Breaking

গৌৰীপুৰত সংগঠিত হৈছে এক জঘন্য কাণ্ড।শহুৰেকে পলুৱাই নিলে নিজ পুত্ৰ বোৱাৰীক …

0 194

জঘন্য । নিৰ্লজ্জ । অমানুষিক । পাষণ্ড । লম্পট । শহুৰ – বোৱাৰীৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে লম্পট মণ্ডল ৰায়ে । নিজ পুত্ৰ বোৱাৰীৰ প্ৰেমত হাবু ডুবু খাইছে নিজ শহুৰ ।

পুত্ৰ বোৱাৰীৰ লগত পৰকীয়া প্ৰেমৰ পাছত পলাই গল দুয়ো পুত্ৰ বোৱাৰী আৰু শহুৰ । এই জঘন্য ঘটনা সংগঠিত হৈছে গৌৰীপুৰৰ বলদমাৰাত । ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ গেৰামাৰী গাওঁ পঞ্চায়তৰ বলদমাৰাৰ বাসিন্দা মণ্ডল ৰায়ে জয়দীপ ৰায় নামৰ পাঁচ বছৰীয়া নাতিক এৰি থৈ নিজ পুত্ৰ বোৱাৰীক লৈ পলায়ন কৰাৰ বাতৰিয়ে তোলপাৰ লাগিছে পৰিয়ালটোত।

উল্লেখ্য যে, মণ্ডল ৰায়ৰ নিজ সন্তান মহেশ ৰায়ে বিদেশত কৰ্ম সূত্ৰত থকাত দীৰ্ঘদিন ধৰি চলাই গৈছে অবৈধ যৌন সম্পৰ্ক । পিছত শহু – বোৱাৰী দুজনে যুগ্ম জীৱন পাতনি মেলিবলৈ সিদ্ধান্ত লৈ ঘৰৰ পৰা পলায়ন কৰে ।

কি হব পাঁচ বছৰীয়া ফুলকুমলীয়া জয়দীপ ৰায়ৰ ? কোনে দায়িত্ব লব মহেশ ৰায়ৰ সংসাৰৰ ? কি কৰিব মহেশ ৰায়ৰ মাতৃয়ে ? লম্পট মণ্ডল ৰায়ক উপযুক্ত শাস্তি প্ৰদান কৰিবনে প্ৰশাসনে ? এই বোৰ প্ৰশ্নই এতিয়া চৰ্চিত হৈছে সৰ্বত্ৰে ।

গৌৰীপুৰৰ পৰা ছামচুল হক

Leave A Reply