Home Blog Page 117

Sukaphaa: ম্যানমাৰ পৰা শিপা বিচাৰি চাওলুং চুকাফাৰ বংশধৰ আহিল অসমলৈ

ম্যানমাৰ পৰা শিপা বিচাৰি চাওলুং চুকাফাৰ বংশধৰ আহিল অসমলৈ
ম্যানমাৰ পৰা শিপা বিচাৰি চাওলুং চুকাফাৰ বংশধৰ আহিল অসমলৈ

ম্যানমাৰ পৰা শিপা (Sukaphaa) বিচাৰি চাওলুং চুকাফাৰ বংশধৰ আহিল অসমলৈ। হাবুঙত কঁকাল ঘুৰাই নাচিলে জীয়ৰী ৷ আহোমৰ দ্বিতীয় ৰাজধানী হাবুংত চুকাফাৰ বংশধৰ। অসমৰ অন্যতম সৰ্ববৃহৎ জনগোষ্ঠীৰ হৈছে তাই আহোম জনগোষ্ঠী। স্বৰ্গদেউ চাওলুং চুকাফাক পিতৃ পিতামহ জ্ঞান কৰি অসমত ইতিহাস সৃষ্টি কৰা এটি জনগোষ্ঠী।

বংশৰ বুৰঞ্জী বিচাৰি ৭ নবেম্বৰত অসমত উপস্থিত হয় সুদুৰ ম্যানমাৰৰ পৰা অহা এটা সজাতি দল। সজাতি দলটোত আহিছে স্বৰ্গদেউ চাওলুং চুকাফাৰ নিচায়েকৰ পুতেক চুকানফা নাতি শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্নত সন্ধান কৰিব বংশৰ ঐতিহ্য, সমান্তৰাল ভাৱে আজি উপস্থিত হয় আহোমৰ দ্বিতীয় ৰাজধানী হাবুংত চুকাফাৰ বংশধৰ সকল।

হাবুঙত উপস্থিত হৈ কৈ গ’ল মনৰ কথা লগতে দুয়ো দেশৰ বংশধৰ সকলক কেনেকৈ একত্ৰিত কৰিব তাৰ ওপৰত আলোচনা।

Delhi Blast: ৰাজধানী দিল্লীৰ ভয়াৱহ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকীক গ্ৰেপ্তাৰ

Delhi Blast: ৰাজধানী দিল্লীৰ ভয়াৱহ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকীক গ্ৰেপ্তাৰ
Delhi Blast: ৰাজধানী দিল্লীৰ ভয়াৱহ বিস্ফোৰণত ব্যৱহৃত গাড়ীৰ গৰাকীক গ্ৰেপ্তাৰ

সোমবাৰে ৰাজধানী দিল্লীত ভয়াৱহ বিস্ফোৰণ।(Delhi Blast)

এখন হুণ্ডাই i20 বাহনৰ পৰা এই বিস্ফোৰণ।

আনহাতে দিল্লী এই ভয়াবহ কাণ্ডৰে জড়িত জম্মু-কাশ্মীৰৰ ৪ চিকিৎসক।

দিল্লীৰ বিস্ফোৰণৰ পূৰ্বে গ্ৰেপ্তাৰ জম্মু-কাশ্মীৰৰ ৪ চিকিৎসকক।

ড০ মুজামিল চাকিল, আদিল আহমেদ ৰাথেৰ, চিকিৎসক মইনুদ্দিন ছৈয়দ, চাহিন চাহিদক গ্ৰেপ্তাৰ।

দিল্লীৰ বিস্ফোৰণৰ লগত কানেকশ্যন চিকিৎসককেইজনৰ।

তেওঁলোকৰ পৰা জব্দ ৰাইফল, পিষ্টল আৰু বৃহত পৰিমাণৰ বেটাৰী।

কাশ্মীৰৰ চিকিৎসক মুজামিল চাকিৰৰ ঘৰৰ পৰা জব্দ ২,৯০০ কেজি বিস্ফোৰক।

আদিল আহমেদৰ পৰা জব্দ AK 47 ৰাইফল।

ড০ চাহিন চাহিদৰ বাহনৰ পৰা জব্দ ৰাইফল, জীবন্ত কার্টিজ।

বিস্ফোৰণ সংঘটিত কৰা i20 বাহনখন লালকিল্লা মেট্ৰ ষ্টেশ্যনৰ পৰা ড০ ওমৰ নবীয়ে চলাই আনিছিল।

