Home Blog Page 101

Road accident: মঙলবাৰে চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে

মঙলবাৰে চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে
মঙলবাৰে চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে

নিয়তিৰ নিষ্ঠুৰ পৰিহাস।(Road accident)

১০৮ ৰ চকাৰ তলত পিষ্ট হ’ল লুনা ভৰদ্বাজৰ সপোন।

মঙলবাৰে এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল লুনাই।

কিন্তু সৰস্বতী পূজাৰ দিনাই ১০৮ এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত লুনা ভৰদ্বাজ।

লুনা ভৰদ্বাজৰ বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ বাসগৃহত কান্দোনৰ ৰোল।

মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা।

কাহিলীপাৰাত ১০৮ ৰ খুন্দাত নিহত হয় ২৬ বছৰীয়া লুনা ভৰদ্বাজ।

দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Sankor Jyoti Baruah: আজি বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাই

আজি বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী।(Sankor Jyoti Baruah) 
আজি বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী।(Sankor Jyoti Baruah) 

আজি বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী।(Sankor Jyoti Baruah) 

আজি বিজেপি দলত যোগদান কৰিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

আজি সন্ধিয়া শংকৰজ্যোতি বৰুৱাই যোগ দিব বিজেপিত।

শংকৰজ্যোতিসহ আৰু ১৮ গৰাকীলোকে যোগদান কৰিব বিজেপিত।

শংকৰজ‍্যোতি বৰুৱাৰ সৈতে বহুকেইজন প্ৰাক্তন আছু নেতাই যোগদান কৰিব বিজেপি দলত।

আছুৰ ৭ জনকৈ প্ৰাক্তন নেতাৰ লগতে কেইবাগৰাকীও নেতাই যোগ দিব বিজেপিত।

অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বাৰ্ষিক আখৰা শিবিৰ মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠান

অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বাৰ্ষিক আখৰা শিবিৰ মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠান
অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বাৰ্ষিক আখৰা শিবিৰ মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠান

দৰঙৰ অগ্ৰণী লোক-নৃত্য আৰু লোক-বাদ্যৰ দল অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বাৰ্ষিক আখৰা শিবিৰ মুকলি কৰাৰ লগতে শিল্পী সম্বৰ্ধনা সভা নামখলা গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। পুৱা এক মাঙ্গলিক কাৰ্যসূচীৰে আখৰা শিবিৰ মুকলি কৰে মঙলদৈ শান্তিপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক গৌতম শৰ্মাই।


নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰেমানন্দ বৰুৱাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ন কৰাৰ পিছতেই। দিনৰ এঘাৰ বজাত ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক নাৰায়ণ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি আৰু সম্বৰ্ধনা সভা।

অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ প্ৰযোজক-পৰিচালক হেমন্ত কলিতাই আদৰণি ভাষণ প্ৰদান কৰা আৰু খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জোনালী ৰাজবংশীয়ে উদ্বোধন কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° পবিত্ৰ শৰ্মা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘অগ্নিশিখা সন্মান’ প্ৰদান কৰা সভাত দহগৰাকী শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Tezpur News: অসমীয়া পৰম্পৰাগত সাজত বাগদেৱী

Tezpur News: অসমীয়া পৰম্পৰাগত সাজত বাগদেৱী
Tezpur News: অসমীয়া পৰম্পৰাগত সাজত বাগদেৱী

তেজপুৰত ব্যতিক্ৰমী ৰূপত সৰস্বতী পূজা৷(Tezpur News)

অসমীয়া পৰম্পৰাগত সাজত সজোৱা হৈছে বাগদেৱীক৷

চাদৰ-মেখেলাৰ লগতে পৰম্পৰাগত অসমীয়া গহণাও পৰিধান কৰোৱা হৈছে৷

লগতে শ্ৰদ্ধা জনোৱা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক৷

দেৱী সৰস্বতীৰ লগত সমানে স্থান লাভ জুবিন গাৰ্গৰ৷

জুবিন গাৰ্গৰ “কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে” আপ্তবাক্যশাৰীৰে মেচেজ দিয়াৰ প্ৰয়াস৷

