Breaking

২৪০খন ছবিৰ ভিতৰত ১০০খন ছবিৰ খলনায়ক পৰেশ ৰাৱাল…

0 64

হিন্দী ছবিত বলিষ্ঠ অভিনয়েৰে চিনাকি পৰেশ ৰাৱালৰ আজি জন্মদিন। ৬৮ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱালে। সকলোৰে পৰেশ ৰাৱালক এজন ধেমেলীয়া অভিনেতা হিচাপে চিনি পায়। সৰুৰে পৰা পৰেশ ৰাৱালৰ ছবিৰ প্ৰতি আকৰ্ষণ ইমানেই আছিল যে মাত্ৰ ৯ বছৰ বয়সতে তেওঁ ছবি চাবলৈ টিকট নোহোৱাকৈ থিয়েটাৰত প্ৰৱেশ কৰিছিল।

পৰেশ ৰাৱালৰ জন্ম হৈছিল ১৯৫৫ চনৰ ৩০ মে’ত মুম্বাইত। একে সময়তে তেওঁ গুজৰাটী মধ্যম বিদ্যালয়ৰ পৰাই প্ৰাৰম্ভিক পঢ়া-শুনা আৰম্ভ কৰিছিল। সৰুৰে পৰা পৰেশ বৰ দুষ্টামি আছিল। ২৪০ খন ছবিৰ ভিতৰত ১০০ খন ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল পৰেশ ৰাৱালে।


উৎকৃষ্ট অভিনয়ৰ বাবে পৰেশ পৰিচিত। যদি তেওঁ কমেডী কৰে তেন্তে তেওঁ আপোনাক হাঁহিবলৈ বাধ্য কৰাব আৰু যদি তেওঁক খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়া হয় তেন্তে তেওঁ আপোনাক বহুত হহুোঁৱাব। পৰেশে এই পৰ্যন্ত ২৪০ খন ছবিত কাম কৰিছে। ইয়াৰে ১০০খন ছবিত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে।

Leave A Reply