Home Blog Page 1150

ড° কৰবী ডেকা হাজৰিকালৈ ২০২৪ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’। বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৰবী ডেকা হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা।

১৩ জানুৱাৰীত ৰংবং তেৰাঙৰ জন্মদিনত প্ৰদান কৰা হ’ব এই বঁটা। কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব এই বঁটা।

দেওবাৰে ডিফুত এক সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰে চিংথুৰ গোষ্ঠীয়ে। বঁটা প্ৰদান অনুষ্ঠানত ৰংবং তেৰাঙৰ উপৰি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, সাহিত্য অকাডেমি বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰা, কাৰ্বি লামমেত আমেইৰ সভাপতি কামছিং হাঞ্চে আদিৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।

বঁটা প্ৰদান কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰও অনুষ্ঠিত হ’ব। আলোচনা চক্ৰৰ বিষয়- ‘য়েছে দৰজে ঠংচিৰ ৰচনাত সমাজ-বাস্তৱতা’। উল্লেখ্য যে ২০১৭ চনৰ পৰা ‘ৰংবং তেৰাং সমন্বয় বঁটা’ আগবঢ়াই আহিছে বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে।

লাহৰীঘাটত অসম ভিত্তিত প্ৰতিভা সন্ধানী পৰীক্ষা শান্তিপূর্ণ ভাবে সম্পন্ন

অসম চৰকাৰৰ প্ৰতিভা সন্ধানী পৰীক্ষা দেওবাৰে সমগ্র অসমতে অনুষ্ঠিত হয়। তাৰে লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো শান্তি পূর্ণ ভাৱে প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন হয়।

পৰীক্ষা কেন্দ্রৰ সমন্বয়ক তথা অধ্যক্ষ নুৰুল হুছেইনদেৱে দিয়া তথ্য মতে ২৬ নং কোডৰ মৰিগাঁও জিলাৰ ২৬০৬ নং লাহৰীঘাট প্ৰতিভা সন্ধানী পৰীক্ষা কেন্দ্রত ৭ খন বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্রেণীৰ পৰা মুঠ ২৯৭ গৰাকী ছাত্র-ছাত্রীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদন কৰিছিল যদিও পৰীক্ষা হলত ২৭৮ গৰাকী ছাত্র-ছাত্রীয়েহে পৰীক্ষাত অৱতীৰ্ণ হৈছে। ১৯ গৰাকী ছাত্র-ছাত্রীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই।

পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্র-ছাত্রীসকল ক্ৰমে লাহৰীঘাট HSS, কাঠনি, শিয়ালমাৰি, তিনিচুকীয়া, ধূপগুৰি, দেৱাগুৰি আৰু দাতিয়ালবড়ী হাইস্কুলৰ।
-খাইৰুল ইছলাম, লাহৰীঘাট

ঋষভ পন্তৰ দুৰ্ঘটনাৰ সন্দৰ্ভত ন ন তথ্য প্ৰকাশ কৰিছে অক্ষৰ পেটেলে, প্ৰথম ফোন কাৰলৈ আহিছিল…

ঋষভ পন্তৰ গাড়ী দুৰ্ঘটনাঃ ঋষভ পন্তৰ দুৰ্ঘটনা সন্দৰ্ভত বহু নতুন তথ্য প্ৰকাশ অক্ষৰ পেটেলৰ। ২০২৩ চনটো টিম ইণ্ডিয়াৰ খেলুৱৈ ঋষভৰ বাবে দুঃস্বপ্নৰ দৰে আছিল। গাড়ী দুৰ্ঘটনাৰ বাবে তেওঁ এতিয়াও ক্ৰিকেটৰ পৰা আঁতৰি আছে। এই দুৰ্ঘটনা সন্দৰ্ভত কিছু নতুন কথা শ্বেয়াৰ কৰিছে। অক্ষৰে কয় যে বহুতে তেওঁক ফোন কৰিছে আৰু সকলোৱে ঋষভৰ বিষয়ে প্ৰশ্ন কৰি আছে। আচলতে আই পি এলৰ দল দিল্লী কেপিটেলে এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াত অক্ষৰে ঋষভৰ দুৰ্ঘটনাৰ বিষয়ে কৈছে। অক্ষৰে ক’লে, ৰাতিপুৱা ৭ বা ৮ বজাত প্ৰতিমা দিয়ে মাতিলে। প্ৰতিমা দি মোক সুধিলে শেষবাৰৰ বাবে কেতিয়া ঋষভৰ লগত কথা পাতিছিলা? কাইলৈ ​​হ’ব বুলি ক’লোঁ৷ কিন্তু মই ভাবিলোঁ পিছত কৰিম। তেওঁ ক’লে যে যদি আপোনাৰ হাতত তেওঁৰ (ঋষভ পন্ত) মাতৃৰ ফোন নম্বৰ আছে তেন্তে শ্বেয়াৰ কৰক। তেওঁৰ দুৰ্ঘটনা হৈছে। অক্ষৰে ক’লে যে তেওঁ অনুভৱ কৰিছিল তেতিয়া যে ঋষভ পন্ত বাচি নাথাকে।

২০২২ চনৰ ৩০ ডিচেম্বৰত সংঘটিত হৈছিল ঋষভৰ দুৰ্ঘটনা। তেওঁৰ ভৰিত অতি গুৰুতৰ আঘাত পাইছিল। অক্ষৰে ক’লে যে যেতিয়া তেওঁ পন্ত নিৰাপদ বুলি গম পাইছিল তেতিয়া তেওঁ কৈছিল যে তেওঁ এজন যুঁজাৰু, ঠিকেই থাকিব। তেওঁ কয় যে দুৰ্ঘটনাটোৰ পিছত বহু লোকে পন্তৰ সন্দৰ্ভত ফোন কৰিছিল। দীৰ্ঘদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল ঋষভ। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বহু বিষয়া তেওঁক লগ কৰিবলৈ গৈছিল। বি চি চি আইৰ চিকিৎসা দলটোৱে অনবৰতে পন্তৰ যত্ন লৈছিল।


নৱবৰ্ষ উদ্‌যাপনৰ ইতিবৃত্ত আৰু কিছু চিন্তা

মাত্ৰ কেইঘন্টামানৰ পিছতেই নতুন বছৰৰ ন-সূৰুযে আন্ধাৰৰ বক্ষ উজাৰি ভূমুকি মাৰিব, লৈ আহিব অনাবিল সুখ-শান্তি,সমৃদ্ধি, আনন্দৰ বতৰা। প্ৰতিশ্ৰুতিৰ ৰং সানি প্ৰস্ফুটিত হ’ব একোপাহি আশাবাদৰ ফুল,সপোনবোৰে দুপাখি মেলি উৰিব,ৰূপান্তৰৰ সম্ভাৱনাৰে ভৰি পৰিব নৱবৰ্ষৰ প্ৰতিটো মুহূৰ্ত। অসূয়া-অপ্ৰীতি দূৰ কৰি এক নতুন দিনৰ আৰাম্ভনি হ’ব,মচি পেলাব সকলোৰে মনৰ দুখ-বেদনা, কলুষ-কালিমা।

বিশ্বৰ বিভিন্ন দেশত বিভিন্ন পৰম্পৰাৰে নৱবৰ্ষ উদ্‌যাপিত হৈ আহিছে। পৃথিৱীত নৱবৰ্ষ উদ্‌যাপনৰ প্ৰাচীনত্ব চাৰিহাজাৰ বছৰ বুলি ভৱাৰ থল আছে। এক গৰিমামণ্ডিত ইতিহাসৰ ঢাপে ঢাপে আগুৱাই আহি বিশ্বজুৰি বিভিন্ন পৰম্পৰাৰ মাজত গভীৰভাৱে শিপাই পৰিছে নৱবৰ্ষ উদ্‌যাপন। ধৰ্ম আৰু দেশ অনুসৰি সুকীয়া সুকীয়া পৰম্পৰাৰে নৱবৰ্ষ উদ্‌যাপন কৰা হয়। খ্ৰীষ্টপূৰ্ব ২০০০ চনৰ আশেপাশে প্ৰাচীন বেবিলনীয়সকলেই সৰ্বপ্ৰথম নৱবৰ্ষ উদ্‌যাপনৰ পাতনি মেলিছিল। বেবিলনীয়াসকলে বসন্ত কালৰ মাৰ্চ মাহৰ পিছত প্ৰথম অমাৱস্যাৰ শেষত ‘আকিটু’ নামে এটি উৎসৱ উদ্‌যাপন কৰিছিল। এই উপলক্ষে তেওঁলোকে বিশদ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিছিল। ‘আকিটু’ শব্দটো চুমেৰিয়ানসকলে ‘Burley’ৰ বাবে ব্যৱহাৰ কৰা শব্দৰ পৰা উৎপত্তি হৈছে বুলি উল্লেখ পোৱা যায়। বসন্ত কালত মেছ’পটেমিয়াত ‘Burley’ কাটিছিল আৰু ‘আকিটু’ উৎসৱ চলি থকা ১১ দিনৰ প্ৰতিটোতে বেলেগ বেলেগ অনুষ্ঠান অনুষ্ঠিত কৰিছিল।


