Home Blog Page 116

উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । North Guwahati

উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । North Guwahati
উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । North Guwahati

North Guwahati । উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ বিষয়া ৰাতুল কুমাৰ দাসৰ নেতৃত্বত আজি উত্তৰ গুৱাহাটী ভেটামুখ ( গৌৰীপুৰ) ৰ এটা ডেম্পত চলোৱা অতৰ্কিত অভিযানত বৃহৎ পৰিমাণৰ কাহ – পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ হয় ।

এই চুৰি সামগ্ৰী সমূহৰ ভিতৰত আছে শৰাই,ঘটি, টো,থালি,চাকি, টিলিঙাকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী । সামগ্ৰী সমূহ উত্তৰ গুৱাহাটীৰ লগতে জিলা খনৰ বিভিন্ন স্থানৰ নামঘৰ, মন্দিৰ আৰু মানুহৰ ঘৰৰ পৰা চুৰি কৰি দেম্পটোত মজুত কৰি ৰখা হৈছিল । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ সামগ্ৰী খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সামগ্ৰী খিনিৰ মূল্য কেইবা লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰাৰ লগতে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে । সন্দেহ কৰা মতে এই চুৰি কাৰ্যৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে ।

৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বৈঠক সম্পন্ন । ২০২৬ত বিজেপিক পৰাভূত কৰাৰ লক্ষ্য । Congress

৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বৈঠক সম্পন্ন । ২০২৬ত বিজেপিক পৰাভূত কৰাৰ লক্ষ্য । Congress
৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বৈঠক সম্পন্ন । ২০২৬ত বিজেপিক পৰাভূত কৰাৰ লক্ষ্য । Congress

Congress । ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ অপশাসনৰ ওৰ পেলাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিবলৈ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই ৭টা বিৰোধী দলৰ নেতাসকলৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্ৰায় ২ ঘণ্টাজোৰা বৈঠকৰ অন্তত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সভাপতি গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ দলৰ আহ্বানক্ৰমে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা, চিপিএম, চিপিআই, চিপিআইএমএল আৰু এপিএইছএলচিৰ সভাপতি আৰু ৰাজ্যিক সম্পাদকসকলৰ লগত এলানি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বিজেপি দল আৰু চৰকাৰৰ অন্যায়-অত্যাচাৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি-অপশাসনৰ পৰা অসমবাসীক মুক্ত কৰিবলৈ বিজেপি বিৰোধী এখন চৰকাৰ গঠন কৰাৰ বাবে সকলোৱে ঐক্যমতত উপনীত হৈছে।

পৰৱৰ্তী সময়ত বিৰোধী দলসমূহৰ মাজত হোৱা আলোচনাৰ কথা অৱগত কৰা হ’ব বুলিও কয় গগৈয়ে। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হৈ অসমত এখন নতুন ৰাইজৰ চৰকাৰ গঠন কৰা হ’ব। আনহাতে, বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিধায়ক অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজি গোট খোৱা আটাইকেইটা দলে একত্ৰিতভাৱে ২০২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনাত অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ৱাৱধায়ক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান উপস্থিত থাকে। বৈঠকখনত অংশগ্ৰহণ কৰা বিৰোধী দলৰ নেতাসকল হৈছে সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিএম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ, চিপিআইএম দলৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু এপিএইছএলচি দলৰ বিক্ৰম হাঞ্চে। বৈঠকত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আজি ৰাজীৱ ভৱনত দিনৰ প্ৰায় ১১ বজাত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰিচালনাত অনুষ্ঠিত এই বৈঠকখনত একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কেবাটাও সিদ্ধান্তৰ কথা সদৰী কৰে। গগৈয়ে সদৰী কৰা মতে আজিৰ বৈঠকত ৰাইজৰ সুখ-দুখৰ বুজ ল’বলৈ বুলি ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক এক অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ”অসমৰ চুকে-কোণে, গাঁৱে-ভূঞে গৈ কংগ্ৰেছে মানুহৰ সৈতে আলোচনা কৰিব। লগতে কংগ্ৰেছৰ শীৰ্ষৰ নেতাসকলে বাগানেই হওক বা চৰাঞ্চলেই হওক বা পাহাৰীয়া অঞ্চলেই হওক বা জনজাতি প্ৰধান অঞ্চলেই নহওক কিয় সকলো ঠাইলৈ গৈ সেই ঠাইসমূহৰ সাধাৰণ পৰিয়ালৰ ঘৰত নিশা কটাব।’’- গগৈয়ে কয়। তেওঁ আৰু কয় যে অসমৰ প্ৰতিটো অঞ্চলতে বিশেষ সভা অনুষ্ঠিত কৰা হ’ব। এই সভা কেৱল দলীয় সভা নহ’ব, তালৈ উদাৰমনৰ সমাজ সচেতক লোকসকলকো আমন্ত্ৰণ জনোৱা হ’ব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। গগৈয়ে কয়, ”তেওঁলোকৰ পৰা আমি জানিব বিচাৰো যে অৰ্থনৈতিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত কেনেধৰণৰ কাম কৰা দৰকাৰ? আমাৰ এই সভাসমূহক ৰাইজৰ বাবে এখন মঞ্চ কৰি তোলা হ’ব। সেই মঞ্চত স্থানীয় বুদ্ধিজীৱী, স্থানীয় সাহিত্যিক, স্থানীয় অৰ্থনীতিবিদসকলক আমন্ত্ৰণ জনাই তেওঁলোকৰ মনৰ কথা আমি শুনিম।’’ অসমত ভোট চুৰি ৰোধ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা সম্পৰ্কে আজিৰ বৈঠকত আলোচনা হোৱা বুলিও জানিবলৈ দিয়ে গগৈয়ে। তেওঁ কয় যে অসমত প্ৰায় ২৯ হাজাৰ বুথত ৮০-৯০ শতাংশ বিএলএ নিযুক্তি দিয়া হৈছে। এতিয়া বুথ কমিটি গঠন কৰিবলৈ আৰম্ভ কৰা হৈছে বুলিও কয় গগৈয়ে। ”কামবোৰ খুব সুন্দৰকৈ চলি আছে। এই মাহৰ শেষৰ ফালে গোটেইখিনি বিএলএ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰিছো।’’- প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মন্তব্য। অনহাতে, অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত গগৈয়ে সংবাদমেলত কয়, ”অহা ১৮ নৱেম্বৰ,২০২৫ তাৰিখ হৈছে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ ওপজা দিন। তেখেতৰ অবৰ্তমানত উদযাপিত হ’বলগীয়া প্ৰথমটো ওপজা দিনত প্ৰাণৰ শিল্পীগৰাকীক কথা, সুৰ আৰু গীতৰ মাধ্যমেৰে স্মৰণ কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে “কাঞ্চনজংঘা – সংস্কৃতি হওক মৈত্ৰেয়ীৰ মন্ত্ৰ” শীৰ্ষক এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। প্ৰকৃতিৰ প্ৰতি থকা জুবিন গাৰ্গদেৱ‌‌‌ৰ নিভাঁজ প্ৰেম,বিশেষকৈ নাহৰ গছৰ প্ৰতি থকা তেখেতৰ বিশেষ টানৰ প্ৰতি সন্মান জনাই সেইদিনা অসমৰ প্ৰতিটো বুথতে নাহৰ পুলি ৰোপণৰ এক কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।’’ বৈঠকত গ্ৰহণ কৰা বাকী সিদ্ধান্তসমূহৰ বিষয়ে পৰৱৰ্তী সময়ত সদৰী কৰা হ’ব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

