Home Blog Page 96

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ ত্ৰয়োবিংশতি সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি নিজম পৰিল তিতাবৰৰ ৰজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰ

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ ত্ৰয়োবিংশতি সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি নিজম পৰিল তিতাবৰৰ ৰজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ ত্ৰয়োবিংশতি সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি নিজম পৰিল তিতাবৰৰ ৰজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰ

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ ত্ৰয়োবিংশতি সংখ্যক বাৰ্ষিক অধিৱেশনভাগীৰ যোৱা শনি আৰু দেওবাৰে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে সফলভাৱে সামৰণি পৰে। তিতাবৰ সমজিলাৰ বৰহোলাৰ ৰজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই অধিৱেশনে সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে।

অধিৱেশনৰ অন্তিম দিনা পুৱা হৰিনামৰ ধ্বনি, গায়ন-বায়ন, ডবা-শঙ্খ আদি গুৰু বাদ্য পৰিৱেশনেৰে পতাকা উত্তোলন অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পিছতে ভাগৱত পাঠ, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, অন্তৰঙ্গ আলাপ আদি কাৰ্যসূচীৰ জৰিয়তে অধিৱেশনভাগীৰ কাৰ্যসূচী আগবাঢ়ে। শোভাযাত্ৰাত অগণন ভকত-বৈঞ্চৱ তথা আই-মাতৃসমস্তে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ আধ্যাত্মিক ভাৱে মুখৰিত কৰি তোলে।

দুপৰীয়াৰ ভাগত সহস্ৰাধিক ভকত-বৈঞ্চৱ, আই-মাতৃ তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অনুগামী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এখন মুকলি সভা। সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ সদস্য তথা বিশিষ্ট শিক্ষাবিদ ডঃ বুদ্ধীন্দ্ৰ নাথ শইকীয়াই। সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখাৰ সভাপতি ডঃ মৃণাল কুমাৰ বৰুৱাই নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শ, দৰ্শন আৰু সাংস্কৃতিক অৱদান সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

সভাৰ শেষ পৰ্যায়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰৱিচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা সঙ্ঘৰ একনিষ্ঠ সেৱক, বৰ্ষীয়ান নাগৰিক তথা ধৰ্মপ্ৰাণ প্ৰদীপ বৰা বাপক ফুলাম গামোচা, চেলেং, প্ৰশস্তি পত্ৰ আৰু নগদ ধনৰাশিসহ প্ৰয়াত পপিন হাজৰিকা সোঁৱৰণী মহাপুৰুষ মাধৱদেৱ বঁটা প্ৰদান কৰা হয়।

দুদিনীয়া অধিৱেশনৰ সফল সামৰণিৰ লগে লগে তিতাবৰৰ ৰজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰ পুনৰ নিজম পৰে যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু একশৰণ নামধৰ্মৰ বাৰ্তাই অংশগ্ৰহণকাৰী ভকত-বৈঞ্চৱ তথা ৰাইজৰ মন-মগজুত গভীৰ প্ৰভাৱ পেলাই থৈ যায়।

হিন্দু মিলন মন্দিৰৰ উদ্যোগত শ্ৰীশ্ৰী মাঘী পুৰ্ণিমা মহোৎসৱৰ সামৰণিবৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উজ্বলিল নগাঁও চহৰ

হিন্দু মিলন মন্দিৰৰ উদ্যোগত শ্ৰীশ্ৰী মাঘী পুৰ্ণিমা মহোৎসৱৰ সামৰণিবৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উজ্বলিল নগাঁও চহৰ
হিন্দু মিলন মন্দিৰৰ উদ্যোগত শ্ৰীশ্ৰী মাঘী পুৰ্ণিমা মহোৎসৱৰ সামৰণিবৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উজ্বলিল নগাঁও চহৰ

ভাৰত সেৱাশ্ৰম সংঘৰ অনুমোদিত নগাঁও হিন্দু মিলন মন্দিৰৰ উদ্যোগত কালি আৰম্ভ হোৱা বাৰ্ষিক উৎসৱ শ্ৰীশ্ৰী মাঘী পুৰ্ণিমা মহোৎসৱৰ আজি সামৰণি পৰে। নগাঁও হিন্দু মিলন মন্দিৰৰ চৌহদত যোৱা কালি সন্ধিয়া অধিবাস অনুষ্ঠানৰ জৰিয়তে মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছিল। অধিবাসৰ পাছতে অনুষ্ঠিত হয় ভজন-কিৰ্তন আৰু পূজাৰতি অনুষ্ঠান, যিয়ে সমগ্ৰ পৰিৱেশ আধ্যাত্মিক ভাবধাৰাৰে ভৰাই তোলে।

