Home Blog Page 98

Ajit Pawar: আজি শেষকৃত্য সম্পন্ন হ’ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ

আজি শেষকৃত্য সম্পন্ন হ'ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ
আজি শেষকৃত্য সম্পন্ন হ'ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ

আজি শেষকৃত্য সম্পন্ন হ’ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ।(Ajit Pawar)

বাৰামতীৰ বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত শেষকৃত্য সম্পন্ন হ’ব অজিত পাৱাৰৰ।

উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত।

বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়।

বাৰামতীত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমানখন।

দুৰ্ঘটনাত মৃত্যু NCP নেতা অজিত পাৱাৰ।

বিমানখনত আছিল অজিত পাৱাৰকে ধৰি মুঠ ৬ গৰাকী লোক।

অজিত পাৱাৰসহ ৬ জন লোক নিহত হয় এই বিমান দুৰ্ঘটনাত।

নিৰ্বাচনী প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাৰামতীলৈ গৈছিল অজিত পাৱাৰ।

মহাৰাষ্ট্ৰৰ পৰা বাৰামতীত গৈ থকা অৱস্থাত বাৰামতীত অৱতৰণৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ বিমান দুৰ্ঘটনা।

নগাঁৱৰ দুটাকৈ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আৱেদন দাখিল প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱাৰ

নগাঁৱৰ দুটাকৈ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আৱেদন দাখিল প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱাৰ
নগাঁৱৰ দুটাকৈ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আৱেদন দাখিল প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱাৰ

আগন্তুক ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নগাঁও জিলাৰ নৱগঠিত নগাঁও-বটদ্ৰৱা সমষ্টি আৰু একমাত্ৰ হিন্দু জনজাতিৰে ভৰপুৰ বঢ়মপুৰ সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱাই পুনৰ বাৰ প্ৰাৰ্থীত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে আৱেদন পত্ৰ জমা দিয়ে ৷

তেওঁক সহযোগিতা আগবঢ়াই যুৱ নেতা ড°অসীম কুমাৰ দাসৰ লগতে নগাঁও জিলা কংগ্ৰেছ দলৰ বিষয়ববীয়া,মহিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু যুৱ কংগ্ৰেছৰ সদস্য সকলে ৷

Amit Shah: আজি আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
আজি আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।(Amit Shah)

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

নিশা ৯ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী।

ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।

কাইলৈ পুৱা ডিব্ৰুগড়ত আধাৰশিলা স্থাপন কৰিব অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ।

ধেমাজিত ভাগ ল’ব মিছিং সাংস্কৃতিক মহোৎসৱত।

সন্ধিয়া গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বৈঠক।

ভোটাৰ তালিকাৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তনৰ সিদ্ধান্তক আদৰণি জাতীয় সংগ্ৰামী সেনা অসমৰ

আমি অসমখনক বাংলাদেশ, পাকিস্তান হ'বলৈ দিব নোৱাৰোঁ: চিতু বৰুৱা
আমি অসমখনক বাংলাদেশ, পাকিস্তান হ'বলৈ দিব নোৱাৰোঁ: চিতু বৰুৱা

অসমৰ ভোটাৰ তালিকাৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা দৃঢ় পদক্ষেপক আদৰণি জনাইছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই। দেওবাৰে শিৱসাগৰ জিলাত আয়োজিত এখন সংবাদ মেলত তেওঁ এই মত প্ৰকাশ কৰে। সংবাদমেলত চিতু বৰুৱাই কয় যে অসমক বাংলাদেশ, পাকিস্তানৰ দৰে হ’বলৈ দিব নোৱাৰোঁ। যদি সময় মতে অসমৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰি আৰু ভোটাৰ তালিকাৰ পৰা মিঞাৰ নাম কৰ্তন কৰা নাযায়, তেন্তে অসমীয়া জাতিটোৰ ভৱিষ্যৎ অন্ধকাৰময় হ’ব। সংবাদ মেলত তেওঁ স্পষ্ট ভাষাত কয় যে জাতীয় সংগ্ৰামী সেনা অসমৰ দাবী হৈছে এখন অবৈধ সন্দেহযুক্ত নাগৰিক মুক্ত আৰু বাংলাদেশী মিঞা মুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা।

