Home Blog Page 119

Health Tips: শীতকালত আপোনাৰ হজম শক্তি সুস্থ কৰি ৰাখিবলৈ খাব ৫টা বিশেষ বস্তু !

শীতকালত আপোনাৰ হজম শক্তি সুস্থ কৰি ৰাখিবলৈ খাব ৫টা বিশেষ বস্তু !
শীতকালত আপোনাৰ হজম শক্তি সুস্থ কৰি ৰাখিবলৈ খাব ৫টা বিশেষ বস্তু !

শীতকালত (Health Tips) বেছিভাগ মানুহেই গেছ, পেট ফুলা, কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাত ভুগে। ঠাণ্ডাত হজম শক্তি লেহেমীয়া হয়। এনে ক্ষেত্ৰত ঔষধৰ প্ৰয়োজন নহয় কাৰণ, আপোনাৰ পাকঘৰতে কিছুমান বনৌষধি থাকে যিয়ে পেটটো ভিতৰৰ পৰা গৰম কৰি ৰাখে আৰু হজম শক্তি উন্নত কৰে। আহক আমি জানো আহক এই ৫ টা মছলাৰ বিষয়ে যিয়ে পেটৰ সুস্বাস্থ্য বজাই ৰাখে –

১) আদা – গেছ আৰু কোষ্ঠকাঠিন্যৰ চিকিৎসা কৰে
শীতকালত আদাই শৰীৰ গৰম কৰি ৰাখে। ইয়াৰ প্ৰাকৃতিক প্ৰদাহ নিবাৰণ আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে, যাৰ ফলত গেছ আৰু কোষ্ঠকাঠিন্য হ্ৰাস পায়। গৰম পানীত আদা উতলাই ৰাতিপুৱা খাব। খাদ্য খোৱাৰ পিছত সৰু টুকুৰা চোবাই খালেও উপকাৰ হ’ব।


২) হালধি – পাচনতন্ত্ৰ শক্তিশালী কৰে
হালধিয়ে। পেট পৰিষ্কাৰ কৰাত সহায় কৰে আৰু হজম শক্তি খৰতকীয়া কৰে। লগতে শীতকালত শৰীৰৰ প্ৰদাহ কমায়। ওজন কমাবলৈও ই সহায়ক। শোৱাৰ আগতে হালধী দিয়া গাখীৰ খাব পাৰে। ইয়াক শাক-পাচলি, মচুৰ দাইল বা তৰকাৰীৰ লগত মিহলাই খাব লাগে। ৰাতিপুৱাও কুহুমীয়া হালধী পানীৰে দিনটো আৰম্ভ কৰিব পাৰে।

৩) নহৰু – গেছ আৰু বদহজমৰ পৰা উপশম
শীতকালত নহৰু স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। নহৰুত থকা পুষ্টিকৰ উপাদানে পাচন এনজাইম সক্ৰিয় কৰি পেটত থকা বেয়া বেক্টেৰিয়া কমায়। ইয়াৰ ফলত গেছ, পেটৰ বিষ, বদহজমৰ পৰা সকাহ পোৱা যায়। ৰাতিপুৱা খালী পেটত এটা কেঁচা নহৰু খাব পাৰে।

৪) দালচেনি – ভোক বৃদ্ধি কৰে আৰু বিপাকীয় ক্ৰিয়া বজাই ৰাখে
ডালচেনিয়ে শীতকালত শৰীৰ গৰম কৰি ৰাখে। ই পেটত লঘু অনুভৱ কৰে, পেট ফুলা কমায় আৰু হঠাতে চেনিৰ বৃদ্ধি ৰোধ কৰে। ৰাতিপুৱা ডালচেনিৰ পানী খাব পাৰে। চাহতো দিব পাৰে।

৫)পাচফোড়ণ – গেছ আৰু এচিডিটিৰ সৰ্বোত্তম প্ৰতিকাৰ
দুৰ্বল হজম শক্তিৰ বাবে বিলাহী সহজ আৰু ঘৰুৱা ঔষধ। ই গেছ গঠনত বাধা দিয়ে আৰু পেট শান্ত কৰে। ৰাতিপুৱা পাচফোড়ণ গৰম পানী খাব লাগে। অলপ ক’লা নিমখো দিব পাৰে।

Ramcharan Bharali: ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল নাগাৰা সম্ৰাট ৰামচৰণ ভৰালীৰ

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল নাগাৰা সম্ৰাট ৰামচৰণ ভৰালীৰ
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল নাগাৰা সম্ৰাট ৰামচৰণ ভৰালীৰ

