Breaking

অৰীৰ হাতত ৯ লাখ ৮০ হাজাৰৰ ঘড়ী, ডেৰ লাখ মূল্যৰ জোতা; আছে ৫টা মেনেজাৰ…

0 290

Bigg Boss 17: ছলমান খানৰ শ্ব’ত প্ৰৱেশ কৰিছে অৰী। বিগ বছ১৭ৰ ঘৰলৈ লৈ আহিছে তেওঁ বহুত লাগেজ। বিগ বছ ১৭ত অৰীক আদৰণি জনাইছে ছলমান খানে। প্ৰতিটো নতুন খণ্ডৰ লগে লগে শ্ব’টো বিস্ফোৰণ ঘটে। শেহতীয়াকৈ নতুন ৱাইল্ডকাৰ্ড প্ৰতিযোগীগৰাকীক লৈ বহু চৰ্চা হৈছে। জানিব পৰা গ’ল যে প্ৰতিযোগী হিচাপে শ্ব’ত প্ৰৱেশ কৰিব অৰী।

আনহাতে অৰীৰ বিলাসী জীৱনৰ কথা শুনি লাজ কৰিলে ছলমান খানে। অৰীৰ আছে ৫ জন মেনেজাৰ আছে। অৰীৰ হাতত আছে ৯ লাখ ৮০ হাজাৰ মূল্যৰ ঘড়ী, ১.৫ লাখ মূল্যৰ জোতা। অৰিয়ে অতি বিলাসী জীৱন যাপন কৰে। শ্ব’টোলৈও তেওঁ লগত বহুত বস্তু লৈ আহিছে। শেহতীয়াকৈ তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অৰিয়ে কয় যে তেওঁৰ হাতত ৯ লাখ ৮০ হাজাৰ টকাৰ ঘড়ীৰ পৰা আৰম্ভ কৰি ১.৫ লাখ টকাৰ জোতালৈকে আছে।


Leave A Reply