Breaking

পৰৱৰ্তী পাঁচ বছৰত বিশ্বৰ ৮৩ নিযুত লোকে চাকৰি হেৰুৱাব

0 49

মহামাৰীৰ সময়ৰ পৰাই আৰম্ভ হৈছে অনিশ্চয়তা। ভাৰতকে ধৰি বিশ্বৰ চাকৰিৰ বজাৰখন অন্ততঃ অহা ৫ বছৰলৈ অশান্ত হৈ থাকিব। নতুন চাকৰিতকৈ ছুটীৰ সংখ্যা বেছি হ’ব। শেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক মঞ্চৰ (WEF) এক প্ৰতিবেদনত তেনেকৈয়ে ভৱিষ্যদ্বাণী কৰা হৈছে।

‘ফিউচাৰ অৱ জবছ’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে ২০২৭ চনৰ ভিতৰত বিশ্বত প্ৰায় ৮৩ লাখ লোকে চাকৰি হেৰুৱাব পাৰে। আনহাতে, সেই সময়ছোৱাত ৬৯ লাখ নতুন চাকৰিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মুঠ ৮০৩টা কৰ্পৰেট সংস্থাৰ মূল্যায়ন ডব্লিউ ই এফে কৰিছে।

ইয়াৰ দ্বাৰা বিশ্বৰ চাকৰিৰ বজাৰত অহা ৫ বছৰৰ অনিশ্চয়তাৰ ভৱিষ্যদ্বাণী কৰা হৈছে। এইখিনিতে ক’ব পাৰি যে চাকৰি হেৰুৱা আৰু নতুন চাকৰি লাভৰ সংখ্যা সামূহিকভাৱে চাকৰিৰ বজাৰৰ ২৩ শতাংশ হ’ব পাৰে।

সেই সময়ছোৱাত বিশ্বৰ ১০.২ শতাংশ নতুন চাকৰিৰ সৃষ্টি হ’ব পাৰে। আনহাতে, চাকৰিৰ পৰা ছুটী দিয়া হ’ব প্ৰায় ১২.৩ শতাংশ পদ। আনহাতে, ভাৰতত মুঠ চাকৰিৰ পৰা ছুটী আৰু চাকৰি খালী হোৱাৰ সংখ্যা অহা ৫ বছৰত চাকৰিৰ বজাৰৰ প্ৰায় ২২ শতাংশ হ’ব।

Leave A Reply