Home Blog Page 120

Rash mahotsav: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত বৃহত্তৰ শিল্পী সমাজৰ ৰাস উদ্‌যাপন

Rash mahotsav: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত বৃহত্তৰ শিল্পী সমাজৰ ৰাস উদ্‌যাপন
Rash mahotsav: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত বৃহত্তৰ শিল্পী সমাজৰ ৰাস উদ্‌যাপন

৫ নৱেম্বৰ (Rash mahotsav) বুধবাৰে বৃহত্তৰ মহামগৰী শিল্পী সমাজৰ উদ্যোগত প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত গৌৰৱোজ্জ্বল অষ্টম বৰ্ষৰ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদ্‌যাপন কৰা হয়৷ বৃহত্তৰ শিল্পী সমাজে শ্ৰীশ্ৰীকৃষ্ণ প্ৰভুৰ মুখৰ ভাষা ব্ৰজাৱলী ভাষাতেই যোৱা আঠ বছৰ ধৰি সম্পূৰ্ণ ৰাসখন অনুষ্ঠিত কৰি আহিছে৷ নৱপ্ৰজন্মক গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ লগত চিনাকী কৰাই ভৱিষ্যতৰ আদৰ্শ গঢ়ি তোলাৰ এক উত্তম প্ৰয়াস শিল্পী সমাজৰ এই ৰাসলীলা প্ৰদৰ্শন৷ ৰাসলীলাৰ লগত সংগতি ৰাখি পুৱা পাঁচ বজাত ঊষা কীৰ্তন কৰা হয়৷ আঠ বজাত ডঙ্ম হিতেশ বৰুৱাই বৃক্ষৰোপণ কাৰ্যসূচী উদ্বোধন কৰে৷

উপস্থিত থাকে সভাভতি বাবুল বৰা, জীৱনানন্দ হাজৰিকা আৰু দুৰ্লভ দাস৷ আবেলি চাৰি বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ প্ৰতিচ্চৱিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি আৰু মাল্যাৰ্পণ কৰা হয়৷ বন্তি প্ৰজ্বলন কৰে শিল্পী সমাজৰ বৰ্তমান সভাপতি বাবুল বৰাই৷

উপস্থিত থাকে মাইনী মহন্ত, ড॰ সূৰ্য হাজৰিকা আৰু মীৰা বৰঠাকুৰ৷ আবেলি চ্ছ্ৰ.৩০ বজাত স্মৰণিকা ‘মুৰাৰী’ উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস আৰু চামুগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তাৰানাথ মহন্ত৷ উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক একোখনি ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সন্ধিয়া ৬.৩০ কৃষ্ণৰ ৰাসলীলা উদ্বোধন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মুখ্য সঞ্চালক ৰাহুল চন্দ্ৰ দাসে৷ প্ৰভু নাৰায়ণ আৰু লক্ষীদেৱীৰ অমৃত বচনেৰে আৰম্ভ হোৱা ৰাসলীলাখন৷

পৰ্যায়ক্ৰমে বাসুদেৱৰ গোকুল গমন, নন্দোৎসৱ, দধিমথন, প্ৰভাতী জাগৰণ, অঘাসুৰ বধ, বকাসুৰ বধ, কালিয় দমন আৰু কেলিগোপাল মঞ্চস্থবে সামৰা হয়৷ শিশু কৃষ্ণৰ পৰা মহাৰাসৰ কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰে যথাক্ৰমে জিষ্ণুৰাজ কাশ্যপ, নম্ৰতা কাশ্যপ, কৃষ্টিনা ডেকা, কস্তুৰী কাশ্যপ, কুণ্টল বেজবৰুৱা আৰু জ্ঞানেন কাশ্যপে৷ সম্পূৰ্ণ ৰাসখনৰ মুখ্য আহ্বায়ক চিন্তামণি বেজবৰুৱা, নাট পৰিচালক দিলীপ দাস, সহযোগী বিপাঞ্চী কাশ্যপ গগৈ, নৃত্য পৰিচালক জগত বাৰিক বৰবায়ন, কণ্ঠশিল্পী দিপালী মহন্ত বেজবৰুৱা, মনদ্বীপ মহন্ত আৰু তৃষ্ণা কলিতা৷ স্মৰণিকা ‘মুৰাৰী’ৰ সম্পাদক নৱ কুমাৰ গোস্বামী আৰু ৰুমী কলিতা৷ সম্পূৰ্ণ ব্ৰজাৱলী ভাষাত অনুষ্ঠিত ৰাসখনৰ আৰু অধিক প্ৰসাৰতাৰ বাবে আৰু লগতে এই ব্ৰজাৱলী ভাষা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ মুখ্য সম্পাদক চিন্তামণি বেজবৰুৱাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মুখ্য সঞ্চালক ৰাহুল চন্দ্ৰ দাসক অনুৰোধ জনায়৷

