Home Blog Page 97

যশস্বী কবি-সমালোচক হৰেকৃষ্ণ ডেকালৈ “দিখৌ সাহিত্য সাধনা বঁটা-২০২৬”

যশস্বী কবি-সমালোচক হৰেকৃষ্ণ ডেকালৈ "দিখৌ সাহিত্য সাধনা বঁটা-২০২৬"
যশস্বী কবি-সমালোচক হৰেকৃষ্ণ ডেকালৈ "দিখৌ সাহিত্য সাধনা বঁটা-২০২৬"

যশস্বী কবি, সমালোচক তথা প্ৰাক্তন অসম আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকালৈ ‘দিখৌ সাহিত্য সাধনা বঁটা ২০২৬’ ঘোষণা কৰা হৈছে। আসাম মিউজ পয়েত্ৰি জৰ্নেল নামৰ বহুভাষিক ত্ৰৈমাসিক কবিতালোচনীখনে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটা আলোচনীখনৰ পৰৱৰ্তী গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এপ্ৰিলৰ বসন্তকালীন সংখ্যাৰ উন্মোচনী অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি আলোচনীখনৰ মুখ্য সম্পাদক গুণ মৰাণ, কাৰ্যবাহী সম্পাদক শ্যামলীমা শইকীয়া, যুটীয়া সম্পাদক কিশোৰ মনজিৎ বৰা আৰু নৱ ৰাজনে প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।

লগতে কাব্যালোচনীখনলৈ কবিতা, কবিতা সম্পৰ্কীয় লেখা assammusepoetryjournal@gmail.com মেইলযোগে পঠাবলৈ আহ্বান কৰা হৈছে। সবিশেষ জানিবৰ বাবে ৯৮৫৪৮৪৮৩৫৯ নতুবা ৯৮৫৪৭৭৬১১৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Me-Dam-Me-Phi: কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে নেকি?

কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে নেকি?
কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে নেকি?

আজি (Me-Dam-Me-Phi) টাই-আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী। মহানগৰীত অনুষ্ঠিত টাই আহোমসকলৰ মূল উৎসৱ ‘মে-ডাম-মে-ফী’ত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মে ডাম-মেফিৰ দিনাই কংগ্ৰেছৰ নতুন বৰ অসমকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া-

‘কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে’

‘স্বৰ্গদেউ চাওলুং চ্যুকাফাই নিৰ্মাণ কৰি গৈছে বৰ অসম’

‘কংগ্ৰেছে নতুন বৰ অসম গঢ়িম কৈ বুলি কি বুজাব বিচাৰিছে?’

‘বৰ অসম চাওলুং চ্যুকাফাই ৬০০ বছৰ আগতেই নিৰ্মাণ কৰিছে ‘

‘গৌৰৱ গগৈয়ে চাওলুং চ্যুকাফাৰ বৰ অসমক আওকাণ কৰি অবৈধ বাংলাদেশীসকলক লৈ নতুন বৰ অসম গঢ়াৰ সপোন দেখিছে’

‘নতুন বৰ অসম আমাক প্ৰয়োজন নাই’।

‘স্বৰ্গদেউ চাওলুং চ্যুকাফাই নিৰ্মাণ কৰি গৈছে বৰ অসম’।

এইদৰে APCCৰ সভাপতি গৌৰৱ গগৈক পুনৰ উভতি ধৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Me-Dam-Me-Phi: আজি টাই-আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী

আজি টাই-আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী
আজি টাই-আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী

আজি টাই-আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী।(Me-Dam-Me-Phi)

আজি মে-ডাম-মে-ফী দেশ-দহৰ মংগলৰ বাবে উপৰিপুৰুষৰ আশীৰ্বাদ বিচাৰি টাই-আহোম জনগোষ্ঠীৰ লোকে উদযাপন কৰে মে-ডাম-মে-ফী।

গুৱাহাটীৰ নটবমাৰ মে-ডাম-মে-ফীৰ কাৰ্যসূচীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে মহানগৰীৰ চ্যুকাফা ক্ষেত্ৰৰ বাবে ২ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ।