বিধায়ক পৰমাৰ সাংগঠনিক অপৰিপক্কতা আৰু অকৰ্মণ্যতাৰ সুযোগ লৈ ছিপাঝাৰত কংগ্ৰছেৰ ভেটি মজবুত কৰিছে বিনন্দই । Paramananda Rajbanshi

বিধায়ক পৰমাৰ সাংগঠনিক অপৰিপক্কতা আৰু অকৰ্মণ্যতাৰ সুযোগ লৈ ছিপাঝাৰত কংগ্ৰছেৰ ভেটি মজবুত কৰিছে বিনন্দই ।
বিধায়ক পৰমাৰ সাংগঠনিক অপৰিপক্কতা আৰু অকৰ্মণ্যতাৰ সুযোগ লৈ ছিপাঝাৰত কংগ্ৰছেৰ ভেটি মজবুত কৰিছে বিনন্দই ।

Paramananda Rajbanshi । ২০২৬ ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ক্ৰমান্বয়ে গণ বিচ্ছিন্ন হব ধৰিছে অকৰ্মণ্য বিধায়ক হিচাপে ছিপাঝাৰত পৰিচিত হোৱা পৰমানন্দ ৰাজবংশী। ৰাজনৈতিক সংগঠনৰ অভিজ্ঞতা নথকা সাহিত্য সভাৰ মজিয়াত গতা খোৱা পৰমাই বিজেপিৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাটো ছিপাঝাৰ সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাৰ বাবে চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। কথা আৰু কামৰ মাজত মিল নথকা তথা সস্তীয়া কথাৰে আভুৱাভৰা নীতিৰ আশ্ৰয় লোৱা বাবে ইতিমধ্যে সমষ্টিৰ জনসাধাৰণৰ মাজত এলাগী হৈ পৰিছে বিধায়ক ৰাজবংশী। একত্ৰিত হিন্দু সমাজৰ কথা কোৱা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ কাম কাজত সততে এক বিশেষ সম্প্ৰদায়ৰ ব্যক্তিক প্ৰাধান্য দিয়াৰ ফলত নিষ্ঠাবান দলীয় কৰ্মীৰ লগতে সচেতন ৰাইজৰ মাজত বিৰূপ প্ৰভাৱ পৰিছে। তাৰ সমান্তৰালভাৱে কেইজনমান মুষ্টিমেয় পালিনেতাৰ আবেষ্টনীৰ মাজত থাকি দলীয় কৰ্মীক উপযুক্ত মৰ্য্যদা নিদিয়াৰ ফলত দলৰ কৰ্মী সকল ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন পৰ্যায়ৰ দলীয় কৰ্মী সকলে সামাজিক মাধ্যম যোগেও বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভ আৰু অসন্তষ্টি প্ৰকাশ কৰি অহা কাৰ্যই বিজেপি শিবিৰক চিন্তাত পেলাইছে। তাৰ পিছতো স্বাৰ্থপৰ অহংকাৰী বিধায়ক গৰাকীয়ে কৰ্মীৰ কথাক গুৰুত্ব নিদি স্বয়ং মুখ্যমন্ত্ৰীয়ে তিনিটা কাৰ্যকাল বিধায়ক কৰাৰ প্ৰতিশ্ৰতি দিয়াৰ কথা কৈ ওভতগোৰে নাচি থকা দেখা গৈছে। ইফালে বিধায়কৰ এগৰাকী বদ মেজাজী শিষ্টাচাৰ নজনা ব্যক্তিগত সহায়কৰ কৰ্ম কাণ্ডতো ছিপাঝাৰৰ দলীয় কাৰ্যকৰ্তাৰ লগতে সাধাৰণ ৰাইজৰ চকু কপালত উঠিছে। বিধায়ক গৰাকীৰ সাংগঠনিক ক্ষেত্ৰৰ ওপৰত তৰল আৰু উদাসীন কৰ্ম কাণ্ডৰ বাবে দলীয় নিষ্ঠাবান কৰ্মী সকল আগন্তুক নিৰ্বাচনক লৈ একপ্ৰকাৰ সন্দিহান হোৱাৰ লগতে বহুতে ক্ষোভ অসন্তুষ্টিত দিন পাৰ কৰিছে আৰু আন একাংশ কৰ্মীয়ে বিজেপি বিধায়ক হৈ থকা সময়ত কৰ্মী সকলৰ সৈতে উঠা সু সম্পৰ্ক গঢ়ি তোলা বৰ্তমানৰ কংগ্ৰেছ নেতা বিনন্দৰ লগতো এক সম্পৰ্ক ৰক্ষা কৰি আছে। ইফালে সমষ্টিৰ জনসাধাৰণৰ লগত সদায় এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰখা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই সন্তপৰ্ণে বিধায়ক পৰমাৰ সাংগঠনিক দুৰ্বলতাৰ সুযোগ লৈ সমষ্টিৰ সক্ৰিয় ৰাজনৈতিক কৰ্মী সকলৰ লগতে নেতৃস্থানীয় সচেতন ব্যক্তি সকলৰ মাজত আস্থাভাজন হবলৈ সক্ষম হোৱাটো বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহবানৰ সৃষ্টি কৰিছে। ইতিমধ্যে সমষ্টিটোত জাতিগত ৰাজনীতিৰ বীজ ৰোপণ কৰি বিষবাস্প বিয়পোৱা বিধায়ক পৰমাৰ ওপৰত ক্ষুন্ন হৈ পৰা সাধাৰণ ভোটাৰ ৰাইজে সংগোপনে কংগ্ৰেছ নেতা বিনন্দ শইকীয়াক দলীয় ৰাজনীতিৰ উৰ্ধত গৈ আকোৱালি লোৱা বিষয়টোৱে আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক পৰমাৰ লগতে বিজেপি দলক সলঠেকত পেলোৱাটো নিশ্চিত হৈ পৰিছে। বিধায়ক পৰমানন্দ ৰাজবংশীয়ে