Home Blog Page 1154

আজি নতুন দিল্লীত কেন্দ্ৰ -অসম চৰকাৰৰে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী আলফাই…

নতুন দিল্লীত কাইলৈ (২৯ ডিচেম্বৰ)ৰ সন্ধিয়া ৫ বজাত কেন্দ্ৰ -অসম চৰকাৰৰে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী আলফাই। এই ঐতিহাসিক চুক্তিত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত থাকিব। চুক্তি খন দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ’ব বুলি ধাৰণা কৰা হৈছে। চুক্ৰি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ উপস্থিতি থাকিব। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফাৰ আলোচনাপন্থী গোটৰ এক ডজনৰো অধিক শীৰ্ষ নেতা উপস্থিত থাকিব।

আৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত স্বাক্ষৰ হ’বলগীয়া শান্তি চুক্তিৰ উদ্দেশ্য হৈছে অসম সম্পৰ্কীয় বিভিন্ন নিৰন্তৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমাধান কৰা। ইয়াৰ উপৰি খিলঞ্জীয়া লোকসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে সাংস্কৃতিক সুৰক্ষা আৰু ভূমি অধিকাৰৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব বুলি ধাৰণা কৰা হৈছে। লক্ষণীয়ভাৱে পৰেশ বৰুৱাৰ নেতৃত্বত আলফা-স্বাধীনৰ গোটটো এই চুক্তিৰ অংশ নহ’ব। ৰাজখোৱা গোটৰ গুৰুত্বপূৰ্ণ নেতা অনুপ চেতিয়া আৰু শশধৰ চৌধুৰীয়ে যোৱা সপ্তাহত চৰকাৰী মধ্যস্থতাকাৰীসকলৰ সৈতে চূড়ান্ত আলোচনাৰ বাবে নতুন দিল্লীলৈ গৈছিল। আলোচনাপন্থী আলফাৰ সৈতে আলোচনাত জড়িত চৰকাৰী প্ৰতিনিধিসকলৰ ভিতৰত আছে ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক তপন ডেকা আৰু উত্তৰ-পূব বিষয়ত চৰকাৰৰ উপদেষ্টা এ কে মিশ্ৰ। ৰাজখোৱা নেতৃত্বাধীন আলফা গোটে ২০১১ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চৰ্তহীন আলোচনা আৰম্ভ কৰিছিল ৰাজখোৱা গোটে ৩ ছেপ্টেম্বৰ, ২০১১ তাৰিখে চৰকাৰৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰিছিল। কাইলৈৰ সেই আলোচনাৰ চুক্তিৰ মাধ্যমেৰে পৰিসমাপ্তি ঘটিব।

লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচনঃ বিজেপিয়ে মুকলি কৰিলে ‘মোডী কি গেৰাণ্টি’ থীম ছং…

ভাৰতীয় জনতা পাৰ্টীয়ে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ এটা গান মুকলি কৰিছে। থীম ছংটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী শ্লোগান ‘মোডী কি গেৰাণ্টি’ৰ ওপৰত আধাৰিত, য’ত বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তাৰ কথা গীতৰ মাজেৰে দাঙি ধৰিছে। তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যত জয়লাভ কৰি বিজেপি এতিয়া অধিক আত্মবিশ্বাসী হৈ পৰিছে। । এক্স-ত গানটো শ্বেয়াৰ কৰি বিজেপিয়ে কয় যে ‘মোডীৰ গেৰাণ্টিৰ অৰ্থ হৈছে গেৰাণ্টি পূৰণ হোৱাৰ গেৰাণ্টি।

গানটোৰ সংগীত পৰিচালক আনন্দ ৰাজ আনন্দৰ। গানটোত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণকে ধৰি ভাৰতৰ গুৰুত্বপূৰ্ণ সাফল্য সমূহ সন্নিবিষ্ট হৈ আছে। ভিডিঅ’টোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ আছে, য’ত তেওঁ অহা ২৫ বছৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে। গানটোৱে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত বিশ্বৰ মঞ্চত ভাৰতৰ সুনাম বহুগুণে বৃদ্ধি পোৱাৰ কথাও দাঙি ধৰিছে।

