Home Blog Page 99

Ajit Pawar: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। (Ajit Pawar)

বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়।

বাৰামতীত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমানখন।

দুৰ্ঘটনাত মৃত্যু NCP নেতা অজিত পাৱাৰ।

বিমানখনত আছিল অজিত পাৱাৰকে ধৰি মুঠ ৬ গৰাকী লোক।

অজিত পাৱাৰসহ ৪ জন লোক নিহত হয় এই বিমান দুৰ্ঘটনাত।

নিৰ্বাচনী প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাৰামতীলৈ গৈছিল অজিত পাৱাৰ।

মহাৰাষ্ট্ৰৰ পৰা বাৰামতীত গৈ থকা অৱস্থাত বাৰামতীত অৱতৰণৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ বিমান দুৰ্ঘটনা।


Bathou Puja: বড়ো সমাজে উলহ-মালহেৰে বৰাই বাথৌক কৰিছে পূজা-অৰ্চনা

বড়ো সমাজে উলহ-মালহেৰে বৰাই বাথৌক কৰিছে পূজা-অৰ্চনা
বড়ো সমাজে উলহ-মালহেৰে বৰাই বাথৌক কৰিছে পূজা-অৰ্চনা

আজি বাথৌ পূজা।(Bathou Puja)

সমগ্ৰ বড়ো সমাজে উলহ-মালহেৰে বৰাই বাথৌক কৰিছে পূজা-অৰ্চনা।

আমিনগাঁৱৰ বামুনীগাঁৱ উন্নয়ন সমিতিৰ উদ্যোগত বাথৌ পূজা ভাগৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে এইবৰ্ষত।

এই তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ অনুস্থান।

অনুষ্ঠানত আৰাম্ভনিতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

তাৰ পিছতে বড়ো ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূৰ্ব পুৰুষলৈ সোঁৱৰণ কৰি অনুষ্ঠিত কৰা হয় “আৰজ” পৰ্ব।

ধৰ্মালোচনী সভা, মুকলি সভাও অনুষ্ঠিত কৰে আয়োজক সকলে।

আজি সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া, বড়ো খেৰাই কৃষ্টি আদি জাতীয় সংস্কৃতিৰ মেতমৰা সম্ভাৰ প্ৰদৰ্শন কৰা হ’ব বুলি সদৰি কৰে উদযাপন সমিতিৰ সভাপতি ভগৱন্ত বড়োয়ে।

আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটি, জণকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয় অসমৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ লগতে প্ৰীতিভোজৰ আয়োজন

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ লগতে প্ৰীতিভোজৰ আয়োজন
৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ লগতে প্ৰীতিভোজৰ আয়োজন

পঞ্চতীৰ্থ খ্যাত উত্তৰ গুৱাহাটীৰ ভূমিত দৈনন্দিন বাৰ্তা গোষ্ঠী আৰু আলোক প্ৰবঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ লগতে জণকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপত ৭৭ সংখ্যক গণৰাজ্য দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰাৰ লগতে প্ৰীতিভোজৰো আয়োজন কৰা হয়। এই কাৰ্যসূচীত দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰী শংকৰ গোহাঞ আৰু জণকল্যাণ বাৰ্তা কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰী কুমুদ নাথৰ সঞ্চালনাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক সাংবাদিক সকলৰ লগত এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই মত বিনিময় অনুষ্ঠানৰ আঁতধৰে জণকল্যাণ বাৰ্তা কাকতৰ অবৈতনিক সাংবাদিক দ্বিপকান্ত পাঠকে। অনুষ্ঠানত উপস্থিত থকা অসম ৰাইজিং কাকতৰ পৰিচালন সঞ্চালক জেষ্ঠ্য সাংবাদিক দ্বিপজ্যোতি লহকৰে বক্তব্য প্ৰদান কৰি উল্লেখ কৰে দৈনন্দিন বাৰ্তা কাকতৰ সাংবাদিক শংকৰ গোহাঞি এগৰাকী অতি স্বভাৱসুলভ ব্যক্তি। অসমৰ বহু কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰীয়ে সাংবাদিক সকলৰ সুবিধা অসুবিধাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা পৰিলক্ষিত হয় কিন্তু এই ক্ষেত্ৰত শংকৰ গোহাঞি গ্ৰহণযোগ্যতা অপৰিসীম। তেওঁ দৈনন্দিন বাৰ্তা কাকতত সেৱা আগবঢ়োৱা গাওঁ চহৰৰ প্ৰতিজন সাংবাদিকৰ সুখ দুখৰ সমভাগী হৈ থাকে। লগতে তেওঁ উল্লেখ কৰে জণকল্যাণ বাৰ্তা কাকতৰ সম্পাদক কুমুদ নাথ এগৰাকী সাংস্কৃতিক কৰ্মী হৈ এখন কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি গাঁও চহৰৰ বিভিন্ন সমস্যা সমূহ ৰাইজৰ মাজলৈ লৈ অনাত সফল ভাৱে সেৱা আগবঢ়ায় আছে।

