Breaking

সিংঘু সীমান্তত কৃষকৰ বাবে ৫০ টাৰো অধিক চিকিৎসা শিবিৰ নিৰ্মান কৰা হৈছে

0 536

দিল্লীৰ একাধিক সীমাৰ ভিতৰত সিংঘু সীমান্তত কৃষকৰ বাবে ৫০ টাৰো অধিক চিকিৎসা শিবিৰ নিৰ্ধাৰণ কৰা হৈছে, য’ত কৃষকসকলে যোৱা ১৫ দিন ধৰি আতিপাত শীতকো আউকান কৰি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিটা কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছে।

আন্দোলনকাৰী কৃষকসকলক বিনামূলীয়া ঔষধ আৰু এম্বুলেন্স সেৱাও প্ৰদান কৰা হৈছে।

চিকিৎসক আৰু স্বেচ্ছাসেৱকসকলে কৈছিল যে বহুতে ইতিমধ্যে স্বাস্থ্য সমস্যাত ভুগি আছে, যাৰ বাবে তেওঁলোকক নিয়মীয়া ঔষধ আৰু স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন।

“আমাৰ স্বেচ্ছাসেৱকসকল ইয়াত প্ৰতি সময়তে উপলব্ধ। এম্বুলেন্স সেৱা ইয়াত উপলব্ধ। ১ কিলোমিটাৰ দূৰত্বৰ ভিতৰত দুখন চিকিৎসালয়ে অংশগ্ৰহণকাৰীসকলক সামান্য সমস্যাৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আছে,” এন জি অ’ৰ সৈতে জড়িত এজন স্বেচ্ছাসেৱকে কয় ।

Leave A Reply