Home Blog Page 100

Padma Awards 2026: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম

Padma Awards 2026: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম
Padma Awards 2026: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম

ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম।(Padma Awards 2026) 

অসমৰ ৩গৰাকী শিল্পীলৈ ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান।

ভাস্কৰ্য শিল্পী তথা কলা-নিৰ্দেশক অসমৰ নুৰুদ্দিন আহমেদক পদ্মশ্ৰী সন্মান।

ভাস্কৰ্য শিল্পৰে প্ৰসিদ্ধ লাভ কৰা নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান।

পঞ্চাশ বছৰীয়া সুদীৰ্ঘ শিল্প-ভাস্কৰ্য সাধনাৰ স্বীকৃতি লাভ কৰি আনন্দিত নুৰুদ্দিন আহমেদ।

কাৰ্বি আংলঙৰ প্ৰসিদ্ধ লোকশিল্পী পখিলা লেকথেপীলৈ পদ্মশ্ৰী সন্মান।

অসমৰ কৃষি আৰু ৰেচম উদ্যোগলৈ অনবদ্য অৱদান আগবঢ়োৱা ড০ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান।

বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা দেশৰ ৪৫ গৰাকীলৈ পদ্মশ্রী সম্মান।

বৰক্ষেত্ৰীৰ জাগাৰাত যুৱ মঞ্চ জাগাৰাৰ উদ্যোগত আৰু সাৰথি হস্পিতালৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

বৰক্ষেত্ৰীৰ জাগাৰাত যুৱ মঞ্চ জাগাৰাৰ উদ্যোগত আৰু সাৰথি হস্পিতালৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
বৰক্ষেত্ৰীৰ জাগাৰাত যুৱ মঞ্চ জাগাৰাৰ উদ্যোগত আৰু সাৰথি হস্পিতালৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

যুৱ মঞ্চ জাগাৰাৰ উদ্যোগত আৰু সাৰথি হস্পিতালৰ সহযোগত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰাত আজি এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ ব্যৱস্থা কৰা হয়। জাগাৰা সভাগৃহৰ সমীপতে থকা ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হয় উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটো।

ৰবিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা স্বাস্থ্য পৰীক্ষা শিৱিৰটোত উপস্থিত থাকে সাৰথি হস্পিটেলৰ চিকিৎসক ডাঃ জোনাক কাশ্যপ(জেনেৰেল ফিজিচিয়ান) আৰু ডাঃ মানশ প্রীতম ডেকা (জেনেৰেল ফিজিচিয়ান), আনহাতে,এই শিৱিৰটোত সহযোগিতা আগবঢ়াই সেৱিকা সহযোগী তৃষ্ণা ৰাজবংশী আৰু জি এন এম তৃতীয় বাৰ্ষিকৰ ছাত্ৰীদ্বয় ৰমাইশ্ৰী বড়ো আৰু জানমণি বেগমে।

সাধাৰণ চিকিৎসাৰ উপৰিও মধুমেহ ৰোগৰ পৰীক্ষা,উচ্চ ৰক্তচাপ ৰোগ, তেজ পৰীক্ষাৰ উপৰিও অন্যান্য ৰোগৰ পৰীক্ষা কৰা হয়। সমাজকৰ্মী সুৰেন ডেকাই উদ্ধোধন কৰা শিৱিৰটোত স্থানীয় সৰবৰহী মহিলা গীতা ডেকা, বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি মহেশ বৰ্মণ,জাগাৰা যুৱ মঞ্চৰ সভাপতি মৃণাল ডেকা, ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ঊষাৰাণী ডেকা,ৰাহুল ডেকা, অজিত বৈশ্য,শিক্ষক গোকুল ডেকা,বিশাল ডেকা, সুৰজিৎ ডেকাৰ লগতে যুৱ মঞ্চৰ কাৰ্যকৰ্তাসকলৰ লগতে বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ- কনিষ্ঠ বিশিষ্ট সমাজকৰ্মীসকল উপস্থিত থাকে। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰটোত অঞ্চলটোৰ ভালেমান লোকে স্বাস্থ্য পৰীক্ষা কৰে।

Garima Saikia Garg: সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

Garima Saikia Garg: সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
Garima Saikia Garg: সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।(Garima Saikia Garg)

স্বামী জুবিন গাৰ্গকলৈ পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।

কেইখনমান ফটোৰে আবেগ-বিহ্বল পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ-

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে-

সপোন ৰঙৰ জীৱন তুমি..