‘আকিটু’ৰ সময়ত চহৰৰ ৰাজপথত দেৱতাৰ মূৰ্তি লৈ শোভাযাত্ৰা কৰিছিল আৰু এক অশুভ শক্তিৰ ওপৰত তেওঁলোকৰ জয়ৰ প্ৰতীক হিচাপে অনুষ্ঠান প্ৰণয়ন কৰা হৈছিল। এই আচাৰ-ব্যৱহাৰৰ জৰিয়তে বেবিলনীয়াসকলে বিশ্বাস কৰিছিল যে নতুন বছৰ আৰু বসন্তৰ উভতি অহাৰ প্ৰস্তুতিৰ বাবে দেৱতাসকলে পৃথিৱীখনক প্ৰতীকীভাৱে শুদ্ধ আৰু পুনৰ সৃষ্টি কৰে। সভ্যতাৰ বিকাশৰ লগে লগে নৱবৰ্ষ উদ্‌যাপনৰ বিকাশ ঘটিল। প্ৰাচীন মিচৰীয়সকলৰ নৱবৰ্ষ উদ্‌যাপনৰ মৌলিক তাৎপৰ্য নীল নদীৰ বাৰ্ষিক বানপানীৰ লগত ওত:প্ৰোতভাৱে জড়িত, যিয়ে আগন্তুক বছৰৰ বাবে কৃষিভূমি উৰ্বৰ হৈ থকাটো নিশ্চিতভাৱে সহায় কৰিছিল।

মিচৰীয়সকলে ‘Wepet Renpet’ নামেৰে জনাজাত এটি উৎসৱ পালন কৰিছিল, যাৰ অৰ্থ হৈছে ‘বছৰৰ মুকলি’।তেওঁলোকে নৱবৰ্ষক পুনৰ্জন্ম সময় হিচাপে গণ্য কৰিছিল আৰু ভোজ-ভাত আৰু বিশেষ ধৰ্মীয় অনুষ্ঠানেৰে মাজেৰে ইয়াক উদ্‌যাপন কৰিছিল।


প্ৰাক্ -ৰোমান পঞ্জিকাত নৱবৰ্ষৰ আৰম্ভণি মাৰ্চ মাহত অৰ্থাৎ বসন্তৰ আৰম্ভণিত উদ্‌যাপন কৰা হৈছিল। প্ৰকৃতিৰ পুনৰ্জন্মৰ লগত সংগতি ৰাখি ১ মাৰ্চৰ পৰা বছৰটো আৰম্ভ কৰা হৈছিল। সেই সময়ত বছৰটো ১০ মহীয়া আছিল। মূল দহটা মাহৰ নামে কৃষি আৰু ঋতুভিত্তিক তাৎপৰ্য্য বহন কৰিছিল। কৃষিৰ ৰক্ষক মংগল দেৱতাক সন্মান জনাবলৈ প্ৰথম মাহৰ নাম Martius (March), ফুল ফুলাৰ প্ৰতীক হিচাপে Aprilis (April), বৃদ্ধিৰ দেৱী ‘মাইয়া’ক শ্ৰদ্ধাঞ্জলি জনাবলৈ Maius (May), নাৰীৰ ৰক্ষকৰ প্ৰতীক হিচাপে Junius (June), সংখ্যাগত অৱস্থান বুজাবলৈ Quintilis (July) আৰু Sextilis (August) নামাকৰণ কৰা হৈছাল।

সাত, আঠ, ন আৰু দহৰ লেটিন শব্দৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ September, October, November আৰু December নামেৰে নামাকৰণ কৰা হৈছিল। কিন্তু ৰোমৰ দ্বিতীয় ৰজা নুমা পম্পিলিয়াছৰ ৰাজত্বকালত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটা সংযোগ কৰি মুঠ বাৰ মাহৰ বাবে কেলেণ্ডাৰ পুনৰ্গঠন কৰা হয়।ৰোমানসকলে তেওঁলোকৰ ইষ্ট দেৱতা Jenus ৰ প্ৰতি সন্মান জনাই শব্দটোৰ প্ৰথম আখৰ ‘J’ক কেন্দ্ৰ কৰি বছৰৰ প্ৰথম মাহটোক ‘January’ বুলি নামাকৰণ কৰে। সৌৰ কেলেণ্ডাৰৰ সৈতে মিল ৰাখিবলৈ নৱবৰ্ষক ১ জানুৱাৰীলৈ স্থানান্তৰিত কৰিছিল। এই তাৰিখটো আৰম্ভণি আৰু পৰিৱৰ্তনৰ প্ৰতীক দুমুখীয়া দেৱতা জানুছৰ নামত উৎসৰ্গা কৰা হৈছিল।


খ্ৰীষ্টপূৰ্ব ৪৬ ত ৰোমান ৰজা জুলিয়াছ ছিজাৰে জ্যোতিৰ্বিদসকলৰ লগত কৰা আলোচনাৰ মৰ্মে এইটো থাৱৰ কৰিলে যে পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিন কৰিবলৈ ৩৬৫ দিন লাগে। তেওঁ চাৰি বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহটো ২৯ দিনীয়া কৰে। খ্ৰীষ্টপূৰ্ব ৪৪ত জুলিয়াছ ছিজাৰক হত্যা কৰা হয়।তেওঁৰ প্ৰতি সন্মান জনাই বছৰৰ সপ্তম মাহটো ‘Quintilis’ৰ নাম সলাই ‘July’ আৰু একেদৰে ‘Sextilis’ৰ নাম সলাই ‘August’ কৰা হয়। এইদৰেই এখন নতুন কেলেণ্ডাৰ প্ৰস্তুত হৈ উঠে আৰু ইয়াৰ ভিত্তিতেই ৰোমানসকলে জানুৱাৰী মাহৰ প্ৰথম দিনটোত নৱবৰ্ষ পালন কৰিবলৈ ল’লে। জুলিয়ান কেলেণ্ডাৰত সময় গণনাত বহুতো আঁসোৱাহ ৰৈ গৈছিল। ছেইণ্ট বিড নামৰ এজন ধৰ্মগুৰুৱে গণনা কৰি প্ৰমাণ কৰিছিল যে পৃথিৱীয়ে সূৰ্য্যক প্ৰদক্ষিন কৰিবলৈ ৩৬৫ দিন ৬ ঘন্টা নহয়, প্ৰকৃততে ৩৬৫ দিন ৫ ঘন্টা ৪৮ মিনিট ৪৬ ছে: সময়হে লয়।

কিন্তু জুলিয়ান কেলেণ্ডাৰত ১১ মিনিট ১৪ ছে: অধিককৈ ধৰা হৈছিল যাৰ ফলত প্ৰতি ৪০০ বছৰৰ মূৰত তিনিদিন পিছুৱাই গৈছিল। ১৫৮২ চনৰ অে”াবৰ মাহত পোপ ত্ৰয়োদশ গ্ৰেগ’ৰীয়ে এখন কেলেণ্ডাৰ প্ৰৱৰ্তন কৰে যাক গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ বুলি জনা যায়। এই কেলেণ্ডাৰে জুলিয়ান কেলেণ্ডাৰৰ সংশোধন, লিপ ইয়াৰ গণনাৰ ভুলৰ সমাধান কৰিছিল। এইখন কেলেণ্ডাৰৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা বিশেষকৈ বসন্ত বিষুৱৰ সৈতে কেলেণ্ডাৰখন পুনৰ সংযুক্ত কৰিবলৈ চেষ্টা কৰা হৈছিল। গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰে লিপ ইয়াৰ নিয়ম সংশোধন কৰিছিল, প্ৰতি ৪০০ বছৰৰ মূৰে মূৰে তিনিটা লিপ ইয়াৰ বাদ দিছিল। এইদৰে জুলিয়ান কেলেণ্ডাৰৰ কিছু সংশোধনী কৰা হয় যদিও গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰো সম্পূৰ্ণৰূপে আঁসোৱাহমুক্ত নহয়। এতিয়াও প্ৰতি বছৰে ১৪ ছেকেণ্ডৰ ব্যৱধান ৰৈ গৈছে। এই ব্যৱধানৰ ফলত ৫০০০ খৃষ্টাব্দত এদিনৰ ব্যৱধান সৃষ্টি হ’ব। এই কেলেণ্ডাৰৰ মতেও নতুন বছৰ ১ জানুৱাৰীত আৰাম্ভ হৈছিল।

গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰে সমগ্ৰ বিশ্বৰ স্বীকৃতি পাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। এই কেলেণ্ডাৰৰ মতে বছৰৰ শেষৰ দিনটো অৰ্থাৎ ৩১ ডিচেম্বৰ তাৰিখে নতুন বছৰটোক আদৰণি জনাবৰ বাবে নৃত্য গীত,আতচবাজী,খোৱাবোৱা কৰি আনন্দ স্ফুৰ্তি,উলহমালহেৰে নিশা ১২ বজাৰ পিছত নতুন বছৰৰ প্ৰথম দিনটোক আদৰণি জনোৱা হয়। খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰে নৱবৰ্ষ উদ্‌যাপনত যথেষ্ট প্ৰভাৱ পেলাইছিল। মধ্যযুগীয় ইউৰোপত নৱবৰ্ষ উদ্‌যাপনৰ ক্ষেত্ৰত বহু ভিন্নতা দেখা গৈছিল, কিছুমান অঞ্চলত ৰোমান তাৰিখ মানি চলিছিল আৰু আন কিছুমানে খ্ৰীষ্টমাছ উৎসৱৰ দৰে ধৰ্মীয় উৎসৱৰ ওপৰত ভিত্তি কৰি পালন কৰিছিল।বহু সংস্কৃতিত নৱবৰ্ষ উদ্‌যাপনৰ লগত অন্ধবিশ্বাস আৰু আগন্তুক বছৰৰ বাবে ভাগ্য কঢ়িয়াই অনা বুলি বিশ্বাস কৰা ৰীতি-নীতিৰো প্ৰচলন আছিল। আতচবাজী, শব্দ কৰা আৰু উজ্জ্বল ৰঙৰ কাপোৰ পিন্ধা আদি আছিল দুষ্ট আত্মাক আঁতৰাই পেলোৱা আৰু সমৃদ্ধিশালী আৰম্ভণি নিশ্চিত কৰাৰ সাধাৰণ প্ৰথা। নৱবৰ্ষত সংকল্প লোৱাৰ ধাৰণাটো ১৮ শতিকাত জনপ্ৰিয় হৈ উঠে, আগন্তুক বছৰত মানুহে নিজকে উন্নত কৰাৰ বাবে সংকল্প লয়। এই পৰম্পৰা আজিও চলি আছে যদিও সময়ৰ লগে লগে সংকল্পৰ প্ৰকৃতিৰ বিকাশ ঘটে।

কুৰি শতিকাত বিশ্বায়নে নৱবৰ্ষ উদ্‌যাপনৰ ক্ষেত্ৰত অধিক ঐক্যবদ্ধ দৃষ্টিভংগীৰ গঢ় দিয়ে আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ ১ জানুৱাৰী বহু সংস্কৃতিৰ বাবে বাস্তৱিকতে নৱবৰ্ষৰ দিৱস হৈ পৰে। বিশ্বৰ চহৰসমূহত এতিয়া আতচবাজী প্ৰদৰ্শন, গীত-মাত-নৃত্য,আনন্দ-উল্লাস,শুভেচ্ছা জ্ঞাপন,হেঁপাহৰে এসাঁজ মিলিজুলি খোৱা-বোৱা কৰি নতুন বছৰটিক আদৰণি জনোৱা হয়। এতিয়া প্ৰশ্ন হয় আমি নতুন বছৰটোক ইমান উলহমালহেৰে, আড়ম্বৰতাৰে আদৰো কিয়? উত্তৰটো স্পষ্ট,আমাক লাগে বিশ্বশান্তি,বিশ্বভাতৃত্ববোধ,প্ৰেম,ভালপোৱা,সাম্য-মৈত্ৰী,ঐক্য-সম্প্ৰিতী। নতুনৰ প্ৰতীক নৱবৰ্ষই লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু কেলেণ্ডাৰ সলনিৰ দৰেই নিজৰ মনাকাশৰ কলীয়া ডাৱৰ আঁতৰাই বিবেকক পোৰাই তুলিবলৈ এক সুযোগ আনি দিয়ে।কিন্তু সময়ৰ প্ৰবহমানতাত প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে জীৱন ধাৰণৰ মানদণ্ড লগতে মনস্তাত্বিক দিশটোকো ন ন ৰুচিবোধে আচ্ছন্ন কৰি পেলাইছে। সম্প্ৰতি বিশ্বায়নে মুকলি কৰি দিয়া নিত্যনতুন পোহাৰ,সামাজিক মূল্যবোধৰ অৱক্ষয়,ভোগসৰ্বস্ব জীৱন,আদি বিভিন্ন কাৰণত সমাজখনত দ্ৰুত পৰিবৰ্তন হৈছে।মানুহে নিজৰ ক্ষুদ্ৰস্বাৰ্থ,ভোগ-বিলাস,পদমৰ্য্যাদাৰ লোভত মানৱ সমাজক ধ্বংসমুখী কৰি পেলাইছে। ভোগসৰ্বস্বতা,বিশ্বায়নৰ নেতিবাচক প্ৰভাৱৰ মাজতে নৱবৰ্ষক আজি আমি স্বাগতম জনাও।

বিজ্ঞান আৰু প্ৰযুক্তিৰ নাটকীয় বিকাশ,তথ্য ভাণ্ডাৰৰ অভাৱনীয় বিস্তাৰ,যান্ত্ৰিক শিকন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশে নিঃসন্দেহে অসংখ্য ইতিবাচক পৰিৱৰ্তন আনিছে যদিও বিশ্বব্যাপী মানৱীয় মূল্যবোধৰ ওপৰত ইয়াৰ প্ৰভাৱ কিন্তু উদ্বেজনক। মানৱীয় মূল্যবোধ এতিয়া মাথোঁ এটি শ্লোগানলৈ ৰূপান্তৰিত হৈছে।আজিৰ যান্ত্ৰিকতাত পিষ্ট সমাজখনৰ বাবে সহৃদয়তা,প্ৰেম,অহিংসা,পৰস্পৰৰ প্ৰতি সহায়-সহযোগিতা,সততা,ন্যায় আদি যেন আজি মুল্যহীন হৈ পৰিছে। ঔপনিৱেশিকতাবাদ ,ধৰ্মীয় জাতীয়তাবাদ,প্ৰতিশোধ,গৃহকন্দল,সম্পদৰ ওপৰত প্ৰতিযোগিতা,জাতি, ধৰ্ম, আৰ্থ-সামাজিক অসন্তুষ্টিৰ ওপৰত আধাৰিত মতানৈক্য,মানুহৰ লিপ্সা, অতৃপ্ত কামন-বাসনা আৰু অসহিষ্ণুতাই সমগ্ৰ বিশ্বতে এক অশান্তজৰ্জৰ পৰিৱেশৰ সূচনা কৰিছে।এনে এটা মৰ্মস্পৰ্শী উদাহৰণ হ’ল সঘনে সংঘটিত হোৱা যুদ্ধৰ পৰিঘটনা। প্ৰযুক্তিয়ে উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু যোগাযোগ ব্যৱস্থাৰ দ্বাৰা যুদ্ধত বৈপ্লৱিক পৰিৱৰ্তন আনিছে যদিও ইয়াৰ পৰিণতিয়ে কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰায়ে ভূ-ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা ইন্ধন যোগোৱা যুদ্ধই মানৱীয় মূল্যবোধক প্ৰত্যাহ্বান জনাই আহিছে। সংঘাতৰ মূল তত্ত্ব মানেই শান্তি আৰু সহযোগিতাৰ নীতিক বিঘ্নিত কৰা।

দেশসমূহে সাম্য-মৈত্ৰীতকৈ নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে।পৰিৱেশৰ অৱক্ষয় হ’ল আন এটা দিশ য’ত প্ৰযুক্তিগত উন্নতি আৰু সমাজৰ মূল্যবোধৰ মাজত এক বিস্তৰ ব্যৱধান আনিছে। দ্ৰুত-ঔদ্যোগীকৰণ,পদ্ধতি আৰু অৰ্থনৈতিক বৃদ্ধিৰ অদম্য বাসনাই প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ সূচনা কৰিছে। প্ৰযুক্তিগত অগ্ৰগতি আৰু পৰিৱেশৰ বহনক্ষমতাৰ মাজত ভাৰসাম্য বিচাৰি উলিওৱাটো এতায়া কঠিন হৈ পৰিছে। উন্নয়নৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীক পথ প্ৰদৰ্শন কৰা মূল্যবোধসমূহক লৈ প্ৰশ্ন উত্থাপন হৈছে। মূলতঃ প্ৰযুক্তিয়ে নি:সন্দেহে লাভ কঢ়িয়াই আনিলেও মানৱ মূল্যবোধৰ ওপৰত ইয়াৰ বিশ্বব্যাপী প্ৰভাৱৰ বাবে প্ৰযুক্তিগত অগ্ৰগতি আৰু মূল মানৱ নীতিসমূহৰ সংৰক্ষণৰ মাজত এক সুষম সহাৱস্থান নিশ্চিত কৰিবলৈ সযতনে চিন্তা-চৰ্চা আৰু নৈতিক বিবেচনাৰ প্ৰয়োজন আহি পৰিছে। সাম্প্ৰতিক সময়ৰ ক্ষয়িষ্ণু সমাজখনক প্ৰযুক্তিগত উন্নতিৰ গতিশীল পৰিৱেশত এক সুষম সহাৱস্থান নিশ্চিত কৰিবলৈ মানৱীয় মূল্যবোধৰো সমান্তৰালভাৱে বিকাশ হোৱাতো প্ৰয়োজন। কিন্তু প্ৰতিটো নতুন বছৰেই আশাবাদক সাৰ্থক ৰূপ দিয়াত ব্যৰ্থ হয়। মানুহৰ যেতিয়া অন্তৰ্দৃষ্টি প্ৰখৰ হ’ব আৰু সত্য,প্ৰেম-প্ৰীতি,দয়া,সহানুভূতি,উদাৰতা,সহযোগিতা,সৌজন্য,ত্যাগ,কল্যাণকামী চিন্তা,সাধুতা,আত্মবিশ্বাস,সহনশীলতা আদি অন্তৰ্নিহিত মূল্যবোধৰ উৎকৰ্ষ সাধন হ’ব, তেতিয়াহে পৃথিৱীখন সুন্দৰ হ’ব। এনে এক নতুনত্বৰ বাৰ্তা লৈ আহিবনে নতুন বছৰটি?