দিল্লীত বিস্ফোৰণৰ পূৰ্বে CCTVত বন্দী হৈছিল i20 বাহনখন।

ড০ ওমৰ নবী ফৰিদাবাদৰ অলফালাহ মেডিকেল কলেজৰ চিকিৎসক আছিল।

Dharmendra : বৰ্তমানেও সুস্থ অৱস্থাত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ

Dharmendra Passes Away: বলীউডৰ জনপ্রিয় প্রবীণ অভিনেতা ধৰ্মেন্দ্রৰ দেহাৱসান
Dharmendra Passes Away: বলীউডৰ জনপ্রিয় প্রবীণ অভিনেতা ধৰ্মেন্দ্রৰ দেহাৱসান

বলীউডৰ জনপ্রিয় প্রবীণ অভিনেতা ধৰ্মেন্দ্রৰ দেহাৱসান বুলি ভুৱা খবৰ ইলাইছিল।(Dharmendra)

৮৯ বছৰীয়া প্ৰখ্যাত অভিনেতাগৰাকী চিকিৎসাধীন হৈ আছে মুম্বাইৰ ব্ৰীছকেণ্ডি হাস্পতালত।

প্ৰিয় অভিনেতাগৰাকীৰ বিয়োগৰ খবৰ দেশজুৰি প্ৰচাৰ হৈছিল।

৩০০ৰো অধিক ছবিত অভিনয় কৰিছে ধর্মেন্দ্ৰই।

তেওঁ স্বাস্থ্য বুজ ল’বলৈ কালি দিনটোত বহু বলীউদৰ ৰথী-মহাৰথীৰ আগমণ হৈছিল চিকিৎসালয়লৈ।

আনহাতে অভিনেতাগৰাকীৰ পত্নী হেমা মালিনীয়ে তেওঁৰ মৃত্যুৰ খবৰ ভুৱা বুলি সামাজিক মাধ্যমত জনাই।

বৰ্তমানেও সুস্থ অৱস্থাত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ।

মৃত্যুৰ খবৰৰ ভুৱা বাতৰি প্ৰচাৰক লৈ সৰৱ হেমা মালিনী।

Titabar Murder Case: তিতাবৰৰ ছাত্ৰী হত্যাৰ ঘটনাত ৪ জনক গ্ৰেপ্তাৰ

তিতাবৰৰ ছাত্ৰী হত্যাৰ ঘটনাত ৪ জনক গ্ৰেপ্তাৰ
তিতাবৰৰ ছাত্ৰী হত্যাৰ ঘটনাত ৪ জনক গ্ৰেপ্তাৰ

তিতাবৰৰ ছাত্ৰী হত্যাৰ ঘটনাত ৪ জনক গ্ৰেপ্তাৰ। (Titabar Murder Case)

অভিযুক্ত জগত সিঙৰ দুই পুত্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ।

তিতাবৰত সংঘটিত সন্ধানহীন যুৱতী হত্যাকাণ্ডত জড়িত মুঠ ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মূল অভিযুক্ত জগত সিং, জগত সিঙৰ ২ পুত্ৰ কৃষণ সিঙ আৰু জীৱন সিঙক গ্ৰেপ্তাৰ।

আনহাতে ৰেকিবুদ্দিন আহমেদ নামৰ এগৰাকী ফাৰ্মাচিষ্টকো গ্ৰেপ্তাৰ আৰক্ষীৰ।

শৌচাগাৰৰ টেংকীত উদ্ধাৰ হৈছিল সন্ধানহীন য়ুৱতীগৰাকীৰ মৃতদেহ।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা দুই যুৱতীৰ

Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা দুই যুৱতীৰ
Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা দুই যুৱতীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় (Zubeen Garg Death Case) বিচাৰি সোণাপুৰলৈ পদব্ৰজে যাত্ৰা দুই যুৱতীৰ। টীয়কৰ দুই যুৱতীয়ে জুবিনৰ ন্যায় বিচাৰি সোণাপুৰলৈ পদব্ৰজে আৰম্ভ কৰিছে যাত্ৰা। জুবিন গাৰ্গৰ পুৰণি গৃহৰ পৰা ন্যায় বিচাৰি যাত্ৰা আৰম্ভ। দেহত মায়াবিনীকে ধৰি জুবিন গাৰ্গৰ জনপ্ৰিয় গীত। হাৰ্টথ্ৰবৰ জন্মদিনৰ দিনা জুবিন ক্ষেত্ৰত উপস্থিত হোৱাৰ পৰিকল্পনা। এন গগৈ আৰু চুমী শইকীয়াই এই যাত্ৰা আৰম্ভ কৰিছে।

টীয়কৰ টামুলীচিগাস্থিত হিয়াৰ আমঠু সুদুৰ সোণাপুৰৰ সমাধিস্থলীলৈ আজি পুৱাই পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে টীয়কৰ দুই যুৱতী ক্ৰমে চুমি শইকীয়া আৰু নিজু গগৈ। দেহৰ অংগত মায়াবিনীকে ধৰি জুবিন গাৰ্গৰ জনপ্ৰিয় গীত খোদিত কৰি জুবিনৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি এইদৰে পদযাত্ৰা আৰম্ভ কৰিছে এই দুই যুৱতীয়ে। অহা ১৮ নৱেম্বৰ অৰ্থাৎ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিনৰ দিনা জুবিন ক্ষেত্ৰত উপস্থিত হোৱাৰ পৰিকল্পনা লৈ এই যাত্ৰা আৰম্ভ কৰিছে আৰু উক্ত দিনা চৰকাৰে কি ন্যায় দিয়ে তাৰ বাবে অধিক আগ্ৰহেৰে আছে বুলি মন্তব্য কৰিছে এই দুই অনুৰাগীয়ে।ইপিনে যদি ৰাইজে বিচৰা ধৰণে ন্যায়ৰ উত্তৰ নাপাই তেন্তে অনাগত দিনত এইসকল অনুৰাগী কোনো কাৰণতে ৰৈ নাথাকে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত জুবিন গাৰ্গৰ সুযোগ্য পৰিবাৰ গৰিমা গাৰ্গকো ৰাজ পথত ওলাই আহি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

Titabar Murder News: তিতাবৰত চাৰিদিনে সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰ

তিতাবৰত চাৰিদিনে সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰ
তিতাবৰত চাৰিদিনে সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰ

তিতাবৰত সন্ধানহীন (Titabar Murder News) যুৱতীৰ মৃতদেহ উদ্ধাৰ। শৌচাগাৰৰ টেংকীত উদ্ধাৰ সন্ধানহীন যুৱতীগৰাকীৰ মৃতদেহ। তিতাবৰৰ শিলিখা গাঁৱত হৈছে এই ঘটনা। পাতি লোৱা বৰদেউতাক জগত সিঙে হত্যা কৰি মৃতদেহ লুকুৱাই ৰখাৰ অভিযোগ। ইউনিফৰ্মত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীক। তিতাবৰত সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পাছতে ৰিজাৰ্ভ ক্ল’জ OCক। OC লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্ল’জ। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে ন্যায়ৰ দাবীত তিতাবৰ আৰক্ষী থানাৰ প্ৰতিবাদ সাব্যস্ত ৰাইজৰ।

পাতি লোৱা বৰদেউতাক জগত সিঙে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল বুলি অভিযোগ উত্থাপিত হৈছে।‌। মহাবিদ্যালয়ৰ ইউনিফৰ্মত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীক। তিতাবৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