অবৈধ ধন সৰবৰাহৰ গোচৰঃ ইডিৰ চাৰ্জশ্বীটত প্ৰিয়ংকা গান্ধীৰ নাম…

এইবাৰ পুনৰ ইডিৰ ৰোষত পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰথমবাৰৰ বাবে ইডিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ইডিয়ে এই গোচৰৰ সৈতে জড়িত পূৰ্বৰ অভিযোগনামাত প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ নাম উল্লেখ কৰিছিল। ইডিয়ে নিজৰ বিবৃতিত কয় যে, “প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰা আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীৰ এজন ৰিয়েল এষ্টেট এজেণ্টৰ জৰিয়তে হাৰিয়ানাত মাটি ক্ৰয় কৰিছিল যিয়ে প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীকো মাটি বিক্ৰী কৰিছিল।” ইডিয়ে আৰু অভিযোগ কৰে যে ভাদ্ৰা আৰু থাম্পীৰ মাজত গাঢ় সম্পৰ্ক আছে যিটো “সাধাৰণৰ পৰা ব্যৱসায়িক স্বাৰ্থ”লৈকে বিস্তৃত। উল্লেখ্য যে এই গোচৰটোত পলাতক অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰী জড়িত হৈ আছে। তেওঁৰ ওপৰত ধন সৰবৰাহ, বৈদেশিক মুদ্ৰাৰ আইন উলংঘা কৰা, চৰকাৰী গোপনীয়তা আইন উলংঘা কৰাৰ অভিযোগত তদন্ত চলি আছে। সঞ্জয় ২০১৬ চনত ভাৰতৰ পৰা পলায়ন কৰি ব্ৰিটেইনলৈ গৈছিল।অবৈধ ধন সৰবৰাহ গোচৰত প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ
বলৱৎকাৰী সঞ্চালকালয়ৰ সদৰী তথ্য।

ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম৷প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰথমবাৰৰ বাবে বলবৎকাৰী সঞ্চালকালয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰে। ইডিয়ে এই গোচৰৰ সৈতে জড়িত পূৰ্বৰ অভিযোগনামাত প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ নাম উল্লেখ কৰিছিল। ইডিয়ে নিজৰ বিবৃতিত কয় যে, “প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰা আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীৰ এজন ৰিয়েল এষ্টেট এজেণ্টৰ জৰিয়তে হাৰিয়ানাত মাটি ক্ৰয় কৰিছিল যিয়ে প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীকো মাটি বিক্ৰী কৰিছিল।” ইডিয়ে আৰু অভিযোগ কৰে যে ভাদ্ৰা আৰু থাম্পীৰ মাজত গাঢ় সম্পৰ্ক আছে যিটো “সাধাৰণৰ পৰা ব্যৱসায়িক স্বাৰ্থ”লৈকে বিস্তৃত। উল্লেখ্য যে এই গোচৰটোত পলাতক অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰী জড়িত হৈ আছে। তেওঁৰ ওপৰত ধন সৰবৰাহ, বৈদেশিক মুদ্ৰাৰ আইন উলংঘা কৰা, চৰকাৰী গোপনীয়তা আইন উলংঘা কৰাৰ অভিযোগত তদন্ত চলি আছে।

২০৪৮ ৰান, ৮ শতক, ১০টা অৰ্ধশতক, বিশ্বকাপৰ খেলুৱৈ; এই বছৰটো বিৰাট কোহলীৰ বাবে ভাল আছিল…

বিৰাট কোহলীঃ ২০২৩ বৰ্ষটো বিৰাট কোহলীৰ বাবে এক সুন্দৰ বছৰ। চলিত বৰ্ষৰ অন্তিমখন মেচত তেওঁ এক উজ্জ্বল ইনিংছ খেলিছিল। ২০২৩ চনত বিৰাট কোহলিয়ে কৰা অভিলেখৰ বিষয়ে জানেনে। ২০২৩ চনটো বিৰাট কোহলীৰ বাবে অতি স্মৰণীয় বছৰ, এইবাৰ বিৰাট কোহলীয়ে ২০০০ৰো অধিক ৰান, ৮ শতক, ১০টা অৰ্ধশতক, বিশ্বকাপত সৰ্বাধিক ৰানকে ধৰি বহু বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০২৩ চনত বিৰাট কোহলীয়ে কৰা অভিলেখৰ বিষয়ে জানক-