মহোৎসৱৰ অন্তিম দিনা আজি পুৱা ১০.৩০ বজাৰ পৰা নগাঁও চহৰত উলিওৱা হয় এক আকৰ্ষণীয় আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত শ্ৰীকৃষ্ণ, হনুমান আৰু ভগৱান শিৱৰ সুন্দৰ প্ৰতিকীৰ লগতে বিহু, তিৱা, বড়ো, বাঙালী, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰে গঢ় লোৱা এই শোভাযাত্ৰাই নগাঁও চহৰৰ পথসমূহত এক মনোমুগ্ধকৰ আৰু দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি কৰে।

শোভাযাত্ৰাটো চাবলৈ চহৰৰ বিভিন্ন স্থানত বৃহৎ সংখ্যক লোকৰ উপস্থিতি লক্ষ্য কৰা যায়। শ্ৰীশ্ৰী মাঘী পুৰ্ণিমা মহোৎসৱৰ জৰিয়তে ধৰ্মীয় ঐক্য, সাংস্কৃতিক সমন্বয় আৰু সামাজিক সৌহাৰ্দ্যৰ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা হয় বুলি আয়োজক সমিতিয়ে উল্লেখ কৰে।

Book Launch: সোণাপুৰৰ জুবিন ক্ষেত্ৰত গ্ৰন্থ উন্মোচন

সোণাপুৰৰ জুবিন ক্ষেত্ৰত গ্ৰন্থ উন্মোচন
সোণাপুৰৰ জুবিন ক্ষেত্ৰত গ্ৰন্থ উন্মোচন

সোণাপুৰস্থিত(Book Launch)জুবিন ক্ষেত্ৰত আজি শিৱ সাধক লেখক পৰশুৰাম কাকতিৰ “মোৰ কোনো জাতি নাই “মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত” শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে চি জে এম কৰ্টৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া অমৃত পাঠকে।

উক্ত অনুষ্ঠানত অৱসৰী শিক্ষক কল্যাশ চন্দ্ৰ ভট্টাচাৰ্য, জুবিন ক্ষেত্ৰলৈ অহা অনুৰাগী ক বিনামূলীয়াকৈ লাৰু পিঠা ছাহ যোগান ধৰি অহা নুনমাটি ৰ সুমন তালুকদাৰ,মালতী মেধি,সীমা বণিয়া,মামো ,লেখকৰ পত্নী পদ্মা কাকতি,লেখকৰ পৰিয়াল বৰ্গ,জয়া চৌধুৰী, কিশোৰ কাকতি,ৰিমি বায়ন,মিনা শৰ্মা, আব্দুল কাদেৰ আলী,লেখিকা, সাংবাদিক পাৰিজাত সন্দিকৈ, বিশিষ্ট সংগঠক, লেখিকা ঊষামণি শইকীয়া,ইত্যাদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

কাকপথাৰ তেজীপথাৰ মজলীয়া বিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্পন্ন

কাকপথাৰ তেজীপথাৰ মজলীয়া বিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্পন্ন
কাকপথাৰ তেজীপথাৰ মজলীয়া বিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্পন্ন

কাকপথাৰ তেজীপথাৰ মজলীয়া বিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্পন্ন ৷ বৃহত্তৰ কাকপথাৰ অঞ্চলৰ অতি ভিতৰুৱা পিছপৰা তেজীপথাৰ গাঁৱৰ এসময়ৰ একমাত্ৰ পুৰণি শিক্ষানুষ্ঠান তেজীপথাৰ মজলীয়া বিদ্যালয় ৷ ১৯৬২ চনতে কেইৰাকীমান সমাজহিতৈষী ব্যক্তিৰ প্ৰচেষ্টাত গাঁওখনৰ লগতে অঞ্চলটোৰ শৈক্ষিক বাতাবৰণ ও নৱপ্ৰজন্ম শৈক্ষিক, মানসিক, বৌদ্ধিক উত্তৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠা কৰিছিল এইখন বিদ্যালয়৷

