পুনৰ ভূমিকম্পৰ জোকাৰণি অসমত।(Assam Earthquake)
পুৱা ৬ বাজি ৬ মিনিটত ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নলবাৰী জিলা।
ৰিখটাৰ স্কেলত প্রাবল্য আছিল ২.৯।
৫ আৰু ৮ জানুৱাৰীতো ভূমিকম্পই জোকাৰি গৈছিল অসম।
পুনৰ ভূমিকম্পৰ জোকাৰণি অসমত।(Assam Earthquake)
পুৱা ৬ বাজি ৬ মিনিটত ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নলবাৰী জিলা।
ৰিখটাৰ স্কেলত প্রাবল্য আছিল ২.৯।
৫ আৰু ৮ জানুৱাৰীতো ভূমিকম্পই জোকাৰি গৈছিল অসম।
জুবিন গাৰ্গৰ হত্যাৰ(Zubeen Garg Death Case)গোচৰৰ বাবে বিশেষ টীম গঠন। ৫জনীয়া লোক অধিবক্তাক লৈ গঠন কৰা হৈছে টীম। টীমত আছে অধিবক্তা জিয়াউৰ কামাৰ, ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, কিশোৰ দত্ত, বিকাশ জামাৰ, প্ৰাঞ্জল দত্ত। সংবাদমেলযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই কথা।
জুবিন গাৰ্গৰ ন্যায় যুঁজৰ বাবে চৰকাৰে গঠন কৰা অধিবক্তা দলক লৈ গৰিমা গাৰ্গৰ সামজিক মাধ্যমত প্ৰতিক্ৰিয়া। গৰিমাই সামাজিক মাধ্যমত লিখে-
“আজি Public Prosecutor ৰ team টো ঘোষণা কৰা হ’ল ।
সৰ্বশ্ৰী জিয়াউৰ কামাৰ মহোদয়কে প্ৰমুখ্য কৰি ব্ৰজেন্দ্ৰ মোহন চৌধুৰী , কিশোৰ দত্ত , প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ ডাঙৰীয়ালৈ আমাৰ নমস্কাৰ, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ । আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা, বহুবছৰযোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শকতি। এতিয়া কেৱল অসমেই নহয়, সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল, সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰু ৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব । আশা কৰিছো, আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাব । তাৰবাবে আমাৰ পৰিয়ালৰ লগতে সমূহ ৰাইজৰ প্ৰাৰ্থনা, শুভকামনা আৰু জ্যেষ্ঠ সকলৰ আশীৰ্বাদ আছে , সদায় থাকিব ।
দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সদায় আস্থা আছে । সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতি অসম চৰকাৰৰ সম্পূৰ্ণ দ্বায়িত্ব আছে .. লগতে জড়িত হৈ আছে সমগ্ৰ ৰাইজৰ অনুভৱ, আৱেগ আৰু অভিমান । যিহেতু এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ ।আপোনালোকে এই বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ আৰু ফলপ্ৰসূ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ ।
সদায় বিচৰাৰ দৰেই অসমৰ ৰাইজ, চৰকাৰ, ন্যায় ব্যৱস্থা সকলোৰে সহায়, সম্পূৰ্ণ সহযোগিতা, সঠিক আৰু শুদ্ধ দিহা পৰামৰ্শও বিচাৰিছোঁ । আমাৰ সহায় হৈ থাকক সকলো !
ভগৱান আমাৰ সহায় হওক আৰু বিজয় সুনিশ্চিত কৰক”
ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ ৰাইজৰ দলৰ।(Raijor Dol)

বিধানসভা সমষ্টিৰ পৰা ১০ হাজাৰকৈ বিজেপি বিৰোধীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ভয়ংকৰ অভিসন্ধি ব্যক্ত কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।

৪ জানুৱাৰীৰ সন্ধিয়া ভিডিঅ’ কনফাৰেন্সযোগে এই তথ্য ব্যক্ত কৰিছিল বিজেপি সভাপতিগৰাকীয়ে।