সমষ্টিত ৰাইজে বিচৰা ধৰণে বা ৰাইজক কথা আৰু কামেৰে আসস্ত আৰু সন্তুষ্ট কৰিব নোৱাৰা আৰু অত্যন্ত তৰল কথাৰ পৰিণতিত আচলতে প্ৰাক্তন বিধায়ক গৰাকীৰ আদৰ সমষ্টিত বৃদ্ধি হোৱা বুলি বিভিন্ন মহলে একেমুখে স্বীকাৰ কৰিছে। কংগ্ৰেছ নেতা হোৱাৰ পিছতো খিলঞ্জীয়া অধ্যুষিত সমষ্টিটোত প্ৰাক্তন বিধায়ক গৰাকীয়ে সামাজিক মাধ্যমত নিজৰ প্ৰচাৰ ব্যাপক হাৰত নচলাই দিন ৰাতি একাকাৰ কৰি প্ৰতি গৰাকী সচেতন ব্যক্তি তথা ৰাইজক ব্যক্তিগত ভাবে সাক্ষাৎ কৰি নিজৰ সমৰ্থন আদায় কৰাত ব্যস্ত হৈ পৰাত বিজেপিৰ নিষ্ঠাবান কৰ্মী সকলৰ মাজত দু:চিন্তা বাঢ়িব ধৰিছে। কিয়নো বিধায়ক পৰমাৰ সমান্তৰালভাৱে ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী কংগ্ৰেছৰ পৰা আহি গেৰুৱাবসন পিন্ধা সুবিধাবাদী নেতা কুলদীপ বৰুৱা, বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি নিপন নাথ, যোৱা বিধানসভা নিৰ্বাচনত বিধায়ক পৰমাৰ সহায়ক হিচাপে আত্মপ্ৰকাশ কৰি বৰ্তমান বিজেপি নেতা হোৱা ৰাণা বশিষ্ঠ, নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি প্ৰতিটো নিৰ্বাচনৰ সময়ত ভূমুকি মৰা দলীয় সংগঠনৰ লগত কোনো সম্পৰ্ক নথকা বৰ্তমানৰ গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী বনমালী শৰ্মাই সমষ্টিটোত নিজকে ভাবী প্ৰাৰ্থী বুলি প্ৰচাৰ চলায় আছে। লক্ষণীয় বিষয়টি হ’ল যে কংগ্ৰেছ নেতা বিনন্দ শইকীয়াক প্ৰত্যাহ্বান জনাব পৰাকৈ ৰাইজে শক্তিশালী বা সমকক্ষ বিজেপি নেতাৰ আত্মপ্ৰকাশ নোহোৱাৰ বাবে সমষ্টিৰ ভোটাৰ ৰাইজ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈ আসস্ত হব পৰা নাই। আনহাতে ২০১৬ চনৰ পৰা দলীয় কৰ্মীৰ লগত কোনো সম্পৰ্ক নথকা কেবল সুবিধাবাদী নেতাই বিজেপি বিধায়কৰ আসন দখল কৰাৰ পিছত দলীয় কৰ্মী সকল বঞ্চিত আৰু অবহেলিত হৈ অহাৰ লেখিয়াকৈ পুনৰ সুবিধাবাদী নেতাই ২৬ ৰ নিৰ্বাচনী টিকট পোৱাৰ সম্ভাৱনাই কৰ্মী সকলক অধিক সন্দিহান কৰি তুলিছে। কিয়নো ২০২১ চনত অগপৰ পৰা একেৰাতিয়ে বিজেপি নেতা হৈ দলীয় টিকট লাভ কৰি বিধায়ক হোৱা পৰমানন্দ ৰাজবংশীক দলীয় কৰ্মী সকলে অত্যন্ত মৰম আৰু বিস্বাসেৰে আদৰি লোৱাৰ পিছতো বিজেপি কৰ্মী সকলক বিশ্বাসত নলৈ নিৰ্বাচনৰ সময়ত দলীয় কাম কাজত দেখা নোপোৱা একাংশ সুবিধাবাদীক বিধায়ক গৰাকীয়ে সকলো ক্ষেত্ৰতে আগস্থান দিয়া কাৰ্যত নিষ্ঠাবান কৰ্মী সকল হতাশ হৈ পৰিছে। বৰ্তমানৰ বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰো দলৰ লগতে কৰ্মী সকলৰ লগত এক গাঢ় সম্পৰ্ক নথকাৰ বাবে অনাগত দিনত ওপৰোক্ত নেতা সকলৰ পৰাও অনুৰূপ ধৰণৰ ফল ভূগিব লাগিব বুলি বিজেপি কৰ্মী সকল শংকিত হৈ পৰিছে।
আনহাতে প্ৰাক্তন মন্ত্ৰী অগপ নেতা জয়নাথ শৰ্মাই আজি এক বছৰ আগৰ পৰাই সমষ্টিত সক্ৰিয় হৈ অগপৰ সংগঠন পুনৰ গঠন কৰি ২০২৬ ত আসন খন মিত্ৰতাৰ ধৰ্মৰ দোহাই দি অগপক এৰি দিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰি অহাই বিষয়টিয়ে বিধায়ক পৰমাৰ দু:চিন্তা বঢ়াইছে। বিভিন্ন সময়ত প্ৰাক্তন মন্ত্ৰী গৰাকীক সংবাদ মাধ্যমৰ জৰিয়তে বিধায়ক পৰমাই একপ্ৰকাৰৰ অপমান আৰি ইতিকিং কৰি অহাৰ বাবেও শৰ্মাই দুগুণ শক্তি প্ৰদৰ্শন কৰি বিধায়ক গৰাকীৰ সন্মুখত টিকট কেন্দিক বিষয়ত বাধাৰ প্ৰাচীৰ হিচাপে ঠিয় দিছে। কিন্তু দীৰ্ঘদিনীয়া বিৰতিৰ পিছত এসময়ৰ প্ৰতাপী নেতা জয়নাথ শৰ্মাই ছিপাঝাৰত নিৰ্বাচনী ৰাজনীতিত কুচ কাৱাজ চলালেও সমষ্টিৰ নতুন ভোটাৰৰ মাজত একেবাৰে আদৰ নোহোৱা বিষয়টিয়ে টিকটৰ যুয খনত আউল লগাব বুলি ধাৰণা কৰা হৈছে।