-ললিত নাথ, শোণিতপুৰ

ব্ৰহ্মপুত্ৰ আৰু দিচৈ নদীৰ পাৰৰ চাপৰিত বহিছে হালধীয়াৰ মেলা, দেৰগাঁৱৰ উত্তৰ দিশৰ নৈপৰীয়া অঞ্চলৰ খেতিয়ক ৰাইজলৈ সৰিয়হ খেতিয়ে আনিছে আশাৰ বতৰা…

এতিয়া শীত।প্ৰতিটো ঋতু কিম্বা মাহৰ দৰেই শীতৰো আছে নিজস্ব সৌন্দৰ্য্য,আকৰ্ষণ।প্ৰকৃতিৰ বৈভৱী বোকোচাত শীতেও খুলি দিয়ে সৌন্দৰ্যৰ ভৰপূৰ টোপোলা।সেই সৌন্দৰ্যৰ নাম হালধীয়া।হয়!এতিয়া শীতৰ দলিচাত চৌদিশে কেৱল হালধীয়াৰ বিস্তাৰ আচ্ছাদন।চকুৰে নমনালৈকে এতিয়া অসমৰ ঠায়ে-ঠায়ে দৃষ্টিনন্দন হালধীয়াৰ চাদৰে আকৰ্ষিত কৰিছে বহুজনক।শীতৰ এইকেইটা দিনতে অসমৰ বিভিন্ন ঠাইত কৰা হয় সৰিয়হৰ খেতি।বিশেষকৈ নৈপৰীয়া চাপৰি অঞ্চলত সৰিয়হৰ খেতিৰ ব্যাপক প্ৰাচুৰ্য দেখিবলৈ পোৱা যায়।সৰিয়হ ফুলৰ মন মুগ্ধকৰ হালধীয়া ৰঙে এতিয়া হাত বাউলী মাতিছে অনেকক।দেৰগাঁৱৰ উত্তৰ দিশৰ দিচৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বিস্তীৰ্ণ এলেকাতো এতিয়া হালধীয়াৰ অপূৰ্ব সমাহাৰ।বিঘাই-বিঘাই কৃষিভূমিত কৰা চহাৰ দুচকুৰ হালধীয়া সপোন যেন সৰিয়হৰ খেতিয়ে এতিয়া চৌদিশে মেলি দিছে সৌন্দৰ্যৰ বিশাল চাদৰ।অপৰূপ লাবণ্যৰে হালধীয়াৰ মেলা বহিছে দিচৈ আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিত।দেৰগাঁৱৰ উত্তৰে অৱস্থিত বানেধোৱা চাপৰি অঞ্চলৰ কৃষিজীৱি ৰাইজলৈ এতিয়া সৰিহয়ৰ খেতিয়ে বোৱাই আনিছে আশাৰ ঢল।

দিচৈ নদীৰ পাৰৰ লেঙেৰা চাপৰি,গঁড়মৰা, দানি চাপৰি, নাচনিপাৰ, টেমেৰা, ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰাই চাপৰি,নতুন চাপৰি,শগুণপৰা,চিকাৰীঘাট,চকিয়াল চাপৰি,চিৰিশটিকা আদি ঠাইত কৰা সৰিয়হৰ খেতিয়ে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনতো অৰিহণা যোগাব পাৰে বুলি আশা কৰিছে স্থানীয় ৰাইজে।চৰকাৰ আৰু সংশ্লিষ্ট মহলে খেতিয়কসকলক উপযুক্ত সাসুবিধা প্ৰদান কৰিলে এই নৈপৰীয়া অঞ্চলবোৰত কৰা সৰিহয়ৰ খেতিয়ে আগন্তুক দিনত কৃষিজীৱী ৰাইজক অৰ্থনৈতিকভাৱে সমৃদ্ধ হোৱাত সহায় কৰাৰ সম্ভাৱনা আছে।

ধোনী-সাক্ষীৰ সৈতে বলীউডৰ অভিনেত্ৰী কৃতি ছানন, নৱবৰ্ষৰ পাৰ্টি হ’ব ডুবাইত…

এম এছ ধোনীঃ নৱবৰ্ষ উদযাপন কৰিবলৈ মহেন্দ্ৰ সিং ধোনী পত্নী সাক্ষীৰ সৈতে ডুবাইত উপস্থিত। ছচিয়েল মিডিয়াত এখন ফটো ভাইৰেল। ভাইৰেল ফটোখনত ধোনীৰ সৈতে কৃতি সানন আৰু নুপুৰ ছাননকো দেখা গৈছে। আজি ২০২৩ চনৰ অন্তিম দিন অৰ্থাৎ ৩১ ডিচেম্বৰ। নতুন বছৰ অৰ্থাৎ ২০২৪ চন কিছু সময় পিছতে আৰম্ভ হ’ব। এনে পৰিস্থিতিত ক্ৰিকেটাৰ আৰু বলীউডৰ তাৰকাসকলেও নতুন বছৰ উদযাপন কৰিবলৈ মন পচন্দৰ ঠাইত উপস্থিত। ইয়াৰে এজন হৈছে পত্নী আৰু পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপন কৰিবলৈ ডুবাইলৈ যোৱা মহেন্দ্ৰ সিং ধোনী।

৩০ ডিচেম্বৰৰ নিশা মহেন্দ্ৰ সিং ধোনীক পত্নী সাক্ষী আৰু ক্ৰিকেটকে ধৰি বহু বলীউডৰ তাৰকাৰ সৈতে ডুবাইত পাৰ্টি কৰা দেখা গৈছিল। ছ’চিয়েল মিডিয়াত ধোনিৰ ভাইৰেল ফটোখনত বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰী কৃতি ছানন আৰু তেওঁৰ ভগ্নী নুপুৰ ছাননেও ধোনী আৰু সাক্ষীৰ সৈতে ছবি ক্লিক কৰা দেখা গৈছে। এই লোকসকলৰ লগতে নুপুৰ ছাননৰ প্ৰেমিক তথা গায়ক ষ্টেবিন বেন আৰু বৰুণ ধাৱানো তাত উপস্থিত আছিল। এই সকলোবোৰৰ উপৰিও ডুবাইত অনুষ্ঠিত নৱবৰ্ষ উদযাপনৰ পাৰ্টিত উপস্থিত আছিল বিগ বছ অ’টিটি ২ৰ খ্যাতি আব্দু ৰ’জিক। এই সকলো লোকে চেন্নাই ছুপাৰ কিংছ আৰু টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কৰ সৈতে ফটো ক্লিক কৰিছিল।

নৱবৰ্ষৰ সংকল্প আৰু দৈনন্দিন বাৰ্তাঃ উইল চিদ্দিকুৰ ৰহমান…

” হাতৰ মুঠিত এমুঠি সোণোৱালী আখৰ !
লিখোঁ যদি তাৰেই
নৱবৰ্ষৰ শুভ ওলগ তোমালে’ ” –

‘দৈনন্দিন বাৰ্তা’ জৰিয়তে সদৌটিলৈ ৰাইজলৈ যাছিলোঁ নৱবৰ্ষৰ ওলগ আৰু আন্তৰিক শুভকামনা।
উদযাপনৰ এই আবেগিক মুহূৰ্ত হওক নতুন বছৰৰ অনাবিল আনন্দ উল্লাসৰ আকৰ। ইতিহাসে সাক্ষী কৰা ইতিবাচক চিন্তা চেতনাৰে ভৰি পৰক সকলোৰে মন আৰু মগজু। উদ্ৰেক হওক নৱ বাসনাৰ সম্বিত সাধনা। শান্তি সম্প্ৰীতি হওক সংকল্পৰ চিৰন্তন উন্মেষ। উদযাপনৰ এই নৱজাগৰণত ‘দৈনন্দিন বাৰ্তা’ হওক প্ৰগতিৰ গতি খেদা ৰাশি ৰাশি জোনাকৰ অবিৰত যাত্ৰা কিম্বা সৃষ্টিশীলতাৰ সাৱলীল কৰ্ত্তা ; পালন কৰক নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশ কিম্বা দিক নিৰ্ণায়কৰ ভূমিকা। হয়,’দৈনন্দিন বাৰ্তা’ কাকতখনে ইয়াৰ জন্মলগ্নৰে পৰা বস্তুনিষ্ঠ,সত্য আৰু নিৰপেক্ষ সাংবাদিকতাৰ সমান্তৰালকৈ ক্ৰীড়া,সাহিত্য, সংস্কৃতিৰ পথাৰত সামাজিক দায়বদ্ধতাৰ যি এক ভূমিকা পালন কৰি অহা আমাৰ দৃষ্টিগোচৰ হৈছে সি নিশ্চয়কৈ অতিশয় প্ৰশংসনীয় আৰু গ্রহণযোগ্য। নৱবৰ্ষৰ এই শুভ মুহূৰ্তত আমি পাঠক সমাজ তথা সুধীবৃন্দয়ো নৱপ্ৰজন্মৰ স’তে হাতে হাত ধৰি সংকল্পবদ্ধ হ’ব লাগিব এক শৃংখল জীৱন যাপনৰ সমান্তৰালকৈ অগ্ৰসৰ হ’ব লাগিব উদযাপনৰ নিৰ্মল কাঠামো গঠনৰ এক পৰিমণ্ডল। এই আপাহতে ‘দৈনন্দিন বাৰ্তা’ৰ নিয়মীয়া শিতান ‘অতিথিৰ কলম’ত সময়ে সময়ে প্ৰকাশ পোৱা এই প্ৰতিবেদকৰ দুই এক লেখাৰ কিয়দাংশৰ উদ্ধৃতিৰে নৱবৰ্ষৰ এই শুভমুহূৰ্তত শুভকামনাৰ সৈতে পুনৰাবৃত্তিৰ লোভ সামৰিব নোৱাৰিলোঁ। জীৱন মূলতঃ এক উদযাপন আৰু অভিজ্ঞতা। যুক্তি তৰ্ক গল্পই দিয়ে জীৱনৰ অৰ্থ। যুক্তিহীন জীৱন,বিতৰ্ক অথবা ইয়াৰ পৰা উদ্বুদ্ধ গল্পই আনে হতাশা।জীৱনৰ অপূৰ্ণতা ; অযথা অলসতা । পূৰ্ণতা প্ৰাপ্তিৰ বাবে লাগিব একাগ্ৰতা,পৰ্যাপ্ত অধ্যয়ন,অন্তৰংগ সময়ৰ সংগসুখ, ভ্ৰমণ আৰু অনুধাৱন। ইয়ে সম্ভৱতঃ জীৱন আহৰণৰ অন্যতম চাবি-কাঠী।
তদুপৰি,সামাজিক ৰীতি-নীতি, সামগ্ৰিক চিন্তা-চেতনা, ধৰ্ম,বিশ্বাস, সংগীত,শিল্পকলা প্ৰভৃতি জীৱন প্ৰণালীয়ে ঠাৱৰ কৰে এটা জাতিৰ অতীত, বৰ্তমানৰ উপৰিও ভৱিষ্যতৰ ৰূপৰেখা।মানৱীয় বৈশিষ্টৰ সামগ্ৰিক উৎকৰ্ষ সাধনৰ লক্ষ্যই হৈছে সংস্কৃতি।ইয়াৰ অন্তৰ্গত বিচাৰ্য বিষয় বস্তুৱেই হৈছে মূলতঃ বিশ্বাস,শিল্প,ঐতিহ্য,জাতিটোৰ নৈতিকতা,আইন,ৰাজনীতি, আচাৰ-ব্যৱহাৰ তথা সম্ভাৱ্য সামৰ্থ্য কিম্বা অভ্যাস প্ৰভৃতি।