Vicky Kaushal Katrina Kaif: বিকি-কেটৰ জীৱনলৈ আহিল নতুন আলহী

বিকি-কেটৰ জীৱনলৈ আহিল নতুন আলহী
বিকি-কেটৰ জীৱনলৈ আহিল নতুন আলহী

বলীউড উদ্যোগৰ পৰা আহিছে এক সুন্দৰ খবৰ। (Vicky Kaushal Katrina Kaif) বিকি কৌশল আৰু কেটৰিনা কাইফ পিতৃ-মাতৃ হ’ল। এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হ’ল বিকি কৌশল আৰু কেটৰিণা কাইফ। ৪২ বছৰ বয়সত পুত্ৰ সন্তানৰ মাতৃ হ’ল কেটৰিণা কাইফ।

বিকি কৌশল আৰু কেটৰিনা কাইফে যথেষ্ট পলমকৈ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল যদিও সময়মতে শিশুটিৰ আগমনৰ খবৰ দিছে। এই সুখবৰটো ফেচবুকৰ জৰিয়তে জনাই বিকি-কেটে।

অনুৰাগীয়ে শুভেচ্ছাৰে জনাই দুয়োকে। কেৱল অনুৰাগীয়েই নহয়, ছবি জগতৰ বন্ধুসকলেও দম্পতীক অভিনন্দন প্ৰেৰণ কৰিছে।

অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ভিকি আৰু কেটৰিনাৰ কেঁচুৱাৰ মুখখন চাবলৈ। সকলোৱে কেঁচুৱাটিক মৰম দিছে আৰু ভিকিও পিতৃ হ’বলৈ পাই অতি সুখী।

Nirmala Sitharaman: আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।(Nirmala Sitharaman)

কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

গুৱাহাটী প্ৰৱেশদ্বাৰ টাৰ্মিনেল আৰু ঘাট মুকলি কৰিব সীতাৰমণে।

ভাসমান টাৰ্মিনেলে নদী পৰ্যটনত নতুন দিগন্তৰ সূচনা কৰিব।

ব্ৰহ্মপুত্ৰ নদী পাৰ- ‘সতী ৰাধিকা শান্তি উদ্যানো’ মুকলি কৰিব।

৩২৭ কোটি টকা ব্য়য় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে শান্তি উদ্য়ান।

মুকলি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Tarsem Mittal: CIDৰ কাৰ্যালয়ত হাজিৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিট্টাল

CIDৰ কাৰ্যালয়ত হাজিৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ
CIDৰ কাৰ্যালয়ত হাজিৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ

CIDৰ কাৰ্যালয়ত হাজিৰ জুবিনৰ প্ৰাক্তন মেনেজাৰ টাৰছেম মিট্টাল।(Tarsem Mittal)

CID কাৰ্যালয়ত হাজিৰ টাৰছেম মিট্টাল।

SITয়ে জেৰা চলাব টাৰছেম মিট্টালক।

জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ আছিল টাৰছেম মিট্টাল।

কেইবাবছৰ ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰছেম।

আজি SITৰ জেৰাৰ সন্মুখীন জুবিনৰ প্ৰাক্তন মেনেজাৰ।

প্ৰায় ১২ বছৰ জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল টাৰছেম মিট্টাল।