বিভিন্ন দিশৰ পৰা ছিপাঝাৰ সমষ্টিৰ বৰ্তমানৰ ৰাজনৈতিক ছবিখনত কংগ্ৰেছ সংগোপনে যথেষ্ট শক্তিশালী ৰূপত আগবাঢ়ি থকা দেখা গৈছে এই প্ৰক্ৰিয়াত শেহতীয়া জুবিন গাৰ্গৰ ঘটনাৱলীয়ে যথেষ্ট পৰিমাণে সাৰ পানী যোগোইছে। সমাগত বিধানসভা নিৰ্বাচনত বিৰোধী শিবিৰক শাসকীয় বিজেপিয়ে কিদৰে ভেটিব সেইটো ছিপাঝাৰ সমষ্টিৰ ৰাইজৰ মাজত এক অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে।

ঘৰতে অজ্ঞান হৈ ঢলি পৰিল ‘ৰাজা বাবু’; চিকিৎসকৰ নিৰীক্ষণত অভিনেতা গোবিন্দা । Govinda

ঘৰতে অজ্ঞান হৈ ঢলি পৰিল ‘ৰাজা বাবু’; চিকিৎসকৰ নিৰীক্ষণত অভিনেতা গোবিন্দা । Govinda
ঘৰতে অজ্ঞান হৈ ঢলি পৰিল ‘ৰাজা বাবু’; চিকিৎসকৰ নিৰীক্ষণত অভিনেতা গোবিন্দা । Govinda

Govinda । ঘৰতে অজ্ঞান হৈ ঢলি পৰিল ‘ৰাজা বাবু’; চিকিৎসকৰ নিৰীক্ষণত অভিনেতা গোবিন্দা

বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা (৬১) আজি পুৱা নিজা বাসগৃহতেই আচমকা অজ্ঞান হৈ পৰে। পৰিস্থিতি গম্ভীৰ হৈ পৰাত তেওঁক ততাতৈয়াকৈ মুম্বাইৰ জুহুৰ ক্ৰিটিকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান অভিনেতাগৰাকীৰ স্বাস্থ্য অৱস্থা চিকিৎসকৰ পৰ্যবেক্ষণত আছে।