তিতাবৰত সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পাছতে ৰিজাৰ্ভ ক্ল’জড কৰা হৈছে OCক। OC লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্ল’জ। OC লক্ষ্মণ কুমাৰ দাসৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশনা জাৰি। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ৰিজাৰ্ভ ক্ল’জ। সমগ্ৰ ঘটনাটো অকণো গুৰুত্ব দিয়া নাছিল OC লক্ষ্মণ কুমাৰ দাসে।

তিতাবৰত বিগত ৪ দিনে সন্ধানহীন হৈ থকা যুৱতীৰ মৃতদেহ উদ্ধাৰ। অভিযুক্ত জগত সিঙৰ দোকান চৌহদৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ বিপ্লৱী দাসৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে জগত সিঙক।

Asom Sahitya Sabha: শিৱসাগৰত অসম সাহিত্য সভাৰ ‘সুৱাগ তোলা অনুষ্ঠান’ সম্পন্নঃ স্মাৰক গ্ৰন্থ ‘চন্দ্ৰকান্ত’ উন্মোচন পদুম ৰাজখোৱাৰ

স্মাৰক গ্ৰন্থ 'চন্দ্ৰকান্ত' উন্মোচন পদুম ৰাজখোৱাৰ
স্মাৰক গ্ৰন্থ 'চন্দ্ৰকান্ত' উন্মোচন পদুম ৰাজখোৱাৰ

এটা ভৱনক লৈ শতবৰ্ষ (Asom Sahitya Sabha) উদযাপন কৰাটো এটা জাতিৰ বাবে বিৰল পৰিঘটনা, এই আয়োজনে দানবীৰ ৰাধাকান্ত সন্দিকৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ প্ৰয়াস কৰা হৈছে। আজি অসম সাহিত্য সভাৰ চেৰাশালী শিৱসাগৰত উপস্থিত থাকি আমি পৰম সন্তোষ লাভ কৰিছোঁ। অসম সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত শাখা সাহিত্য সভাসমূহৰ আতিথ্যত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে সুৱাগ তোলা অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়।

তেওঁ লগতে কয় যে ৰাধাকান্ত সন্দিকৈৰ সপোন ইন্দ্ৰকান্ত ব্যাকৰণ প্ৰকাশ কৰিব অসম সাহিত্য সভাই । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা প্ৰসংগত কয়- চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসমীয়া জাতিৰ আৱেগ, এই ভৱনৰ শতবৰ্ষ আয়োজন কৰাটোৱেই ভৱনদাতা ৰাধাকান্ত সন্দিকৈৰ প্ৰতি কৃতজ্ঞতাৰ চিন। দানী ব্যক্তি এজনৰ প্ৰতি অসম সাহিত্য সভাই কৰিব লগা শ্ৰদ্ধাই হৈছে আজিৰ এই আয়োজন, এই আয়োজনে কেৱল অসম সাহিত্য সভাৰেই নহয় সমগ্ৰ অসমীয়া জাতিৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে আঁত ধৰা সভাখনত ড০ সীমান্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘চন্দ্ৰকান্ত’ উন্মোচন কৰে পদুম ৰাজখোৱাই।

শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি সাহিত্যিক প্ৰেম গগৈয়ে উদ্বোধন কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক ড০ ৰঘুনাথ কাগয়ুঙ, ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্পৰ আহ্বায়ক নুৰুল চুলতান, সাংগঠনিক সম্পাদকদ্বয় দুলাল নাথ আৰু সুনীল গুৰুঙ, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজন, হাস্য ব্যংগ উপসমিতিৰ আহ্বায়ক জিতুল বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মিণ্টু দাস, মৃনাংক শইকীয়া, মনোৰঞ্জন টায়ে, শিৱসাগৰ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি সন্তোষ দত্ত, প্ৰাক্তন জিলা প্ৰতিনিধি বিনোৱা টায়ে, জিলা সভাপতি যোগেশ কিশোৰ ফুকন, উপসভাপতি তথা আদৰণী সমিতিৰ সম্পাদক ড০ জীৱন কলিতা, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, জিলা সভাপতি মহেন্দ্ৰ হাজৰিকা, উপসভাপতি মাধৱ মহন্ত, সম্পাদক মিতালী শইকীয়া, চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁই, সম্পাদক বিপুল বৰুৱা, তৰাজান শাখা সাহিত্য সভাৰ সভাপতি জোনা দত্ত, শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহৰ সভাপতি-সম্পাদক, বিষয়ববীয়া প্ৰমুখ্যে কেইবাশতাধিক সাহিত্য অনুৰক্ত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

