Breaking

প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতা ।

0 2,154

✍ জিতু দাস

পৰিবেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ নেতৃত্বত সমগ্ৰ বিশ্বতে যোৱা বছৰ আৰম্ভ হৈছিল জলবায়ু ধৰ্মঘট।কিয়নো, উক্ত বৰ্ষতে পুজিপতিৰ আগ্ৰাসনত বনাঞ্চল ধ্বংসৰ পৰিণতিত ভয়ানক বনজুয়ে ছানি ধৰিছিল আমাজন বৰ্ষাৰণ্য। মুঠ সাতখন দেশ আবুৰি বিশ্ববাসীলৈ 20% বিশুদ্ধ অক্সিজেন যোগান ধৰা আমাজন সম্প্ৰতি মৰুভুমিৰ পৰিবেশে বিৰাজ কৰিছে। ব্ৰাজিল চৰকাৰৰ অকৰ্মণত্যা আৰু অদূৰদৰ্শীতাৰ বাবে, সেউজ ভূমিলৈ নমাই আনিছিল এনে বিভীষিকা। পুজিপতিয়ে মুনাফাৰ স্বাৰ্থত হত্যা কৰিবলৈ লোৱা হৈছিল এই বৃহৎ বৰ্ষাৰণ্য। আমাজন বৰ্ষাৰণ্যৰ বনজুইত পলকতে নিঃশেষ হৈছিল লাখ লাখ বিৰল প্ৰজাতিৰ জীব জন্তূ, উদ্ভিদ আৰু বনৌষধ। এতিয়া অসমতো তেনেই এক প্ৰকৃতি ধ্বংসৰ লীলা চলি আছে। একমাত্ৰ নিজৰ চাহিদাৰ স্বাৰ্থত পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়া চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰকৃতি প্ৰেমিক সকল ছ’চিয়েল মিডিয়াত হৈ চৈ কৰি সীমাবদ্ধ হৈ থাকিলে অৰণ্য মানৱ যাদৱ পায়েঙৰ দৰে নিস্বাৰ্থ প্ৰকৃতি প্ৰেমিক কেতিয়া ও সন্মান জনাব নোৱাৰিম। কৰোণা মহামাৰী যদিও বিশ্বৰ মানৱবাসীৰ বাবে ঘোৰ শত্ৰু, বসুন্ধৰা আইৰ বাবে কৰোনা যেন উশাহৰ বোৱতী নদী। প্ৰকৃতিখনে যেন নিজৰ সাজযোৰ ধুনীয়াকৈ পিন্ধি নতুন কইনাৰ হোৱাৰ ৰং পাইছে। যা নহওঁক আমি প্ৰত্যেকেই প্ৰকৃতিৰ লগত সহবাস কৰি থকালৈকে আমি নিজকে সেউজীয়া কৰি তুলিব লাগিব। আমি সকলোৱে জনা উচিত প্ৰকৃতি কাৰো ওচৰত হাত নেমেলো, প্ৰকৃতি নিজেই নিজৰ উদ্ভাৱক নিজেই সৃষ্টিৰ বাহক। মানুহৰ সঘনাই চৰিত্ৰৰ সাল-সলনি হ’লেও ৠতুগতভাৱে প্ৰকৃতিয়ে নিজৰ দায়িত্বত অটল। সেইবাবে ভিন্ন বতৰ অনুযায়ী বিভিন্ন অৱদান আমি প্ৰকৃতিৰ পৰা পাওঁ। গতিকে, আমি প্ৰকৃতিক ধ্বংস কৰাৰ অধিকাৰ নাই। আমাক বিশুদ্ধ বতাহ পানী যোগান ধৰা প্ৰকৃতিক নিৰ্মমভাৱে ধ্বংস কৰাৰ তিলমাত্ৰ অধিকাৰো প্ৰকৃতিয়ে কাকো প্ৰদান কৰা নাই। তেন্তে প্ৰকৃতিৰ ওপৰত পুঁজিপতি শ্ৰেণীৰ শোষণ, খনিজ সম্পদ আহৰণ কৰি দিহিঙ পাটকাই দৰে আমাজনক মৰুভূমিৰ পৰিৱেশ কৰিবলৈ চৰকাৰে ক’ত অধিকাৰ পালে? এফালে গোলকীয় উষ্ণতাৰ প্ৰভাৱত সমগ্ৰ বিশ্বতে অক্সিজেন মাত্ৰা হ্ৰাস পাইছে। যদিও কভিড -19ৰ বাবে অলপ গোলকীয় উষ্ণতাৰ শাম কাটিছে, কিন্ত প্ৰকৃতিৰ ভাৰসাম্যহীনতাই চৰম বিপৰ্যয় নমাই আনিছে। এতিয়া যেন গাৱেঁ ভূঞে কাঠফুলাৰ গঢ়ি উঠিছে বৃহৎ উদ্যোগ। আমাৰে এচাম দালালৰ হতুৱাই বহুজাতিক কোম্পানী সমূহে টকাৰ লালসা আৰু নানা প্ৰলোভনেৰে ভূমি ক্ৰয় কৰিছে খাটি খোৱা খেতিয়কৰ পৰা। মনোমহা সেউজীয়া পৰিবেশত উদ্যোগ স্থাপন কৰাতো প্ৰকৃতিৰ বাবে কোনো পধ্য গ্ৰহণযোগ্য নহয়। প্ৰদূষণৰ মাত্ৰা বৃদ্ধিত ইন্ধন যোগাইছে উদোগ গোষ্ঠীবাদে। সৰ্বসাধাৰণ জনতাৰ জীৱন একপ্ৰকাৰ মৃত্যু মূখলৈ ঠেলি দিছে। জন্মতে এটি শিশুৰ কৰ্কট ৰোগৰ উমান পোৱা গৈছে আৰু এতিয়া চৌদিশ কৰ্কট ৰোগৰ ভয়ানক প্ৰাদুৰ্ভাব সংঘটিত হৈছে। জলবায়ুৰ পৰিবৰ্তন সঘনাই সংঘটিত হৈছে, কিন্তু ৰাষ্ট্ৰ সংঘ নীৰৱ ভূমিকাত সমগ্ৰ জৈব বৈচিত্ৰত নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। বায়ু প্ৰদূষণৰ ভয়াবহতাত বৃদ্ধি পাইছে চাল ৰোগৰ। সঘনাই কাঠফুলাৰ দৰে গঢ়ি উঠা কোম্পানী সমূহে মুনাফাৰ স্বাৰ্থত ধ্বংস কৰিছে সহস্ৰধিক বনাঞ্চল। যোৱা বছৰ আমাজনৰ বৰ্ষাৰণ্যত যি বনজুইৰ প্ৰাদুৰ্ভাব সংঘটিত হৈছে, এয়া কিন্তু বসুন্ধৰা আইৰ মৃত্যুৰ আগজাননী। পুজিপতি ধনকুবেৰসকলে কৃত্ৰিম অক্সিজেন লৈ বিলাসিতা জীৱন কটালে ও আম জনতাৰ দৰে সিহতৰো মৃত্যু ঘণ্টা বজাতো নিশ্বিত। সেয়েহে, ভয়াবহ প্ৰদুষণৰ পৰা বসুন্ধৰা আইক ৰক্ষা কৰাৰ বাবে চুইডেনৰ এগৰাকী ১৮ বছৰীয়া কিশোৰী গ্ৰেটা থানবাৰ্গে অব্যাহত ৰাখিছে অবিৰত সংগ্ৰাম। পৰিতাপৰ বিষয়, আমাৰ একাংশ যুবক যুবতী যিদৰে টিকটক এপচটোৰ লগত অন্ধভাৱে অথলে সময়বোৰ অতিবাহিত কৰিছে, ব্যন্তু হৈ পৰিছে মাথোঁ ফেচবুকত সাম্প্ৰদায়িক ৰাজনীতিৰ যুদ্ধত। সৰব হৈ পৰিছে লাভ জেহাদত। বিশ্ব পৰিবেশ দিৱস তেওঁ লোকৰ বাবে এটি উপভোগৰ দিনহে মাথোঁ। এডাল গছৰ পুলিৰ স’তে দহজন ব্যক্তি ফটো উঠি ছ’চিয়েল মিডিয়াত আপলোড দি নিজকে প্ৰকৃতি প্ৰেমিক হৈ পৰাতো জন্মগত স্বভাব হৈ পৰিছে। কিন্ত, ইয়াৰে বিপৰীতে গ্ৰেটা থানবাৰ্গে অকলে চুইডেনৰ সংদৰ বাহিৰত ধৰ্মঘট কৰি বিশ্ব ডাঙৰ নেতা সকলক সকিয়নি দিছিল। থুনবাৰ্গৰ প্ৰকৃতিৰ প্ৰতি নিভাঁজ প্ৰেম আমাৰ বাবে আদৰ্শৰ প্ৰতীক। আমাৰ প্ৰজন্ম সকলো ও সঁচা অৰ্থত থুনবাৰ্গৰ দৰে সাহসী হৈ প্ৰকৃতি বিৰোধী জনমতৰ বিৰুদ্ধে বদ্ধ পৰিকৰ হওঁক। সঁচা অৰ্থত প্ৰকৃতিক ভালপোৱাৰ সংকল্প লওঁক। দুখৰ বিষয় নান্দনিক ৰূপৰে মনোমোহা গাঁৱৰ ভূমি সমূহত ক’লা ধোৱা আৰু দুৰ্গন্ধময় পৰিবেশ সাধাৰণ লোকৰ মাজলৈ বিভীষিকা নমাই আনিছে। পুবা সুগন্ধি ফুলৰ সুবাসৰ বিপৰীতে এতিয়া আই তি, ব্ৰিটেনিয়া বিস্কুটৰ গোন্ধ পোৱা আমাৰ যুবক-যুৱতী সকলে মেধা পাটেকাৰ, সুন্দৰ লাল বহুগুণা, যাদৱ পায়েঙৰ দৰে স্বনামধন্য ব্যক্তিসকলৰ সংগ্ৰাম কাৰ বাবে উমান পাবনে?

Leave A Reply