কিতাপৰ লগতে পূজাথলীত শাৰী শাৰীকৈ আঁৰি দিয়া হৈছে বৰ্ণমালা ৷

আধ্যাত্মিকতাৰেপূজাৰ আয়োজন তেজপুৰ ঊষা নগৰবাসীৰ৷

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নৱনিৰ্মিত দলঙৰ ওপৰত স্থাপন হ’ব টোলগে’ট

গুৱাহাটী মহানগৰীত স্থাপন হ'ব নতুন টোল প্লাজা
গুৱাহাটী মহানগৰীত স্থাপন হ'ব নতুন টোল প্লাজা

গুৱাহাটী মহানগৰীত স্থাপন হ’ব নতুন টোল প্লাজা।

বাহনেৰে মহানগৰীলৈ অহা লোকে ভৰিব লাগিব টোল।

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নৱনিৰ্মিত দলঙৰ ওপৰত স্থাপন কৰা হ’ব টোলগে’ট।

নিবিদা আহ্বান লোক নিৰ্মাণ বিভাগৰ।

১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব দলংখন!

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং মুকলিৰ পিছতে দলংখনত স্থাপন কৰা হ’ব নতুন টোল প্লাজা

আনহাতে কলিয়াবৰৰ চুলুঙত আজিৰ পৰা মুকলি এখন নতুন টোলগে’ট।

Sankor Jyoti Baruah: শীঘ্ৰে ৰাজনীতিত যোগ দিব প্ৰাক্তন আছুৰ নেতা শংকৰজ্যোতি বৰুৱাই

শীঘ্ৰে ৰাজনীতিত যোগ দিব প্ৰাক্তন আছুৰ নেতা শংকৰজ্যোতি বৰুৱাই
শীঘ্ৰে ৰাজনীতিত যোগ দিব প্ৰাক্তন আছুৰ নেতা শংকৰজ্যোতি বৰুৱাই

শীঘ্ৰে ৰাজনীতিত যোগ দিব শংকৰজ্যোতি বৰুৱাই।(Sankor Jyoti Baruah) 

ৰাজনীতিত যোগ দিবলৈ প্ৰস্তুত আছুৰ প্ৰাক্তন সা: সম্পাদকজন।

সামাজিক মাধ্যমত তাৎপৰ্যপূৰ্ণ পোষ্ট শংকৰজ্যোতি বৰুৱাৰ।

ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ সময় সমাগত বুলি সামাজিক মাধ্যমত পোষ্ট শংকৰৰ।

কোন ৰাজনৈতিক দলত যোগ দিব ৰাজহুৱা কৰা নাই শংকৰজ্যোতিয়ে।

পূর্বে কংগ্ৰেছত যোগদান কৰিব বুলি সামাজিক মাধ্যমত চলিছিল চৰ্চা।

শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত লিখিছিল-

‘শংকৰ জ‍্যোতি বৰুৱা হিচাপে সামাজিকভাৱে ৰাইজৰ সৈতে সুখে দুখে কাম কৰি আহিছো। এতিয়া ৰাইজৰ সৈতে বহুদিনৰ পৰা আলোচনা কৰি আছো। ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ সময় সমাগত।সমাজ প্ৰিয় মানুহ মই।’

Pollution: কেৱল মাস্কেই যথেষ্ট নহয়; বৃদ্ধি পোৱা প্ৰদূষণৰ মাজত আয়ুষ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ

Pollution: কেৱল মাস্কেই যথেষ্ট নহয়; বৃদ্ধি পোৱা প্ৰদূষণৰ মাজত আয়ুষ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ
Pollution: কেৱল মাস্কেই যথেষ্ট নহয়; বৃদ্ধি পোৱা প্ৰদূষণৰ মাজত আয়ুষ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ

সমগ্ৰ দেশতে(Pollution) প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। বিশেষকৈ কিছুমান চহৰত প্ৰদূষণ মানুহৰ স্বাস্থ্যৰ প্ৰতি ভয়াৱহ ভাবুকি হৈ পৰিছে। ফলত একাংশ লোকে সুৰক্ষাৰ বাবে মাস্ক পৰিধান কৰিবলৈ আৰম্ভ কৰিছে। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়েও এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। কেৱল মাস্ক পৰিধান কৰিলে বা বাহিৰৰ কাম-কাজ সীমিত কৰিলে প্ৰদূষণৰ পৰা উপশম নহ’ব। ইয়াক লাভ কৰিবলৈ শৰীৰৰ ভিতৰৰ পৰা শক্তিশালী কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়।