টাৰছেম মিট্টালৰ জৰিয়তে সিদ্ধাৰ্থৰ সৈতে চিনাকি হৈছিল জুবিন গাৰ্গ।

Uma Chetry: বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী

Uma Chetry: বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী
Uma Chetry: বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী

বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী।(Uma Chetry)

বিশ্বকাপ জয় কৰি কালি গৃহভূমিত উপস্থিত উমা চেত্ৰী।

মহিলা ক্ৰিকেট বিশ্বকাপ জয়ৰ পাছত বৃহস্পতিবাৰে ঘৰমুৱা হয় খেলুৱৈগৰাকী।

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উমা চেত্ৰীক উষ্ম আদৰণি জনাই।

কিন্তু উমা চেত্ৰীক আদৰিবলৈ উপস্থিত নহ’ল চৰকাৰৰ কোনো বিষয়া।

কেৱল উপস্থিত আছিল ACAৰ বিষয়ববীয়া।

আৱেগিক হৈ ক্ষোভ প্ৰকাশ গোৰ্খা ছাত্ৰ সন্থাৰ।


ইকুবেডৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবোৱাক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ…

 বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই আজি লেটিন আমেৰিকাৰ দেশ ইকুবেড গণৰাজ্যৰ ৰাজধানী কিট’ত দেশখনৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবোৱাক সাক্ষাৎ কৰি দুয়োখন দেশৰ কেতবোৰ দিশ আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে।

উল্লেখ্য যে, চেণ্ট্ৰেল আৰু লেটিন আমেৰিকা ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই ইকুৱেডৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী আৰু শীৰ্ষ বিষয়াবৰ্গৰ সৈতে দেশৰ হৈ  দ্বিপাক্ষিক আলোচনা কৰাৰ লগতে ইকুৱেডৰ ৰাজধানী কিট’ত ভাৰতবৰ্ষৰ নৱ-প্ৰতিষ্ঠিত দূতাৱাসৰ উদ্বোধন কৰে।

ভ্ৰমণসূচীত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মবফেল্ডকো সাক্ষাৎ কৰে। বৈঠকত দুয়ো পক্ষই ৰাজনৈতিক, বাণিজ্যিক, ভেষজ প্রশিক্ষণ আৰু সামর্থ্য বৃদ্ধিৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন ক্ষেত্রসমূহৰ সহযোগিতা সুদৃঢ় কৰাৰ সুযোগত অন্বেষণ কৰে।

বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ কূটনৈতিক প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ বাবে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্রমা দপ্তৰৰ ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটা আৰু শ্রীমতী ছ’মাৰফেল্ডে কালি যুটীয়াভাবে ইকুৱেডৰ ৰাজধানী কুইট’ত ভাৰতীয় দূতাবাসো উদ্বোধন কৰে।

শ্ৰী মাৰ্ঘেৰিটাই লগতে ভাৰত আৰু ইকুৱেডৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পর্কে দেশখনৰ আগশাৰীৰ ব্যৱসায় জগতৰ প্রতিনিধিসকলৰ সৈতে মত বিনিময় কৰে।

এটা ফাইলত বন্দী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কু-কাৰ্য…

সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত উদ্ধাৰ হোৱা এটা ফাইলৰ ৰহস্য ফাদিল। SITৰ দীৰ্ঘ তদন্তত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য
জুবিন গাৰ্গে চিকিৎসাৰ বাবে ব্যয় কৰা ৰোগীৰ ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই। ২৮৮ গৰাকী ৰোগীৰ চিকিৎসা ব্যয়ৰ কমিচন লৈছিল সিদ্ধাৰ্থই।