এই বিদ্যালয় খনে বহুতো ঘাট প্ৰতিঘাটৰ মাজেৰে ৬৪ টা সফল বৰ্ষত ভৰি দিয়ে৷ ইয়াকে লৈ গাঁওবাসী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বৰ্তমানৰ ছাত্ৰছাত্ৰীৰ গাত দেখিবলৈ পোৱা গৈছে এক উৎসৱমূখৰ পৰিৱেশ৷ মৰাণ জনগোষ্ঠীৰ অধ্যুষিত গাঁওখনত ৩০ আৰু ৩১ জানুবাৰী তাৰিখে দুদিনীয়া বিস্তৃত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে হীৰক জয়ন্তী সমাৰোহ ৷ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ৩০ জানুৱাৰী পুৱা স্বৰ্গীয় বুধু মুণ্ডা সোঁৱৰণি আদৰণি তোৰণ উদ্বোধন কৰে ২ নং তেজী গাঁৱৰ সমাজসেৱক ইশ্বাক হৰে ৷ তাৰ পাছতে তেজী বৰআলি ঐতিহাসিক সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰে বুঢ়া ভকত হৰকান্ত হাতীবৰুৱাই ৷

মূল পতাকা উত্তোলন কৰে উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ নেওগে আৰু সহযোগ কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক সুখেশ্বৰ মৰাণে ৷ তাৰ পাছতে “তেজী-বৰালি” অঞ্চলৰ ৬৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা হীৰক জয়ন্তী সমাৰোহ উপলক্ষে ৬৫ খন পতাকা উত্তোলন কৰে ৷ পতাকা উত্তোলনৰ পাছতে অভ্যৰ্থনা সমিতিৰ মূখ্য সম্পাদক অনন্ত দহোতীয়া আৰু বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰদীন হাজৰিকা দেৱে স্মৃতি তৰ্পণ কৰাৰ লগতে বিদ্যালয় খনৰ প্ৰতিষ্ঠাকালীন সময়ৰ স্বনামধন্য ব্যক্তি সকলৰ লগতে অসমীয়াৰ হিয়াৰ আমঠু তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ৷

স্মৃতি তৰ্পণৰ পাছতে গছপুলি ৰোপন কৰে কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনপালক পৰশমণি চুতীয়া মৰাণে ৷ তাৰ পাছতে স্বৰ্গীয় যোগেন নেওগ সোঁৱৰণি মঞ্চ উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ নৱ কুমাৰ মৰাণে ৷ মঞ্চ উদ্বোধনীৰ পাছত প্ৰতিযোগিতা উদ্বোধন কৰে শিশু ভাস্কৰ হেমন্তৰাজ মৰাণে ৷ তাৰ পাছতে ছাত্ৰছাত্ৰী সকলৰ মাজত জ্যোতি সংগীত, জুবিন সংগীত, চিত্ৰাংকন, কুইজৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰথম দিনৰ প্ৰতিযোগিতাৰ পাছত নৱকান্ত বৰুৱা আৰু নৱৰত্ন ফুকনৰ সম্পাদনাত “হীৰক সুৱাস” নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে অঞ্চলটোৰ বিশিষ্ট সমাজসেৱক লালন কুমাৰ মৰাণে ৷ আবেলি সম্বৰ্দ্ধনা অনুষ্ঠান আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰে ৷

লিখক যোগ্য ফুকনৰ সঞ্চালনাত “শিশু শিক্ষাৰ বাবে ঘৰখনেই ঘাই কঠিয়াতলি” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰে ৷ সহযোগী সঞ্চালক হিচাবে উপস্থিত থাকে বিদ্যালয়খনৰ সহ শিক্ষক চুপেল ফুকন ৷ আলোচনা চক্ৰৰ উদ্বোধন কৰে বৰআলি প্ৰাথমিক বিদ্যায়ৰ জ্যেষ্ঠ শিক্ষক উপকূল গোস্বামী ৷ সমল ব্যক্তি ৰূপে উপস্থিত থাকে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজিৎ শইকীয়া, ডুমডুমা মহাবিদ্যালয়ৰ সহঃ অধ্যাপক মাধুৰ্য্য মহন্ত, তেজীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিল দত্ত, বৰআলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰূপ কুমাৰ ফুকন ৷ দ্বিতীয় তথা ৩১ জানুৱাৰী তাৰিখে জুবিন সংগীত প্ৰতিযোগিতাৰ পাছত “সপোনৰ পম খেদি” শীৰ্ষক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক গোটৰ অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত কৰে ৷