ধৰ্ম হৈছে মূলতঃ সভ্যতা আৰু সংস্কৃতিৰ জন্মদাতা। ধৰ্ম বিশ্বাসে মানুহৰ উশৃংখল জীৱনযাত্ৰাক নেওচা দি একোটা নিৰ্দিষ্ট জীৱনশৈলীৰ জৰিয়তে শান্তিপূৰ্ণ সহাৱস্থান আৰু উদযাপনৰ দিশে উত্তৰণ ঘটোৱায়। ধৰ্ম সমাজ গঢ়াৰ নিৰ্ঘাত বাটকটীয়া। ই এক বিশ্বাস আৰু বিশ্বাসৰ ৰহঘৰাত উন্মোচিত হোৱা শান্তি সম্প্ৰীতিৰ নিৰ্মল অনুভূতি। ধৰ্ম হৃদয়ত প্রোথিত ঈশ্বৰ বিশ্বাসৰ বহিৰ্প্ৰকাশ। অন্যহাতে, এই ঈশ্বৰ আকৌ কোনো এটা বিশেষ ধৰ্মাৱলম্বীৰ নিৰ্দিষ্ট প্ৰতিভূ নহয়; বৰং এক বিশ্বাসৰ আবেগিক আধাৰ। ঘৃণা বিবৰ্জিত অধ্যাত্মিকতাবাদৰ অদেখা মন্ত্ৰ। সকলো ধৰ্মৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা আৰু সন্মানৰ নমুনা। প্ৰেম তথা সংস্কাৰৰ আকৰ। এই প্ৰেম কেৱল মানৱ প্ৰেমত সীমাবদ্ধ নহয় ; বৰং বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সমস্ত জীৱজগত আৰু নিৰ্জীৱ সম্পদৰাজিৰ প্ৰতি প্ৰদৰ্শন কৰিব পৰা প্ৰেম আৰু সদ্ভাৱ। মুঠ কথাত : ধৰ্ম হ’ল সৰ্বজন সমাদৃত এক সংস্কাৰ। এই সংস্কাৰেই সুচল কৰে বিশ্ব দৰবাৰৰ দিশে আমাৰ উত্তৰণ। ইয়াৰ বাবে প্ৰয়োজন উদযাপনৰ। জীৱন প্ৰণালীয়ে ঠাৱৰ কৰে এটা জাতিৰ অতীত, বৰ্তমানৰ উপৰিও ভৱিষ্যতৰ ৰূপৰেখা।মানৱীয় বৈশিষ্টৰ সামগ্ৰিক উৎকৰ্ষ সাধনৰ লক্ষ্যই হৈছে সংস্কৃতি।ইয়াৰ অন্তৰ্গত বিচাৰ্য বিষয় বস্তুৱেই হৈছে মূলতঃ বিশ্বাস,শিল্প,ঐতিহ্য,জাতিটোৰ নৈতিকতা,আইন,ৰাজনীতি, আচাৰ-ব্যৱহাৰ তথা সম্ভাৱ্য সামৰ্থ্য কিম্বা অভ্যাস প্ৰভৃতি।যি সমাজ একোখনৰ পৰম্পৰাগত আচাৰ-আচৰণ,ৰীতি-নীতি,বিশ্বাস,সংগীত,নৃত্য,সাহিত্য,আইন,ধৰ্মীয় ৰীতিনীতি,শিক্ষা-দীক্ষা আদিৰ মাধ্যমত সমাজখনৰ যি অভিব্যক্তি কিম্বা ধাৰণা প্ৰকাশ পায় সেয়ে হৈছে সংস্কৃতি আৰু তাক যথাযথ ভাৱে ৰক্ষা কৰিব পৰাটোৱেই হৈছে নৱ প্ৰজন্মৰ অন্যতম কৰণীয় দায়িত্ব। সংস্কৃতিক সচৰাচৰ দুটা ভাগত বিভক্ত।প্ৰথমতে দৈনন্দিন জীৱন যাপনৰ আহিলা কিম্বা ব্যৱস্থাপনা আৰু দ্বিতীয়তে-বাস্তৱিক আৰু বস্তুগত উপকৰণ সমূহ। সংস্কৃতি হৈছে সমাজবদ্ধভাৱে তিষ্ঠি থকাৰ অন্যতম কৌশল আৰু মানৱ জাতিয়েই যিহেতু একমাত্ৰ সংস্কৃতিবান জীৱ,এতেকে এই কৌশল সমূহ ভৌগোলিক,সামাজিক জৈৱিকসহ নানান বৈশিষ্টৰ ওপৰত প্ৰধানতঃ নিৰ্ভৰশীল।


দৈনন্দিন আৰু নিত্য প্ৰয়োজনীয় ভাত-কাপোৰ, ঘৰ-মাটি গাড়ী আদিতেই জীৱনটোক সীমাবদ্ধ ৰাখিলে হয়তো আধৰুৱা হৈ ৰ’ব জীৱন সম্পৰ্কীয় আমাৰ ধাৰণা। চিন্তা-চেতনা। জীৱনৰে সংযুক্ত কৰিব পাৰিব লাগিব উদযাপন। উদযাপনো আকৌ কেৱল আনন্দ উৎসৱ কিম্বা আমোদ-প্ৰমোদেই নহয় ;বৰং জীৱনৰ সঠিক উদযাপনে সামগ্ৰিকভাৱে সমাজলৈ কঢ়িয়াই আনে সৃষ্টি, প্ৰগতি,সত্য প্ৰভৃতি সুন্দৰ সংমিশ্ৰিত সামাজিক বাতাবৰণ। ইয়াৰ দায়িত্বও ন্যস্ত থাকে নৱ প্ৰজন্মৰ হাতত। উদযাপন মূলতঃ সাহিত্য,সংগীত,চাৰুকলা,চিত্ৰকলা,বোলছবি,ক্ৰীড়া ,দৰ্শন,স্থাপত্য,সংস্কৃতি,বিজ্ঞান,প্ৰযুক্তি বিদ্যা প্ৰভৃতি মানৱীয় উৎকৰ্ষ সাধনৰ দিশ (Persuit For Human Excellence ) সমূহেই প্ৰধান হিচাবে বিবেচিত। কিন্তু মনকৰিবলগীয়া কথাটো হ’ল, এই দিশ সমূহৰ প্ৰয়োগ আৰু ইপ্সিত আকাংক্ষাত উপনীত হব পৰাটোহে হব যথাৰ্থতা। দুৰ্বাৰ ইচ্ছাশক্তি, আৰু প্ৰতিভাৰ বলত এক ব্যতিক্ৰমী পৰিবেশ সূচনাৰে মানৱীয় প্ৰমূল্যবোধৰ এই দিশ সমূহৰ উৎকৰ্ষৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকে, আছে আৰু থাকিবও। উপৰ্যুপৰি অনুশীলন,সাধনা আৰু নিয়মানুৱৰ্তীতাৰ কচৰতৰে উৎকৰ্ষ সাধনৰ সৰ্বোচ্চ শিখৰত অৱস্থান সম্ভৱ কৰি তুলিব পাৰে।প্ৰয়োজন হব সমাজৰ সামগ্ৰিক কাৰ্যসূচী আৰু যৌথ প্ৰচেষ্টা।ইয়াৰ দ্বাৰাই গঢ় লৈ উঠিব পাৰে এক সাংস্কৃতিক বাতাবৰণ। আমাৰ পূৰ্বপুৰুষ সকলৰ প্ৰচলিত আৰু পৰম্পৰাগত ৰীতি নীতি আৰু চিন্তা-চেতনাৰ পৰাই আমি আহৰণ কৰোঁ সংস্কৃতি যদিও সময়ৰ গতিশীলতা,সামাজিক বাতাবৰণ,সময় বিৱৰ্তনৰ লগত ৰাজনৈতিক চিন্তাধাৰাৰ সংযোজন আৰু সমসাময়িক কেতবোৰ সংস্কৃতিয়েও প্ৰভাৱিত কৰিব পাৰে আমাৰ সংস্কৃতিক, যি প্ৰগতি আৰু উত্তৰণৰ দিশে ধাৱমান কৰিব পাৰে জাতিটোক। তদুপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি কিম্বা লোক-সাংস্কৃতিক সংমিশ্ৰণেও মহীয়ান কৰিব পাৰে আমাৰ চেতনা,আমাৰ সাংস্কৃতিক ধাৰা।সমাজৰ দায়িত্বশীল সদস্যৰূপে অৰ্জন কৰা বিভিন্ন আচৰণ,যোগ্যতা,জ্ঞান, বিশ্বাস , শিল্পকলা, আইন,প্ৰথা আদিৰ যৌগিক সমন্বয়ত গঢ় লৈ উঠা নীতি নিষ্ঠাই সৰ্বজন স্বীকৃত সংস্কৃতিৰূপে বিবেচিত হৈ আহিছে। ইয়াৰ বাবে প্ৰয়োজন গণতান্ত্ৰিক চেতনাবোধ আৰু স্বাধীনতাৰ।প্ৰয়োজন জীৱন আৰু জীৱিকা সংপৃক্ত প্ৰাৰদৰ্শিতা আৰু আদৰ্শগত সংগ্ৰামৰ।
কথাবোৰ সময়ৰ সতে দায়িত্ব সহকাৰে অনুধাৱন কৰিব পাৰিলে সমাজ যে সুন্দৰ হবই সি ধুৰূপ।
সি যেইকি নহওক,২০২৪ বৰ্ষৰ আৰম্ভণিৰ এই শুভক্ষণত আমাৰ সংকল্প হওক ;
” স্বদেশ স্বাভিমান
মোৰ গান মোৰ প্ৰাণ”।
অন্যত্র,
দুখঃ মোৰ
সুখৰ ৰাতিৰ আদিপাঠ।