গোবিন্দাৰ বন্ধু তথা আইনী উপদেষ্টা ললিত বিন্দলে এই খবৰ নিশ্চিত কৰি কয়, “গোবিন্দাজন প্ৰথমে চিকিৎসকৰ পৰামৰ্শত ঘৰতে ঔষধ গ্ৰহণ কৰিছিল, কিন্তু অৱস্থা স্থিৰ নোহোৱাত প্ৰায় ১ বজাত তেওঁক জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়।”

তেওঁ আৰু কয়, “নিজা ঘৰত অচেতন হৈ পৰাৰ পাছতে পৰিয়ালৰ সদস্যসকলে অভিনেতাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান তেওঁ চিকিৎসকৰ তত্ত্বাবধানত স্থিৰ অৱস্থাত আছে।”

লক্ষ্যণীয় যে কেবল এদিন আগতে গোবিন্দাই ব্ৰীচ কেণ্ডি হাস্পতাললৈ গৈ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক সাক্ষাৎ কৰিছিল। তাৰ পিছতেই তেওঁৰ অসুস্থতাৰ খবৰ আগবঢ়ে। সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰ পোৱা এখন ভিডিঅ’ত ‘ৰাজা বাবু’ অভিনেতাগৰাকীক ম্লান মুখে চিকিৎসালয়ৰ পৰা ওলাই আহি থকা দেখা গৈছে।

ইয়াৰ আগতে এই বছৰেই দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’ল গোবিন্দা। বিগত বছৰৰ অক্টোবৰ মাহত, ভুলবশতঃ বন্দুকৰ গুলীত ভৰি এখনত আঘাত পাই তেওঁ একেখন হাস্পতালতে ভৰ্তি হৈছিল। তেতিয়া আই চি ইউত অস্ত্ৰোপচাৰ কৰি সফলভাৱে গুলীটো আঁতৰাই দিয়া হৈছিল।

সেই সময়ত অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতি কৈছিল,
“মই কলকাতালৈ এটা শ্ব’লৈ যাবলৈ সাজু হৈছিলো। ৰাতিপুৱা প্ৰায় ৫ বাজিছিল, বন্দুকটো পৰি যায় আৰু গুলী লাগে। তললৈ চাওঁতেই তেজ দেখা পালোঁ। তাৰ পিছত ভিডিঅ’ বনাই ডাক্তৰৰ সৈতে কথা পাতি ভৰ্তি হ’লোঁ।”

বৰ্তমান চিকিৎসালয়ৰ সূত্ৰই জানাইছে যে অভিনেতাজনৰ অৱস্থা স্থিৰ, যদিও পৰিপূৰ্ণ সুস্থতা আহিবলৈ কিছুমান দিন সময় লাগিব। গোবিন্দাৰ অনুৰাগীসকলে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰি সামাজিক মাধ্যমত শুভকামনা জনাইছে।

লুঙী-ধূতিতকৈ ১০ হাজাৰ টকা দিয়াই ভাল: কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM

লুঙী-ধূতিতকৈ ১০ হাজাৰ টকা দিয়াই ভাল: কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM
লুঙী-ধূতিতকৈ ১০ হাজাৰ টকা দিয়াই ভাল: কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM

CM ASSAM । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে। মহিলাসকলক অৰ্থনৈতিকভাৱে সৱল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ **‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’**ৰ অন্তৰ্গত ১০ হাজাৰ টকাৰ চেক বিতৰণক লৈ কংগ্ৰেছৰ সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়—
লুঙী-ধূতিতকৈ ১০ হাজাৰ টকা দিয়াই ভাল।

খানাপাৰাত আয়োজিত এক বৃহৎ সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছে কৈছিল যে আমি ৰাইজক যি ১০ হাজাৰ টকা দিছো, সেয়া টকাৰ অপচয়। যেতিয়া তেওঁলোকে লুঙী-ধূতি দিয়ে, তেতিয়া সেয়া অপচয় নহয়নে? এখন লুঙী আৰু ধূতি দিয়া ভাল, নে অসমৰ মহিলাসকলক ১০ হাজাৰ টকা দিয়াটো ভাল?”

তেওঁ আগবঢ়ায়, “কংগ্ৰেছ দল পঞ্চবছৰ মূৰে মূৰে এবাৰ লুঙী, ধূতি, আঁঠুৱা দিয়ে। কিন্তু আমি যেতিয়া মহিলাসকলক সাহায্য কৰিছো, তেতিয়া কেতিয়াও সোধা নাছিলো যে কোনে কংগ্ৰেছক ভোট দিলে। আমাৰ লক্ষ্য একেই—অসমৰ প্ৰতিগৰাকী মহিলাক ‘লাখপতি দিদী’ কৰি তোলা।”

শাসকীয় বিজেপি চৰকাৰ আৰু কংগ্ৰেছৰ মাজত সমাজকল্যাণমূলক আঁচনি আৰু ৰাজহুৱা ধনৰ ব্যৱহাৰক লৈ চলি থকা বাকযুদ্ধৰ মাজতেই মুখ্যমন্ত্ৰীৰ এই মন্তব্যে পুনৰ ৰাজনৈতিক বিতৰ্ক উসকায়।