অনুষ্ঠান খনি পৰিচালনা কৰে সদৌ মৰান কলা সংস্কৃতি বিকাশ মঞ্চৰ প্ৰাক্তন সাধাৰণ সম্পাদক মন্টু চেতিয়াই ৷ অনুষ্ঠানত প্ৰাক্তন ছাত্ৰছাত্ৰী আৰু শিক্ষক গোটৰ মাজত নৃত্য-গীতৰ সমাহাৰ ঘটে ৷ এই অনুষ্ঠানৰ পাছতে মুকলি সভা ও বঁটা বিতৰণী সভা অনুষ্ঠিত কৰে ৷ মুকলি সভা উদ্বোধন কৰে বিদ্যালয় খনৰ কৃতি শিক্ষক উৎপল চন্দ্ৰ ভূঞাই ৷ মুকলি সভাৰ সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ নেওগে আৰু সহযোগ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক সুখেশ্বৰ মৰাণে ৷ সভাৰ আদৰণি ভাষণ পাঠ কৰে বিদ্যালয় খনৰ সহঃ শিক্ষক মহিন্দ্ৰনাথ বৰুৱাই ৷ সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি নেওগ ৷

মূখ্য অতিথি ৰূপে উপস্থিত থাকে অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা ৮১ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া । বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে সদৌ মৰান ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক জয়কান্ত মৰাণ, কাকপথাৰ প্ৰেছ ক্লাবৰ সাধাৰন সম্পাদক ইন্দ্ৰজিত গগৈৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি ৷ মুকলি সভাৰ সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট খেতিয়ক ধনিৰাম চেতিয়া ৷ মুকলি সভাৰ অন্তত নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে ৷

Budget 2026: ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট দাখিল সদনতঃ কি কি সামগ্ৰীৰ দাম কমিল?

Budget 2026: ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট দাখিল সদনতঃ কি কি সামগ্ৰীৰ দাম কমিল?
Budget 2026: ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট দাখিল সদনতঃ কি কি সামগ্ৰীৰ দাম কমিল?

বাজেটত ভাল খবৰঃ (Budget 2026) দাম কমিল বহু সামগ্ৰীৰ। ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল সদনত। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট।

বাজেটত দাম কমিব বহু সামগ্ৰীৰ- হ্ৰাস পাব কৰ্কট ৰোগৰ ১৭বিধ ঔষধৰ দাম। কাপোৰ, জোতাৰ দাম কমিব। হ্ৰাস পাব কৰ্কট ৰোগৰ মূল্য। কৰ্কট, মধুমেহ ঔষধৰ দাম হ্ৰাস। চামৰা আৰু কাপোৰৰ মূল্য হ্রাস। জোতা, মাইক্ৰ’ ৱেভ অভেন, বৈদ্যুতিক বেটাৰীৰ দাম হ্রাস।

কলিয়াবৰত প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপঃ তৃতীয়বাৰলৈ চেম্পিয়ন অৰুণোদয় সংঘৰ

কলিয়াবৰত প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপঃ তৃতীয়বাৰলৈ চেম্পিয়ন অৰুণোদয় সংঘৰ
কলিয়াবৰত প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপঃ তৃতীয়বাৰলৈ চেম্পিয়ন অৰুণোদয় সংঘৰ

কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ্যোগত, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত ডা: টি. আও ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ অষ্টম সংস্কৰণত ফ্ৰেণ্ডশ্বিপ ক্লাবৰ বিপক্ষে প্ৰথম ইনিংছৰ ৫৯ ৰাণৰ অগ্ৰগতিৰে চেম্পিয়নৰ খিতাপ দখল কৰে। দুদিনীয়াকৈ টেষ্ট মেট্‌চ আৰ্হিত অনুষ্ঠিত ফাইনেলৰ দ্বিতীয় দিনা পুৱা ফ্ৰেণ্ডশ্বিপ ক্লাবে ইনিংছ মুকলি কৰি ১০৩ ৰাণত প্ৰথম ইনিংছ সামৰে।