জুবিন গাৰ্গে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা সাহায্য দিছিল ২৮৮ ৰোগীক। প্ৰায় ৪৩ লাখ টকাৰ ৩০% কমিছন খাইছিল সিদ্ধাৰ্থ শৰ্মাই।
২০১০ৰ পৰা ২০২৫লৈ শ শ ৰোগীক চিকিৎসা কৰাইছিল জুবিনে। ৰোগীৰ পৰা প্ৰায় ১৩.৫০ লাখ টকা সৰকাইছিল সিদ্ধাৰ্থই। মেনেজাৰ সিদ্ধাৰ্থৰ দঁতালপাৰাৰ ফ্লেটত উদ্ধাৰ হৈছিল ফাইলটো।
SITএ দীপু কৰ্মকাৰ নামৰ GMCHৰ কৰ্মচাৰীজনৰ সংগ্ৰহ কৰিলে ভাষ্য। GMCHৰ কৰ্মচাৰী দীপৰ সহযোগত জুবিনে চলাইছিল চিকিৎসা সেৱা।

ধনী ৰাষ্ট্ৰৰ এজন দুখীয়া ৰাষ্ট্ৰপতি…

ৰাষ্ট্ৰপতি বুলিলেই আপোনাৰ সততে মনলৈ ভাঁহি অহা প্ৰতিপত্তিশালী ছবিখনৰ বিপৰীতে এজন ব্যতিক্ৰমী ৰাষ্ট্ৰপতিৰ জীৱন-কাহিনী ।
আজি আপোনাক এনে এজন ৰাষ্ট্ৰপতিৰ সৈতে চিনাকি কৰাই দিম, যিয়ে অৰ্থ-বিত্তৰ পৰা বিৰত থাকে অথচ নিজৰ কাপোৰো নিজেই ধোৱে । জীৱন যাপন কৰে ফুল বিক্ৰীৰ ধনেৰে ।

তেওঁ আন কোনো নহয়, উৰুগুৱেৰ তদানীন্তন ৰাষ্ট্ৰপতি হোচে মুহিকা ।২০১০ ৰ পৰা ২০১৫ চন পৰ্যন্ত ৫ বছৰ ধৰি ৰাষ্ট্ৰপতি হৈ থকা স্বত্বেও তেওঁৰ নাই কোনো বিলাসী আবাস । ৰাজধানীৰ মন্ত্ৰী আবাসৰ পিছফালে থকা এটা ভগা পঁজাতেই তেওঁৰ আশ্ৰয় ।য’ত কোনো নিৰাপত্তাৰক্ষীয়ে আৱৰি নাথাকে ।

যদিও নীতিগত ভাৱে নিৰাপত্তাৰক্ষী থকাটো বাঞ্চনীয় । কিন্তু কেৱল দুজন আৰক্ষী আৰু এটা কুকুৰেই তেওঁৰ নিৰাপত্তাৰ ভূমিকাত । আনকি সেই কুকুৰটোৰো নাই এখন ঠেং । ৰাষ্ট্ৰপতি হৈয়ো তেওঁ ব্যৱহাৰ নকৰে চৰকাৰী আৱাস-চৰকাৰী গাড়ী। শীত-তাপ নিয়ন্ত্ৰিত কোঠাটো বাদেই তেওঁৰ আবাসত নাই এটা ৱাশ্বিং মেচিনো ।আবাসৰ সমীপৰ এটা ভগা কুৱাই তেওঁৰ নিত্য-ব্যৱহাৰ্য পানীৰ উৎস ।পত্নীৰ সৈতে তেওঁ ব্যস্ত থাকে ফুলনিত । নিজেই হৈ পৰে মালী, নিজেই বিক্ৰেতা ।

ফুল বিক্ৰীৰ ধনেৰেই চলে তেওঁৰ জীৱন-সংসাৰ । সাধাৰণ নাগৰিকৰ দৰেই চলে তেওঁৰ দৈনন্দিন জীৱন । সততে ৰাষ্ট্ৰপতিৰ কনভয় আহিলে পথ এৰি দিয়াৰ নিয়মো অপ্ৰযোজ্য তেওঁৰ ক্ষেত্ৰত । সাধাৰণ নাগৰিকৰ দৰেই মানি চলে যান-বাহনৰ নিয়ম । ৰাষ্ট্ৰপতি হৈয়ো বাৰমহলীয়া অট্টালিকাৰ পঞ্চতাৰকা হোটেলৰ বিপৰীতে তেওঁ আহাৰ গ্ৰহণ কৰে ৰাস্তাৰ দাঁতিৰ হোটেলত ।