আয়ুষ মন্ত্ৰালয়ৰ মতে, ঘৰুৱা আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰিলে প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা নিজকে যথেষ্ট পৰিমাণে ৰক্ষা কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে ঋতু অনুসৰি আৰু স্থানীয় ফলমূল আৰু শাক-পাচলি খাব লাগে। এইবোৰ সতেজ আৰু পুষ্টিকৰ, শৰীৰত প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰে। শীতকালত কমলা, অমিতা, বিলাহী, কচু, মূলা আৰু সেউজীয়া শাক-পাচলি বিশেষভাৱে উপকাৰী।

এইবোৰ বস্তু খাব-
ইয়াৰ উপৰিও আদা, জলকীয়া দৈনিক সেৱন কৰিব।

কুহুমীয়া পানী খাব। নেমু, মৌ বা তুলসীৰ পাত কেইটামান দিলে আৰু ভাল। বনৌষধিৰ কাপ দিনে ২-৩ বাৰ খাব লাগে। ইয়াক তুলসী, আদা, ডালচেনি, জালুক, গুৰ আদিৰে তৈয়াৰ কৰিব পাৰি। এই সমূহ সংমিশ্ৰণ কৰি একাপ খালে কাহ, ডিঙিৰ বিষ, চৰ্দি আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সদায় সতেজ আৰু গৰম খাদ্য খোৱা। ঠাণ্ডা খাদ্য হজম হোৱাটো কঠিন আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে। লগতে ঘিউ, গাখীৰ, গুৰ, আৰু শুকান ফল (আলমণ্ড, কাজু, আখৰোট, কিচমিচ) সেৱন কৰিব লাগে। ঘিউই শৰীৰক পুষ্টি প্ৰদান কৰে আৰু প্ৰদূষণৰ ফলত হোৱা প্ৰদাহ কমায়।

Cyber criminal: মৈৰাবাৰীৰ গৰৈমাৰী চাপৰিত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৈৰাবাৰীৰ গৰৈমাৰী চাপৰিত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ
মৈৰাবাৰীৰ গৰৈমাৰী চাপৰিত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৈৰাবাৰীৰ গৰৈমাৰী চাপৰিত পলাই থকা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ।(Cyber criminal)

মৰিগাঁও জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বশ্যৰ নেতৃত্বত ভেলৌগুৰি আৰক্ষীয়ে যোৱা নিশা চাপৰিত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে এজন চাইবাৰ অপৰাধীক।

চাইবাৰ অপৰাধী জনৰ নাম বাহাৰুম বাছা আলি।

ধৃত যুৱক জনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হৈ থকা ১৮/২০২৪ নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় আলিক।

ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আলিক।

saraswati puja 2026: বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ
বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

যা কুন্দেন্দু তুষাৰহাৰা ধবলা যা শুভ্রবস্ত্রাবৃর্তা। (saraswati puja 2026)

আ বীণা বৰদণ্ডমণ্ডিত কৰা যা শ্বেত পদ্মাসনা।।

যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা।

সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা।।

আজি বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতী পূজা।

বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

Mira Borthakur Goswami: মাটি-গৰু-কয়লা-চুপাৰি চুৰিৰ পিছত ভোট চুৰিত নামিছে বিজেপিঃ মীৰা বৰঠাকুৰ

মাটি-গৰু-কয়লা-চুপাৰি চুৰিৰ পিছত ভোট চুৰিত নামিছে বিজেপিঃ মীৰা বৰঠাকুৰ
মাটি-গৰু-কয়লা-চুপাৰি চুৰিৰ পিছত ভোট চুৰিত নামিছে বিজেপিঃ মীৰা বৰঠাকুৰ