নতুন কিতাপঃ ড° প্রদ্যুম্ন গোস্বামীৰ প্ৰবন্ধ সংকলন ‘পষ্ট-মর্টেম্’

ড° বুলজিৎ বুঢ়াগোহাঁই

অসমৰ সমাজ জীৱনৰ এগৰাকী জনপ্রিয় সামাজিক ভাষ্যকাৰ হোবাৰ উপৰি এগৰাকী সু-লেখক, নিবন্ধকাৰ, বিশ্লেষক আৰু সুতীব্র বক্তাৰূপে উজলাই তুলিবলৈ সক্ষম হোৱা নগাঁও জিলাৰ ফুলগুৰিৰ সন্তান ড° প্রদ্যুম্ন গোস্বামীৰ প্রথমখন প্রবন্ধ সংকলখনৰ নাম হ’ল “পষ্ট-মর্টেম্”। লেখকে ‘পাতনি’ত এনেদৰে লিখিছে “…সমালোচনা দুই প্ৰকাৰৰ আছে। এক গঠনমূলক (Constructive) আৰু আন এক হ’ল প্রক্ষেপিত (Projected)। গঠনমূলক সমালোচনাই এটা বিষয়বস্তুক ইতিবাচকভাবে বিশ্লেষণ কৰি তাৰ ভুল-ত্রুটিবোৰ দেখুৱাই দিয়ে। এনেধৰণৰ সমালোচনাত নিজকে সংশোধিত কৰাৰ থল থাকে যদিহে সমালোচিত ব্যক্তিজনে সমালোচনাক ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰে। আনহাতে প্রক্ষেপিত সমালোচনা হৈছে সম্পূর্ণ স্বার্থনিহিত এক সমালোচনা। যি বিষয় বা ব্যক্তিৰ ওপৰতেই সমালোচনা কৰা নহওক কিয়, এনে সমালোচনাৰ আঁৰত সমালোচকৰ এক স্বার্থ জড়িত হৈ থাকে। সেই স্বাৰ্থ কাৰোবাৰ বাবে ন্যস্তও হ’ব পাৰে বা বহল দৃষ্টিত দেশ আৰু জাতিব কল্যাণৰ বাবেও হ’ব পাবে। এনেধৰণৰ বেছিসংখ্যক সমালোচনায়েই সাধাৰণতে আবেগসর্বস্ব আৰু নেতিবাচক হয়। কাৰোবাৰ কিছুমান সিদ্ধান্ত যদি কাৰোবাৰ বাবে ভাবুকিস্বৰূপ হৈ পৰে, তেতিয়া তেনে কথা বা কামৰ বিৰোধিতা কৰি চাৰিওফালে হৈ-চৈব সৃষ্টি কৰি দিয়া হয়; ফলত সমাজখনত অৰাজকতাৰ সৃষ্টি হয়। সমালোচকৰ ন্যস্ত স্বাৰ্থৰ সফল প্রাপ্তিত এনে ধৰণৰ সমালোচনাই অৰিহণা যোগায়। কিন্তু এনে সমালোচনাৰ পন্থাটো যদিও নেতিবাচক বা গ্রহণযোগ্য নহয়, তথাপি কিছুমান ইতিবাচক স্বাৰ্থৰ খাতিৰত এনেধৰণৰ সমালোচনাক যদি সমালোচিত ব্যক্তিয়ে সঁচাকৈয়ে হৃদয়ংগম কৰিব পাৰে, তেতিয়া বহু ক্ষেত্রতেই ই কল্যাণকামী হোৱা দেখা যায়। সেয়ে কেবল লেখক-বুদ্ধিজীবীয়েই নহয়, নবপ্রজন্মক সঠিক বাট দেখুওৱাটো সমাজৰ প্ৰতিজন নাগৰিকৰে কর্তব্য। এই কর্তব্যৰ তাগিদাতেই হওক বা বিজ্ঞানৰ ছাত্র হিচাপে সমস্যাৰ বাস্তবিক দিশটোক কাৰিকৰীভাবে খুঁচৰি চোৱাৰ অভ্যাসৰ বাবেই হওক আজি আপোনালোকৰ বাবে লিখি উলিয়াইছোঁ এই ‘প’ষ্ট-মর্টেম্’ গ্রন্থখন। গ্রন্থখনত অসমৰ কেইটামান মৌলিক সমস্যা আৰু বিষয়ক তথ্যনিষ্ঠভাবে বিশ্লেষণ কৰি ৰাইজৰ বিচাৰৰ বাবে আন্তৰিকতাৰে আগবঢ়াইছোঁ।

