অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টলঃ ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানৰে মোদীক সন্মানিত কৰে ৰাষ্ট্ৰপতি পুটিনে…

দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আজি দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰে৷ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত ব্যতিক্ৰমী সেৱা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মঙলবাৰে আনুষ্ঠানিকভাৱে ‘অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ‘ষ্টল’ বঁটা প্ৰদান কৰে। দেশখনত আয়োজিত এক অনুষ্ঠানত এই বঁটা লাভ কৰাৰ পিচত X ত এটা পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই তথ্য সদৰী কৰে৷ তেওঁ অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ ষ্টল লাভ কৰি সন্মানিত বুলি উল্লেখ কৰি এই বঁটা প্ৰদান কৰাৰ বাবে ৰাছিয়া চৰকাৰক ধন্যবাদ জনায়। তেওঁ লগতে ১৪০ কোটি ভাৰতীয়ৰ নামত এই বঁটা উৎসৰ্গা কৰে। অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল হৈছে ৰাছিয়াৰ আটাইতকৈ সন্মানীয় অসামৰিক সন্মান আৰু ২০১৯ চনত ৰাছিয়াই প্ৰধানমন্ত্ৰী মোদীক এই সন্মানেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছিল।ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলা আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ অৱদানক এই বঁটাৰে স্বীকৃতি দিয়া হৈছে।

এই বঁটাৰ গুৰুত্ব এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে ইয়াৰ বয়স ৩২৬ বছৰ । ১৬৯৮ চনত জাৰ পিটাৰ দ্য গ্ৰেটে ৰাছিয়াৰ পৃষ্ঠপোষক চেন্ট এণ্ড্ৰিউৰ সন্মানত ‘অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল’ প্ৰতিষ্ঠা কৰে ।অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল প্ৰথমে অসাধাৰণ অসামৰিক আৰু সামৰিক যোগ্যতা আৰু দেশৰ প্ৰতি ব্যতিক্ৰমী সেৱাৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হৈছিল । এই বঁটাৰ চিহ্নত আছে নীলা ৰঙৰ চেছ, চেণ্ট এণ্ড্ৰিউৰ ক্ৰছ থকা বেজ আৰু বুকুত তৰা চিহ্ন আছে। বেজটো চেণ্ট এণ্ড্ৰিউৰ সোণৰ ক্ৰছ, এক্স আকৃতিৰ ক্ৰুচত যীচুৰ প্ৰতিমূৰ্তি আছে। ১৯১৭ চনত ৰাছিয়ান বিপ্লৱৰ পিচত এই বঁটা বাতিল কৰা হৈছিল যদিও ছোভিয়েট-উত্তৰ যুগত পুনৰ প্ৰৱৰ্তন কৰা হৈছিল।দেশখনলৈ আগবঢ়োৱা অসাধাৰণ সেৱাৰ বাবে ৰাষ্ট্ৰপতিয়ে চেন্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল বঁটা প্ৰদান কৰে, যিয়ে নিজৰ ঐতিহাসিক পৰম্পৰাক সৰ্বোচ্চ ৰাজ্যিক সজ্জা হিচাপে বজাই ৰাখিছে।

২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীক এই বঁটাৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰা হৈছিল৷ ২০১৯ চনৰ এপ্ৰিল মাহত ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে এই সন্দৰ্ভত তথ্য প্ৰদান কৰি কৈছিল যে ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ আৰু বিশেষাধিকাৰ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব আৰু ৰাছিয়া আৰু ভাৰতীয় লোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰসাৰৰ ক্ষেত্ৰত ব্যতিক্ৰমী সেৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰু দ্য এপ’ষ্টল সন্মান প্ৰদান কৰা হয়। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে তেতিয়াৰ টুইটাৰ কৈছিল,ৰাছিয়াৰ সৈতে অংশীদাৰিত্ব প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ লাভ কৰিছে।

Related Articles