এই অনুষ্ঠানত সম্পাদক শংকৰ গোহাঞিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা প্ৰতিজন সাংবাদিকক ডায়েৰী আৰু কেলেণ্ডাৰ প্ৰদান কৰি সন্মান প্ৰদান কৰি বক্তব্যত উল্লেখ কৰে যে সাংবাদিক সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈয়ো নিজৰ দায়িত্ব পালন কৰি আছে।এই ক্ষেত্ৰত সাংবাদিক সকল বহু ক্ষেত্ৰত বঞ্চিত হৈ থাকিব লগা হয়। সাংবাদিক সকলে বিশেষকৈ চিকিৎসাজনিত ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হয়। সেয়েহে আজিৰ এই অনুষ্ঠানতেই সম্পাদক গোহাঞিয়ে দৈনন্দিন বাৰ্তা কাকতৰ লগত জড়িত প্ৰতিজন সাংবাদিকৰ লগতে পৰিয়াললৈ এক আচনি ঘোষণা কৰে।এই আচঁনিৰ জৰিয়তে সাংবাদিক গৰাকীৰ লগতে পৰিয়ালে চিকিৎসাজনিত সহায় লাভ কৰিব। উত্তৰ গুৱাহাটীৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত কণমানি শিল্পী কীত শৰণীয়াৰ সংগীত পৰিবেশনে সকলোকে আপ্লুত কৰে। ইয়াৰ উপৰিও উত্তৰ গুৱাহাটীৰ শিল্পী প্ৰবাস বুঢ়াগোহাঁই, দৈনিক অসম কাকতৰ উত্তৰ গুৱাহাটীৰ সাংবাদিক ৰূপক ডেকাও উপস্থিত থাকি সংগীত পৰিবেশন কৰি অনুষ্ঠান অধিক জীপাল কৰি তোলে।

দৈনন্দিন বাৰ্তাৰ সাংবাদিক উৎপল তামুলী আৰু সাংবাদিক দিলিপ নাথে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো সোণত সোৱগা কৰি তোলে। শিশু শিল্পী প্ৰীয়াংশু শীৱমে সুন্দৰ আবৃত্তি পৰিবেশন কৰি উপস্থিত সকলোকে মোহিত কৰে। দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াই সাংবাদিক সকলে যথেষ্ট কষ্ট সহকাৰে সেৱা আগবঢ়ায় এখন কাকতত ৰাইজৰ বাতৰি সমূহ ৰাইজৰ মাজলৈ লৈ যোৱাত যথেষ্ট বৰঙণি আগবঢ়াই। তেওঁ প্ৰতিজন সাংবাদিকৰ শলাগ লয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন খেল-ধেমালিৰ লগতে সাংবাদিক সকলৰ মাজত আকৰ্ষণীয় ভাগ্য পৰীক্ষাও অনুষ্ঠিত কৰা হয়। ভাগ্য পৰীক্ষা পৰিচালনা কৰে কাকত খনৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াৰ লগতে সাংবাদিক নৱজ্যোতি কলিতা আৰু সুজাতা শৰ্মাই।