বহুকেইখন গবেষণা পত্র আৰু লব্ধপ্রতিষ্ঠ বহু লেখক তথা ইতিহাসবিদৰ প্ৰসিদ্ধ গ্রন্থত উপলব্ধ তথ্যৰ আধাৰত লিখি উলিওবা ‘প’ষ্ট-মর্টেম্’ গ্রন্থখনত আৱেগ বিবর্জিতভাবে জাতীয় সমস্যাসমূহৰ বিশ্লেষণ কৰি শেষত এটা সমাধান সূত্র দিবলৈ প্ৰয়াস কৰা হৈছে।” গ্রন্থখনত চাৰিটা খণ্ড আছে। প্রথম খণ্ডৰ লেখাসমূহ হ’ল – ১৯৫১; ত্ৰিপুৰা নে কাশ্মীৰ? (অসমীয়াৰ সংকট আৰু প্রত্যাহ্বান); বৌদ্ধিক নেৰেটিভ্ ;এন আৰ চিৰ পৰা মিঞা মিউজিয়ামলৈ ;আৱেগৰ কুঁৱলী ফালি এটা ‘পষ্ট-মর্টেম্’ ;তেলৰ আবেগ আৰু ধূসৰিত বাস্তৱ;নগাৰ সংগ্রাম আৰু নগা-অসমীয়া সীমা বিবাদ; জাতীয় সমস্যাক ৰাষ্ট্রীয়কৰণত বৌদ্ধিক আন্দোলনৰ প্রয়োজনীয় প্রত্যাহ্বান আৰু কৰণীয় ; হালধীয়া । দ্বিতীয় খণ্ডৰ লেখাসমূহ হ’ল – গুণত ঘুণ; মেৰিট গুড্ ;বলিৰ পঠা ;অন্ধ মানুহ , উন্মাদ সমাজ ; ভ্রষ্টাচাৰ। তৃতীয় খণ্ডৰ লেখাসমূহ হ’ল – ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী এটা জাতি ;পেট্র’লত ইথান’ল- সেউজ প্রযুক্তিৰ দিশত ভাৰত । চতুৰ্থ খণ্ডৰ লেখাসমূহ হ’ল –মাজুলী- ভিন্ন বিষাদ, ভিন্ন সময় ;শৌচাগাৰ পৰ্যটন ;খড়্গটোৰ সন্ধানত; উচ্ছেদ, উন্নয়ন আৰু গুৱাহাটীৰ ভৱিষ্যৎ ;কেতিয়া বুজিম? গ্রন্থখনত ড°গোস্বামীয়ে কেইবাটাও মৌলিক জাতীয় সমস্যা আৰু বিষয়ক তথ্যনিষ্ঠ আৰু আবেগ বিবর্জিতভাৱে বিশ্লেষণ কৰি তাৰ সময়সাপেক্ষ বিজ্ঞানসন্মত সমাধানৰ বাট নির্ণয়ৰ প্ৰয়াস কৰিছে। গ্রন্থখনৰ প্রথমটো লেখা ‘১৯৫১’ত অসমৰ বহুসংখ্যক লোকেই ভাবে যে বিদেশী চিনাক্তকৰণ আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হ’লে অসমত ভাৰতৰ আন ৰাজ্যৰ দৰে ১৯৫১ চনটো ভিত্তিবর্ষ কৰাটো বাঞ্ছনীয় বুলি মত প্রকাশ কৰিছে। লগতে বিষয়টোক লৈ লেখকৰ মনত উদ্বেগ হোৱা কিছু প্ৰশ্নৰ তথ্যৰ ওপৰত আধাৰিত গৱেষণালব্ধ এক পৰিসাংখ্যিক বিশ্লেষণ দাঙি ধৰিছে। আৱেগৰ কুঁৱলী ফালি এটা ‘পষ্ট-মর্টেম্’ লেখাটোত ফেচবুকৰ জাতীয়তাবাদে ৰাজ্যৰ জাতীয় উত্তৰণত একো সহায় নকৰে বুলি উল্লেখ কৰিছে। লেখকে মত প্রকাশ কৰা দৰে আমিও ভাবো আমাৰ এলেহুৱা স্বভাৱ আৰু কর্মবিমুখতাই আজি জাতিটোৰ প্রধান শত্রু আৰু হাতে-কামে নকৰি কেবল ৰাজপথত চিঞৰিলেই অসমক বচাব পৰা নাযাব। ইয়াৰ বাবে আমাক লাগিব এক কর্মমুখী, সুস্থিব, সংকল্পবন্ধ, দীর্ঘম্যাদী আৰু বৈজ্ঞানিক পৰিকল্পনা। ভাষাৰ লগতে ‘কর্মমুখী চেতনাক’ক যদি জাতীয়তাবাদৰ লগত সংযোজিত কৰিব পৰা নাযায় নাগৰিকত্ব (সংশোধনী) আইনখনক বাতিল কৰকেই বা নকৰকেই অনাগত সময়তো বিদেশীৰ লগত সহাবস্থান কৰাৰ বাহিৰে খিলঞ্জীয়া অসমীয়াৰ অন্য উপায় নাই। ‘তেলৰ আবেগ আৰু ধূসৰিত বাস্তৱ’ লেখাটোত তথ্য সহকাৰে দাঙি ধৰিছে যে তেলক লৈ আমাৰ যিমানেই আৱেক নাথাকক কিয় বাস্তৱিক ছবিখন হ’ল বৰ্তমান সময়ত ভাৰতত ব্যৱহৃত তেলৰ মাত্র ১.৯৫%হে অসমে যোগান ধৰে; বাকী ৯৮.০৫% বাকী ৰাজ্যবোৰে যোগান ধৰে বা আমদানি কৰিবলগীয়া হয়।

গতিকে ,অসমৰ তেলেৰ দেশ চলি আছে বুলি ভবা কথাটোও অবান্তৰ আৰু সেয়ে OIL আৰু ONGCক কাৰিকৰী আৰু আৰ্থিকভাৱে প্ৰচুৰ ক্ষমতাশালী কৰি তোলি যাতে অত্যাধুনিক প্রযুক্তি আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি OIL/ONGCয়ে উত্তৰ- পূবৰ ভূগৰ্ভত থকা পেট্র ‘লিয়াম নিষ্কাশন কৰিব পাৰে, অন্যথা ভূগৰ্ভৰ তেল নিষ্কাশনৰ দায়িত্ব অত্যাধুনিক প্রযুক্তিৰে সমৃদ্ধ ব্যক্তিগত কোম্পানীক দিয়া মত পোষণ কৰিছে । গ্রন্থখনৰ এটা উল্লেখযোগ্য লেখা হ’ল ‘জাতীয় সমস্যাক ৰাষ্ট্রীয়কৰণত বৌদ্ধিক আন্দোলনৰ প্রয়োজনীয় প্রত্যাহ্বান আৰু কৰণীয়’। এই লেখাটোত এটা জাতিৰ কৃষ্টি-সংস্কৃতিৰ পৰা আৰম্ভ কৰি সাহিত্য, ঐতিহ্য, পৰম্পৰা বা সমস্যাক যেতিয়া ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রতিষ্ঠা কৰাৰ প্ৰসংগ আহি পৰে, তেতিয়াই সেই জাতি বা প্ৰদেশৰ লেখকসকলে গুৰুত্বপূর্ণ ভূমিকা ল’ব লাগে তাৰ বাবে নিজৰ মাতৃভাষাৰ বাদেও যিকোনো এটা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ভাষাত দখল অতি প্রয়োজনীয় হৈ পৰে তাৰ বিৱৰণ দিছে। লগতে নবপ্রজন্মৰ লেখকে ইংৰাজীত লিখা-মেলা কৰিবলৈ ভয় বা অস্বস্তি অতিক্রম কৰিবলৈ কিছুমান উপায়, যেনে- আত্মবিশ্বাস বৃদ্ধি; নিয়মিতভাৱে অনুশীলন; বিস্তৃত অধ্যয়ন; ভাষাৰ কৰ্মশালা আৰু শ্রেণী; লেখা সম্প্রদায়; ভাষাৰ সঁজুলিৰ ব্যৱহাৰ; ভুল আঁকোৱালি লোৱা; মতামত বিচাৰক; বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ; ধৈৰ্য আৰু অধ্যৱসায়; সাংস্কৃতিক বিসৰ্জন; মাইওফুলনেহু আৰু ৰিলাক্সেচন কৌশল আদি উল্লেখ কৰি মাধ্যম ফ’বিয়া পৰিত্যাগ কৰি নতুন প্রজন্মই অসমীয়াৰ লগতে ইংৰাজীত লিখাৰ প্রতিও ধাউতি বঢ়োৱাতো বাঞ্ছনীয় বুলি মত প্রকাশ কৰিছে যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিষ্ঠা কৰিবলৈ আৰু অসমৰ বিভিন্ন ইছ্যুত ৰাষ্ট্ৰীয় নেতৃত্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। ‘হালধীয়া’ লেখাটোত হালধীয়া সাংবাদিকতা ধাৰাটোৰ বিষয়ে বৰ্ণনা কৰি মত প্রকাশ কৰিছে যে সকলো ৰাজনৈতিক অভীপ্সা আৰু উদ্দেশ্যক একাষৰীয়া কৰি সমগ্ৰ দেশৰ সংবাদ মাধ্যম একত্রিত হওক আৰু অনাগত সময়ত এক শক্তিশালী নিৰপেক্ষ সাংবাদিকতাৰ ধ্বজা বহন কৰক। আমি ভাবো এই মতৰ লগত জনগণ একমত হ’ব। ‘গুণত ঘুণ’ লেখাটোত চৰকাৰী বিদ্যালয়ৰ নিম্নগামী মানৰ বাবে বিভিন্ন ইকেইটা কাৰকক দোষাৰোপ কৰাৰ প্ৰৱণতা থকা শিক্ষকসকলে এবাৰ আত্মবিশ্লেষণ কৰাৰো প্ৰয়োজন আছে বুলি মতামত আগঢ়াইছে । লগতে উল্লেখ কৰিছে যে কেৱল চৰকাৰী নীতিক ভুল বুলি কোৱা শিক্ষকে নিজৰ নীতি আৰু দায়িত্ব কিমান সুচাৰুৰূপে পালন কৰিছে, তাৰো পর্যালোচনা কৰা দৰকাৰ। সময় থাকোঁতেই বিষয়বোৰৰ সঠিক পর্যালোচনা কৰি বাস্তৱসন্মত আৰু ক্ষিপ্ৰ নীতি নল’লে নিশ্চিতভাৱে চৰকাৰী শিক্ষা ব্যৱস্থাটোৱে ক্ষিপ্ৰতাৰে মৃত্যুৰ দিশে গতি কৰিব ।
‘ভ্রষ্টাচাৰ’ লেখাটোত ভাৰতত দুৰ্নীতিৰ এক পৰ্যালোচনা আগবঢ়োৱাৰ লগতে অসমৰ বিভিন্ন কেলেংকাৰি আৰু দুৰ্নীতিৰ কেইটামান উদাহৰণ দাঙি ধৰিছে। দুৰ্নীতি আৰম্ভ যে ঘৰখনৰ পৰাই হয় তাক সুন্দৰকৈ উদাহৰণৰ সৈতে বুজাই তাৰ সমাধান হিচাপে মানসিকতাৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰিছে। গ্রন্থখনৰ এটা উল্লেখযোগ্য লেখা হ’ল ‘ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী এটা জাতি’। এই লেখাটোত ফৰ্মেলিন, ইউৰিয়াৰ তথা আন আন ৰাসায়নিক যৌগবোৰ শৰীৰৰ বাবে কিমান যে ক্ষতিকাৰক তাৰ বৰ্ণনা কৰাৰ লগতে কেৱল কৰ্মবিপ্লৱেহে ফৰ্মেলিন, ইউৰিয়াৰ কৰালগ্রাসত মৃত্যুমুখী জাতিটোক বচাব পাৰিব ব্যাখ্যা আগবঢ়াইছে।
‘শৌচাগাৰ পৰ্যটন’ লেখাটোত অগতানুগতিক বিষয় উপস্থাপন কৰিছে। শৌচালয় বা Toiletৰ লগত একোখন দেশ বা ৰাজ্যৰ পৰ্যটন আৰু বিকাশৰ বিষয়টো ওতপ্রোতভাৱে জড়িত হৈ আছে তাৰ বিষয়ে তথ্য সহকাৰে বিশ্লেষণ দাঙি ধৰি বিশ্বত এতিয়া শৌচাগাৰ পৰ্যটন (Toilet Tourism)ৰ নতুন ধাৰণা যে আহিছে তাৰ বিষয়েও উল্লেখ কৰিছে।
‘উচ্ছেদ, উন্নয়ন আৰু গুৱাহাটীৰ ভৱিষ্যৎ’ লেখাটোত উল্লেখ কৰা গুৱাহাটীকে বহলাই নিয়াতকৈ অসমত আৰু চাৰি পাঁচখন গুৱাহাটী নিৰ্মাণৰ চিন্তা-চৰ্চা কৰাৰ দৰকাৰ কথাটো সকলোৱে সহমত প্রকাশ কৰিব বুলি ভাবো।
‘কেতিয়া বুজিম?’ লেখাটোত উল্লেখ আছে –‘জাতীয়তাবাদৰ নামত অতিকৈ সহজ বেপাৰখন ক’ত কেনেদৰে চলি আছে উজনি অসমৰ তেল কোম্পানীকেইটাৰ যিকোনো এজন বিষয়াক সুধিলেই গম পোৱা যায় বা যিকোনো এটা ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ এজন উচ্চপৰ্যায়ৰ নেতাক সুধিলেই গম পোৱা যায়। আমাৰ আবেগক বন্ধকত থৈ যি গতিত দৰ-দাম চলে তাৰ পৰাই এচাম জাতীয়তাবাদীৰ স্বৰূপ ওলাই পৰে। জাতিটোক পংগু বনোবাত ইয়াৰ ভূমিকা অন্যতম। চল্লিশ বছৰীয়া গণ আন্দোলনৰ এই নাটকখনৰ পৰা আমি আজিও শিক্ষা নলৈ নেতাৰ পিছত দৌৰিয়েই আছোঁ। জাতীয়তাবাদৰ নামত সাধাৰণ মানুহবোৰৰ আবেগক বাণিজ্যিকীকৰণ কৰি কৰি এচামে যি ৰাজনৈতিক আৰু অর্থনৈতিক মুনাফা লুটি আছে তাক যদি আমি আজিও বুজিব নোৱাৰো ইয়াতকৈ দুর্ভাগ্যৰ কথা জাতিটোৰ বাবে হয়তো একোৱেই নাই। ’ এই কথাখিনি সচাঁই চিন্তনীয় আৰু হৃদয়ংগম কৰা উচিত। ড° প্রদ্যুম্ন গোস্বামীৰ নৱতম গ্রন্থ “পষ্ট-মর্টেম্”তো তেওঁৰ মৌলিক চিন্তা আৰু নতুন বাস্তৱবাদী বাগধাৰাৰ উন্মেষ অতি শক্তিশালী ৰূপত বিদ্যমান। গ্রন্থখনৰ শেষৰ ফালে ৩৪টা তথ্যৰ উৎসৰ বিষয়ে উল্লেখ কৰিছে। গ্রন্থখনে বহু নতুন চিন্তাৰ উন্মেষ ঘটোৱাৰ লগতে প্রগতিশীল দৃষ্টিভংগী নির্মাণত প্রভৃত অৰিহণা যোগাব বুলি আশা কৰিব পাৰি। পূৰ্বায়ণ প্রকাশনে গ্রন্থ প্রকাশ কৰিছে আৰু প্রথম প্রকাশ-ডিচেম্বৰ,২০২৩। গ্রন্থখনত মুঠ ১৭৫ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ২৬০ টকা।