বাকী থকা উইকেটটো দখল কৰি অৰুণোদয়ৰ বেদান্ত বিজয় শইকীয়াই মুঠ ছটা উইকেট দখল কৰে। অৰুণোদয় সঙ্ঘই দ্বিতীয় ইনিংছ মুকলি কৰি বেদান্ত বিজয় শইকীয়াৰ ৯৩ আৰু সীমান্ত ৰয়ৰ ৬৮ ৰাণৰ সহায়ত ৫টা উইকেট হেৰুৱাই ১৮৪ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। ফ্ৰেণ্ডশ্বিপ ক্লাবে ২৪৩ ৰাণৰ বিশাল লক্ষ্য আগত লৈ দ্বিতীয় ইনিংছত প্ৰথম দিনৰ সামৰণি সময়লৈকে ৯টা উইকেট হেৰুৱাই ১৩৭ ৰাণ সংগ্ৰহ কৰে।

ফ্ৰেণ্ডশ্বিপ ক্লাবৰ শঙ্কুমণি বৰুৱা (৫১)ৰ বাহিৰে কোনো এজন বেটাৰ সফল নহ’ল। অৰুণোদয়ৰ হৈ বেদান্ত বিজয় শইকীয়াই দ্বিতীয় ইনিংছতো ৪টা উইকেট দখল কৰি ফাইনেল মেট্‌চৰ দুয়োটা ইনিংছত মুঠ দহটা উইকেট দখল কৰাৰ লগতে দ্বিতীয় ইনিংছত ৯৩ ৰাণসহ মুঠ ১২১ ৰাণ সংগ্ৰহ কৰে। দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বেদান্তক ফাইনেল মেট্‌চৰ প্লেয়াৰ অৱ ডা মেট্‌চ ঘোষণা কৰা হয়।

অৰুণোদয়ৰ ব’লাৰ আৰিফুল ইছলামক শ্ৰেষ্ঠ ব’লাৰৰ লগতে ম’ষ্ট ভেলুৱেব’ল প্লেয়াৰ অৱ ডা শ্বেম্পিয়নশ্বিপ ঘোষণা কৰা হয়। লগতে অৰুণোদয়ৰ পল্লৱ সেনক শ্ৰেষ্ঠ বেটাৰ আৰু সীমান্ত ৰয়ৰ শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে ঘোষণা কৰা হয়। জিলা পৰ্যায়ৰ এই চেম্পিয়নশ্বিপত তৃতীয়বাৰলৈ খিতাপ দখল কৰা অৰুণোদয় সঙ্ঘই ডেৰ লাখ টকা লাভ কৰাৰ লগতে মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়। আৰু বিজিত দল ফ্ৰেণ্ডশ্বিপ ক্লাবে একলাখ টকাৰ লাভ কৰিব।


খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ পৰ্যৱেক্ষক নাচিৰ গুলখান, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি, কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতিকে ধৰি বহুকেইজন ক্ৰীড়া সংগঠক উপস্থিত থাকে।

Himanta Biswa Sarma: আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনঃ ওপজা দিনৰ শুভেচ্ছা অগণন অনুৰাগীৰ

Himanta Biswa Sarma: আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনঃ ওপজা দিনৰ শুভেচ্ছা অগণন অনুৰাগীৰ
Himanta Biswa Sarma: আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনঃ ওপজা দিনৰ শুভেচ্ছা অগণন অনুৰাগীৰ

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন।(Himanta Biswa Sarma)

৫৭ বছৰত ভৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীক ওপজা দিনৰ শুভেচ্ছা অগণন অনুৰাগীৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

মাজনিশাই হাজাৰ হাজাৰ অনুৰাগীয়ে মুখ্যমন্ত্ৰীগৰাকীক জনালে জন্মদিনৰ শুভেচ্ছা।

নিশাৰে পৰা পুৱতি নিশালৈকে অজস্ৰ অনুৰাগীৰ ভিৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত।

অনুৰাগীয়ে মুখ্যমন্ত্ৰীগৰাকীক দিছে দামী দামী উপহাৰ।

কোনোৱে মুখ্যমন্ত্ৰীক উপহাৰ দিছে ১৩ হাজাৰ টকীয়া কলম।

মুখ্যমন্ত্ৰীয়ে লাচিতৰ দৰে অসমীয়াৰ কাষত থিয় দিছে সেয়ে মুখ্যমন্ত্ৰীলৈ লাচিতৰ মূৰ্তিও উপহাৰ অনুৰাগীৰ।

জন্মদিনৰ দিনা পুৱাই কামাখ্যা ধামত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Mahashivratri: সোনকালে বিবাহপাশত আৱদ্ধ হ’বলৈ মহাশিৱৰাত্ৰিত এই প্ৰতিকাৰবোৰ কৰক; মহাদেৱে আপোনাক দৰা পোৱাৰ ইচ্ছা পূৰণ কৰিব !