ভাগ্য পৰীক্ষাত সফল হোৱা প্ৰতিগৰাকীলৈ বটাঁ প্ৰদান কৰে সম্পাদক শংকৰ গোহাঞি আৰু কুমুদ নাথে। অনুষ্ঠানত উপস্থিত থাকা জণকল্যাণ বাৰ্তাৰ আমিনগাঁওৰ সাংবাদিক ৰিংকু দাস, বিপিন দাস , অতিথি হিচাপে মণ্টু দাস,লিতুলৃ দাসৰ লগতে বহু বিশিষ্ট ব্যক্তিক সম্পাদক গোহাঞিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। দৈনন্দিন বাৰ্তা গোষ্ঠীৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকে জেষ্ঠ্য সাংবাদিক তথা কাকত খনৰ স্বত্বাধিকাৰী শংকৰ গোহাঞিৰ সহধৰ্মিনী পল্লৱী গোহাঞি।

নগাঁৱৰ কচুৱাৰ চানখোলাত সম্বৰ্ধনা অনুষ্ঠান

নগাঁৱৰ কচুৱাৰ চানখোলাত সম্বৰ্ধনা অনুষ্ঠান
নগাঁৱৰ কচুৱাৰ চানখোলাত সম্বৰ্ধনা অনুষ্ঠান

নগাঁৱৰ কচুৱাৰ চানখোলাত সম্বৰ্ধনা অনুষ্ঠান। মহিলা গোটৰ দ্বাৰা এই সম্বৰ্ধনা অনুষ্ঠান। কিছুদিনৰ আগতে ভাৰত চৰকাৰৰ অধীনত বীৰ সেনানীত ভৰ্তি হোৱা ৪জনকৈ যুৱকক আদৰণি জনায় ধৰিত্ৰী CLF গোটৰ অধীনস্থ হালধাৰীবাৰী মিলনজ্যোতি আত্মসহায়ক গোটে।

CISF, BSF আৰু CRPOত ভৰ্তি হ’বলৈ সুযোগ পোৱাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। আনহাতে গোটৰ এনে পদক্ষেপক সকলোৱে এতিয়া একেমুখে প্ৰশংসা কৰিছে।

উল্লেখ্য যে বীৰ সেনানীত যোগদান কৰি ভাৰত মাতৃৰ সেৱা যাতে ভালদৰে কৰিব পাৰে তাৰে কামনা কৰিছে অঞ্চলটোৰ ৰাইজে।

বৃদ্ধাশ্ৰমৰ আইতাসকলৰ কাষত মানৱদৰদী লাহৰীঘাট সমজিলা আয়ুক্তা শিল্পীকা কলিতা

বৃদ্ধাশ্ৰমৰ আইতাসকলৰ কাষত মানৱদৰদী লাহৰীঘাট সমজিলা আয়ুক্তা শিল্পীকা কলিতা
বৃদ্ধাশ্ৰমৰ আইতাসকলৰ কাষত মানৱদৰদী লাহৰীঘাট সমজিলা আয়ুক্তা শিল্পীকা কলিতা

বৃদ্ধাশ্ৰমৰ আইতাসকলৰ কাষত মানৱদৰদী লাহৰীঘাট সমজিলা আয়ুক্তা শিল্পীকা কলিতা। এগৰাকী মানৱদৰদী প্ৰশাসনিক বিষয়াৰ ভূমিকাই এতিয়া মন মুহিছে অজস্ৰ লোকৰ। সকলো দল সংগঠনৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হোৱা প্ৰশাসনিক বিষয়া গৰাকী হ’ল লাহৰীঘাট সম জিলাৰ আয়ুক্তা শিল্পীকা কলিতা।


অফিচৰ কাম কাজৰ ব্যস্ততাৰ মাজতো সময় আজৰি সদায় সমাজৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব পালন কৰা বিষয়া গৰাকীৰ এইদৰে বৃদ্ধাশ্ৰমত থকা আইতাসকলৰ মৰীচিকাৰ সপোনক হাঁহি বিৰিঙাবলৈ কৰা পদক্ষেপক সকলোৱে অন্তৰৰ পৰা হিয়া উজাৰি দিছে আৰ্শীবাদ। মৈৰাবাৰীস্থিত বয়োজ্যেষ্ঠ আশ্ৰমৰ আৱাসী সকলৰ মাজত মত বিনিময় কৰাৰ লগতে বিভিন্ন ধৰণৰ ফলমূল আদিও বিতৰণ কৰা দেখা যায়।

জীৱনৰ বিয়লি বেলাত স্মৃতিৰ পাত লুটিয়াই এৰি অহা দিনৰ স্মৃতি বোৰে বৃদ্ধাশ্ৰমত থকা বৃদ্ধ লোক সকলৰ কিমান যে বেদনাদায়ক, তাকে যেন বাৰুকৈ উপলব্ধি আৰু বুজিব পাৰিছে লাহৰীঘাট সম জিলাৰ আয়ুক্তা শিল্পীকা
কলিতাই ।

Rahul Gandhi: ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ অংগবস্ত্ৰক অসন্মান কৰাৰ অভিযোগ !