Sankor Jyoti Baruah: শংকৰজ্যোতি বৰুৱাক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

শংকৰজ্যোতি বৰুৱাক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
শংকৰজ্যোতি বৰুৱাক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

শংকৰজ্যোতি বৰুৱাক (Sankor Jyoti Baruah) কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

নিজৰ ‘ভাই’ বুলি শংকৰজ্যোতিক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰীয়ে।


‘য়ে মেৰা ভাই হ্য’… এইদৰে শংকৰজ্যোতি বৰুৱাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমতো বিজেপিত যোগদান কৰা শংকৰজ্যোতি বৰুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে ফটো শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাই-

‘আজি ডিব্ৰুগড জিলা অসমৰ দ্বিতীয় ৰাজধানী হিচাপে পৰিগণিত হোৱাৰ সময়ত অমিত শ্বাহ জীৰ সভাত উপস্থিত থাকো।

মোৰ বাবে স্মৰণীয় যে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত সভাতে মোক ওচৰলৈ মাতি ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে চিনাকী কৰাই দিয়ে।

ধন‍্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া।’

আজি ডিব্ৰুগড়ত এইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ন-বিজেপি নেতা শংকৰজ্যোতি বৰুৱাৰ চিনাকি পৰ্ব।

ডিব্ৰুগড়ৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Koliyabor News: কলিয়াবৰত প্ৰয়াত কামিনী মহন্তৰ সোঁৱৰণী বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান

কলিয়াবৰত প্ৰয়াত কামিনী মহন্তৰ সোঁৱৰণী বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান
কলিয়াবৰত প্ৰয়াত কামিনী মহন্তৰ সোঁৱৰণী বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান

কলিয়াবৰত প্ৰয়াত কামিনী(Koliyabor News)মহন্তৰ সোঁৱৰণী বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান। পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থালৈ প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা ২০২৬।

কলিয়াবৰৰ সমাজ জীৱনৰ সংস্কৃতি, উদ্যোগ ক্ষেত্ৰত অৰিহণা আগবঢ়াই সমৃদ্ধ কৰা কামিনী মহন্তৰ সোঁৱৰণত বিগত ১১ বছৰে পৰম্পৰা ৰক্ষা প্ৰদান কৰি আহিছে প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা।

কুঁৱৰীটোল অৱস্থিত কামিনী মহন্ত স্মৃতি উদ্যানত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ১২ সংখ্যক বঁটা প্ৰদান অনুষ্ঠান।

কামিনী মহন্ত স্মৃতি ৰক্ষা সমিতিয়ে বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ৰেৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিঅ সভাতেই সমাজ আৰু সংস্কৃতিক ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়োৱা দুগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত জগন্নাথ মহন্ত আৰু ধৰ্মেশ্বৰ ঠাকুৰীয়াক সম্বৰ্ধনা জনোৱা হয়।

তাৰ পাছতেই ক্ৰীড়া ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাক প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে স্মাৰক, মান পত্ৰৰ লগতে একলাখ টকাৰ মাননি।

Guwahati News: গুৱাহাটীৰ চানমাৰি পথত তীব্ৰ যানজঁট

Guwahati News: গুৱাহাটীৰ চানমাৰি পথত তীব্ৰ যানজঁট
Guwahati News: গুৱাহাটীৰ চানমাৰি পথত তীব্ৰ যানজঁট

চানমাৰি উৰণ সেতুৰে যাবলগীয়াসকলৰ বাবে জৰুৰী খবৰ।(Guwahati News)