আদৰণি সমিতিৰ সভাপতি তথা জিলা উন্নয়ন আযুক্ত সমীৰণ বৰাই প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি তত্ত্বগধূৰ বক্তৃতা প্ৰদান কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে। ইফালে, দিনটোৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ১০৮ খন পতাকাৰ মূল পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে আৰু পুৱা ৯.৩০ বজাত স্মৃতি তর্পণ কৰে ৰংপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেম বৰুৱাই । ইয়াৰ পিছতে শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা ১০.৩০ বজাত শুভাৰম্ভ হোৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মোহিত কৰে।

Anna Sewa Din: আজি উদ্বোধন কৰা হ’ব ‘অন্ন সেৱা দিন’ আঁচনি

Anna Sewa Din: আজি উদ্বোধন কৰা হ’ব ‘অন্ন সেৱা দিন’ আঁচনি
Anna Sewa Din: আজি উদ্বোধন কৰা হ’ব ‘অন্ন সেৱা দিন’ আঁচনি

আজি শংকৰদেৱ (Anna Sewa Din) কলাক্ষেত্ৰত উদ্বোধন কৰা হ’ব ‘অন্ন সেৱা দিন’ আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব এই আঁচনিখন। আজিৰে পৰা ১৯ তাৰিখলৈ সুলভ মূল্যৰ দোকানৰ পৰা হিতাধিকাৰীয়ে আনিব পাৰিব সামগ্ৰীসমূহ। ‘অন্ন সেৱা দিন’ আঁচনিত কি কি সামগ্ৰী লাভ কৰিব জানেনে-

১১৭ টকাত পাব ১ কেজিকৈ দাইল, চেনি আৰু নিমখ। ৰেচন কার্ড থকা হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা। প্ৰতিমাহৰ ১-১০ তাৰিখলৈ সুলভ মূল্যৰ দোকানত পাব সামগ্রী সূমহ।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ চৰকাৰ সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ বাবে সমানে দায়বদ্ধ৷ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ ‘বিশেষ অন্ন সেৱা দিন’৷ ইয়াৰ জৰিয়তে আমাৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী উপকৃত হ’ব৷ আজিৰ পৰা আৰম্ভ হোৱা এই বিশেষ দিনটি ১৯ নৱেম্বৰত সামৰণি পৰিব৷

আপোনালোকক কথা দিয়া ধৰণেই ৰেচন কাৰ্ডধাৰকসকলে আজিৰ পৰা মচুৰ দালি, চেনি আৰু নিমখ ৰাজসাহায্যযুক্ত দামত লাভ কৰিব পাৰিব৷ আমি বিশ্বাসী খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টি নিশ্চিতলৈ এই পদক্ষেপে সকলোকে লাভান্বিত কৰিব৷

“গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰে, মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal

"গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰে, মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal
"গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰে, মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । Sarbananda Sonowal

Sarbananda Sonowal । গুৱাহাটীস্থিত দ্য আছাম ট্ৰিবিউনৰ উদ্যোগত আয়োজিত “দ্য আছাম ট্ৰিবিউন ডায়লগ ২০২৫ আৰু আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫” অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দর, জলপথ আৰু আয়ু্ষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য আৰু দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক ববিতা ৰাজখোৱা