মহানগীৰৰ দিছপুৰ(Mira Borthakur Goswami) সমষ্টিত একাংশ লোকৰ ভোট কৰ্তন কৰিবলৈ নিৰ্বাচন আয়োগ আৰু বিজেপি দলে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে৷ আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এখন সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ বিজেপি দল আৰু নিৰ্বাচন আয়োগে ভোট চুৰি কৰি দিছপুৰৰ মচনদ দখল কৰিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলি দাবী কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ এছআৰৰ জৰিয়তে পৰিকল্পিতভাৱে ভোট কৰ্তন কৰিব খোজাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মীৰা বৰঠাকুৰে কয় যে দিছপুৰ সমষ্টিত ৰেচন কাৰ্ডৰ ই-কেৱাইচি পুনৰীক্ষণৰ নামত ৬ হাজাৰ ভোটাৰৰ নাম বিজেপি আৰু নিৰ্বাচন আয়োগে কৰ্তন কৰিবলৈ আগবাঢ়িছে৷ হাতীগাঁও, সিজুবাৰী, দক্ষিণগাঁও, ঘোঁৰামৰা এলেকাত বিভিন্নজনক ই-কেৱাইচিৰ নামত হাৰাশাস্তি আৰু অত্যাচাৰ কৰিছে৷ ৰেচন কাৰ্ড দিয়া সূলভ মূল্যৰ দোকানীসকল এই কামৰ বাবে কৰ্তৃপক্ষ নহয়৷ কিন্তু চৰকাৰে দোকানীসকলক প্ৰচণ্ড হেঁচা দি প্ৰথমে কৌশলগতভাৱে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে৷

তাৰ পিছত ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ’ব৷ ভূৱন ডেকা, আজাদ আলী, ডিম্বেশ্বৰ ৰাজবংশী, বিষ্ণু বৰ্মনৰ দোকানৰ পৰা কৌশলপূৰ্ণভাৱে ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ নামত প্ৰায় ৫০০ নাম কৰ্তন কৰা হৈছে৷ বৰঠাকুৰে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ লগতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি শুনানিত অংশ ল’বলৈ অতি কম সময় দিয়াৰ অভিযোগ আনে৷ তেওঁ কয় যে আমি বাৰে বাৰে কৈ আহিছো যে কিবা ওজৰ-আপত্তি থাকিলে মানুহক সময় দিব লাগিব৷ এদিন আগত জাননী দিছে আৰু পিছদিনা শুনানিত উপস্থিত থাকিবলৈ কোৱা হৈছে৷ এয়া অত্যন্ত গৰ্হিত, দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰক হত্যা কৰাৰ এটা প্ৰক্ৰিয়া৷ নিৰ্বাচন আয়োগ বিজেপিৰ এক মৰ্চাৰ দৰে কাম কৰিছে বুলি নিৰ্বাচন আয়োগক আক্ৰমণ কৰি তেওঁ কয় যে যিমানে অভিযোগ নিদিয়ক কিয় বিজেপিৰ উৰ্ধত গৈ কাম নকৰে নিৰ্বাচন আয়োগ৷ ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰৰ ভোট চুৰিৰ কথা তন্ন-তন্নকৈ কোৱাত মানুহে উপলব্ধি কৰিব পৰা নাছিল৷ বিহাৰৰ পৰা অসমতো ভোট চুৰিৰ মডেল এটা লৈ আহিছে৷ ইয়াৰ বিৰুদ্ধে অসমত এটা সৰ্বাত্মক আন্দোলন গঢ়ি উঠিব লাগে বুলি ৰাইজক আহ্বান জনাই কয় যে বিজেপিয়ে কেৱল মচনদ দখল কৰিবলৈ ভোট চুৰি কৰা নাই, অসমীয়াক সমূলাঞ্চে নিঃশেষ কৰিব বিচৰা হৈছে৷ হিন্দীবলয়ৰ ওচৰত অসমক শৰণাপন্ন কৰা কৰা হ’ব৷ এয়া অসমৰ বাবে অশনি সংকেত৷ এটা এটা সমষ্টিত যদি ৬ৰ পৰা ৮ হাজাৰ ভোট কৰ্তন কৰা হয় তেন্তে এয়া ‘চবকা সাথ চবকা সাথৰ মডেল’৷