ৰাষ্ট্ৰপতি হৈ তেওঁৰ উপাৰ্জন ১২ হাজাৰ ডলাৰ ।মাত্ৰ ৭৮০ ডলাৰ ৰাখি বাকী অংশ দান দিয়ে ৰাজহুৱা স্বাৰ্থত । তেওঁৰ জনপ্ৰিয়তা হয়তো আপোনাক দুনাই কোৱাৰ প্ৰয়োজন নাই ।১৯৩৫ চনৰ পিছত চৰম ৰাজনৈতিক দুৰ্যোগক নেওচি তেওঁ গঠন কৰিছিল গেৰিলা দল ।


ৰাজনৈতিক মেৰ-পাকত কেবাবাৰো কাৰাবাস খাটিবলগীয়া হোৱা এইগৰাকী সৎ ৰাষ্ট্ৰপতি প্ৰতিপন্ন হ’ল আটাইতকৈ দুখীয়া ৰাষ্ট্ৰপতিৰূপে । ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব এইগৰাকী ৰাষ্ট্ৰপতি হোচে মুহিকা ।

ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ডিগবৈ গ্ৰন্থমেলা-২০২৫…

ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত সদৌ অসম পুথি বিক্ৰীেতা আৰু প্ৰকাশক সংস্হাৰ সহযোগত ডিগবৈ ৰিফাইনেৰী খেলপথাৰত ডিগবৈ গ্ৰন্থমেলা ২০২৫ অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে । আগন্তুক ৯নবেম্বৰৰ পৰা ১৬ নবেম্বৰ ২০২৫ তাৰিখলৈ আঠদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা ডিগবৈ গ্ৰন্থমেলাখনিৰ লগত উঠি অহা প্ৰজন্মক সংপৃক্ত কৰিব পৰাকৈ এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছে উদ্যোগতা সমিতিয়ে ৷ কাৰ্যসূচী অনুসৰি ন নবেম্বৰ তাৰিখে পাতাক উত্তোলন,শ্বহীদ তৰ্পণ,গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন আৰু দিনৰ ১১ বজাৰ পৰা দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ১০ নবেম্বৰ তাৰিখে বিয়লি চাৰি বজাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কুইজ প্ৰতিযোগিতা ৷ পৰিচালনা কৰিব কুইজ মাষ্টাৰ সায়ন্তন শইকীয়াই । ১১ নবেম্বৰ তাৰিখে বিজ্ঞানী তথা উদ্ভাৱক ড° উদ্ধৱ ভৰালীৰে সৈতে বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে বিয়লি চাৰি বজাৰ পৰা সত্ৰীয়া কৃষ্ণ নৃত্য প্ৰতিযোগিতা । ১২ নবেম্বৰ তাৰিখে সত্ৰীয়া দশৱতাৰ নৃত্য প্ৰতিযোগিতা ।