স্তব্ধ হৈ পৰিছে মহানগৰীৰ RG বৰুৱা পথৰ চলাচল।

গুৱাহাটীৰ চানমাৰি পথত তীব্ৰ যানজঁট।

চানমাৰি উৰণ সেতুৰ দুয়োটা দিশ বন্ধ কৰি দিয়া পিছৰে পৰা ভয়ংকৰ যানজঁট।

চলি আছে উৰণ সেতুৰ সংযোগীকৰণৰ কাম।

এটাকৈ দিশ বন্ধ কৰা হ’ব বুলি পূর্বে দিয়া হৈছিল জাননী।

হঠাতে বৃহস্পতিবাৰে বিয়লিৰে পৰা বন্ধ কৰি দিয়া হ’ল দুয়ো দিশৰ যাতায়াত।

চানমাৰি উৰণ সেতু নিৰ্মাণৰ বাবেই বন্ধ কৰিছে মূল পথ।

পথ বন্ধ হৈ পৰাত চানমাৰিত সৃ্ষ্টি হৈছে তীব্ৰ যানজঁট।

আগন্তুক কেইবা দিনলৈ বন্ধ থাকিব পথটো।

সংবাদ মাধ্যমক জনালে মহানগৰ জিলা আয়ুক্তই।

কোনকেইটা পথ ব্যৱহাৰ কৰিব লাগিব জনালে ট্ৰেফিক উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই।

বিকল্প পথসমূহ:

জু ৰোড দিশৰ পৰা অহা যানবাহনৰ বাবে:

1. অপূর্ব সিনহা পথ বা ৰাজগড় বোডেবে আগবাঢ়িব লাগিব।

2. ৰাজগড় ৰোডৰ পৰা দক্ষিণ শৰণীয়া পথ > জি এছ ৰোড > ডঃ বি বৰুৱা ৰোড > জি এন বি বোড ব্যৱহাৰ কৰিব পাৰিব।

চানমাৰি দিশৰ পৰা অহা যানবাহনৰ বাবে-

3. এম আৰ ডি বোডেবে বামুনিমৈদাম অভিমুখে আগবাঢ়িব।

4. এম আৰ ডি ৰোডৰ পৰা- হাতীগড় চাৰিআলি (বেলবে কলনী ৰোড) বা নুনমাটি-মঠঘৰীয়া পথ ব্যৱহাৰ কৰিব পাৰিব।

যাত্রী আৰু পণ্যবাহী বাহনৰ বাবে বিকল্প পথ-

5. আদাবাৰী দিশৰ পৰা জি এন বি আৰু এম আৰ ডি ৰোডেৰে অহা চিটি বাছ আৰু ই ভি বাছসমূহ পাথৰকুৱাৰী ৰাউণ্ডলৈ যাব।

6. গনেশগুৰি দিশৰ পৰা অহা বাছসমূহ জু ৰোড তিনিআলি লৈ গৈ এম টি ৰোডৰে মঠঘৰীয়া হৈ আদাবাৰীলৈ আগবাঢ়িব।

7. নুনমাটি দিশৰ পৰা চলা মেট্ৰ’ শ্বেয়াৰ টেক্সী (মেজিক) চানমাৰি আৰক্ষী পইণ্টলৈকে আহি এম আৰ ডি ৰোডত ইউ-টার্ণ লৈ নুনমাটি অভিমুখে উভতি যাব আৰু এই সময়ছোৱাত শাটল সেৱা ৰূপে চলিব।

তদুপৰি, সকলো চিটি বাছক যানজট হ্রাসৰ স্বাৰ্থত কেৱল বাঁওফালৰ পথেৰে শৃংখলাবদ্ধভাবে চলাচল কৰিবলৈ আৰু ওভাৰটেক নকৰিবলৈ কঠোৰভাৱে নির্দেশ দিয়া হৈছে।

এই সিদ্ধান্ত ২৯-০১-২০২৬ তাৰিখে অনুষ্ঠিত বিশেষ RTA সভাত সকলো সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা হয়।

জনসাধাৰণৰ সহায়-সহযোগিতা আন্তৰিকভাবে কামনা কৰা হৈছে।

Zubeen Garg Death Case: আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি…

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি।(Zubeen Garg Death Case)
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি।(Zubeen Garg Death Case)

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি।(Zubeen Garg Death Case)