Rahul Gandhi: ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ অংগবস্ত্ৰক অসন্মান কৰাৰ অভিযোগ !
Rahul Gandhi: ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ অংগবস্ত্ৰক অসন্মান কৰাৰ অভিযোগ !

উত্তৰ-পূৰ্বাঞ্চলৰ অংগবস্ত্ৰক অসন্মান ৰাহুল গান্ধীৰ!(Rahul Gandhi)

ৰাষ্ট্ৰপতি ভৱনৰ এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে অংগবস্ত্ৰক অসন্মান কৰাৰ অভিযোগ।

পৰিধান নকৰি হাতৰ মুঠিতে লৈ থাকিল অংগবস্ত্ৰ।

সামাজিক মাধ্যমত ভাইৰেল সমগ্ৰ দৃশ্য।

ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অভ্যৰ্থনা অনুষ্ঠানত থীম আছিল উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যৰ স্কাৰ্ফ পিন্ধি যোৱা।

প্ৰধানমন্ত্ৰীৰ পৰা অতিথিসকললৈ সকলোৱে পৰিধান কৰিলে উত্তৰ-পূবৰ বস্ত্ৰ।

কিন্তু কেৱল ৰাহুল গান্ধী অমান্তি হোৱাৰ অভিযোগ।

BJP Assam: মিঞাক সন্তুষ্ট কৰি ৰাখিব বাবে গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক চিনি নাপায় : ৰাজ্যিক বিজেপি

মিঞাক সন্তুষ্ট কৰি ৰাখিব বাবে গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক চিনি নাপায় : ৰাজ্যিক বিজেপি
মিঞাক সন্তুষ্ট কৰি ৰাখিব বাবে গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক চিনি নাপায় : ৰাজ্যিক বিজেপি

ৰাজ্যৰ হাতশগ্রস্ত(BJP Assam) বিৰোধীয়ে ইছ্যুবিহীনভাবে আগন্তুক বিধানসভা নির্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছে। ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ বন্যাত উটি গৈছে ৰাজ্যৰ বিৰোধী। নিৰ্বাচনত পৰাজয় বৰণৰ পিছত উপায়ন্তৰ হৈ ভোট চুৰি, ইভিএমক দোষ দিয়াতো কংগ্ৰেছৰ বাবে নতুন বিষয় নহয়। বিহাৰ বিধানসভা তথা মহাৰাষ্ট্ৰ পৌৰসভা নির্বাচনটো কংগ্ৰেছে ভোট চুৰিৰ অজুহাতেৰে নিৰ্বাচনত অৱতীর্ণ হৈছিল যদিও জনতাই তেওঁলোকৰ দাবী নস্যাৎ কবি ভাৰতীয় জনতা পার্টিক বিশাল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিছে এই মন্তব্য বিজেপিৰ জ্যেষ্ঠ মুখপাত্র ব্রজেন মহন্তৰ। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত মুখপাত্র গৰাকীয়ে কয় যে, ইতিমধ্যে ৰাজ্যৰ বিৰোধীয়ে বিজেপিৰ সন্মুখত আত্মসমর্পন কৰিছে। পৰাজয় হ’ব বুলিয়েই বিৰোধীয়ে বিজেপি দল তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপপ্রচাৰত লিপ্ত হৈছে। মিঞাৰ বাবে ৪৮ খন আসন সংৰক্ষণৰ দাবী কৰা নেতাৰ কোলাত বহি গৌৰৱ গগৈৰ বৰ অসম গঢ়াৰ সপোন ৰচিছে।