আকৌ এবাৰলে আহানা উভটি..

সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩৪ সংখ্যক শিশু সমাৰোহ

সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩৪ সংখ্যক শিশু সমাৰোহ
সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩৪ সংখ্যক শিশু সমাৰোহ

শিশুৰ কলৱৰে মুখৰিত সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ। ২৩ জানুৱাৰী পৰা ২৫ জানুৱাৰীলৈ মৰিয়নি লাহদৈগড় মৰাণ গাঁওৰ বুৰঞ্জীবিদ সমাজহিতৈষী সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩৪ সংখ্যক শিশু সমাৰোহ।জোনালী মইনা পাৰিজাত, কুঁহি মইনা পাৰিজাত আৰু অংকুৰজ্যোতি মইনা পাৰিজাত তথা স্থানীয় ৰাইজৰ আতিথ্যত এই সমাৰোহ খন অনুষ্ঠিত হৈছে।

সমাৰোহ খনিৰ প্ৰথম দিনটোত বিভিন্ন কাৰ্যসূচীৰ লগতে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ মূখ পত্ৰ উন্মোচন কৰে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক সূচীব্ৰতা পাত্ৰয়ে আৰু আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰে ‍যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড০ জ্যোতি ৰেখা হাজৰিকাই।ইয়াৰ পাছতে ক্ৰীড়া, সঙ্গীত, সাহিত্য আৰু নাটক প্ৰতিযোগিতা সমুহ অনুষ্ঠিত হয়। শিশুৰ কলৱৰে মুখৰিত সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে শেষৰ দিনৰ আকৰ্ষণ সংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।

বিশিষ্ট লেখক অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিঙৰ নৱতম গ্ৰন্থ “ডট ডট ইতি ইত্যাদি” উন্মোচন

বিশিষ্ট লেখক অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিঙৰ নৱতম গ্ৰন্থ "ডট ডট ইতি ইত্যাদি" উন্মোচন
বিশিষ্ট লেখক অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিঙৰ নৱতম গ্ৰন্থ "ডট ডট ইতি ইত্যাদি" উন্মোচন

অৱনৰি সাহিত্য গোষ্ঠীৰ উদ্যোগত গোগামুখস্থিত আগম মিগাং নাহেন্দ্ৰ পাদুন পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশিষ্ট সমালোচক তথা ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক জাতিৰাম কামানে বিশিষ্ট লেখক কালিনাথ পাংগিঙৰ নৱতম গ্ৰন্থ “ডট ডট ইতি ইত্যাদি” গ্ৰন্থখন উন্মোচন কৰে। বিশিষ্ট লেখক তথা সোৱণশিৰি মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক দুষ্যন্ত নৰহে হাত ধৰা গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত কালিনাথ পাংগিঙৰ নৱতম গ্ৰন্থ ডট ডট ইতি ইত্যাদিৰ বিষয়ে বিশ্লেষন আগবঢ়ায়। মুঠ ২৩৩ পৃষ্ঠাৰ মুল্যৱান গ্ৰন্থখন অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ হ’ব আৰু গ্ৰন্থখন পঢ়ুৱৈ সমাজে আকোঁৱালি ল’ব বুলি আশাবাদী বিশিষ্ট লেখকগৰাকী।

কালিনাথ পাংগিঙে অসমীয়া -মিচিং-ইংৰাজী ভাষাত অভিধান প্ৰণয়ন কৰাৰ উপৰিও বিভিন্ন তত্বগধুৰ সম্বলিত মুঠ ১৬ খন গ্ৰন্থ ৰচনা কৰি উলিয়াইছে। অৱনৰি সাহিত্য গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভাপতি গোবিন্দ টাইদ,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টুনিৰাম মেদক, শিক্ষক তথা লেখক ভৱ দলে, অনাতাঁৰ শিল্পী দগনে নিতম ৰীতাদেৱী মেদক, মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব ড° ডিম্বেশ্বৰ দলে, দকচিৰি ই আলোচনীৰ সম্পাদক তপনলালৰ লগতে অৱনৰি বাংকে আগম কৗবাং, গোগামুখ শাখা সাহিত্য সভা, গোগামুখ বাংকে আগম কৗবাঙৰ সভাপতি সম্পাদক সকল।

শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান

শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান
শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান

ৰাষ্ট্ৰবাদী চেতনাৰে উদ্বুদ্ধ হৈ কাম কৰি যাবলৈ আহ্বান সভাপতি দিলীপ শইকীয়াৰ

ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হবলৈ বিজেপিলৈ আহিছোঁ : শংকৰজ্যোতি বৰুৱা

১৪.৫০ কোটি প্ৰাথমিক সদস্য আৰু ১২ লাখ সক্ৰিয় সদস্যৰে ভাৰতীয় জনতা পাৰ্টিয়ে আজি সমগ্ৰ বিশ্বতে এক সুকীয়া স্থান দখল কৰিছে ৷ ৰাষ্ট্ৰীয়তাবাদী চেতনাৰে জাগ্ৰত বিজেপিৰ লক্ষ লক্ষ সদস্যই আজি কাম কৰি আহিছে ৷ এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ । আজি বশিষ্ঠস্হিত দলৰ মুখ্য কাৰ্যালয়ত সদৌ অসম ছাত্ৰ সন্হাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে আদিবাসী , গোৰ্খাকে ধৰি কেবাটাও জাতীয় সংগঠনৰ শতাধিক নেতা-কৰ্মীয়ে যোগদান কৰা দলীয় যোগদান কাৰ্যসূচীত উপস্থিত থাকি শইকীয়াই কয় যে সমগ্ৰ দেশৰ ৭১ শতাংশ ভৌগোলিক এলেকাত পৰিবেষ্টিত বিজেপি আজি সমগ্ৰ ভাৰতৰ এক বৃহৎ ৰাজনৈতিক দল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশে আজি সমগ্ৰ বিশ্বত যি এক সুকীয়া স্থান দখল কৰিছে তাৰবাবে আমি গৌৰৱাম্বিত ৷ তেনেদৰে অসমতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বিকশিত ৰাজ্য হিচাপে সমগ্ৰ দেশত পৰিচিত হৈছে ৷ তাৰবাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লৈ আমি গৌৰৱবোধ কৰোঁ বুলিও সভাপতি শইকীয়াই মন্তব্য কৰে । আজি যোগদান কৰা সকলে আই অসমী আৰু মা ভাৰতীৰ কাৰণে সেৱা কৰি যাব বুলি আশা কৰি দলৰ ৰাজ্যিক সভাপতি শইকীয়াই কয় যে আমাৰ এই যাত্ৰাত আপোনালোকৰ সহযোগ নিশ্চিত হব বুলি আমি আশাবাদী।

আজিৰ যোগদান কাৰ্যসূচীত আছু নেতা শংকৰজ্যোতি বৰুৱাৰ লগতে প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ মনোজ কুমাৰ মহন্ত , যুৱ গায়িকা তৃণ শৰ্মা , যুৱনেতা দীপাংকৰ ওজা , অসম চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দেউৰী , আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে কনক গগৈ , ৰাজীৱ গগৈ , ৰক্তিম বৰা , আছুৰ তিনিচুকীয়া জিলা কমিটিৰ প্ৰাক্তন সভাপতি সত্য বৰগোহাঁই , আছুৰ মাজুলী জিলা কমিটিৰ প্ৰাক্তন সভাপতি প্ৰাণজিৎ হাজৰিকা , আটছাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক শিবু কৰ্মকাৰ , দুলীয়াজান আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বাবলু ভূমিজ , গোৰ্খা ছাত্ৰ সন্হাৰ ডিব্ৰুগড় জিলা কমিটিৰ সহঃ সাধাৰণ সম্পাদক দামোদৰ শৰ্মা, সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদ কমিটিৰ সদস্য সমীৰঞ্জন বৰশইকীয়া , আছাৰ ডিব্ৰুগড় জিলা কমিটিৰ প্ৰাক্তন মুখ্য উপদেষ্টা ৰমেশ গঢ় , ডিব্ৰুগড় জিলা আছুৰ প্ৰাক্তন উপসভাপতি দীপজ্যোতি দিহিঙীয়া , অৱসৰপ্ৰাপ্ত উপ বন-সংৰক্ষক খৰ্গ সিং ডেকাৰজা , মৰিগাঁও জিলা নাথ যোগী সন্মিলনৰ সভাপতি নৱ কান্ত নাথ , অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দুলেন পাটৰকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ ভালেসংখ্যক ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ ৰাজ্যিক সাধাৰণ সম্পাদক অনুপ বৰ্মনে আতধৰা যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী , সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু , কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে ৷

কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ

কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ
কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ


লখিমপুৰ জিলাৰ বান্তৌ বঙালী গাঁৱত বাংলাদেশী নাগৰিকৰ আগ্ৰাসন চলি থকাৰ গুৰুত্বপূর্ণ অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাই। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ নেতৃত্বই কংগ্ৰেছৰ এজন স্থানীয় নেতাৰ ছত্ৰছায়াত এই আগ্ৰাসন চলি থকাৰ অভিযোগ উত্থাপন কৰে।

সংবাদমেলত বীৰ লাচিত সেনাই দাবী কৰে যে লখিমপুৰৰ বান্তৌ বঙালী গাঁৱত বাংলাদেশী নাগৰিক এতিয়া সৰ্বেসৰ্বা হৈ পৰিছে। সংগঠনটোৰ মতে, কংগ্ৰেছ নেতাৰ কৃপাতে একাংশ বাংলাদেশী নাগৰিকে ভুৱা নথিৰ জৰিয়তে মাটি নিজৰ নামত পঞ্জীয়ন কৰাই লৈছে।

এই সংবাদমেলত তথ্যসহ বিস্তৃত বিৱৰণ আগবঢ়ায় টাইজুৰ হক নামৰ এজন খিলঞ্জীয়া মুছলমানে। তেওঁ কয় যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা মাটিৰ নথি অনুসাৰে নুৰ হুছেইন আৰু চাহদ আলী নামৰ দুজন লোক বাংলাদেশী নাগৰিক। আনহাতে, একেই নথিত নাম থকা মিঞা হুছেইন আৰু চুবেদ আলী ভাৰতীয় নাগৰিক বুলি উল্লেখ কৰে।

টাইজুৰ হকে অভিযোগ কৰে যে বাংলাদেশী নাগৰিকসকলে ভুৱা নথিপত্ৰ আৰু ভুৱা পিতৃৰ নাম দেখুৱাই মাটি দখল কৰিছে। ইয়াৰ উপৰিও পাৰবিন নামৰ এগৰাকী মহিলা বাংলাদেশৰ পৰা আহি ভুৱা নথিৰ জৰিয়তে লখিমপুৰত ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হোৱা বুলি সংবাদমেলত দাবী কৰা হয়।

বীৰ লাচিত সেনাৰ সদস্যসকলে অভিযোগ কৰে যে এই তথ্য উন্মোচনৰ সময়ত কংগ্ৰেছৰ এজন নেতাই টাইজুৰ ৰহমানক বিৰোধিতা কৰিছিল। ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰি সংগঠনটোৰ নেতৃত্বই কয়—
“আমি অসমীয়া অসমতে ভগনীয়া হ’ব নালাগে। এনে পৰিস্থিতি কেতিয়াও সহ্য কৰা নহ’ব।”

সংবাদমেলত বীৰ লাচিত সেনাই দাবী কৰে যে বৰ্তমানো লখিমপুৰ জিলাত প্ৰায় ১০ হাজাৰ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ কবলত আছে। এই ভূমিসমূহ শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ চৰকাৰক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনায় সংগঠনটোৱে।

ইফালে, বাংলাদেশী নাগৰিকৰ পক্ষত অৱস্থান লোৱা বুলি অভিযোগ কৰা কংগ্ৰেছ নেতাজনকো বীৰ লাচিত সেনাই সকীয়নি দিয়ে। সংগঠনটোৰ ভাষ্য মতে, এনে কাৰ্যকলাপৰ পৰা আতৰি নাথাকিলে সেই নেতাজনৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ সংগঠনটো বাধ্য হ’ব।

Himanta Biswa Sarma: বৰক্ষেত্ৰীত যোৱাবাৰ পৰাজিত প্ৰাৰ্থীয়ে কাম কৰি আছে, প্ৰাৰ্থীত্ব সলনি হ’ব বুলি নাভাবোঃ মুখ্যমন্ত্ৰী