এই দাবীক কেন্দ্ৰ কৰি সংগঠনটোৱে পূৰ্বেও ৰাজহুৱা মঞ্চত নিজৰ মত প্ৰকাশ কৰি আহিছে। লগতে, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ভোটাৰ তালিকাৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিক মিঞাৰ নাম কৰ্তন কৰাৰ ক্ষেত্ৰত যি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া ৰাজ্যখনৰ অখণ্ডতা আৰু সামগ্ৰিক সমন্বয় ৰক্ষাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অসমীয়া জাতিৰ সভ্যতা-সংস্কৃতি সংৰক্ষণ, ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষা আৰু বিশেষকৈ অসমীয়া নাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত শলাগ ল’ব লগীয়া বুলি চিতু বৰুৱাই মন্তব্য কৰে। সংবাদ মেলত জাতীয় সংগ্ৰামী সেনা অসমে আগন্তুক দিনতো এই বিষয়ত সচেতনতা বৃদ্ধি আৰু প্ৰশাসনিক ব্যৱস্থাক সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে।

যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে

যোৰহাট জিলাত কি হ'ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে
যোৰহাট জিলাত কি হ'ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে

হিতেন গোস্বামীৰ প্ৰতি মোহভংগ যোৰহাটবাসীৰ

ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ মাজত আৰু মাথো দুটা মাহ বাকী থকা সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাব ধৰিছে ৰাজনৈতিক তৎপৰতা | যোৰহাট জিলাটো দিনক দিনে বৃদ্ধি পাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা সকলৰ কুচকাবাজ | এই কুচকাবাজৰ মাজতে যোৰহাটবাসীয়ে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে জনপ্ৰতিনিধি এজন কেনেকুৱা হ’ব লাগে অথবা বৰ্তমানৰ জনপ্ৰতিনিধিৰ ভুমিকা আৰু দক্ষতা | বৰ্তমানৰ যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যক আলোচনাৰ মুল বিষয় হিচাপে লৈছে ৰাইজে | উক্ত সাক্ষাৎকাৰত পৰোক্ষ ভাৱে বিধায়ক জনে তেওঁৰ কাম কৰিবলৈ থাকি যোৱা বুলি স্বীকাৰ কৰা পৰিলক্ষিত হৈছিল | বিধায়ক গোস্বামীয়ে পূৰ্বে নিৰ্বাচন নেখেলে বুলি মন্তব্য কৰিছিল আৰু নৱ প্ৰজন্মক সুযোগ দিব লাগে বুলি কৈছিল | কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁ স্পষ্ট মন্তব্য কৰিছিল যে সমষ্টিটোৰ বাবে তেওঁৰ বহু কৰিব লগীয়া কাম আছে সেয়ে তেওঁ আগন্তুক নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দীতা আগবঢ়াব | আনহাতে যোৰহাট বিধান সভা সমষ্টিত বিজেপি দলৰ সিদ্ধাংকু অংকুৰ বৰুৱা, কংগ্ৰেছ দলৰ যুৱ নেতা কৃশানু বৰুৱা প্ৰাৰ্থীত্বৰ দাবীদাৰ |

এনে সময়ত এতিয়া যোৰহাট সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰীক এক সংঘাটৰ সৃষ্টি হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি | যদি হিতেন গোস্বামীৰ ৫ বছৰীয়া কাৰ্য্যকাল চোৱা হয় তেন্তে যোৰহাট সমষ্টিৰ ভিতৰত যি সমৃহ উন্নয়ন মুলক কাম হৈছে সকলো বোৰ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে ৰূপায়ন কৰিছে | সেয়েহে বিধায়ক জনে নিজাববীয়াকৈ কোনো উন্নয়ন মুলক আচনি আৰম্ভ কৰিব নোৱাৰিলে | বিধায়ক জনে সততে উন্নয়নৰ কথা কয় যদিও প্ৰকৃততে কিমান আছনি ৰূপায়ন‌ কৰিলে তাক লৈ আলোচনা কৰিছে | ইয়াৰোপৰি সাধাৰণ ৰাইজৰ পৰা এক দূৰত্ব বজাই ৰখা বিধায়ক বুলি সৰ্মজন বিদিত হিতেন্দ্ৰ নাথ গোস্বামীৰ ৫ বছৰীয়া কাৰ্য্যকালৰ হিচাপ লবলৈও সাজু হৈছে ভোটাৰ সকল | আনহাতে নিজৰ দক্ষতা আৰু জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে বিজেপি দলৰ যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা | বৰুৱাই যোৰহাট সমষ্টত ইতিমধ্যে ঘৰ ঘৰে গৈ নিজৰ স্থিতি সৱল কৰিবলৈ কাম কৰি থক পৰিলক্ষিত হৈছে | ইতিমধ্যে ৫ টা কাৰ্য্যকাল যোৰহাট বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বৰ্তমন বিধাষক জনক প্ৰাৰ্থীত্ব প্ৰত্যাৰৰৰ দাবী তুলিছে সাধাৰণ ৰাইজে | সমান্তৰালভাৱে যোৰহাটৰ ৰাজনীতিত দেখা পোৱা গৈছে বিৰোধী দলৰ এজন যুৱ নেতা কৃশানু বৰুৱাক | কেৱল নিৰ্বাচনৰ সময়ত নহয় বিগত ৪ বছৰ ধৰি ৰাইজৰ কাষত থাকি নীৰৱে কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি অহা কৃশানুৰ নামটো উচ্চাৰিত হৈছে যোৰহাটবাসীৰ মুখত | যোৰহাট সমষ্টিত যিহেতু আন ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি ইমান বেছি সুদৃঢ় নহয় সেয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপি দুটা দলৰ মাজতেই হ’ব অস্তিত্ব ৰক্ষাৰ যুজ খন | লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পক্ষত জনাদেশ আছিল যদিও তাৰ পিছতে অনুস্থিত হোৱা পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খাইছিল কংগ্ৰেছ দলে | গতিকে আগন্তুক নিৰ্বাচনত দুয়োটা দলে সকলো দিশ চালিজাৰি চাই প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেয়া নিশ্চিত |