১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ অন্ত পেলাই অসমত বিজেপি নেতৃত্বত এনডিএ চৰকাৰৰ প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈয়ে চিনি নোপোৱাতো স্বাভাৱিক। তাব পৰিৱৰ্তে অসম আন্দোলন বিৰোধীতা কৰিবলৈ কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা আমছুৰ সভাপতি বেজাউল কৰিম সৰকাৰৰ পাকঘৰত একেলগে আহাৰ গ্ৰহণ কৰে গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক চিনি নাপায়। শিৱসাগৰ-তিনিচুকীয়াক মিঞালেও বনোৱা আৰু শিক্ষা জেহাদেৰে অসমৰ খিলঞ্জীয়াক শাসন কৰাৰ দৰে সাম্প্রদায়িক বক্তব্য প্রদান কৰা ব্যক্তিৰ পক্ষত থিয় হৈ গৌৰৱ গগৈয়ে সনাতনী সভ্যতাৰ বৰ ঘৰত সিদ্ধি দিব বিচাৰিছে।

অসমীয়া খিলঞ্জীয়া ৰাইজৰ উন্নতিৰ কাৰণে দিনে নিশাই নিজকে অহোপুৰুষাৰ্থ কৰা কর্মোদ্যমী মুখ্যমন্ত্রী ৫০ হিমন্ত বিশ্ব শৰ্মাই ডাভোছৰ পৰা ১৫ হাজাৰ কিলোমিটাৰ বাট যাত্রা সামৰি অসমত উপস্থিত হৈয়েই ক্ষন্তেক জিবণি নোলোৱাকৈয়ে পুনৰ জনতাৰ ওচৰত থিয় দিছে। কংগ্রেছে সংস্থাপন দিয়া অবৈধ মিএএক উচ্ছেদ কৰি খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষা কৰা, বৰদোৱা থানৰ ভূমি বেদখলমুক্ত কৰি বিশ্বমানৰ প্রকল্প নির্মাণ কৰা, এটকাও নোহোৱাকৈ সম্পূর্ণ মেধাৰ ভিত্তিত ডেৰ লাখতকৈ অধিক যুৱক-যুৱতীক চাকৰি দিয়া, অসম আন্দোলনৰ ছহীদসকলক উপযুক্ত মর্যদা প্রদানেৰে ছহীদ স্মাৰক নিৰ্মাণ কৰা ড০ হিমন্ত বিশ্ব শর্মাক গৌৰৱ গগৈয়ে চিনি নাপায়। মিঞাক সন্তুষ্ট কৰি ৰাখিব বাবে গৌৰৱ গগৈয়ে ড০ হিমন্ত বিশ্ব শর্মাক চিনি নাপায় বুলি মুখপাত্রজনে সংবাদমেলযোগে উল্লেখ কৰে। লগতে সংবাদমেলত উপস্থিত থাকে বিজেপিৰ আন এগৰাকী মুখপাত্র প্রাঞ্জল কলিতা।

ALCHERINGA 2026: গুৱাহাটীত অনুষ্ঠিত হ’ব ৩০ সংখ্যক ALCHERINGA 2026

গুৱাহাটীত অনুষ্ঠিত হ'ব ৩০ সংখ্যক ALCHERINGA 2026
গুৱাহাটীত অনুষ্ঠিত হ'ব ৩০ সংখ্যক ALCHERINGA 2026

৪দিনীয়া কাৰ্যসূচীৰে IIT গুৱাহাটীত অনুষ্ঠিত হ’ব ৩০ সংখ্যক ALCHERINGA 2026।

২৯জানুৱাৰীৰ পৰা ১ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘ALCHERINGA-2026’।

৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ অন্যতম সৰ্ববৃহৎ এই সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে।

ALCHERINGAত দেশৰ প্ৰায় ৫০০খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশ ল’ব সৰ্ববৃহৎ সাংস্কৃতিক সমাৰোহত।

ALCHERINGAত গীত পৰিৱেশন কৰিব বলীউডৰ কণ্ঠশিল্পী ছানে।

সমাৰোহখনিত ভিন্ন প্রতিযোগিতা, বিভিন্ন ৰাজ্যৰ থলুৱা কলা-সংস্কৃতিৰ সমাহাৰ ঘটিব।

সমাৰোহত বিশেষভাবে প্রদর্শিত হ’ব অসম তথা উত্তৰ-পূবৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি।