Himanta Biswa Sarma: বৰক্ষেত্ৰীত যোৱাবাৰ পৰাজিত প্ৰাৰ্থীয়ে কাম কৰি আছে, প্ৰাৰ্থীত্ব সলনি হ'ব বুলি নাভাবোঃ মুখ্যমন্ত্ৰী
Himanta Biswa Sarma: বৰক্ষেত্ৰীত যোৱাবাৰ পৰাজিত প্ৰাৰ্থীয়ে কাম কৰি আছে, প্ৰাৰ্থীত্ব সলনি হ'ব বুলি নাভাবোঃ মুখ্যমন্ত্ৰী

নলবাৰী জিলাৰ (Himanta Biswa Sarma) বৰক্ষেত্ৰী বিধানসভা সমষ্টিত আজি ৩০,৮,০৬ গৰাকী আত্ম সহায়ক গোটৰ সদস্যাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ দহ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ প্ৰচেষ্টাত বৰক্ষেত্ৰীৰ নপ্তিপাৰাত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ বৰক্ষেত্ৰী সমষ্টিৰ আত্ম সহায়ক গোটৰ ৩০,৮,০৬ গৰাকী মহিলাক চেক প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্যখনৰ ৪০ লাখ মহিলা আত্মসহায় গোটৰ ৮ লাখ মহিলা লাখপতি বাইদেউ হৈছে। বাকী মহিলাবোৰকো লাখপতি বাইদেউ বনোৱাৰ লক্ষ্যৰে অসম চৰকাৰে মহিলা উদ্যমিতা আঁচনি ৰূপায়ন কৰিছে। এই আঁচনিৰ জড়িয়তে ৩২ লাখ মহিলাক সামৰি লোৱা হৈছে। আঁচনিৰ দহ হাজাৰকৈ টক লাভ কৰা মহিলা সকল ব্যৱসায় কৰি ফলাফল ভাল হলে দ্বিতীয়বাৰ তেওঁ লোকক আকৌ ২৫ হাজাৰকৈ টকা দিব। ব্যৱসায়ত উন্নতি লাভ কৰিলে তৃতীয়বাৰ আকৌ ৫০ হাজাৰকৈ টকা দিব। এনেকৈ লাহে লাহে মহিলা সকল লাখপতি বাইদেউ হব পাৰিব। এই আঁচনি লাভ কৰিবলৈ তিনিটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব বুলিও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে,বৰক্ষেত্ৰীত নতুনকৈ দুই হাজাৰ অৰুণোদয় দিয়াৰ ঘোষণা কৰাৰ লগতে কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় কংগ্ৰেছে এইবোৰ আঁচনিৰ বিৰোধীতা কৰে, এইবোৰৰ সলনি কংগ্ৰেছৰ মতে ঢুতি,লুংঙি দিব লাগে। নিযুত মইনা, অৰুণোদয়, সূলভ মূল্যৰ সামগ্ৰী, ঘোচ নিদিয়াকৈ চৰকাৰী চাকৰিৰ লগতে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি কয় যে বিজেপি চৰকাৰ গঠন হোৱাৰ সময়ত কোনেও এইবোৰ কথা কল্পনা কৰিব পৰা নাছিল। কিন্তু চৰকাৰে এইবোৰ কৰি দেখুৱালে। আজিৰ সভাখনত কংগ্ৰেছ দলৰ বিধায়ক দিগন্ত বৰ্মন উপস্থিত নথকা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱাবাৰ কম সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত হোৱাৰ পিছতো নাৰায়ণ ডেকাই বৰক্ষেত্ৰী সমষ্টিত ৰাইজৰ কাম কৰি আছে। আজি জয়ী হোৱা বিধায়ক গৰাকী সভাত উপস্থিত থাকিব লাগিছিল,কিন্তু নাই, সেয়েহে উন্নয়নৰ বাবে আমি বিজেপিক ভোট দিব লাগে। অখিল গগৈৰ শেষতীয়া মন্তব্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় অখিল গগৈয়ে যি ধৰণে মিঞা মানুহৰ মাজত সোমাইছে,যিবোৰ মন্তব্য কৰি আছে, সেইবোৰৰ পৰা বুজিব পাৰি যদি চৰকাৰ সলনি হয় মিঞাৰ ৰাজত্ব চলিব,অসমীয়া মানুহৰ একো কামে নাথাকিব। অসমত বিজেপিক হৰুৱাৰলৈ ৰাজীৱ ভৱণত মিঞাৰ প্ৰাৰ্থী অধিক হোৱা বুলি মন্তব্য প্ৰদান কৰে।