AASU: শিক্ষানুষ্ঠান, ক্ৰীড়া পৰিচালনাৰ দায়িত্ব ৰাজনৈতিক ব্যক্তিক নিদি শিক্ষাবিদ আৰু ক্ৰীড়াবিদক দিব লাগেঃ আছু

শিক্ষানুষ্ঠান, ক্ৰীড়া পৰিচালনাৰ দায়িত্ব ৰাজনৈতিক ব্যক্তিক নিদি শিক্ষাবিদ আৰু ক্ৰীড়াবিদক দিব লাগেঃ আছু
শিক্ষানুষ্ঠান, ক্ৰীড়া পৰিচালনাৰ দায়িত্ব ৰাজনৈতিক ব্যক্তিক নিদি শিক্ষাবিদ আৰু ক্ৰীড়াবিদক দিব লাগেঃ আছু

শিক্ষানুষ্ঠান, (AASU) ক্ৰীড়া পৰিচালনাৰ দায়িত্ব ৰাজনৈতিক ব্যক্তিক নিদি শিক্ষাবিদ আৰু ক্ৰীড়াবিদক দিব লাগে। কৃষক শ্বহীদসকলক ৰাষ্ট্ৰীয় মৰ্যদা দিব লাগে। খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম হিচাপে লৈছে। ক্ৰীড়াকো আমি সংগ্ৰাম হিচাপে লৈছোঁঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।

নলবাৰীত যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুইছেন সোঁৱৰণী আন্ত: জিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ভলীবল প্ৰতিযোগিতা।

সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া নীতিৰ আধাৰত অনুষ্ঠিত হৈ অহা যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুইছেন সোৱৰণী আন্ত: জিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখন এইবেলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যক্ৰমনিকাৰে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে ভলিবল প্ৰতিযোগিতা। ইতিমধ্যে নলবাৰীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য , সভাপতি উৎপল শৰ্মা , সাধাৰণ সম্পাদক সমীৰন ফুকন ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য্য। ৰাতিপুৱা ১১বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ৷ ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য্য , সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷ যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুইছেনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সহধৰ্মিনী নাৰ্জি হুইছেন চৌধুৰী। ভোৰতাল নৃত্য, মহোহো গীত পৰিৱেশনেৰে এক আকৰ্ষণীয় পৰিবেশৰ সূচনা হয় চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত।

Pilot Shambhavi Pathak: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে

ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে

বিমান দুর্ঘটনাত মৃত্যুক সাৱটিলে পাইলট সম্ভৱী পাঠকে।(Pilot Shambhavi Pathak) 

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে।

LEARJET 45ৰ পাইলট আছিল কেপ্টেইন সম্ভৱী পাঠক।

বাৰামতীত বিমান দুর্ঘটনাত পতিত হৈছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ।

বিমানখন অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হোৱাত অজিত পাৱাৰৰ লগতে অন্য ৫জনৰ মৃত্যু।