৩ অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে।

অমৃতপ্রভা মহন্ত, ২ দেহৰক্ষীৰ জামিনৰ ৰায় দিব আদালতে।

দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিনৰ দিব ৰায়।

Border 2: ২০২৬ৰ প্ৰথমখন হিট ছবি ছানী দেউলৰ ‘বৰ্ডাৰ ২’

Border 2: ২০২৬ৰ প্ৰথমখন হিট ছবি ছানী দেউলৰ ‘বৰ্ডাৰ ২’
Border 2: ২০২৬ৰ প্ৰথমখন হিট ছবি ছানী দেউলৰ ‘বৰ্ডাৰ ২’

‘বৰ্ডাৰ ২’ হিট (Border 2) হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ছানী দেওলে। পোষ্টটোত অভিনেতাগৰাকীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত তেওঁ নিজৰ অনুৰাগীসকলক ছবিখনৰ প্ৰতি থকা মৰমৰ বাবে ধন্যবাদ জনাইছে।

“বৰ্ডাৰ ২” ২০২৬ চনৰ প্ৰথমখন অভিলেখ ভংগকাৰী ছবি হিচাপে পৰিগণিত হৈছে। বক্স অফিচত ছবিখনৰ প্ৰদৰ্শনত সকলোৱে স্তম্ভিত হৈ পৰিছে। ছয় দিনৰ ভিতৰতে ঘৰুৱা বক্স অফিচত ২১৩ কোটি ₹ (২.১৩ বিলিয়ন) আৰু বিশ্বজুৰি ২৯০-২৯৫ কোটি (২.৯০ বিলিয়ন) টকা সংগ্ৰহ কৰে। ছবিখনৰ বাজেট আদায় কৰাৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰথমটো পোষ্ট ছানী দেওলৰ।

ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে ছানী দেওলে। ভিডিঅ’টো শ্বেয়াৰ কৰি ছানীয়ে কেপচনত লিখিছে, “মোৰ…আমাৰ বৰ্ডাৰ ২ক ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ…” তেওঁ এটা হাৰ্ট আইকনও শ্বেয়াৰ কৰে।

এই ভিডিঅ’টোত ছানী দেউলে কৈছে, “মোৰ কণ্ঠ কিমান দূৰলৈকে গৈছিল…আপোনালোকৰ হৃদয়লৈ…বৰ্ডাৰ ২ক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ।” অনুৰাগী আৰু চেলিব্ৰিটিসকলে অনবৰতে ছানীৰ এই ভিডিঅ’টোৰ ওপৰত মন্তব্য আগবঢ়াই আহিছে। ববি দেউল, কৰণ দেওল, আৰু মোনা সিঙে হাৰ্ট আইকন শ্বেয়াৰ কৰাৰ বিপৰীতে অনুৰাগীয়ে অভিনেতাজনক ছবিখনৰ সফলতাৰ বাবে অভিনন্দন জনাইছে।

‘বৰ্ডাৰ ২’-এ ৬ দিনত ৮টা ডাঙৰ অভিলেখ ভংগ কৰি ২০২৬ চনৰ প্ৰথমখন অভিলেখ ভংগকাৰী ছবি হিচাপে পৰিগণিত হয়।

২৩ জানুৱাৰীত মুক্তি লাভ কৰে ব্লকবাষ্টাৰ ছবি “বৰ্ডাৰ ২”। মুক্তিৰ পিছৰে পৰা ছবিখনে বক্স অফিচত চৰ্চা লাভ কৰিছে। এইবাৰৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ হিচাপে পৰিগণিত হৈছে আৰু এইবাৰৰ প্ৰথমখন ব্লকবাষ্টাৰ হোৱাৰ দৌৰতো আছে। “বৰ্ডাৰ ২” পৰিচালনা কৰিছে অনুৰাগ সিঙে।

দৰং-ওদালগুৰিৰ ব্ৰাহ্মণ সভাৰ ১২৫ বছৰীয়া বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞানুষ্ঠান

বেদবাক্য মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হ'ব শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞস্থলী
বেদবাক্য মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হ'ব শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞস্থলী

