ৰ বৰুবাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে -বিজয়া বৰাই আৰু সমিতিৰ বিষয়ববীয়া সকলে শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷সমগ্ৰ  ২০০৩ চনৰ ১৭মেত গঠিত ওৰাঙৰ এই মহিলা  সমিতিৰ সদস্য সকলৰ  সুবিধাৰ্থে  কাৰ্য্যালয় শুভ উদ্বোধন কৰাত মহিলা সকলে আনন্দত আত্মহাৰা হোৱা দেখিবলৈ পোৱা গৈছে ৷

Leave A Reply