Breaking

বিলাসীপাৰাত পৱিত্ৰ মাৰ্ঘেৰিটা

0 100

বিলাসীপাৰা প্ৰেছ ক্লাৱত আজি ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ সাংবাদিকসকলৰ লগত মত বিনিময় কৰে৷ দুপৰীয়া বিলাসীপাৰা প্ৰেছ ক্লাৱৰ সভাপতি বাপ্পা সৰকাৰৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে, “গণতন্ত্ৰত সাংবাদিকৰ ভূমিকা অপৰিসীম৷ সাংবাদিকসকলে সমাজক শুদ্ধ পথ দেখুৱায়”৷

ধুবুৰী লোক সভা সমষ্টিত অগপ দলে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয়, “বিজেপি দলে এতিয়ালৈকে কোনো সমষ্টিত কাৰ লগত বুজা পৰা কৰিব বা আসন বিতৰণ কৰিব কোনো সিদ্ধান্ত লোৱা নাই ৷ যথা সময়ত সেয়া স্পষ্ট হ’ব”৷

অনুষ্ঠানত তেওঁ লগতে প্ৰকাশ কৰে যে ধুবুৰী জিলাত কোচ ৰাজবংশী জনগোষ্ঠীয় সাংস্কৃতিক প্ৰকল্প এটাৰ বাবে পঞ্চাশ লাখ টকা মঞ্জুৰি দিয়া হ’ব৷ বিজেপিৰ জন সম্পৰ্ক অভিজানত সাংসদগৰাকী ধুবুৰী জিলাত প্ৰায় এসপ্তাহ থাকিব বুলিও প্ৰকাশ কৰে৷

Leave A Reply