মহাদেৱে আপোনাক দৰা পোৱাৰ ইচ্ছা পূৰণ কৰিব
মহাদেৱে আপোনাক দৰা পোৱাৰ ইচ্ছা পূৰণ কৰিব

যদি আপুনি (Mahashivratri) আপোনাৰ প্ৰকৃত প্ৰেম বিচাৰি পাব বিচাৰে তেন্তে মহাশিৱৰাত্ৰিত কিছুমান নিশ্চিত প্ৰতিকাৰ সম্পন্ন কৰিব পাৰি। প্ৰেম বিবাহ বিচৰা দম্পতী বা সোনকালে বিয়া হ’ব বিচৰা দম্পতীয়ে মহাশিৱৰাত্ৰিৰ দিনা কিছু জ্যোতিষৰ প্ৰতিকাৰ আছে।

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি ব্ৰতৰ যথেষ্ট তাৎপৰ্য আছে। প্ৰতি বছৰে ফাগুন মাহত মহা শিৱৰাত্ৰি পালন কৰা হয়, এইবাৰ ১৫ ফেব্ৰুৱাৰীত পৰিছে মহা শিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ পূজাৰ বিশেষ তাৎপৰ্য আছে। ভগৱান শিৱৰ ভক্তসকলে ৰীতি-নীতিৰে পূজা কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি এই মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ হৈছিল। ভোলানাথৰ ভক্তসকলে যথাযথ ৰীতি-নীতিৰে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক পূজা কৰি তপস্যা আৰু উপবাস কৰাৰ প্ৰতিজ্ঞা কৰি এই শুভ অনুষ্ঠানটো উদযাপন কৰে। মহাশিৱৰাত্ৰিত মানুহে প্ৰেম পাবলৈ, বিবাহ হ’বলৈ, বা আপোনাৰ আকাংক্ষিত সংগী বিচাৰি উলিয়াবলৈ সহায় কৰে।

যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে ইয়াক বিবাহলৈ ৰূপান্তৰিত কৰিব বিচাৰে তেন্তে এই মহাশিৱৰাত্ৰিত প্ৰতিকাৰ কৰিব লাগে। মন্দিৰলৈ গৈ ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক একেলগে পূজা কৰক। হাতত ৰঙা সূতা এটা লৈ ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ মূৰ্তিবোৰক সাতবাৰ প্ৰদক্ষিণ কৰি সূতাডাল বান্ধি লওক। পাৰ্বতী দেৱীক প্ৰণাম কৰি আপোনাৰ ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰক।


মহাশিৱৰাত্ৰীৰ দিনা ৰঙা কাপোৰ পিন্ধি মন্দিৰলৈ গৈ দেৱী পাৰ্বতীক ৰঙা বেংগল, ৰঙা গামোচা, ৰঙা কাপোৰ, ৰঙা ফুল আদি আগবঢ়াওক। দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰক যে যেনেকৈ ভগৱান শিৱৰ ৰূপত এগৰাকী মৰমিয়াল আৰু সন্মানীয় জীৱন সংগী পাইছিল, তেওঁৰ দৰে স্বামী লাভ কৰিব পাৰে। পূজা সম্পূৰ্ণ হোৱাৰ পিছত যিকোনো ভুলৰ বাবে ক্ষমা বিচাৰিব। অতি সোনকালে বিবাহ সম্ভৱ হ’ব।

Dhing news: ধিং বিধান সভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিৰঃ কংগ্ৰেছত ২৭ জনৰ আবেদন, বিজেপি-এজিপিতো তীব্ৰ প্ৰতিযোগিতা

ধিং বিধান সভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিৰঃ কংগ্ৰেছত ২৭ জনৰ আবেদন, বিজেপি-এজিপিতো তীব্ৰ প্ৰতিযোগিতা
ধিং বিধান সভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিৰঃ কংগ্ৰেছত ২৭ জনৰ আবেদন, বিজেপি-এজিপিতো তীব্ৰ প্ৰতিযোগিতা