২০২৩ চনত বিৰাট কোহলীৰ কৃতিত্ব
২০৪৮ ৰান সংগ্ৰহ কৰে
১০ শতক অৰ্জন কৰে
৮টা অৰ্ধশতক অৰ্জন কৰে
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহ কৰে।
আই পি এলত ৬৩৯ ৰান সংগ্ৰহ কৰে
বিশ্বকাপত সৰ্বোচ্চ স্ক’ৰ ৭৬৫ ৰান
বিশ্বকাপৰ এটা ছিজনত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হয়
শচীন টেণ্ডুলকাৰৰ এদিনীয়াত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভংগ
বিশ্বকাপৰ ছেমি ফাইনেল মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ফৰ্মেটত ৫০ শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।
বক্সিং ডে’ৰ টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহ
লগতে ২০২৩ চনৰ শেষ ইনিংছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৬ ৰানৰ ইনিংছ খেলিছিল, আৰু এককভাৱে শেষলৈকে দলটোৰ হৈ যুঁজিছিল।
২০২৩ চনত ২০০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিছিল
২০২৩ চনত বিৰাট কোহলীয়ে মুঠ ৩৬ টা ইনিংছ খেলিছে। এই ৩৬ ইনিংছত কোহলীয়ে মুঠ ২০৪৮ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত কোহলীৰ গড় হৈছে ৬৬.০৬। ২০২৩ চনত বিৰাট কোহলীয়ে মুঠ ৮টা শতক আৰু ১০টা অৰ্ধশতক অৰ্জন কৰিছে।

সাৱধান! তললৈ মুখ কৰি শুৱে নেকি? এনে অভ্যাসে আপোনাক অসুস্থ কৰি তুলিব…

শৰীৰৰ ভুল ভংগীমাই স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। তললৈ মুখ কৰি বা পেট পেলাই শুৱাটো বহুতৰে অভ্যাস। ইয়াৰ বহুতো পাৰ্শ্বক্ৰিয়া আছে। স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। এনে অভ্যাস এৰাই চলিব লাগে-

১/ ভৰি দুখন ক্ৰছ কৰি বহি থকা
ভৰি দুখন ক্ৰছ কৰি বহি থকাটো বহুতৰে অভ্যাস। অৱশ্যে ইয়াক ভুল ভংগীমা বুলি গণ্য কৰা হয়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত মেৰুদণ্ডৰ প্ৰান্তিককৰণত বেয়া প্ৰভাৱ পৰে। এই ভুলটো বাৰে বাৰে পুনৰাবৃত্তি কৰিলে কঁকালৰ তলৰ অংশ বিষ হয়। সেয়েহে এনে ভংগীমা পৰিহাৰ কৰা উচিত।

২) পেট পেলাই
পেট পেলাই বা তললৈ মুখ কৰি শুলে শ্বাস-প্ৰশ্বাসতন্ত্ৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। ইয়াৰ ফলত বুকু আৰু হাওঁফাওঁ দুয়োটাতে অতিৰিক্ত চাপ পৰে। যাৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধা হয়। টোপনিৰ এই বেয়া অভ্যাসৰ বাবে পেটৰ লগত জড়িত সমস্যাও হ’ব পাৰে। ডিঙি আৰু পিঠিতো বিষ হ’ব পাৰে।

৩/ ডিঙি বেঁকা কৰি
বহুতে ডিঙি বেঁকা কৰি শুৱে। ইয়াৰ ফলত আভ্যন্তৰীণ আঘাত পোৱাৰ সম্ভাৱনা অধিক।