আজিৰে পৰা আৰম্ভ হ’বলগীয়া দৰং -ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ ১২৫ বছৰীয়া বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞানুষ্ঠানৰ ব্যাপক প্ৰস্তুতি।

হাজাৰ হাজাৰ অতিথিক আদৰিবলৈ সাজু উদযাপন সমিতি।

বেদবাক্য মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হ’ব শ্ৰী শ্ৰীব্ৰহ্ম যজ্ঞস্থলী।

শ্ৰীশ্ৰীশম্ভুদেব দেৱ গোস্বামী স্মৃতি বঁটা আৰু শ্ৰেষ্ঠ শাখা সভাৰ বঁটা ঘোষণা।

এয়াৰটেলে বিশ্বজুৰি প্ৰথমখন প্ৰতিষ্ঠান হিচাপে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্ৰদান কৰে

এয়াৰটেলে বিশ্বজুৰি প্ৰথমখন প্ৰতিষ্ঠান হিচাপে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্ৰদান কৰে
এয়াৰটেলে বিশ্বজুৰি প্ৰথমখন প্ৰতিষ্ঠান হিচাপে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্ৰদান কৰে

ভাৰতী এয়াৰটেল , ভাৰতৰ অন্যতম বৃহৎ দূৰসংযোগ সেৱা প্ৰদানকাৰী, এডবি এক্সপ্ৰেছ যিটো হৈছে দ্ৰুত আৰু সহজ আৰু যিকোনো বস্তু সৃষ্টি কৰিব পৰা এপ, সমগ্ৰ ভাৰতত তেওঁলোকৰ ৩৬ কোটি গ্ৰাহকৰ হাতত প্ৰদান কৰিছে।

এই অংশীদাৰিত্বই এয়াৰটেলৰ সকলো গ্ৰাহকক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ প্ৰৱেশ প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে দ্ৰুত আৰু অনায়াসে উচ্চমানৰ সামাজিক সম্পত্তি, বিপণন সামগ্ৰী, চুটি ভিডিঅ’, ইত‍্যাদি সৃষ্টি কৰিব পাৰিব। এডবি এক্সপ্ৰেছ প্ৰিমিয়াম, যাৰ মূল্য প্ৰায় ৪,০০০* টকা, এবছৰৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা এই সুবিধা গ্ৰহণ কৰি এয়াৰটেলৰ গ্ৰাহকে তেওঁলোকৰ সৃজনশীল সক্ষমতা উদ্ভাৱন কৰিব পাৰে আৰু পূৰ্বৰ ডিজাইন অভিজ্ঞতা নাথাকিলেও প্ৰফেছনেল মানৰ কণ্টেন্ট সৃষ্টি কৰিব পাৰে। 

এডবি এক্সপ্ৰেছ প্ৰিমিয়াম চাবস্ক্ৰিপচন মোবাইল, ৱাই-ফাই আৰু ডিটিএইচ গ্ৰাহককে ধৰি সকলো এয়াৰটেলৰ গ্ৰাহকৰ বাবে উপলব্ধ হ’ব। গ্ৰাহকে এয়াৰটেল থেংকচ এপত লগ অন কৰি এই চাবস্ক্ৰিপচনৰ সুবিধা ল’ব পাৰে, কোনো ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন নোহোৱাকৈ।

এই অংশীদাৰিত্ব সন্দৰ্ভত মন্তব্য কৰি সিদ্ধাৰ্থ শৰ্মা, ভাৰতী এয়াৰটেলৰ চিইঅ’ — কানেক্টেড হোমছ আৰু ডাইৰেক্টৰ — মাৰ্কেটিং,  কয় যে, “এই অংশীদাৰিত্ব প্ৰযুক্তিতকৈও অধিক। ইয়াৰ অৰ্থ হৈছে লাখ লাখ ভাৰতীয়ক অত্যাধুনিক AI সঁজুলিৰে সৃষ্টি আৰু উদ্ভাৱনৰ বাবে সবলীকৰণ কৰা। প্ৰথম ৰিজ্যুম ক্ৰাফ্ট কৰা এজন ছাত্ৰৰ পৰা আৰম্ভ কৰি পোষ্টাৰ ডিজাইন কৰা এজন ক্ষুদ্ৰ ব্যৱসায়ৰ মালিক বা অনুসৰণকাৰীৰ বাবে ভিডিঅ’ সম্পাদনা কৰা এজন সৃষ্টিকৰ্তালৈকে আমি প্ৰতিজন এয়াৰটেলৰ গ্ৰাহকক আত্মপ্ৰকাশৰ সঁজুলিৰে শক্তিশালী কৰিব বিচাৰো। এডবি এক্সপ্ৰেছৰ সহায়ত বিশ্বমানৰ সৃষ্টিশীল সঁজুলিসমূহ এতিয়া বিলাসীতা নহয়—প্ৰতিজন ভাৰতীয়ৰ বাবে সেইবোৰ এক বাস্তৱ”৷

