Breaking

বস্ত্ৰ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই…

0 24

অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই বৈদেশিক পৰিক্ৰমা দপ্তৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাবে দায়িত্ব লাভ কৰিছে। সেইমৰ্মে মঙলবাৰে পবিত্ৰ মাৰ্ঘেৰিটাই বস্ত্ৰ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ উপস্থিতিত মাৰ্ঘেৰিটাক প্ৰাক্তন কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী পীয়ুষ গোৱেলে ফুলৰ থোপাৰে আদৰণি জনায়। ড. এই অনুষ্ঠানত বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব ৰচনা শ্বাহৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

Leave A Reply