গতিকে এনে ভংগীমাবোৰ পৰাপক্ষত এৰাই তলিব লাগে।


আই পি এলত দেখা যাবনে পুৰণি ধোনিৰ যাদু…

আই পি এল ২০২৪ঃ ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ সময়ত যিদৰে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী আই পি এল ২০২৪ত পুৰণি শৈলীলৈ ঘূৰি আহিব সেয়া প্ৰায় নিশ্চিত। পুৰণি মহেন্দ্ৰ সিং ধোনিৰ যাদু দেখা পোৱাটো নিশ্চিত আই পি এল ২০২৪ত। প্ৰতিযোগিতাখনৰ পূৰ্বে ধোনীয়ে কেৰিয়াৰৰ আৰম্ভণিতে যি হেয়াৰষ্টাইল গ্ৰহণ কৰিছিল, সেইটোৱেই গ্ৰহণ কৰিছে। ধোনীক আকৌ এবাৰ দীঘল চুলিৰ চুলিৰ ষ্টাইলৰ সৈতে দেখা গৈছে, যিটো দেখি অনুমান কৰা হৈছে যে ২০২৪ চনত ধোনিক পুৰণি ষ্টাইলত দেখা যাব। মাহীয়ে নিজৰ কেৰিয়াৰত বহু ধৰণৰ হেয়াৰষ্টাইল গ্ৰহণ কৰিছে যদিও তেওঁৰ আটাইতকৈ বিখ্যাত হেয়াৰষ্টাইল আছিল দীঘল চুলি, যিটো ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ পিছত সেই ষ্টাইল আঁতৰাই দিছিল ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে। কিন্তু এতিয়া কিছুদিন আগতে ধোনীক আকৌ এবাৰ সেই পুৰণি দীঘল চুলিৰ চুলিৰ ষ্টাইলত দেখা গ’ল।

দীঘল চুলিৰে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীৰ ছবিয়ে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছিল।

মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ নতুন বছৰৰ প্ৰথম দিনাই কৰক এইসমূহ কাম…

জ্যোতিষৰ মতে চন্দ্ৰক মনৰ কাৰক হিচাপে গণ্য কৰা হয়, সেয়েহে ৰাশিফলত চন্দ্ৰৰ শক্তিৰ বাবে এজন ব্যক্তি সদায় সুখী হৈ থাকে। নতুন বছৰৰ প্ৰথম দিনটোত শিৱক সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰক আৰু লগতে চন্দ্ৰ কাৱচ পাঠ কৰক, যাতে মানসিক চাপৰ পৰা সকাহ পাব পাৰে। নতুন বছৰ অৰ্থাৎ ২০২৪ সোমবাৰৰ পৰা আৰম্ভ হ’ব। হিন্দু ধৰ্মত সোমবাৰটো ভগৱান শংকৰৰ নামত উচৰ্গা কৰা হয়। সেয়েহে সোমবাৰৰ দিনটোত শিৱ পৰিয়ালৰ পূজা আৰু উপবাসৰ পৰম্পৰা আছে। ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰে যি ব্যক্তিয়ে ভোলানাথক পূৰ্ণ ভক্তিৰে ধ্যান, পূজা আৰু উপবাস কৰে, তেওঁৰ সকলো ইচ্ছা পূৰণ হয়।

ইয়াৰ লগতে চন্দ্ৰ গ্ৰহটোও আপোনাৰ ৰাশিফলত শক্তিশালী হৈ উঠে। গতিকে মানসিক চাপত ভুগি থকা ব্যক্তিক ৰাশিফলত চন্দ্ৰক শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হয়। যদি আপুনিও আগন্তুক বছৰত মানসিক চাপৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নতুন বছৰৰ প্ৰথম দিনটোত ভোলা শংকৰক সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰক। ইয়াৰ ফলত মানসিক চাপৰ পৰা সকাহ পাব।



আলিয়াৰ পৰা কৰীনা কাপুৰলৈকে, ২০২৩ চনত কি কি বস্তুৰ প্ৰতি অধিক গুৰুত্ব দিছিল…

২০২৩ চনত বলীউডৰ শক্তিশালী সৌন্দৰ্য্যই তেওঁলোকৰ ফিটনেছৰ বহু গোপন কথা প্ৰকাশ কৰিছিল, তেওঁলোকে কেনেধৰণৰ ৱৰ্কআউট কৰে সেই কথাও প্ৰকাশ কৰিছিল। আজি আমি কিছুমান অভিনেত্ৰীৰ প্ৰিয় ৱৰ্কআউট আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক’ম। গতিকে জানো আহক বলিউদৰ চেলিব্ৰিটি সকলৰ ৱৰ্কআউটৰ বিষয়ে-