সেই ভিডিঅ’টো জব্দ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
আদিবাসী চাহ জনগোষ্ঠীৰ উদীয়মান গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী জীতেন তাঁতিৰ এটি মনমোহা দৃশ্য শ্ৰব্য টুচু গীত ” টুচু মায়েৰ চৰনে ” মুক্তি পালে । গীতটোৰ কথা আৰু সুৰ জীতেন তাঁতিৰ। গীতটোত নিজে কণ্ঠদান কৰাৰ লগতে প্ৰিয়ংকা মুণ্ডা আৰু সংগীতা মুণ্ডাই সহযোগী কণ্ঠ শিল্পী হিচাপে কণ্ঠদান কৰিছে।
সংগীত ব্যবস্থাপনা কৰিছে অনুপম মাঝিয়ে। ইতিমধ্যে গীতৰ চিত্ৰগ্ৰহণো কৰা হৈছে। চিত্ৰগ্ৰহণ কৰিছে কিৰণ ৰয় আৰু পৰিচালনা কৰিছে ৰাধা গোবিন্দ তাঁতিয়ে। সুন্দৰ চিত্ৰগ্ৰহণৰ গীতটো অসমবাসী ৰাইজে আদৰি লব বুলি কণ্ঠশিল্পী জীতেন তাঁতি আশাবাদী। গীতটো Jiten Janu Official ইউটিউব চেনেলত উপলব্ধ হ’ব বুলি কণ্ঠশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে।
পিতৃ মাতৃক সাৱতি উচুপি উঠিছে এজাক ছাত্ৰ-ছাত্ৰী ৷(Kakapather News)
চকুলো নিগৰিছে পিতৃ-মাতৃৰ ৷
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা পিছপৰা হাঁহখাটি অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী অনুষ্ঠান ৷
ছাত্ৰ-ছাত্ৰী সকলক মানসিকভাৱে শক্তিশালী কৰাৰ এক অনন্য প্ৰচেষ্টা ৷
সমাজ ব্যৱস্থাক নতুন প্ৰজন্মই ধৰি ৰাখিবলৈ বিদ্যালয় খনৰ পদক্ষেপ।
জ্যেষ্ঠ জনক সন্মান, গুৰু সেৱা পিতৃ মাতৃ সেৱাৰে বিশেষ অনুষ্ঠান ।
গুৰু সেৱা পিতৃ মাতৃ সেৱা কৰি কৰি উচুপি উঠিল ছাত্ৰছাত্ৰী সকল ।
এসময়ৰ সন্ত্ৰাস জৰ্জৰ এটা ভিতৰুৱা কাকপথাৰ হাঁহখাটি অঞ্চলত গঢ় লৈ উঠা জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ এই ব্যতিক্ৰমী পদক্ষেপ ।
বিদ্যালয় খনত মানসিক উৎকৰ্ষ সাধনৰ অনুষ্ঠানত দেখিবলৈ পোৱা গ’ল এই দৃশ্য ৷
ৰাজপথত বালি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্য।(Road Accident)
তীব্ৰবেগী বালি কঢ়িওৱা ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত চাহ মজদুৰ সংঘৰ সভাপতি ৷
কাকপথাৰ-তালাপ সংযোগী বাইপাছত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
স্কুটিৰে গৈ থকা ললিত কৰ্মকাৰ (২৭) নামৰ ডাঙৰী চাহ বাগিছাৰ চাহ মজদুৰ সংঘৰ সভপতি গৰাকীক AS 23 BC 7185 নম্বৰৰ ট্ৰাক খনে মহতীয়াই নিয়াৰ ফলত থিতাতে নিহত হয় ৷
তালাপ আৰক্ষীয়ে জব্দ কৰিছে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৷
অসমীয়াৰ জনসংখ্যা বৃদ্ধি (Population of Assamese) কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আমাৰ অসমীয়া মানুহৰ পৰিয়ালে সন্তান জন্ম দিব নিবিচাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
অন্য পৰিয়ালে ৮-৯টা সন্তান জন্ম দিয়ে বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চাকৰি পোৱা সকলে এবছৰৰ ভিতৰত বিয়া পাতি বিয়াৰ চিঠি মোলৈ পঠাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
‘যিসকলে বিয়া পাতিছে সোনকালে সন্তান জন্ম দিয়ক’।
‘উজনিৰ ফালে ৰাস্তাত সৰু ল’ৰা-ছোৱালী নেদেখাই হ’লো ‘
‘ধুবুৰী,গোৱালপাৰাৰ ফালে গ’লে এখন ঘৰতে ৭-৮টা সন্তান’
‘অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ’
অহা ২১ জানুৱাৰী (assam natya sanmilan) পৰা ২৫ জানুৱাৰী তাৰিখলৈকে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত হ’ব অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুদক্ষ নেতৃত্বত ১৯৫৯ চনত গঠিত অসম নাট্য সন্মিলনে জন্মলগ্নৰে পৰা নাট্য চৰ্চাক গতিশীল কৰাৰ লগতে নাট্যকলা আৰু নাট্য সাহিত্যৰ বিকাশত নিৰলস ভাবে কাম কৰি আছে। সমসাময়িক ভাবে নটসূৰ্য ফণী শৰ্মাকে ধৰি বিশিষ্ট নাট্যশিল্পীসকল জড়িত হৈ পৰা অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে কলিয়াবৰৰ কুঁৱৰীটোলত। সেই উদ্দেশ্যে আজি কলিয়াবৰৰ ন-পুৰণি নাট্য শিল্পী আৰু নাট্যকৰ্মী সকলক লৈ এখন আলোচনা সভা কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা সভাখনত আগন্তুক নাট্য সন্মিলনৰ কাৰ্যসূচী সন্দৰ্ভত বিশদ আলোচনা কৰা হয়।