সমাৰোহত অংশ ল’ব প্রায় ৫০০খন শিক্ষানুষ্ঠানৰ ৩ সহস্রাধিক শিক্ষার্থীয়ে।

কলিয়াবৰৰ উলুৱনীৰ সৰবৰাহী যুৱক সমীৰ গোস্বামীৰ দেহাৱসান

কলিয়াবৰৰ উলুৱনীৰ সৰবৰাহী যুৱক সমীৰ গোস্বামীৰ দেহাৱসান
কলিয়াবৰৰ উলুৱনীৰ সৰবৰাহী যুৱক সমীৰ গোস্বামীৰ দেহাৱসান

কলিয়াবৰৰ সৰবৰাহী যুৱক সমীৰ গোস্বামীৰ অকাল মৃত্যু। যোৱা ১৭ জানুৱাৰীত এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে। কলিয়াবৰৰ উলুৱনী গাঁৱৰ শ্ৰীশ্ৰীগোৱিন্দ এলেঙী সত্ৰত জন্মগ্ৰহণ কৰা সমীৰ গোস্বামী স্থানীয় সাংস্কৃতিক, ক্ৰীড়া তথা সামাজিক ক্ষেত্ৰখনৰ এগৰাকী চিনাকি যুৱক আছিল। তেওঁ এগৰাকী সুদক্ষ ঢুলীয়াৰ লগতে বিহু গীতো ৰচনা কৰিছিল।

ভাওনা আৰু নাটকৰ লগতো জড়িত আছিল সমীৰ গোস্বামী। কলিয়াবৰৰ কেইবাটাও বিহু দলৰ সক্ৰিয় সদস্য সমীৰ গোস্বামীয়ে ১৯৯৫ চনত চেন্নাইৰ ছাউথ এছিয়ান গেমছৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিহু দলৰ এগৰাকী ঢুলীয়া হিচাপে প্ৰতিনিধিত্ব কৰিছিল। তদুপৰি, উলুৱনীৰ সপ্তৰ্ষী পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰ আৰু শ্ৰীশ্ৰীগোৱিন্দ কলাক্ষেত্ৰৰ এগৰাকী কলা-কুশলী ৰূপে অসম তথা বহিংৰাজ্যতো ভাওনা পৰিৱেশন কৰিছিল।

তেওঁ মঞ্চ নাটকৰ লগতো জড়িত আছিল। অসম নাট্য সন্মিলনৰ সক্ৰিয় সদস্য হোৱাৰ লগতে অভিনৱ আৰু পূৰ্বোদয় সঙ্ঘ, সুৰক্ষা সঞ্চয়ৰ এগৰাকী সদস্য হোৱাৰ উপৰি সমীৰ গোস্বামীয়ে ফুটবল, বেডমিণ্টন, কেৰম আৰু ক্ৰিকেট খেলতো প্ৰতিভাৰ উমান দিছিল। সমীৰ গোস্বামীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Padma Awards 2026: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম

Padma Awards 2026: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম
Padma Awards 2026: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম

ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম।(Padma Awards 2026) 

অসমৰ ৩গৰাকী শিল্পীলৈ ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান।

ভাস্কৰ্য শিল্পী তথা কলা-নিৰ্দেশক অসমৰ নুৰুদ্দিন আহমেদক পদ্মশ্ৰী সন্মান।

ভাস্কৰ্য শিল্পৰে প্ৰসিদ্ধ লাভ কৰা নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান।

পঞ্চাশ বছৰীয়া সুদীৰ্ঘ শিল্প-ভাস্কৰ্য সাধনাৰ স্বীকৃতি লাভ কৰি আনন্দিত নুৰুদ্দিন আহমেদ।

কাৰ্বি আংলঙৰ প্ৰসিদ্ধ লোকশিল্পী পখিলা লেকথেপীলৈ পদ্মশ্ৰী সন্মান।

অসমৰ কৃষি আৰু ৰেচম উদ্যোগলৈ অনবদ্য অৱদান আগবঢ়োৱা ড০ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান।

বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা দেশৰ ৪৫ গৰাকীলৈ পদ্মশ্রী সম্মান।