নলবাৰীৰ কুমাৰিকাটাৰ (Ramcharan Bharali) নিজ বাসগৃহৰ সন্মুখতে কৰা হ’ল সৎকাৰ। বৃহস্পতিবাৰে নিশা ১২ বাজি ২০ মিনিটত ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল খ্যাতনামা শিল্পী গৰাকীয়ে। নিশাৰ আহাৰ গ্ৰহণ কৰি শেষ নিশ্বাস ত্যাগ কৰিছিল শিল্পীগৰাকীয়ে। সদৌ অসম নাগাৰা নাম সন্থাৰ সভাপতি আছিল ৰামচৰণ ভৰালী।

১৯৬৪ চনত নাগৰা নাম পাৰ্টীৰ জন্ম দিছিল ৰামচৰণ ভৰালীয়ে। নাগাৰা নাম সম্পৰ্কীয় 6 খনকৈ গ্ৰন্থও ৰচনা কৰিছিল ৰামচৰণ ভৰালীয়ে। ৰাম চৰণ ভৰালীয়ে ৬৫ খন অডিও কেছেট আৰু ৩০ খন ভিডিঅ’ কেছেট প্ৰযোজনা কৰিছিল। ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ৰামচৰণ ভৰালীয়ে ২০০২ চনত অসম নাট্য সন্মিলনিৰ নাগাৰা নাট্য সূৰ্য নামেৰে সন্মানিত হৈছিল। আজি ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন হল নাগাৰা সম্ৰাট ৰামচৰণ ভৰালীৰ ৷

টোপ ধ্বনি ফুটাই ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় ‘নাগাৰা সূৰ্য’ক৷ ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা অনুষ্ঠানটোত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া,মন্ত্ৰী জয়ন্ত মল্লবৰুৱা,সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্য,প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা,জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী,বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ত্ৰিনয়ন বৰ্মন,জিলা সভাপতি জয়ন্ত বুজৰবৰুৱাকে ধৰি হাজাৰ হাজাৰ গুণমুগ্ধ আৰু নাগাৰা নামৰ অনুগামী সকলে।

IFFI Indian Panorama: IFFI-ৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’

IFFI-ৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ - ‘ভাইমন দা’ আৰু ‘চিকাৰ’
IFFI-ৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ - ‘ভাইমন দা’ আৰু ‘চিকাৰ’

অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ৷ (IFFI Indian Panorama) জুবিন গাৰ্গ অভিনীত ছবি ‘চিকাৰ’ৰ সমান্তৰালকৈ ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত হৈছে আন দুখন অসমীয়া ছবি ‘ভাইমনদা’ আৰু ‘পত্ৰলেখা’

২০২৫ বৰ্ষৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ চমুকৈ IFFI-ৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’ নিৰ্বাচিত হৈছে।

উল্লেখযোগ্য যে, শশাংক সমীৰ পৰিচালিত ‘ভাইমন দা’ কাহিনী চিত্ৰ শিতানত নিৰ্বাচিত হৈছে।

দেৱাংকৰ বুঢ়াগোঁহাই পৰিচালিত ‘চিকাৰ’ মূলসঁতিৰ ছবি শিতানত নিৰ্বাচিত হৈছে।

আনহাতে Non-feature শাখাত নিৰ্বাচিত হৈছে নম্ৰতা দত্ত পৰিচালিত ‘পত্ৰলেখা’৷

এই মহোৎসৱ অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈকে গোৱাত অনুষ্ঠিত হ’ব।

পথৰ কাষত গৰু-ছাগলী এৰাল দিয়াসকল সাৱধান !

পথৰ কাষত গৰু-ছাগলী এৰাল দিয়াসকল সাৱধান !
পথৰ কাষত গৰু-ছাগলী এৰাল দিয়াসকল সাৱধান !

