Breaking

ৰণবীৰৰ ‘ৰামায়ণ’ত সংগীত পৰিচালনা কৰিব অস্কাৰ বিজয়ী এ আৰ ৰহমান জাৰ্মান সংগীতজ্ঞ হান্স জিমাৰে…

0 21

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ প্ৰায়ভাগ অভিনেতা-অভিনেত্ৰীৰ নাম ঠিক হৈছে। কিন্তু ছবি খনৰ সংগীত পৰিচালনা কোনে কৰিব? জানিব পৰা মতে দুগৰাকী অস্কাৰ বিজয়ী বিখ্যাত সংগীতজ্ঞই ‘ৰামায়ণ’ৰ বাবে সংগীত ৰচনা কৰাৰ দায়িত্বত থাকিব। তেওঁলোকৰ এগৰাকী হৈছে ভাৰতৰে আৰু আনগৰাকী বিদেশৰ। কিন্তু তেওঁলোক কোন? কিংবদন্তী অস্কাৰ বিজয়ী গায়ক এ আৰ ৰহমানে ৰামায়ণৰ বাবে সংগীত ৰচনা কৰিব। আনগৰাকী সংগীত পৰিচালক হৈছে অস্কাৰ বিজয়ী জাৰ্মান সংগীতজ্ঞ হান্স জিমাৰ। অ হান্স জিমাৰে ‘দ্য ডাৰ্ক নাইট’, ‘দ্য লায়ন কিং’, ‘মেন অফ ষ্টীল’, ‘পাইৰেটছ অফ দ্য কেৰিবিয়ান’, ‘ইনচেপচন’ৰ দৰে বিখ্যাত ছবিৰ সংগীত ৰচনা কৰিছে। ২০২২ চনত তেওঁ “টিউন”ৰ বাবে অস্কাৰ লাভ কৰিছিল।

অৱশ্যে, হান্স জিমাৰে আগতে কেতিয়াও ভাৰতীয় ছবিৰ বাবে কাম কৰা নাছিল। তেওঁ ৰামায়ণৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। জনা গৈছে যে নিৰ্মাতাসকলে এই ডাঙৰ বাজেটৰ ছবিখনৰ বাবে কোনো ত্ৰুটি ৰাখিব নিবিচাৰে। সেয়ে ছবি খনৰ সংগীতো নিখুত কৰাৰ বিষয়ত গুৰুত্ব দিয়া হৈছে। ইফালে, মুম্বাই ফিল্ম চিটিত ‘ৰামায়ণ’ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। ছবিৰ ছেটৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ লিক হৈছে। ভিডিঅ’ত অযোধ্যা চহৰৰ এক আভাস দেখুওৱা হৈছে। অৰুণ গোভিল আৰু লাৰা দত্তকো দেখা গৈছে। অৰুণ গোভিলে দশৰথৰ চৰিত্ৰত অভিনয় কৰিছে আৰু লাৰা দত্তই কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ পূৰ্বে, খবৰ পোৱা গৈছিল যে নীতিশ তিৱাৰীৰ ৰামায়ণত, সীতা হৈছে চাই পল্লৱী, ৰাৱণ হৈছে দক্ষিণৰ যশ, হনুমান হৈছে ছানি দেওল। সুৰ্পনখাৰ চৰিত্ৰত ৰকুল প্ৰীত সিং, ববি দেউল আৰু বিজয় সেতুপতিক ক্ৰমে কুম্ভকৰ্ণ আৰু বিভীষণ হিচাপে দেখা যাব।

Leave A Reply