অনুষ্ঠানত সাংবাদিকতা, সংস্কৃতি, ক্ৰীড়া আৰু উদ্যমিতা ক্ষেত্ৰত অসামান্য অৰ্পণৰ বাবে আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫ প্ৰদান কৰা হয়। সাংবাদিকতাৰ ক্ষেত্ৰত ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, সংস্কৃতিৰ ক্ষেত্ৰত জাহ্নু বৰুৱা, ক্ৰীড়াক্ষেত্ৰত প্ৰসিদ্ধ ফুটবলাৰ লাৰসিং চোৱান আৰু উদ্যমিতা ক্ষেত্ৰত নরেন্দ্ৰ নাথ দত্তক বঁটা প্ৰদান কৰা হয়।

বঁটাপ্ৰদান অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে বঁটাপ্ৰাপকসকলক আন্তৰিক অভিনন্দন জনাই সমাজৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অসামান্য অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

তেওঁ ভাষণত কয় —

“অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদক্ষেত্ৰত ইতিমধ্যে ৮৬ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সম্পূৰ্ণ কৰা দ্য আছাম ট্ৰিবিউনে গুণগত সংবাদ সেৱাৰে বৰ্ণাঢ্য ইতিহাস ৰচনা কৰিছে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে আৰম্ভ কৰা এই যাত্ৰা অসমৰ সাংবাদিকতাৰ নব অধ্যায়ৰ সূচনা কৰিছিল। এই গৌৰৱময় যাত্ৰাত অংশ ল’ব পাৰি মই গৰ্বিত।”

সোণোৱালে অধিক কৈ উল্লেখ কৰে —

“গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰাত সহায় কৰে। মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ। দ্য আছাম ট্ৰিবিউন সদায়েই মোকো দায়বদ্ধতাৰ সৈতে জাতীয় জীৱনত নিষ্ঠাৰে কাম কৰিবলৈ গঠনমূলক দৃষ্টিভংগীৰে অনুপ্ৰাণিত কৰি আহিছে। জনগণৰ সচেতন আৰু শক্তিশালী কণ্ঠস্বৰ হিচাপে কাকতখন গণতান্ত্ৰিক প্ৰমূল্যবোধৰ এক জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি আহিছে।”

তেওঁয়ে লগতে কয় যে, “দ্য আছাম ট্ৰিবিউন হৈছে আমাৰ সংবাদ ইতিহাসৰ এক উজ্জ্বল মাইলফলক। কাকতখনৰ সম্পাদকীয়, স্তম্ভ আৰু লেখাসমূহে পঢ়ুৱৈসকলক বৌদ্ধিক জাগৰণ, সামাজিক চেতনা আৰু গণতান্ত্ৰিক মূল্যবোধৰ পথত আগবঢ়াইছে। আমি আশাবাদী, এই বাতৰিকাকতখন আগন্তুক দিনতেও নিৰ্ভীক, বস্তুনিষ্ঠ আৰু গুণগত সাংবাদিকতাৰ দ্বাৰা অসমৰ ভৱিষ্যৎ গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰিব।”

অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে ৰাধাগোবিন্দ বৰুৱাদেৱৰ স্মৃতি উজ্জ্বল কৰি কয়, “তেখেতে সাংবাদিকতাক এক মিছনৰ পৰা এটা শক্তিশালী উদ্যোগলৈ ৰূপান্তৰিত কৰিছিল। সত্যৰ প্ৰতি তেখেতৰ নিষ্ঠা, দায়বদ্ধতা আৰু দূৰদৰ্শিতাই দ্য আছাম ট্ৰিবিউনক আজিৰ এই উচ্চতালৈ লৈ আহিছে।”