পথৰ কাষত গৰু-ছাগলী এৰাল দিয়াসকল সাৱধান।

পথৰ কাষত গৰু-ছাগলী এৰাল দিলে হ’ব পাৰে জেল।

প্ৰতিখন ৰাজ্য চৰকাৰলৈ এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব।

দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত।

পদপথত গৰু-ছাগলীৰ মুক্ত বিচৰণক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়।

জৰিমণা ভৰিব পাৰে, নহ’লে জেল হ’ব পাৰে।

পোহনীয়া জীৱ-জন্তুক লৈ আহি গৈছে আইন।

মৌখিক ভাৱে এই নিদেৰ্শনা জাৰি কৰিছে।

নিদেৰ্শনা নামানিলে জগৰীয়া হ’ব চৰকাৰী বিষয়া কৰ্মাচাৰী।

গৰাকীবিহীন গৰু-ছাগলী পথৰ পৰাই লৈ যাব চৰকাৰে।

দেশৰ সকলো ৰাজ্য , কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই নিৰ্দেশ।

কেন্দ্ৰ-ৰাজ্য চৰকাৰ, NHAIক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

স্কুল, হাস্পটাল, বাছ আস্থান, ৰেল ষ্টেশ্যন, ষ্টেডিয়ামৰ পৰা কুকুৰ আঁতৰোৱাৰো নিৰ্দেশ।

Zubeen garg: নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গক জীয়াই ৰখাৰ পৰিকল্পনাৰে কলিয়াবৰত জুবিন গাৰ্গৰ ওপজা দিৱস পালন সম্পৰ্কত ৰাজহুৱা সভা

জুবিন গাৰ্গৰ ওপজা দিৱস পালন সম্পৰ্কত ৰাজহুৱা সভা
জুবিন গাৰ্গৰ ওপজা দিৱস পালন সম্পৰ্কত ৰাজহুৱা সভা

কলিয়াবৰত (Zubeen garg) কুঁৱৰীটোলৰ অব্যৱহৃত চৰকাৰী ভূমিত নিৰ্মাণ হ’বলগীয়া ‘জুবিন ক্ষেত্ৰ’ত হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিনৰ আয়োজন। কলিয়াবৰত জুবিন গাৰ্গৰ ওপজা দিৱস পালন সম্পৰ্কত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত আজি এক ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কলিয়াবৰৰ প্ৰায় ৯৫টা সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই ৰাজহুৱা সভা অনুষ্ঠিত হয়। নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি নৱীন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতেই এক ৰহস্যজনক পৰিস্থিতিত মৃত্যু বৰণ কৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই। সভাত বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে, জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ স্বাৰ্থতে কলিয়াবৰৰ বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিক আমন্ত্ৰণ কৰি আনি আগন্তুক ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটো কেন্দ্রীয়ভাৱে উদ্‌যাপনৰ বাবে ৰাইজৰ সহযোগ বিচাৰি ভাষণ দিয়ে। ইয়াৰ কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখৰ অব্যৱহৃত হৈ পৰি থকা চৰকাৰী ভুমিখণ্ডত ‘জুবিন ক্ষেত্ৰ’ ৰূপে নামাকৰণ কৰি নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গক জীয়াই ৰখাৰ পৰিকল্পনা ব্যক্ত কৰে। লগতে মন্ত্ৰী গৰাকীয়ে কিতাপৰ বন্ধু, গছ-গছনি, জীৱ-জন্তুৰ বন্ধু জুবিন গাৰ্গৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত সজীৱ কৰাৰো চিন্তা-চৰ্চা কৰাৰ কথা ঘোষণা কৰে।

অনুষ্ঠানত মণি মাধৱ মহন্তই আগন্তুক ১৮ নৱেম্বৰত উক্ত স্থানতে দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ ওপজা দিনটো উদ্‌যাপন কৰা সম্পৰ্কে বক্তব্য আগ বঢ়ায়। সেই দিনটোত সমূহীয়াভাৱে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এহেজাৰ গায়ন-বায়নৰ দ্বা মাংগলিক কাৰ্য শুভাৰম্ভ কৰা, সহস্ৰাধিক মহিলা যুৱতীৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা আৰু দহ হাজাৰ লোকৰ দ্বাৰা সমস্বৰে ‘মায়াবিনী’ গীতটো পৰিৱেশন কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগতে উক্ত কাৰ্যসূচী পৰিচালনা কৰিবৰ বাবে মন্ত্ৰী কেশৱ মহন্তক সভাপতি, মৃণাল কুমাৰ হাজৰিকাক কাৰ্যকৰী সভাপতি, এখনি পৰিচালনা সমিতি গঠন কৰি দিয়ে। সভাত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকা, কলিয়াবৰ লেখিকা সমাৰোহ সমিতি সভানেত্ৰী সন্ধ্যা খাউণ্ড, আটছাৰ মহেন্দ্ৰ নায়ক, বড়ো সমাজৰ, মুক্তি যুঁজাৰু সন্মিলনীৰ অপূৰ্ব কুমাৰ বৰদলৈ, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰকে প্ৰমূখ্য কৰি ভালেকেইজন লোকে ওপজা দিনটো উদ্‌যাপনৰ সন্দৰ্ভত মন্তব্য আগ বঢ়ায়। আজিৰ সভাত সভাসদসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি দাবী উত্থাপন কৰে। লগতে কলিয়াবৰৰ দীৰ্ঘদিনীয়া এক ‘চিনেমা হল’ নিৰ্মাণৰ বিষয়টোও আলোচনাত স্থান পায়।