আগন্তুক (Dhing news) অসম বিধান সভা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে, সিমানেই নগাঁও জিলাৰ নৱগঠিত ৫৫ নং ধিং বিধান সভা সমষ্টিত প্ৰাক নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। ২০০৬ চনৰ পৰা সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফ ৰ দখলত থকা এই সংখ্যালঘু অধ্যুষিত সমষ্টিটোত বিভিন্ন ৰাজনৈতিক দলৰ মাজত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখা গৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলত পুৰুষ-মহিলা মিলাই ২৭ গৰাকীৰ আবেদন জমা হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ৰাইজৰ দলতো সাম্ভাব্য প্ৰাৰ্থীৰ নাম চৰ্চাত। সমষ্টিটোৰ মুল জলন্ত সমস্যা যেনে বানপানী, গৰাখহনীয়া আৰু যাতায়তৰ সমাধানক লৈ ভোটাৰসকল সচেতন হৈ উঠিছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ধিং সমষ্টিত প্ৰাৰ্থীত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আবেদন জমা দিয়া প্ৰত্যাশীৰ সংখ্যা ২৭লৈ বৃদ্ধি পাইছে।

ইয়াৰ ভিতৰত বটদ্ৰৱা সমষ্টিৰ বৰ্তমানৰ বিধায়িকা তথা প্ৰাক্তন বিধায়ক প্ৰয়াত কিৰণ বৰাৰ একমাত্ৰ তনয়া শিৱামণি বৰা, লাহৰিঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত আবুল কাচেমৰ সুযোগ্য পুত্ৰ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাতৃ সংগঠন এন এছ ইউ আই ৰ ৰাষ্ট্ৰীয় সম্পাদক তথা দলৰ মুখপাত্ৰ মহচিন খান, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা আনোৱাৰা চুলতানা বেগম, নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ৰাইহান উদ্দিন চৌধুৰী, জিয়াউল ইছলাম সদাগৰ, মনোৱাৰ হুছেইন ফাৰুকী, ছৈয়দুৰ ৰহমান ওৰফে পাপু,লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী, অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক এমদাদুল্লা আহমেদ, অসম প্ৰদেশ কংগ্ৰেছৰ পি আৰ এছৰ সম্পাদক ছোৰহাৱ উদ্দিন, অসম প্ৰদেশ কংগ্ৰেছ প্ৰফেচনেল বিভাগৰ সভাপতি তথা ধিং সমজিলা দাবী উন্নয়ন সমিতিৰ সভাপতি ৰিমজিম বৰা, ড০ হাৰুণ আহমেদ আৰু ডাঃ আফ্ৰোজা আনচাৰী আদি উল্লেখযোগ্য। কংগ্ৰেছে ধিং সমষ্টিত সাংগঠনিক ভেটি শক্তিশালী কৰি ভোটাৰৰ সৈতে যোগাযোগ বঢ়াইছে, য’ত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে পঞ্চায়ত পৰ্যায়ত প্ৰচাৰ চলাইছে। ভাৰতীয় জনতা পাৰ্টিৰ পৰা ধিং সমষ্টিত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, ইদ্ৰিছ আলী, অমৰজ্যোতি গোস্বামী, অমৃত চন্দ্ৰ দেউৰী, মোস্তফা কামাল, চাকিল আহমেদ,খাদিম আলী, গোপাল নাথাকে আদি কৰি ৯ গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নাম কৰ্মীসকলৰ মুখত উচ্চাৰিত হৈছে। অসম গণ পৰিষদৰ পৰা পাৰবিনা চুলতানাৰ নাম সমষ্টিৰ ঠায়ে-ঠায়ে চৰ্চাত আছে। বিজেপি আৰু অগপয়ে সংখ্যাগুৰু ভোটাৰ থকা পঞ্চায়ত সমূহত প্ৰাক নিৰ্বাচনী তৎপৰতা চলাইছে, য’ত উন্নয়নক লৈ প্ৰচাৰ কৰা হৈছে। ৰাইজৰ দলৰ সাংগঠনিক ভেটি ধিং সমষ্টিত শক্তিশালী বুলি দলৰ একাংশ কৰ্মীয়ে জানিব দিছে। য’ত প্ৰায় সমষ্টিটোৰ অধিকাংশ পঞ্চায়তে পঞ্চায়তে দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰৰ নাম সবলভাৱে উচ্চাৰিত হৈছে।