মুখ্যমন্ত্ৰীয়ে লগতে কংগ্ৰেছক উদ্দেশ্য কৰি কয়, “কংগ্ৰেছে আজিকালি নিজৰেই কৰি অহা কামবোৰৰ বাবে লাজ পাব লগা হৈছে। জনসাধাৰণেও এতিয়া মুকলিকৈ ধূতি-লুঙীক প্রত্যাখ্যান কৰিছে।”

ইফালে বিৰোধী ঐক্যক নিয়াও মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয়, “এই বিৰোধী ঐক্য টিভি ছিৰিয়েলৰ দৰে—প্ৰতিটো এপিছ’ডত নতুন গল্প।”

আজি খানাপাৰাত অনুষ্ঠিত অনুষ্ঠানখনত মুখ্যমন্ত্ৰীয়ে **‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’**ৰ অন্তৰ্গত কেইবাহাজাৰো মহিলা উদ্যোগীক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক চেক প্ৰদান কৰে।

ডঃ শৰ্মাই সামাজিক মাধ্যমত এক পোষ্টত লেখে—
“৪০ লাখ মহিলা উদ্যোগীক শক্তিশালী কৰিবলৈ আৰম্ভ হোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৰহাৰ পাছত আজি গুৱাহাটীলৈ আহিছোঁ। কেইবাহাজাৰো আইমাতৃ-বাইদেউৰ উপস্থিতিয়ে আমাৰ নাৰীশক্তিৰ আকাশ চুই চোৱাৰ সপোনক প্ৰতিফলিত কৰিছে। মহিলাসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ দিশত আমি সুস্থিৰ ধাৰাবাহিক গতিৰে আগুৱাই যাম।”

ৰাজনৈতিক বিশ্লেষকৰ মতে, মুখ্যমন্ত্ৰীৰ এই মন্তব্যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ-বিজেপি তর্কক নতুন দিশ প্ৰদান কৰিছে।

কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ’বনে বিৰোধীৰে মিত্ৰতা ? । Congress

কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ'বনে বিৰোধীৰে মিত্ৰতা ? । Congress
কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ'বনে বিৰোধীৰে মিত্ৰতা ? । Congress

Congress । কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ’বনে বিৰোধীৰে মিত্ৰতা ?আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি কংগ্ৰেছ দলে নিজৰ ৰণনীতি প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে। বিজেপিক প্ৰতিহত কৰাৰ অভিপ্ৰায়ে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ এতিয়া বিৰোধী শক্তিসকলক একত্ৰিত কৰাৰ প্ৰচেষ্টাত।

মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ কেইবাটাও গুৰুত্বপূৰ্ণ বৈঠক। উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, উত্তৰ-পূবৰ প্ৰভাৰী জীতেন্দ্ৰ সিং, সহ-তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় আৰু মনোজ চৌহান, লগতে সাংসদ- বিধায়কসকল। বিশেষকৈ অনুষ্ঠিত হয় কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক, য’ত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰ, ৰিপুণ বৰা, ভূপেন বৰা আদি জ্যেষ্ঠ নেতাসকল।

ইফালে আজি বিয়লি অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত অনুষ্ঠিত হ’ব বিৰোধী ৰাজনৈতিক দলসমূহৰ বৈঠক। এই বৈঠকৰ আহ্বান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁৰ কথাত, “আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধীৰ স্থিতি আৰু একতাবদ্ধ ৰূপত লড়াৰ সম্ভাৱনা সন্দৰ্ভত এই বৈঠকত বিশদ আলোচনা কৰা হ’ব।”

এই বৈঠকত উপস্থিত থাকিব ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰ। প্ৰসঙ্গত উল্লেখযোগ্য, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব লোৱাৰ পিছত গৌৰৱ গগৈ প্ৰথমবাৰৰ বাবে বিৰোধী নেতাসকলৰ সৈতে বৈঠকত বহিব।

ভূপেন বৰাৰ সময়ত গঠিত বিৰোধী ঐক্যমঞ্চৰ অভিজ্ঞতাই দেখুৱাইছিল যে ঐক্য স্থাপন সহজ নহয়। তেতিয়া কংগ্ৰেছৰ ওপৰত “বিশ্বাসঘাতকতা”ৰ অভিযোগ উঠি ঐক্যমঞ্চ ভংগ হৈছিল, যাৰ ফলত কংগ্ৰেছ অবিহনে গঠন হৈছিল অসম সন্মিলিত মৰ্চা

এইবাৰ সেই ভুলৰ পুনৰাবৃত্তি নহ’ব নে, আৰু কংগ্ৰেছ পুনৰ বিৰোধী মৰ্চাৰ অংশ হ’ব নে নহয়—সেই কথা আজিৰ বৈঠকত চূড়ান্ত হোৱাৰ সম্ভাৱনা।

গৌৰৱ গগৈৰ নেতৃত্বত এই বিৰোধী বৈঠকে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক পৰিস্থিতিক নতুন দিশ দিব নে, সেইফালেই এতিয়া সকলোৰ দৃষ্টি।