আজিৰ এই নাট্য কৰ্মীসকলৰ আলোচনা সভাতে অসম নাট্য সন্মিলনৰ ৬৪ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণি সমিতিৰ সমন্বয়ক মনি মাধৱ মহন্তই অধিবেশনৰ প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত অৱগত কৰে। মূল সমিতিৰ উপৰিও ১৩ খন উপ-সমিতিয়ে অধিবেশনৰ কাম-কাজ পৰিচালনা কৰিছে বুলি মুখ্য সমন্বয়ক মণিমাধৱ মহন্তই সভাত অৱগত কৰে। নাট্যকাৰ প্ৰয়াত প্ৰশান্ত বৰাৰ নাটক সমূহ অধিবেশনত প্ৰকাশ কৰি উলিওৱাৰ পৰিকল্পনা আদৰণি সমিতিয়ে লোৱা হৈছে বুলি সভাত অৱগত কৰে মুখ্য সমন্বয়ক গৰাকীয়ে। কাৰ্যসূচী অনুসৰি ২১ জানুৱাৰী তাৰিখে বিয়লি প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ পিছতে সন্ধিয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।
২২ জানুৱাৰী তাৰিখে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে নৱ-নিৰ্বাচিত সভাপতিক সাংস্কৃতিক অভিবাদন আৰু বিয়লি অসম নাট্য সন্মিলনৰ অন্তৰ্গত শাখা সমূহৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত, একক অভিনয়, মোকাভিনয় আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। মুকলি মঞ্চ উদ্বোধনৰ পিছতে শিশু নাট ‘ভোকাতুৰ পৃথিৱীৰ চকুলো’ পৰিবেশন কৰিব লক্ষিমপুৰ জিলাৰ লালুক শাখাই। সন্ধিয়া আদৰণি সমিতিৰ ‘কেনা’ নাট প্ৰদৰ্শনৰ জৰিয়তে নাটকৰ প্ৰতিযোগিতা শুভাৰম্ভ কৰা হ’ব। অসম নাট্য সন্মিলনৰ অন্তৰ্গত চাৰিটা মণ্ডলত অনুষ্ঠিত হৈ যোৱা নাটক প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদল হিচাপে পুৰস্কৃত হোৱা ৯টাকৈ নাট্যদলে নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও অসম নাট্য সন্মিলন দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিটো দিনতে শিশু নাট মঞ্চস্থ কৰিব শিশু নাট্য দল সমূহে।
২৫ জানুৱাৰী তাৰিখে দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব লগা মুকলি সভাত বঁটা প্ৰদান অনুষ্ঠানৰ লগতে কেন্দ্ৰীয় সম্বৰ্ধনা অনুষ্ঠান, নাট্য সন্মিলনৰ ছমহীয়া পত্ৰিকা ‘ৰংগমঞ্চ’ উন্মোচনৰ লগতে ১৫০ বছৰীয়া নাট্য সংকলন চতুৰ্থ সংস্কৰণ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হ’ব। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাতে নৱ-নিৰ্বাচিত সভাপতি জীতেন শৰ্মাই আগন্তুক দুটা বৰ্ষৰ কাৰ্যকালৰ বাবে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব। আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক, ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আদৰণি ভাষণ প্ৰদান কৰিবলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ মুখ্য উৎসৱ নিয়ন্ত্ৰক সুমন বৈদ্যই আমন্ত্ৰিত অতিথি হিচাপে মুকলি সভাত অংশগ্ৰহণ কৰিব। অসম নাট্য সন্মিলনৰ তৰফৰ পৰা আগবঢ়োৱা বঁটা সমূহ ক্ৰমে জি. এল. আগৰৱালা সোঁৱৰণী বঁটা, নাজিম আহমেদ সোঁৱৰণী নাট্য সংগঠক বঁটা, সত্যপ্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা, মহেন্দ্ৰ বৰঠাকুৰ বঁটা আৰু অসম নাট্য সন্মিলনৰ সৰ্বোচ্চ সন্মান ‘অসম নাট্য সন্মিলন বঁটা।’
ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ তিনি অসম কন্যা।

লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো আৰু গীতিমণি গগৈয়ে দুর্দান্ত প্ৰদৰ্শনেৰে প্ৰৱেশ কৰিলে ছেমি ফাইনেলত।

আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।(ADRE)
২ লাখ নিযুক্তিৰ লক্ষ্য সম্পন্নৰ দিশে ৰাজ্য চৰকাৰ।
বিভিন্ন বিভাগৰ অধীনত চতুৰ্থবৰ্গৰ পদত নিযুক্তি।
গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
আজি প্ৰদান কৰিব ADREৰ ৪ৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ ৪,৩৭৪ৰো অধিক চাকৰি প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি পত্ৰ।