Breaking

সৰুপথাৰত বহিঃৰাজ্যৰ গামোচা জব্দ

0 1,096

থলুৱা শিপিনীক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ পিছতে তৎপৰ হৈ পৰিছে ধনশিৰি মহকুমা প্ৰশাসন। বহিঃৰাজ্যৰ পৰা অহা গামোছাৰ বিৰুদ্ধে ধনশিৰি মহকুমা প্ৰশাসনে আজি সোমবাৰে সৰুপথাৰ নগৰৰ বিভিন্ন কাপোৰৰ দোকানত অভিযান চলায়। ধনশিৰি মহকুমাৰ দণ্ডাধীশ প্ৰাঞ্জিল গগৈৰ নেতৃত্বত হস্ত তাঁত বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগ, ৰেচম বিভাগ, সৰুপথাৰ আৰক্ষীকে ধৰি বহু কেইটা বিভাগৰ যুটীয়া অভিযান চলে সৰুপথাৰ নগৰত।

অভিযান কালত কেইবাখনো দোকানত মেচিনত প্ৰস্তুত কৰা গামোছা জব্দ কৰে ধনশিৰি মহকুমা প্ৰশাসনে। উল্লেখ্য যে হস্ততাত আৰু বস্তশিল্প সংৰক্ষণ আইন ১৯৮৫ ৰ অধীনত পৰম্পৰাগত সাজ পোচাক মেচিনত তৈয়াৰ কৰা আৰু বিক্ৰী কৰা নিষিদ্ধ যদিও এক বৃহৎ চক্ৰই গামোচাকে ধৰি অসমৰ আন আন জনগোষ্ঠী সমূহৰ পৰম্পৰাগত সাজ পোচাক বহি:ৰাজ্যৰ পৰা সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। যাৰ ফলত অসমৰ থলুৱা শিপিনী সকলে যথেষ্ট বিপৰ্যয়ৰ সন্মুখীন হ’ব লগা হৈছে।

Leave A Reply