এ আই ইউ ডি এফৰ কৰ্মীসকলৰ মাজত নগাঁও জিলা সমিতিৰ সভাপতি তথা সংখ্যালঘুৰ বিভিন্ন সমস্যাত দীৰ্ঘদিন ধৰি মাত মাতি অহা মতিউৰ ৰহমানৰ নাম চৰ্চাত আছে যদিও সমষ্টিটোৰ ঠায়ে -ঠায়ে অধিবক্তা বদৰুদ্যোজ্জা চৌধুৰী নাম একাংশ কৰ্মীৰ মুখত উচ্চাৰিত হৈছে।নৱগঠিত ধিং বিধান সভা সমষ্টিটো ৪ খন জিলা পৰিষদ, ২৫ খন গাঁও পঞ্চায়ত আৰু এখন নগৰ সমিতিৰে গঠিত। সমষ্টিটোত আনুমানিক ২,২০,৪৭৭ গৰাকী ভোটাৰ আছে, য’ত অধিকাংশ সংখ্যালঘু সম্প্ৰদায়ৰ। ১৯৫৭ চনত গঠিত এই সমষ্টিত অধিকাংশ সময় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়ক আছিল যদিও বানপানী, গৰাখহনীয়া আৰু যাতায়ত আদি মুল সমস্যাৰ আজিলৈকে সমাধান হোৱা নাই। ভোটাৰসকলে এইবোৰক লৈ প্ৰাৰ্থীৰ পৰা নিশ্চয়তা বিচাৰিছে। সামগ্ৰিক পৰিস্থিতিত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু ৰাইজৰ দলে প্ৰাক নিৰ্বাচনী তৎপৰতা চলোৱাৰ বিপৰীতে বিজেপি আৰু অগপৰ কৰ্মীসকল সক্ৰিয় হৈ উঠিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জানুৱাৰী মাহৰ পৰা ৭৫০খন আবেদন লাভ কৰিছে, য’ত ধিং সমষ্টিত সৰ্বাধিক ২৭খন। সমষ্টিটোত প্ৰতিযোগিতা তীব্ৰ হোৱাৰ লগতে মহিলা আৰু যুৱ প্ৰত্যাশীৰ সংখ্যা বৃদ্ধি পাইছে। ধিং সমষ্টিত নিৰ্বাচনী যুঁজ এইবাৰ অধিক আকৰ্ষণীয় হ’ব বুলি সমষ্টিটোৰ ৰাজনৈতিক সচেতন মহলে ধাৰণা কৰিছে।

আনোৱাৰ হুছেইন (কংগ্ৰেছ)

শিৱামণি বৰা ( কংগ্ৰেছ)

হাইদৰ আলী ( কংগ্ৰেছ)

মহচিন খান ( কংগ্ৰেছ)

ৰাইহান চৌধুৰী

মনোৱাৰ হুছেইন ফাৰুকী।

মেহেবুব মুক্তাৰ ( ৰাইজৰ দল)

মতিউৰ ৰহমান ( এ আই ইউ ডি এফ)

গৌতম বৰা ( বিজেপি)

গোপাল নাথ ( বিজেপি)

অমৰজ্যোতি গোস্বামী ( বিজেপি)

Bengaluru-Assam: বাংগালুৰুত ৪ অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড !

Bengaluru-Assam: বাংগালুৰুত ৪ অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড !
Bengaluru-Assam: বাংগালুৰুত ৪ অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড !

বাংগালুৰুত ৪ অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা।(Bengaluru-Assam)

একেটা কোঠাতে উদ্ধাৰ ৪ অসমীয়া যুৱকৰ নিথৰ দেহ।

বাংগালুৰুৰ COCA COLA কোম্পানীত কৰ্মৰত আছিল যুৱককেইজন।

মৃত্য হোৱা যুৱককেইজন হ’ল- ঢকুৱাখানাৰ বৰ্ষামুখৰ নৰেন্দ্ৰ টাইড, জনঞ্জয় টাইড, দেক্টৰ টাইড আৰু শালমাৰাৰ জয়ন্ত।

এই পর্যন্ত জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ।

বাংগালুৰুত মৃত্যু হোৱা অসমৰ যুৱককেইজনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-

‘বাংগালুৰুত অসমৰ ৪ যুৱকৰ ৰহস্যজনক মৃত্যু দুখজনক’।

‘ঘটনাৰ তদন্তৰ লগতে অসম পুলিচক নিৰ্দেশ দিছো বাংগালুৰুৰ পুলিচ কমিচনাৰৰ লগত কথা পাতিবলৈ’।

‘সন্মান সহকাৰে অসমলৈ উভতাই অনা হব অসমৰ ৪ যুৱকৰ মৃতদেহ’।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত এই বিষয়ত আলোচনা কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।