বিজেপিয়ে জানে এইবাৰ অসমত সুস্থ আৰু গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন হ’লে বিজেপি কোনো কাৰণত শাসনলৈ নাহে৷ যাৰ উমান পাই যোৱাবাৰ যিবোৰ সমষ্টিৰ যিবোৰ এলেকাত কংগ্ৰেছে বেছি ভোট পাইছিল সেইবোৰ সমষ্টিত ৮ৰ পৰা ১২ হাজাৰ ভোট কৰ্তন কৰি মচনদ দখল কৰিব খুজিছে৷ নিৰ্বাচন আয়োগে ১৮ হাজাৰ গোচৰ নিষ্পত্তি কৰিব পৰা নাই৷ উচ্ছেদিত লোকক ভোট স্থানান্তিৰত কৰিবলৈ আবেদন কৰিবলৈ কৈছে৷ আবেদনবোৰ অগ্ৰাহ্য কৰি হাৰাশাস্তি কৰিছে৷ নিৰ্বাচন আয়োগে স্পষ্ট কৰক যে তেওঁলোকে স্বতন্ত্ৰভাৱে কাম কৰিব নে বিজেপিৰ শ্ৰুতলিপিত কাম কৰিব৷ অসম আৰু গণতন্ত্ৰ বচাবলৈ কাম কৰক নিৰ্বাচন আয়োগে৷ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভাৰ্চুৱেল সভাত প্ৰতিগৰাকী বিধায়কক একোটা সমষ্টিত ১০ হাজাৰকৈ ভোট কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়াৰ প্ৰসংগ উল্লেখ কৰি কয় যে অখিল গগৈ ডাঙৰীয়াই এই কথা ৰাজহুৱা কৰিছে৷ নিৰ্বাচন আয়োগে এই পৰ্যন্ত দিলীপ শইকীয়াক নিজাববীয়াকৈ জাননী জাৰি কৰা নাই কিয়? কিয় জবাবদিহি কৰা নাই তাৰ উত্তৰ দিয়ক আয়োগে। আজি সূলভ মূল্যৰ দোকানীসকল মানসিক হেঁচাত আছে৷ তেওঁলোকে কৈছে যে ৰেচন কাৰ্ডৰ যি ই-কেৱাইচিৰ পুনৰীক্ষণৰ কথা কৈছে সেই কাম কৰাৰ কৰ্তৃপক্ষ তেওঁলোক নহয়৷ দোকানীসকলে কৈছে যে যিসকল মানুহক নাম কৰ্তন কৰিব খোজা হৈছে সেইসকল ইয়াৰ থলুৱা মানুহ৷ দোকানীসকলে আমাক মাত মাতিবলৈ কৈছে৷ অসমত ইতিমধ্যে মাটি চুৰি হৈছে, গৰু চুৰি হৈছে, কয়লা চিণ্ডিকেটৰ জৰিয়তে কয়লা চুৰি কৰা হৈছে, চুপাৰি চিণ্ডিকেট কৰা হৈছে৷ সকলোতে বিজেপিয়ে চুৰি কৰিছে৷ এইবাৰ নিকৃষ্ট পন্থাৰে ভোট চুৰি কৰিব খুজিছে৷ ভোট চুৰি কৰি পুনৰ শাসনলৈ আহিবলৈ ব্লুপ্ৰিণ্ট ৰচিছে৷

গণতন্ত্ৰক ভালপোৱা প্ৰতিগৰাকী মানুহক সজাগ হ’বলৈ আহ্বান জনাই মহিলা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ই-কেৱাইচিৰ নামত যি হাৰাশাস্তি কৰিছে তাৰ বিৰুদ্ধে সজাগ হওক৷ লগতে মীৰা বৰঠাকুৰে হাৰাশাস্তিৰ বলি হোৱাসকলক তেওঁৰ সৈতে যোগাযোগ কৰাৰ লগতে ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ বিষয়টোক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনায়৷ নদুৱাৰ, তেজপুৰ নগাঁও, বৰক্ষেত্ৰী, ৰঙানদীত বিজেপিয়ে এই কাম কৰিছে৷ য’ত য’ত এইবাৰ বিজেপিৰ জিকাৰ সম্ভাৱনা নাই তাত ভোট চুৰি কৰি মচনদ দখল কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে এশ খনতকৈ বেছি আসন পাব৷ এনেকৈ যদি প্ৰতিটো সমষ্টিত ১০ৰ পৰা ১৫ হাজাৰ ভোট কৰ্তন কৰি নিজৰ মানুহৰ নাম অন্তৰ্ভুক্তি কৰে তেন্তে এশখন আসন পাব৷ চুৰি ভোটেৰেৰে যাতে নিৰ্বাচন কৰা নহয় সেয়া নিৰ্বাচন আয়োগক নিশ্চিত কৰিবলৈকো আহ্বান জনাই বৰঠাকুৰে৷ অসমৰ মানুহে নিজৰ নাম ভোটাৰ তালিকাত আছে নে নাই সেয়া তন্নতন্নকৈ পৰীক্ষা কৰিবলৈকো কয় নেত্ৰীগৰাকীয়ে।