Breaking

ড° কৰবী ডেকা হাজৰিকালৈ ২০২৪ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’

0 42

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’। বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৰবী ডেকা হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা।

১৩ জানুৱাৰীত ৰংবং তেৰাঙৰ জন্মদিনত প্ৰদান কৰা হ’ব এই বঁটা। কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব এই বঁটা।

দেওবাৰে ডিফুত এক সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰে চিংথুৰ গোষ্ঠীয়ে। বঁটা প্ৰদান অনুষ্ঠানত ৰংবং তেৰাঙৰ উপৰি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, সাহিত্য অকাডেমি বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰা, কাৰ্বি লামমেত আমেইৰ সভাপতি কামছিং হাঞ্চে আদিৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।

বঁটা প্ৰদান কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰও অনুষ্ঠিত হ’ব। আলোচনা চক্ৰৰ বিষয়- ‘য়েছে দৰজে ঠংচিৰ ৰচনাত সমাজ-বাস্তৱতা’। উল্লেখ্য যে ২০১৭ চনৰ পৰা ‘ৰংবং তেৰাং সমন্বয় বঁটা’ আগবঢ়াই আহিছে বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে।

Leave A Reply