এডবিৰ ডিজিটেল মিডিয়াৰ সভাপতি ডেভিদ ৱাধৱানীয়ে কয় , “আমি এয়াৰটেলৰ সৈতে অংশীদাৰিত্ব কৰি সমগ্ৰ ভাৰতৰ লাখ লাখ লোকৰ মাজলৈ এডবি এক্সপ্ৰেছ প্ৰিমিয়াম বিনামূলীয়াকৈ আনিবলৈ পাই উৎফুল্লিত হৈছো, ভাৰতৰ সজীৱ সৃষ্টিকৰ্তা অৰ্থনীতিৰ বৃদ্ধি ত্বৰান্বিত কৰি আৰু মানুহক সহজেই ষ্টেণ্ডআউট কন্টেন্ট প্ৰস্তুত কৰিবলৈ সক্ষম কৰি তুলিছে – সেয়া তেওঁলোকৰ কেৰিয়াৰ বৃদ্ধি কৰাই হওক, ব্যৱসায় বৃদ্ধি কৰাই হওক বা তেওঁলোকৰ আবেগক প্ৰচাৰ কৰাই হওক।”

এডবি এক্সপ্ৰেছ প্ৰিমিয়ামে ব্যৱহাৰকাৰীক এডবিৰ উন্নতমানৰ ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে। ভাৰতীয় উৎসৱ, বিয়া আৰু আৰু স্থানীয় ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় আদিকে ধৰি হাজাৰ হাজাৰ বিশেষ ডিজাইন টেমপ্লেট চাবস্ক্ৰিপচনৰ সৈতে উপলব্ধ। ইয়াৰ AI-চালিত বৈশিষ্ট্যসমূহ যেনে তৎক্ষণাত পটভূমি আঁতৰোৱা, কাষ্টম ইমেজ প্ৰজন্ম, আৰু ৱান-টেপ ভিডিঅ’ সম্পাদনা, প্ৰিমিয়াম এডবি ষ্টক সম্পত্তি, ৩০,০০০ তকৈ অধিক পেছাদাৰী ফন্ট, ১০০জি বি ক্লাউড সংৰক্ষণ, আৰু অটো কেপচন আৰু তৎক্ষণাত আকাৰ সলনি, কোনো ৱাটাৰমাৰ্ক আৰু ডিভাইচসমূহৰ মাজত নিৰৱচ্ছিন্ন ছিংকৰ দৰে উন্নত বৈশিষ্ট্যসমূহো চাবস্ক্ৰিপচনৰ সৈতে উপলব্ধ।

ইংৰাজী, হিন্দী, তামিল, আৰু বাংলা ভাষাত এডবি এক্সপ্ৰেছৰ উপলব্ধতাৰ লগে লগে গ্ৰাহকে সুবিধাজনকভাৱে নিজৰ মাতৃভাষাত বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰিব পাৰিব। এডবি এক্সপ্ৰেছে সকলোৰে বাবে ব্যতিক্ৰমী বিষয়বস্তু উপলব্ধ কৰে, সেয়া উৎসৱৰ গ্ৰিটিং কাৰ্ড, বিয়াৰ নিমন্ত্ৰণী পত্ৰ, স্থানীয় ষ্ট’ৰৰ প্ৰচাৰ, বা হোৱাটছএপ ষ্টেটাছ আপডেটৰ বাবেই হওক।