এই ৫ টা ফেচ পেকৰ সহায়ত শুকান ছাল কোমল হৈ পৰিব…

আপোনাৰ শুকান ছালখন কোমল কৰিবলৈ ৫টা টিপছ। শুকান ছালখনে বহুতো অসুবিধাত পেলায়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যিমান পাৰি পানী খাব। ইয়াৰ উপৰিও শুকান ছালৰ সৈতে মোকাবিলা কৰিবলৈ ঘৰতে বনোৱা ফেচ পেকও ব্যৱহাৰ কৰিব পাৰে। আপুনি বহু ধৰণৰ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি এই ফেচ পেক বনাব পাৰে। এই ফেচ পেকসমূহৰ ভিতৰত মৌ, দৈ, বেচন, অমিতা আৰু কমলাৰ ৰস ইত্যাদি-

এটা বাটিত এচামুচ এলোভেৰা জেল ল’ব তাত কুটি লোৱা তিয়হ দিব। তাৰ পিছত গোটেই মুখ আৰু ডিঙিত লগাব। এতিয়া ৩০ মিনিট ৰাখিব। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব।

এটা বাটিত দুচামুচ বেচন আৰু এচামুচ দৈ লৈ লওক। ভালকৈ মিহলাই পেষ্ট বনাওক। এই পেষ্টটো গোটেই মুখ আৰু ডিঙিত লগাব। তাৰ পিছত সম্পূৰ্ণ শুকুৱাবলৈ দিব। ইয়াৰ পিছত ছালখন নিজেই মালিচ কৰি পৰিষ্কাৰ কৰিব। ইয়াৰ পিছত মুখখন কুহুমীয়া পানীৰে ধুব।

এচামুচ পিহি লোৱা ওটচ এটা মিক্সিং বাটিত লওক।এতিয়া তাত আধা চামুচ মৌ দিব। তাৰ পিছত ভালদৰে মিহলাই লওক। এতিয়া মুখ আৰু ডিঙিত লগাব। ২০ মিনিট সময় ৰাখিব। তাৰপিছত সাধাৰণ পানীৰে ধুব। সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

এটা বাটিত আধা কাপ কমলাৰ ৰস ল’ব। তাৰ পিছত তাত দুচামুচ ওটছ দিব। এতিয়া অলপ সময় ৰসত তিয়াই থওক। ইয়াৰ পিছত এই মিশ্ৰণটো গোটেই মুখমণ্ডল আৰু ডিঙিত লগাব। ২০ মিনিটমান ৰাখিব।

পকা অমিতা কাটি সৰু সৰু ঘন কৰি লওক। তাৰ পিছত তাত ১ চামুচ মৌ দিব। এই অমিতা পেষ্টটো গোটেই মুখ আৰু ডিঙিত লগাওক। ২০ মিনিট ছালত থৈ দিব। তাৰ পিছত ভালদৰে মুখত লগাব।


আয়ুবেৰ্দত নয়নতৰাক জীৱনদায়িনী বনৌষধি উদ্ভিদ বুলি কোৱা হয়…

আয়ুবেৰ্দত নয়নতৰাক জীৱনদায়িনী বনৌষধি উদ্ভিদ বুলি কোৱা হয় । নয়নতৰাৰ ফুল, পাত, শিপা, ডাল সকলো অংশই ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। নয়নতৰা গছ ঘৰৰ আশে-পাশে থাকিলে ইয়াৰ বতাহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াত সহায় কৰে। বিশেষজ্ঞ সকলৰ মতে ,কেঞ্চাৰ ৰোগৰ বাবে নয়নতৰা অতি উপকাৰী বুলি প্ৰমানিত হৈছে । এই ৰোগত নয়নতৰাৰ পৰা ঔষধ প্ৰস্তুত কৰা হয়। নিয়মিয়াকৈ ৰাতিপুৱা নয়নতৰা পাত ৩/৪ টা পিচি বা চোবাই খালে ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ কম হয় । নয়নতৰাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে।কৃমিৰ সমস্যাত নয়নতৰাৰ ৩/৪ টা পাতৰ ৰস খালি পেটত খালে উপকৃত হয়। সপ্তাহত দুই-এদিন নয়নতৰা ২/৩ খিলা পাত চোবাই খালে স্মৰণ শক্তি বঢ়াত সহায় কৰে।

কীট-পতংগই কামোৰা ঠাইত নয়নতৰা পাতৰ ৰস লগালে বিষ কম হয়। শৰীৰৰ ঘাঁ , খজুৱতি , এলাৰ্জি আদি সমস্যাত নয়নতৰা পাতৰ ৰস লগালে উপকৃত হয় । ৰাতিপুৱা আহাৰ খোৱাৰ আগতে নয়নতৰাৰ শিপা দুই-তিনি ইঞ্চি চোবাই ৰস খিনি খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে। কিন্তু নিৰোগী লোকে সঘনাই নয়নতৰা খাব নালাগে। গৰ্ভৱতী মহিলা , জটিল ৰোগ থকা ব্যক্তি আৰু অস্ত্ৰোপচাৰ কৰা লোকে খোৱাৰ পৰা বিৰত থাকিব।