Brahmaputra Riverfront: গুৱাহাটীত দুটাকৈ অভিলাষী প্রকল্প – ব্রহ্মপুত্র নদীপাৰ- সতী ৰাধিকা শান্তি উদ্যান আৰু গুৱাহাটী প্ৰৱেশদ্বাৰ টার্মিনেল আৰু ঘাট

ব্রহ্মপুত্র নদীপাৰ- সতী ৰাধিকা শান্তি উদ্যান আৰু গুৱাহাটী প্ৰৱেশদ্বাৰ টার্মিনেল আৰু ঘাট
ব্রহ্মপুত্র নদীপাৰ- সতী ৰাধিকা শান্তি উদ্যান আৰু গুৱাহাটী প্ৰৱেশদ্বাৰ টার্মিনেল আৰু ঘাট

শুক্ৰবাৰে ব্ৰহ্মপুত্ৰ (Brahmaputra Riverfront) ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান মুকলি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰে কাছাৰীঘাটৰ গুৱাহাটী প্ৰৱেশদ্বাৰ। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী প্ৰৱেশদ্বাৰ নদী পৰিবহণ ব্যৱস্থাত এক নৱতম সংযোজন। ১০০জনকৈ যাত্ৰী কঢ়িওৱা ৪খন জাহাজ ৰখাব পৰা যাব এই প্ৰৱেশদ্বাৰত।

এতিয়া ন ৰূপত জিলিকিল লুইতৰ পাৰ। কাছাৰীঘাটৰ গুৱাহাটী প্ৰৱেশদ্বাৰৰ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব আপুনিও।

ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি মাকে সন্তানক লৈ আহে তেন্তে প্ৰৱেশ বিনামূলীয়া হ’ব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। আনহাতে প্ৰাতঃভ্ৰমণৰ বাবে অহা জ্যেষ্ঠ নাগৰিকৰ বাবেও বিনামূলীয়া প্ৰৱেশ হ’ব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। লগতে ব’হাগলৈকে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত লোৱা নহয় প্ৰৱেশ মাচুল। আমি টকাৰ বাবে নহয়, মহানগৰবাসীৰ বাবে এই উদ্যান মুকলি কৰিছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


Tezpur News: ৰাজ্যৰ বহুমুখী প্ৰতিভাধৰ শিল্পী চৌকত আলীৰ দেহাৱসান

ৰাজ্যৰ বহুমুখী প্ৰতিভাধৰ শিল্পী চৌকত আলীৰ দেহাৱসান
ৰাজ্যৰ বহুমুখী প্ৰতিভাধৰ শিল্পী চৌকত আলীৰ দেহাৱসান

ৰাজ্যখনৰ বহুমুখী (Tezpur News) প্ৰতিভাধৰ শিল্পী, প্ৰসিদ্ধ চিত্ৰশিল্পী ক্ৰীড়াবিদ, চলচ্চিত্ৰ অভিনেতা, আলোকচিত্ৰ শিল্পী, প্ৰকৃতিপ্ৰেমী তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ দৌৰি থকা গঁড়ৰ প্ৰতীকপট অংকণ কৰা, তেজপুৰ ফটোগ্ৰাফী ক্লাবে “গুণাকৰ “উপাধিৰে বিভূষিত কৰা চৌকত আলী আৰু নাই ।

শুক্ৰবাৰে নিশা প্ৰায় ২ বাজি ৩০ মিনিটত তেজপুৰৰ পৰোৱাৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত তেজপুৰৰ গৌৰৱ গৰাকীৰ বিয়োগত শোকৰ ছাঁ পৰে ।

Cauliflower: এতিয়া ফুলকবি খোৱাৰ বতৰ, ফুলকবি ধোৱাৰ সময়ত পানীত কি দিব লাগে জানেনে?

ফুলকবি ধোৱাৰ সময়ত পানীত কি দিব লাগে জানেনে?
ফুলকবি ধোৱাৰ সময়ত পানীত কি দিব লাগে জানেনে?