এই ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাইলত সম্ভৱী পাঠকে।

৯নং বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছৰ প্ৰত্যাশিত প্ৰাৰ্থী যুৱ নেতা শ্বৰীফ আহমেদক ৰাইজৰ পূৰ্ণ সমৰ্থন

৯নং বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছৰ প্ৰত্যাশিত প্ৰাৰ্থী যুৱ নেতা শ্বৰীফ আহমেদক ৰাইজৰ পূৰ্ণ সমৰ্থন
৯নং বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছৰ প্ৰত্যাশিত প্ৰাৰ্থী যুৱ নেতা শ্বৰীফ আহমেদক ৰাইজৰ পূৰ্ণ সমৰ্থন

দলৰ হাই কামাণ্ডে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদৰ এক প্ৰকাৰ জয় নিশ্চিত বুলি দাবী কৰে।
বিৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কোনে লাভ কৰিব যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদ, নে বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে?

এইবাৰ বিধান সভা নিৰ্বাচনত ৰাজ্যত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ’ব বুলি দাবী যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদৰ। নৱ গঠিত বিৰসিং জৰুৱা সমষ্টিত উচ্চ শিক্ষিত যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিছৰাৰ বাবে এইবাৰ বিপদ-ঘন্টা বাজিব নেকি বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ?

এতিয়া আহিছোঁ মূল কাহিনী লৈ দীৰ্ঘদিনৰ পৰাই এইগৰাকী উচ্চ শিক্ষিত যুৱ নেতা শ্বৰীফ উদ্দিন আহমেদে নিজৰ NGOৰ হতুৱাই গৰাখহনীয়া, বান আক্ৰান্ত ৰাইজৰ লগতে বিভিন্ন বিপদ-আপদৰ সময়ত ৰাইজৰ কাষত থিয় হৈ সহায়- সহযোগিতা আগবঢ়োৱাৰ বহুত অৱদান আছে বুলি আজি এক সংবাদমেল যোগে জানিবলৈ দিয়ে।

Ajit Pawar Plane Crash: মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ।(Ajit Pawar Plane Crash) 

VSR এভিয়েশ্যনৰ VT-SSK বিমানখনত বাৰামতীলৈ গৈছিল অজিত পাৱাৰ।

বাৰামতী বিমান বন্দৰত অৱতৰণৰ সময়তে বিমানখন দুৰ্ঘটনাত পতিত।

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ নাম Learjet 45XR।

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা উদ্ধাৰ হৈছে ৩ জনকৈ লোকৰ মৃতদেহ।

বিমানখনত থকা অজিত পাৱাৰসহ ৬ গৰাকীৰেই মৃত্যুৰ খবৰ।

পুৱা ৮:৪৫ বজাত সংঘটিত হৈছিল এই দুর্ঘটনা।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শোকপ্ৰকাশ।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শিৱ সেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ শোকপ্ৰকাশ।

বাৰামতীত হোৱা দুৰ্ঘটনাৰ শোকপ্ৰকাশ সাংসদ এন.কে. প্ৰেমচন্দ্ৰনৰ।

দুৰ্ঘটনাৰ উচিত তদন্তৰ দাবী কৰিলে সাংসদগৰাকীয়ে।

Arijit Singh: নেপথ্য কণ্ঠশিল্পী হিচাপে গান নাগায় অৰিজিৎ সিঙে

নেপথ্য কণ্ঠশিল্পী হিচাপে গান নাগায় অৰিজিৎ সিঙে
নেপথ্য কণ্ঠশিল্পী হিচাপে গান নাগায় অৰিজিৎ সিঙে

PLAYBACK SINGINGৰ পৰা অৱসৰ ঘোষণা জনপ্রিয় কণ্ঠশিল্পী অৰিজিৎ সিঙৰ।(Arijit Singh)

ভাৰতীয় শাস্ত্ৰীয় সংগীতেৰে সংগীতৰ যাত্ৰা অব্যাহত ৰাখিব জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙে।

নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু গান নাগায় অৰিজিৎ সিঙে।

মঙলবাৰে সামাজিক মাধ্যমত এই কথা ঘোষণা অৰিজিৎ সিঙৰ।

সামাজিক মাধ্যমত অৰিজিৎ সিঙৰ পোষ্টক লৈ ভিন্ন প্ৰতিক্ৰিয়া।

অৰিজিৎ সিঙৰ এই সিদ্ধান্তৰ পিছতে দুখ প্ৰকাশ কৰিছে অনুৰাগীয়ে।