জাৰ্ণি ফৰ লাৰ্ণিং – কাজিৰঙা আৰু কাৰ্বি আংলঙত পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ প্ৰভাৱ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ এক বিশ্ব ঐতিহ্যপূৰ্ণ উদ্যান। এই উদ্যান খন বিশেষত্ব এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ১৯৭৪ চনত ইয়াক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰা হয়। দেশৰ পৰ্যটনৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যান। প্ৰকৃতি সুৰক্ষাৰ বাবে ধাৰাবাহিক ভাবে কাম কৰি অহা বেচৰকাৰী সংগঠন “আৰণ্যকে” কাজিৰঙাৰ কহৰা কাৰ্বি আংলংত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰণ্যকৰ এটা অংশ জার্নী ফৰ লাৰ্ণিংয়ে কাৰ্বি আংলংৰ ভিতৰুৱা বিভিন্ন ঠাইত গাঁও বিলাকৰ স্থানীয় সম্প্ৰদায়ৰ সৈতে কাম কৰি আহিছে। জাৰ্ণি ফৰ লাৰ্ণিংৰ বিভিন্ন কামৰ ভিতৰত ইক’ ৰেষ্টুৰেচন, ঝুমখেতি পৰিদৰ্শন, ৰাবাৰ নিষ্কাষণ, এৰি সূতা নিৰ্মাণ, চৰাই পৰ্যবেক্ষণ, হাবিত খোজ কঢ়া, কাৰ্বি গাঁও পৰ্যবেক্ষণ এইখিনি প্ৰধান।
ইয়াৰোপৰি পৰ্যটক সকলক গাঁৱৰ হমষ্টে থকাৰ এক বিশেষ সুবিধা দিয়ে। ২০১৮ চনত জাৰ্ণি ফৰ লাৰ্ণিংয়ে গাঁৱৰ মানুহৰ লগত কথা পাতি পৰ্যটনৰ ক্ষেত্ৰত আৰু অধিক ভূমিকা লবলৈ হমষ্টে আৰম্ভ কৰে। কাৰ্বি গাঁও বিলাকত কৰা হমষ্টে প্ৰত্যেকটো সমষ্টেৰ মালিকীস্বত মহিলাসকলৰ হাতত থাকে আৰু হমষ্টে বিলাকৰ নাম মহিলাসকলৰ নামেৰে নামাকৰণ কৰে যেনে-পাৰ্বতী হমষ্টে, প্ৰীতি হমষ্টে, কাৰেং হমষ্টে ইত্যাদি। বৰ্তমান মুঠ দহটা হমষ্টে আছে। ইয়াত তেওঁলোকে পৰ্যটসকলক কাৰ্বি সকলৰ থলুৱা খাদ্য দিয়ে। ইয়াৰোপৰি কাৰ্বি সকলৰ সাজ-পোছাকসমূহ পৰ্যটকক চিনাকি কৰি দিয়ে। তেওঁলোকে তাঁতশাল ‘পে থেৰাং’ খনৰ সা-সঁজুলিবোৰ যোগেদি প্ৰয়োজনীয় সাজ-পোছাক তৈয়াৰ কৰি উলিয়াই। কাৰ্বি লোকসকলে মেখেলাখনক ‘পিনী’ বুলি কয়। কাৰ্বি নাৰীসকলৰ মাজত ‘মাৰবং হমক্ৰি আপিনী’ৰ আদৰ বেছি। পিনীখন আটকৈ ৰাখিবৰ কাৰণে কঁকালত ‘ৱামকক’ নামৰ এক ডেৰ আঙুল বহলৰ ফিতা বন্ধা হয়। দেখাত সৰু হ’লেও এই ৱামকক কাপোৰত বিভিন্ন ফুলৰ চানেকি পোৱা যায়। তেওঁলোকে ‘জী পীবা’ নামৰ এখন প্ৰায় এক ডেৰ হাত প্ৰস্থ আৰু আঠ সাত দৈৰ্ঘ্যৰ কলা সূতাৰ দীঘেৰে বোৱা এখন কাপোৰ সকলোৱে ব্যৱহাৰ কৰে-কেচুঁৱাক বোকোচাত বান্ধি ল’বৰ বাবে,গাভৰু আৰু মহিলাই বুকুত বান্ধি ল’বৰ বাবে,চমাংকান অসমীয়া ‘দহা’ আৰু ‘নিমছ ফেৰুং’ নাচত ছোৱালীয়ে মুখঢকা আৱৰণ হিচাপে আৰু মৃতকৰ অস্থি কঢ়িয়াই নিয়াত এই পীবা ব্যৱহাৰ কৰা হয়।
জাৰ্ণি ফৰ লাৰ্ণিংৰ আন এটা উল্লেখযোগ্য কাৰ্যসূচী হৈছে হাবিত খোজ কঢ়া। কাৰ্বি পাহাৰৰ ওপৰৰ এলেকাত কঁহৰা নদীৰ কাষত হাবিত খোজ কাঢ়িবলৈ পৰ্যটকক নিয়া হয়। এই বাটটো প্ৰায় ৬ কিলোমিটাৰ দীঘল। এই পাহাৰীয়া বাটটোৰে আগবঢ়াটো যথেষ্ট প্ৰত্যাহ্বানজনক আৰু ওখোৰা-মোখোৰা বাটটোৰে গৈ গভীৰ অৰণ্যৰ মাজত সোমাবৰ বাবে সাহসী আৰু শাৰীৰিক ভাব সবল হোৱা প্ৰয়োজন। ইয়াৰোপৰি এই ঘন অৰণ্যৰ মাজত বন্যপ্ৰাণী অহাৰো সম্ভাৱনা থাকে। এনেধৰণৰ সংঘাত বা সমস্যাৰ বাবে জাৰ্ণি ফৰ লাৰ্ণিংয়ে একোজন বিশেষজ্ঞ আৰু স্থানীয় ব্যক্তিক পৰ্যটকৰ লগত পঠিয়ায়। হাবিত খোজকঢ়াৰ সময়ত কিছুমান জন্তু আৰু জন্তুৰ চিহ্ন দেখা গৈছিল যিবিলাক দেখি পৰ্যটকে যথেষ্ট আনন্দিত হৈছিল। এই পাহাৰত উঠি যোৱাৰ লগে লগে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু কহৰা নদীৰ পানীৰ জিৰ জিৰ শব্দই মন মোহিত কৰিব।
জাৰ্ণি ফৰ লাৰ্ণিংয়ে আন কাৰ্যসূচীৰ ভিতৰত ছাত্ৰ-ছাত্ৰী সকলক গাঁও পৰিভ্ৰমণ কাৰ্যসূচী হাতত লৈছে। গাওঁ পৰিভ্ৰমণ কাৰ্যসূচীৰ লগতে আন এক উল্লেখনীয় কাৰ্য হৈছে শিক্ষাৰ্থীসকলে যিবোৰ গাওঁ ভ্ৰমণ কৰে সেই গাঁৱৰ গাওঁবোৰৰ মূল্যায়ন কৰা। মুল্যায়নৰ পাছতে শিক্ষাৰ্থীসকলক সেই ঠাইৰ ৰাজনৈতিক ব্যৱস্থা, ভৌগোলিক বৈশিষ্ট্য, অৰ্থনীতি, ঋতু, জীৱিকা আদিৰ দৰে দিশত গাওঁবোৰ সম্পৰ্কে এক স্পষ্ট ধাৰণা প্ৰদান কৰিছিল। ইয়াৰোপৰি ঝুম খেতি, গছ-পুলি সংৰক্ষণৰ পদ্ধতি, ৰাবাৰ সংৰক্ষণ ইত্যাদি কাৰ্যসূচী সমূহ ছাত্ৰ-ছাত্ৰী সকলে পৰ্যবেক্ষণ কৰিবৰ বাবে সুবিধা পাইছে।
আৰণ্যকৰ এটা অংশ জাৰ্নিং ফৰ লাৰ্ণিংয়ে পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰত স্থানীয় কাৰ্বি গাঁওবাসীৰ সহযোগিতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এনেধৰণৰ কাৰ্যসূচীয়ে কহৰা কাৰ্বি আঙলঙৰ পৰ্যটনৰ ক্ষেত্ৰ আগুৱাই নিয়াত সহায় কৰিছে আৰু কাৰ্বি গাঁও সমূহ উন্নতিৰ লগতে মহিলাসকলৰ স্বাৱলম্বীতাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিছে।