ফুলকবিত পোক-পৰুৱা লুকাই থাকে। (Cauliflower)কেতিয়াবা দেখা যায়, কেতিয়াবা দেখা নাযায়। ইয়াৰ উপৰিও ফুলৰ ভাঁজত মলি জমা হয়। ইয়াৰ ফলত বিভিন্ন ৰোগৰ সম্ভাৱনীয়তা সৃষ্টি হয়।

বজাৰখন এতিয়া লাহে লাহে ফুলকবিৰে ভৰি পৰিছে। আগন্তুক কেইমাহমানৰ ভিতৰত মাছৰ জোলৰ পৰা আৰম্ভ কৰি সকলো তৰকাৰীকেতে দেখা পাব ফুলকবিক। সতেজ বতৰৰ শাক-পাচলিৰ সোৱাদ যথেষ্ট। কিন্তু এই পাচলি বিধে যদি স্বাস্থ্যৰ বাবে বিপদৰ সৃষ্টি কৰে তেন্তে কি হ’ব?

ফুলকবি পৰিষ্কাৰ কৰি ৰখাৰ বিশেষ পদ্ধতি-

১ টা ডাঙৰ পাত্ৰত গৰম পানী ল’ব

তাত ২ চামুচ নিমখ

আধা চামুচ হালধি গুড়ি দিব

১ চামুচ ভিনেগাৰ (নিদিলেও হ’ব)

প্ৰথমে ফুলকবিখিনি ভালদৰে কাটি ল’ব। তাৰ পিছত সেই পাত্ৰটোত দি দিব। নিমখে ফুলকবিৰ পৰা মলি আঁতৰাব আৰু পোকবোৰক মাৰি পেলাব। হালধীত এন্টিবেক্টেৰিয়েল গুণ আছে আৰু ভিনেগাৰে মৃদু বীজাণুনাশক হিচাপে কাম কৰে।

পানীত ২০ মিনিট মান ৰাখিব আৰু পিছত দেখিব পাত্ৰটোত থকা পানীৰ ওপৰত মলি ওপঙি আছে। পোক-পৰুৱা থাকিলেও পানীৰ ওপৰলৈ উঠি আহিব।

ধোৱাৰ পিছত কোমল টাৱেল এখনত টুকুৰাবোৰ শুকুৱাই ল’ব। ফুলকবি যদি ৰন্ধা সময়ত তিতি থাকিব নালাগে।

Uma Chetry: মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে বহুত ভাল লাগিছেঃ উমা চেত্ৰী

মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে বহুত ভাল লাগিছেঃ উমা চেত্ৰী
মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে বহুত ভাল লাগিছেঃ উমা চেত্ৰী

বিশ্ব জয় কৰিলে (Uma Chetry) উমা চেত্ৰীয়ে, বোকাখাটৰ বাসগৃহত আনন্দৰ লহৰ। ICC মহিলা বিশ্বকাপত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল উমাই। ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ভাৰতে।

কালি বিশ্ব জয় কৰি অসমত উপস্থিত হয় অসম গৌৰৱ উমা চেত্ৰী। গুৱাহাটীৰ পৰা পোনে পোনে নিজ বাসগৃহত উপস্থিত উমা। বোকাখাটৰ বাসগৃহত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে।

বিশ্ব জয় কৰি উমাই এটা ভিডিঅ’ত কয় যে মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে বহুত ভাল লাগিছে। সকলোৰে এটা সপোন থাকে ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলা।

এইদৰে মন্তব্য কৰে ICC মহিলা বিশ্বকাপত জয়ী হোৱা অসম গৌৰৱ উমা চেত্ৰীয়ে ভাষ্য।

Dilip Saikia: কংগ্ৰছৰ হঠকাৰী সিদ্ধান্তৰ বাবেই পূৰ্ণাংগ ৰূপ নাপালে “বন্দে মাতৰম” ৰাষ্ট্ৰীয় গীতটোৱেঃ দিলীপ শইকীয়া

কংগ্ৰছৰ হঠকাৰী সিদ্ধান্তৰ বাবেই পুৰ্ণাংগ ৰূপ নাপালে “বন্দে মাতৰম” ৰাষ্ট্ৰীয় গীতটোৱেঃ দিলীপ শইকীয়া
কংগ্ৰছৰ হঠকাৰী সিদ্ধান্তৰ বাবেই পুৰ্ণাংগ ৰূপ নাপালে “বন্দে মাতৰম” ৰাষ্ট্ৰীয় গীতটোৱেঃ দিলীপ শইকীয়া