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ সামুদ্ৰিক খণ্ড আৰু জলপথ পৰিৱহণ ক্ষেত্ৰৰ বিকাশত চৰকাৰৰ পদক্ষেপৰ বিষয়ে আলোকপাত কৰি কয় যে, বন্দর নেতৃত্বাধীন বিকাশ নীতিৰ ফলস্বৰূপে ভাৰতীয় জলপথ ব্যৱস্থাই দেশৰ বহনক্ষম উন্নয়নক শক্তিশালীভাৱে আগবঢ়াইছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ সুযোগ-সম্ভাৱনা ত্বৰান্বিত কৰাৰ দিশেও কেন্দ্ৰীয় চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানৰ অন্তত দ্য আছাম ট্ৰিবিউনৰ সম্পাদকমণ্ডলী, বঁটাপ্ৰাপকসকল আৰু উপস্থিত অতিথিসকলে ভাৰতীয় সাংবাদিকতাৰ এই দীঘলীয়া যাত্ৰাত আছাম ট্ৰিবিউনৰ ভূমিকাক কৃতজ্ঞচিত্তে স্মৰণ কৰে।

১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন । Zubeen Garg

১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে 'জুবিন গাৰ্গ …ইত্যাদি'ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন । Zubeen Garg
১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে 'জুবিন গাৰ্গ …ইত্যাদি'ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন । Zubeen Garg

Zubeen Garg । ১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ৰ পৰিবৰ্ধিত সংকলনৰ উন্মোচন

জুবিন গাৰ্গৰ বাসগৃহত পিতৃয়ে উন্মোচন কৰে ‘জুবিন গাৰ্গ …ইত্যাদি’

৯ নৱেম্বৰ, গুৱাহাটীঃ দেওবাৰে কাহিলীপাৰাস্থিত বাসগৃহত তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ (কপিল ঠাকুৰ)দেৱে উন্মোচন কৰে ‘জুবিন গাৰ্গ …ইত্যাদি’ গ্ৰন্থখনিৰ পৰিবৰ্ধিত সংকলন। উল্লেখ্য যে ২০১৫ চনত জুবিন গাৰ্গৰ জন্মদিনত জোনাক যুগান্তৰ বৰাৰ সম্পাদনাত প্ৰথম প্ৰকাশ পাইছিল ‘জুবিন গাৰ্গ…ইত্যাদি’ সংকলখনি। দহ বছৰৰ পাছত আজি তাৰেই পৰিবৰ্ধিত সংস্কৰণটিৰ উন্মোচন কৰা হয়।

গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য ব্যক্তিৰ কথা-কাহিনী, উল্লেখনীয় সময়ৰ ঘটনা-পৰিঘটনা। পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ লগতে সৰ্বমুঠ ১০০ গৰাকী অগ্ৰজ আৰু নৱপ্ৰজন্মৰ লেখকৰ কলমত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন। ২০০৬ চনতে জুবিন গাৰ্গে দিয়া এটি বিশেষ সাক্ষাৎকাৰো সন্নিবিষ্ট হৈ আছে। পৰিবৰ্ধিত সংকলনটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সংকলনটিৰ সম্পাদক জোনাক যুগান্তৰ বৰা, প্ৰকাশক গোকুল কলিতা, সংগীতশিল্পী ভদ্ৰকান্ত দাস, সংগীত পৰিচালক আলাপ দুদুল শ‌ইকীয়া, জুবিন গাৰ্গৰ সহপাঠী তথা ছবি পৰিচালক জয়ন্ত বৰদলৈ, সাংস্কৃতিক সাংবাদিক অনুপম হাজৰিকা, সাংস্কৃতিক সাংবাদিক শিবাণু বৰা, ফেশ্যন ফটোগ্ৰাফাৰ বিক্ৰম বৰপাত্ৰ, সাংবাদিক তথা চলচ্চিত্ৰ পৰিচালক হেমন্ত শৰ্মা, সংবাদকৰ্মী নিপম চুতীয়া, চাণক্য বৰুৱা, অংকুমান বৰদলৈকে ধৰি বহুকেইজন গণমান্য ব্যক্তি। অসমৰ সকলো গ্ৰন্থ বিপনী, গ্ৰন্থমেলাৰ লগতে অনলাইনতো গ্ৰন্থখন উপলব্ধ হ’ব বুলি প্ৰকাশকে জানিবলৈ দিয়ে।