Delhi Blast: দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ

দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ
দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ

দিল্লী বিস্ফোৰণত নিহতৰ সংখ্যা ১২জন লৈ বৃদ্ধি।(Delhi Blast)

গুৰুতৰভাৱে আহত ২০ জন লোক।

চিকিৎসাধীন DNA পৰীক্ষাৰে সম্পন্ন হ’ব।

নিহতসকলৰ মৃতদেহ চিনাক্ত।

দিল্লী বিস্ফোৰণৰ তদন্তৰ দায়িত্ব NIAক অর্পণ কৰা হৈছে।

গৃহ মন্ত্ৰালয়ে তদন্তৰ দায়িত্ব নিয়াক অৰ্পণ।

দিল্লী বিস্ফোৰণৰ ঘটনাত পুলৱামা লিংক।

বিস্ফোৰণৰ পিছতে শংকিত পাকিস্তানৰ পেট্ৰ’লিং।

Delhi blast: ভূটানৰ পৰাই দিল্লীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোদীৰ

Delhi blast: ভূটানৰ পৰাই দিল্লীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোদীৰ
Delhi blast: ভূটানৰ পৰাই দিল্লীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোদীৰ

ভূটানৰ পৰাই দিল্লীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।(Delhi blast)

দিল্লীৰ ভয়ংকৰ বিস্ফোৰণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

তেওঁ কয় যে ঘটনাত জড়িত কোনো লোক সাৰি নাযায়। আক্ৰমণকাৰীসকলক কোনোপধ্যেই ৰেহাই দিয়া নহ’ব। সমগ্র দেশ ভুক্তভোগীসকলৰ কাষত আছো আমি ।এই আক্রমণৰ আঁৰৰ শিপা উঘালি পেলাম, প্রতিজন দোষীকে কঠোৰ শাস্তি দিয়া হ’ব। আমাৰ সকলো সংস্থাই এই আক্ৰমণৰ অনুসন্ধান কৰি আছে, মই ওৰে নিশা ঘটনাৰ বুজ লৈ আছিলোঁ।

কালি ৰাজধানী দিল্লীত ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। এখন হুণ্ডাই i20 বাহনৰ পৰা এই বিস্ফোৰণ হয়। বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰিছে। বিস্ফোৰণ সংঘটিত কৰা i20 বাহনখন লালকিল্লা মেট্ৰ ষ্টেশ্যনৰ পৰা ডাঃ ওমৰ নবীয়ে চলাই আনিছিল। ডাঃ ওমৰ নবী পৰিয়ালৰ ৩জন সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে।

Nupur Bora: ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ

ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ
ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ

মুকলি আকাশৰ তললৈ আহিল ACS নূপুৰ বৰা।(Nupur Bora)

ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ।

আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল নূপুৰ বৰা।

বিশেষ আদালতে মঞ্জুৰ কৰিলে নূপুৰ বৰাৰ জামিন।

১৬ ছেপ্টেম্বৰত নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল CM ভিজিলেন্সে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ACS নূপুৰ বৰাৰ।