“১৮৭৫ চনতে বংকিম (Dilip Saikia) চন্দ্ৰ চট্টোপাধ্যায়ে লিখা “বন্দে মাতৰম” গীতটি আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূলমন্ত্ৰ ৷ এই গীতটি ১৮৯৬চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে সুৰ দি আবৃত্তি কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ১৯০৫চনত বঙ্গ বিভাজনৰ সময়লৈকে ধ্ৰুপদী ৰাগ দেশ মালহাৰৰ ওপৰত স্হাপন কৰা হৈছিল আৰু ই মাৰ্চিঙ গীত হিচাপে প্ৰতিজন ভাৰতীয়ৰ জনপ্ৰিয় হৈ পৰিছিল। তদুপৰি এই গীতটি ১৯৫০চনত স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে জাতীয় গীতৰ মৰ্যাদা দিছিল । কিন্তু ভাৰত স্বাধীন হোৱাৰ পূৰ্বেই একাংশ কংগ্ৰেছীৰ হঠকাৰী সিদ্ধান্তৰ বাবেই গীতটিয়ে পূৰ্ণাংগ ৰূপ নাপায় কেৱল মাত্ৰ চাৰিটামান শাৰীতে সীমাবদ্ধ হৈ থাকিল । আজি বাইহাটা চাৰিআলিস্থ উত্তৰ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এইকথা সদৰী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওডালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ।

সাংসদগৰাকীয়ে গীতটিৰ সন্দৰ্ভত ঐতিহাসিক বিশ্লেষণ দাঙি ধৰি কয় যে সম্প্ৰতি ১৫০বছৰত ভৰি দিয়া গীতটিৰ পূৰ্ণাংগ ৰূপ দিয়াৰ বাবেই চলিত বৰ্ষৰ ১অক্টোবৰত ভাৰত চৰকাৰৰ কেবিনেটত সমগ্ৰ ভাৰতবৰ্ষতে গীতটিৰ প্ৰচাৰৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু উক্ত সিদ্ধান্তৰ ভিত্তিতে সাত নবেম্বৰত ভাৰতৰ সকলো ৰাজ্যৰ লগতে অসমৰো গুৱাহাটী, ধুবুৰী, শিলচৰ , শোণিতপুৰ, লক্ষীমপুৰ আৰু ধেমাজী জিলাত গীতটি পূৰ্ণাংগ ৰূপত প্ৰচাৰ কৰাৰ উপৰি পৰৱৰ্তী সময়ত অন্যান্য জিলাসমুহত প্ৰচাৰ কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হ’ব ৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা, ৰাজ্যিক উপ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈ,কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা তথা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ভাস্কৰ কলিতা, জেষ্ঠ্য বিজেপি নেতা মদন চন্দ্ৰ ডেকাৰ উপস্থিতিত আয়োজন কৰা সংবাদমেলখনত সাংসদ শইকীয়াই“ বন্দে মাতৰম” সন্দৰ্ভত ইয়াকো কয় যে স্বাধীনতাৰ পূৰ্বে ১৯২৩চনত কাকিনাদাত অনুস্থিত কংগ্ৰেছৰ অধিবেশনত বিষ্ণু দিগম্বৰ পালুস্কৰক “বন্দে মাতৰম“ গাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও তদানীন্তন কংগ্ৰেছৰ সভাপতি মৌলানা মহম্মদ আলীয় ইছলামত সংগীত নিষিদ্ধ বুলি ধৰ্মীয় ভিত্তিত আপত্তি দৰ্শাইছিল আৰু গীতটি আনুষ্ঠানিকভাবে অক্ষম কৰাৰ সিদ্ধান্ত লৈছিল ৷

একেদৰে বৰ্তমানেও কংগ্ৰেছৰ ৰাহুল গান্ধীৰ এখন কৰ্ণাটকত হোৱা সভাত সময়ৰ নাটনি দেখুৱাই গীতটিৰ চাৰিটামান শাৰীহে গাবলৈ দিয়া হয় বুলি উল্লেখ কৰি প্ৰসংগক্ৰমে সাংসদগৰাকীয়ে ৰাহুল গান্ধীকো সমালোচনা কৰে ।লগতে সাংসদ গৰাকীয়ে কংগ্ৰেছৰ প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে নহয় বৰঞ্চ শাসন ব্যৱস্হাৰ বিৰুদ্ধেহে বুলি কোৱা ৰাহুল গান্ধীৰ বক্তব্যত ক্ষোভ প্ৰকাশ কৰে ।