এয়াৰটেলৰ সৈতে এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বাস্তৱ জগতৰ প্ৰভাৱ

এই অংশীদাৰিত্বৰ সৈতে, সকলো এয়াৰটেলৰ গ্ৰাহকে এতিয়া এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ শক্তিশালী জেনেৰেটিভ AI ক্ষমতাসমূহ দ্ৰুতভাৱে কাম কৰিবলৈ, তেওঁলোকৰ সৃষ্টিৰ মান বৃদ্ধি কৰিবলৈ, আৰু তলত দিয়া ধৰণেৰে ভিৰ কৰা ডিজিটেল স্থানত পৃথকভাৱে উজলাই তুলিব পাৰিব:

সৃষ্টিকৰ্তা আৰু প্ৰভাৱশালী: সৃষ্টিকৰ্তাসকলে নিমিষতে এনে বিষয়বস্তু প্ৰস্তুত কৰিব পাৰে যিয়ে তেওঁলোকৰ অনন্য পৰিচয় প্ৰতিফলিত কৰে—সাজ-পোছাকৰ পৰা আৰম্ভ কৰি ভাষাৰ সূক্ষ্মতালৈকে—অনলাইন প্ৰকাশক পুনৰ গঢ় দিব পাৰে। ব্যৱহাৰ কৰাত সহজ ভিডিঅ’ সম্পাদনা সঁজুলি আৰু AI ইফেক্টসমূহে ভাইৰেল-প্ৰস্তুত বিষয়বস্তু সৃষ্টি কৰাটো অনায়াসে কৰি তোলে, ৰিলৰ পৰা ইউটিউব থাম্বনেইললৈকে।

গ্ৰাহক: এডবি এক্সপ্ৰেছে মানুহক পেছাদাৰী ডিজাইনৰ বৃহৎ লাইব্ৰেৰীৰ জৰিয়তে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সহজে সংযোগ স্থাপন কৰি উৎসৱ উদযাপন, শুভ ৰাতিপুৱা কামনা বা ব্যক্তিগতকৃত আমন্ত্ৰণ প্ৰেৰণৰ সুবিধা প্ৰদান কৰে।

ছাত্ৰ-ছাত্ৰী: ডিজিটেল যোগাযোগৰ দৰে অত্যাৱশ্যকীয় দক্ষতা বিকাশ কৰাৰ লগতে প্ৰকল্প, গতিশীল উপস্থাপন আৰু পৰ্টফলিঅ’ গঢ়ি তোলা।

ক্ষুদ্ৰ ব্যৱসায় আৰু উদ্যোগী: নিজৰ ব্যৱসায় বা ব্ৰেণ্ড গঢ়ি তুলিব বিচৰা যিকোনো ব্যক্তিয়ে ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন, বিপণন পোষ্টাৰ, কিউ আৰ ক’ড, ল’গ’ আৰু বহুতো ডিজাইন কৰিব পাৰে—মিনিটৰ ভিতৰতে—সময় আৰু খৰচ ৰাহি কৰিব পাৰে।

বজাৰকৰ্তা: বিজ্ঞাপনদাতা আৰু বজাৰকৰ্তাসকলে তেওঁলোকৰ প্ৰামাণিক পৰিচয়, পৰম্পৰা আৰু পৰিৱেশ প্ৰতিফলিত কৰা অন-ব্ৰেণ্ড ভিজুৱেল আৰু অভিযান প্ৰস্তুত কৰিব পাৰে—জেনেৰিক টেমপ্লেটৰ দ্বাৰা সৃষ্টি কৰা একেতাৰ সাগৰৰ বাহিৰলৈ গৈ।

*গ্ৰাহকৰ সুবিধা নিৰ্দিষ্ট ভিত্তি বৰ্তমান চাবস্ক্ৰিপচন, ১ বছৰৰ বাবে বৈধ। নিয়ম আৰু চৰ্ত‍্যাৱলী প্ৰযোজ‍্য