অনন্যা পাণ্ডেয়ে চেলেঞ্জ ভাল পায়, সেয়া হেণ্ডষ্টেণ্ডেই হওক বা আৰ্ম বেলেন্সেই হওক। প্ৰায়ে পল ডান্সিঙৰ সৈতে ৱৰ্কআউটত শৰীৰৰ তলৰ অংশৰ শক্তিৰ ওপৰত গুৰুত্ব দিয়া হয়।

আলিয়া ভাটে বিশেষকৈ এইটো ৱৰ্কআউট কৰে, যাক মৰমেৰে ‘আলিয়া প’জ’ বুলি কোৱা হয়।

দীপিকা পাডুকন হিপ অ’পেনাৰ আৰু হেডষ্টেণ্ডৰ অনুৰাগী কাৰণ এই ৱৰ্কআউটে মানসিক চাপ হ্ৰাস কৰে, সমন্বয় উন্নত কৰে আৰু শক্তি বৃদ্ধি কৰে।

কৰীনাই সূৰ্য্য নমস্কাৰক বৰ ভাল পায়। পাঁচটা আসনৰ এই ধাৰাবাহিকখন কেৱল ৱৰ্কআউট নহয়, ধ্যান-ধাৰণাৰ এক শিথিল যাত্ৰা। কৰীনাৰ দৰে গভীৰ উশাহ লোৱা আৰু মনক কেন্দ্ৰীভূত কৰাৰ বাবে এই অনুষ্ঠানতো যোগদান কৰিব পাৰে কাৰণ সূৰ্য্য নমস্কাৰ কেৱল ব্যায়াম নহয় আধ্যাত্মিক জাগৰণৰ পথ।

কেটৰিনাৰ ৱৰ্কআউটত শৰীৰৰ ওপৰৰ অংশৰ শক্তি আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে কেটলবেল স্কুৱেট আৰু এইচ আই আই টি ৱৰ্কআউটৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।গতিকে কেটলবেল এটা তুলি লওক আৰু নিজকে এক তীব্ৰ আৰু ফলপ্ৰসূ ব্যায়ামৰ বাবে প্ৰস্তুত কৰক।

নলবাৰীত ভাৰতীয় কংগ্ৰেছ দলৰ বৃহৎ পদযাত্ৰা

নলবাৰীত ভাৰতীয় কংগ্ৰেছ দলৰ বৃহৎ পদযাত্ৰা ! ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ১৩৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে বুধবাৰে নলবাৰী জিলা কংগ্রেছ কমিটিৰ নেতৃত্বত এই পদযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰে।

হৰিমন্দিৰ চ’কৰ পৰা আৰম্ভ কৰা পদযাত্ৰাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, কংগ্ৰেছ নেত্ৰী মাইনী মহন্ত, বিধায়ক দিগন্ত বৰ্মনকে ধৰি বিভিন্নজন ৰাজ্যিক নেতৃত্বই অংশগ্ৰহণ কৰে পদযাত্ৰাত।

বিয়লিৰ ভাগত ৰাজীৱ ভৱনত আয়োজিত সভাত অংশ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।

কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত স্বাক্ষৰিত হ’ব বহু প্ৰত্যাশিত শান্তি চুক্তি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুকুৰবাৰে সন্ধিয়া ৫ বজাত নতুন দিল্লীত আলোচনাপন্থী আলফাৰ প্ৰতিনিধিসকলৰ মাজত স্বাক্ষৰিত হ’ব শান্তি চুক্তি।

নতুন দিল্লীত আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যেই উপস্থিত হৈছেগৈ।

অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ প্রতিনিধি দল উপস্থিত নতুন দিল্লীত।

শান্তি চুক্তিয়ে সামৰি ল’ব অসমৰ বহুকেইটা মূল সমস্যা। শান্তি চুক্তিক লৈ উৎসুক অসমবাসী।