ইফালে, বৰক্ষেত্ৰী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব সন্দৰ্ভত কয় যোৱাবাৰ পৰাস্ত হোৱা প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ কাম কৰি আছে,গতিকে এইবাৰ নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীত্ব সলনি হব বুলি নাভাবো বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এছ আৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে- হিন্দু আৰু খিলঞ্জীয়া মুছলমান লোকলৈ জাননী প্ৰেৰণ কৰা দেখা নাই,মিঞা মুচলমান লোকলৈ জাননী প্ৰেৰণ কৰিছে। মিঞাক অলপ উৎপাত কৰিব লাগিব নহলে মুৰৰ ওপৰত উঠিব। এইবাৰ নিৰ্বাচনত প্ৰায় ১০৬ টা সমষ্টিত বিজেপি মিত্ৰযোঁটে জয়লাভ কৰিব আৰু মিত্ৰতাৰ ক্ষেত্ৰত প্ৰায় একে থাকিব যদিও দুই এটা সমষ্টি সাল সলনি হব পাৰে। আজি প্ৰকাশ প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ বিজেপিত যোগদান সন্দৰ্ভত কয় যে তেওঁ লোকে যোগদান কৰি পাৰ্টীৰ কাম কৰি থাকক কিন্তু এইবাৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্ব বিচাৰিব নালাগে।

বিজেপিৰ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত প্ৰাথমিক আলোচনা প্ৰায় সমাপ্ত হৈছে বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি অনুষ্ঠিত হোৱা সভাখনত জেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,প্ৰাক্তন বিধায়ক তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা,নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী,নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা,নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গীতুমনি বৈশ্য, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীকে ধৰি জিলা প্ৰশাসনৰ বিষয়ৱবীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ৱবীয়া, জিলা পৰিষদৰ সদস্য/সদস্যা, গাঁও পঞ্চায়তৰ প্ৰতিনিধি,ভাৰতীয় জনতা পাৰ্টীৰ কেইবাজনো বিষয়ৱবীয়া উপস্থিত থাকে।

Mangoldoi News: মঙলদৈৰ ১৬টা মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক

মঙলদৈৰ ১৬টা মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক
মঙলদৈৰ ১৬টা মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক

মঙলদৈৰ ১৬টা মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক।(Mangoldoi News)

মঙলদৈৰ ১৬টা কালী মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক।

মঙলদৈ চহৰৰ সমীপৱৰ্তী গেৰিমাৰী, মোৱামাৰীত মঙ্গলবাৰে ৰাতি ১৬ টা কৈ কালি মন্দিৰত দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মন্দিৰৰ মূৰ্তি ভাঙি পেলাই গৈছিল মন্দিৰৰ চৌহদত।

ঘটনাৰে জড়িতৰ সন্দেহত ৪ জনক ইতিমধ্যে আটক কৰি সোধা-পোছা আৰক্ষীৰ।

তদন্তত বিস্ফোৰক তথ্য লাভ কৰে মঙলদৈ আৰক্ষীয়ে।

তদন্তৰ খাতিৰত আটকাধীন অভিযুক্তৰ পৰিচয় ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।

Road accident: মঙলবাৰে চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে

মঙলবাৰে চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে
মঙলবাৰে চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে

নিয়তিৰ নিষ্ঠুৰ পৰিহাস।(Road accident)

১০৮ ৰ চকাৰ তলত পিষ্ট হ’ল লুনা ভৰদ্বাজৰ সপোন।

মঙলবাৰে এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল লুনাই।

কিন্তু সৰস্বতী পূজাৰ দিনাই ১০৮ এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত লুনা ভৰদ্বাজ।

লুনা ভৰদ্বাজৰ বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ বাসগৃহত কান্দোনৰ ৰোল।

মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা।

কাহিলীপাৰাত ১০৮ ৰ খুন্দাত নিহত হয় ২৬ বছৰীয়া লুনা ভৰদ্বাজ।

দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।