১৩ নবেম্বৰ তাৰিখে বৰগীত প্ৰতিযোগিতা । ১৪ নবেম্বৰ তাৰিখে সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিৰে সৈতে এক আলাপ অনুষ্ঠান ৷ ১৫ নবেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া মানসিক উৎকৰ্ষ সাধন আৰু অভিৰোচন অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব মাইণ্ড পথ একাডেমিৰ সঞ্চালক ৰূপান্তৰ চাউৰক ৷ আবেলি চাৰি বজাৰ পৰা তিনিচুকীয়া জিলা ভিত্তিত অনুষ্ঠিত হ’ব মূকাভিনয় প্ৰতিযোগিতা । ১৬ নবেম্বৰ তাৰিখে মুকলি আৰু বঁটা বিতৰণী সভাৰ লগতে সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক গীতে মাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুস্হিত কৰিবলৈ দিহা কৰিছে উদ্যোগতা সমিতিয়ে । আঠদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে তৈলনগৰী ডিগবৈ চহৰৰ মাজমজিয়াত অৱস্হিত ৰিফাইনেৰী খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ডিগবৈ গ্ৰন্থমেলা ২০২৫ ৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত উদ্যোগতা সমিতিৰ হৈ সভাপতি ৰাজু হাজৰিকা,কাৰ্যকৰী সভাপতি নিখিল কোঁচ আৰু যুটীয়া সম্পাদক বিনোদ বাগ্ৰা আৰু অনুপম গগৈয়ে সমুহ ডিগবৈবাসী ৰাইজৰ সৰ্বতোপ্ৰকাৰেৰে সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শৰ কামনা কৰিছে । গ্ৰন্থমেলাখনিৰ লগত সংগতি থকা যিকোনো বিষয়ত সবিশেষ তথ্য জানিবলৈ আয়োজন সমিতিয়ে ৭৬৩৬০০৩৫৩৯ আৰু ৬০০৩৮৭৭১৭৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

Sindoor: শিৰত সেন্দূৰ লগাওতে নাকত পৰিলে শুভ নে অশুভ সংকেত ?

শিৰত সেন্দূৰ লগাওতে নাকত পৰিলে শুভ নে অশুভ সংকেত ?
শিৰত সেন্দূৰ লগাওতে নাকত পৰিলে শুভ নে অশুভ সংকেত ?

বিবাহিত (Sindoor) মহিলাই শিৰত সেন্দূৰ লগায়। সেন্দূৰ লগাওঁতে নাকত পৰিলে আওকাণ নকৰিব, কিয়নো ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে।

হিন্দু ধৰ্মত বিভিন্ন পৰিঘটনা আৰু তাৰ শুভ আৰু অশুভ সংকেতৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি জ্যোতিষ, বাস্তু আদি ক্ষেত্ৰতো শুভ আৰু অশুভ শংকাৰ বৰ্ণনা পোৱা যায়।

হিন্দু ধৰ্মত বিবাহৰ লগত বহুতো ৰীতি-নীতি জড়িত হৈ থাকে। সেন্দূৰৰ অবিহনে বিবাহ সম্পূৰ্ণ নহয়। দৰায়ে কইনাক সেন্দূৰ দিয়ে। সেন্দূৰক বৈবাহিক আনন্দৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু সেয়েহে কপালত পৰিধান কৰা হয়। ই এগৰাকী নাৰীৰ স্বামীৰ প্ৰতি থকা দায়বদ্ধতা, প্ৰেম আৰু ভক্তিৰ প্ৰতীক। ইয়াৰ উপৰিও স্বামীৰ বাবে ই মংগল আৰু দীৰ্ঘায়ুৰ প্ৰতীক।

শিৰত সেন্দূৰ লগোৱাৰ সময়ত কেতিয়াবা কপাল আৰু নাকত পৰে। ইয়াক অতি বিশেষ বুলি গণ্য কৰা হয়। নাকত সেন্দূৰ পৰাটো এটা শুভ পৰিঘটনা বুলি গণ্য কৰা হয়। পতি-পত্নী উভয়ৰে বাবে ইয়াক শুভ বুলি গণ্য কৰা হয়। তেওঁলোকৰ সম্পৰ্কৰ বাবে ই এক শুভ লক্ষণ। ই স্বামীৰ দীৰ্ঘায়ুৰ ইংগিত দিয়ে। যদি স্বামীয়ে কোনো সমস্যা বা বেমাৰত ভুগি থাকে আৰু সেন্দূৰ লগোৱাৰ সময়ত পত্নীৰ নাকত সেন্দূৰ পৰে, তেন্তে সেয়া স্বামীৰ সোনকালে আৰোগ্য লাভৰ লক্ষণ। ইয়াৰ দ্বাৰা আৰ্থিক লাভ বা ভাল খবৰৰ ইংগিতও পোৱা যায়। অৱশ্যে এয়া জ্যোতিষৰ ধাৰণা আৰু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।