Home Blog Page 1200

মহানায়কঃ উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ শ্ৰমিকক ‘নিগনি-গহ্বৰ’ খান্দি উদ্ধাৰ কৰিছিল মুন্না কুৰেশ্বীয়ে…

এজন তেনেই সাধাৰণ শ্ৰমিক। উত্তৰাখণ্ডৰ সুৰংগত ১৬ দিন ধৰি আবদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰ কৰাৰ আঁৰৰ মহানায়কগৰাকী হৈছে মুন্না কুৰেশ্বী। মুন্নাই মৃত্যুক হাতৰ মুঠিত ৰাখি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে ৰেট হ’ল অৰ্থাৎ নিগনি গহ্বৰ খান্দিছিল। অৱশেষত সেই পথেৰেই শ্ৰমিকসকলক উদ্ধাৰ কৰা হৈছিল। নিগনিৰ দৰে গাঁত খান্দি খান্দি মুন্না উপস্থিত হৈছিল আবদ্ধ শ্ৰমিকসকলৰ প্ৰায় কাষত ।ইয়াৰ পিছতে আৰম্ভ হৈছিল উদ্ধাৰৰ পৰ্ব।
কুৰেশ্বীৰ এনে সাহসী প্ৰচেষ্টাৰ বাবেই শ্ৰমিকসকলৰ প্ৰাণ ৰক্ষা পৰিছিল। মুন্না ১২ জন খনিকৰ্মীৰ মাজৰে এজন আছিল, যিয়ে সুৰংগটোত এটা ‘নিগনি-গহ্বৰ’ খান্দিছিল। কাম সফল হোৱাৰ পিছত মুন্নাই সংবাদ মাধ্যমক কৈছে যে সুৰংগটোত প্ৰৱেশ কৰোঁতে তেওঁৰ মৃত্যু হ’লেও, একো ক্ষতি নহ’লহেঁতেন। যিহেতু ৪১ জনৰ জীৱনৰক্ষাৰ বাবেহে তেওঁ নিগনিৰ দৰে গাঁত খান্দি সুৰংগটোত প্ৰৱেশ কৰিছিল।


মুন্না কুৰেশ্বী আৰু তেওঁৰ ১১ জন সহযোগীয়ে যন্ত্ৰই যি কৰিব পৰা নাছিল , সেয়া কৰিছিল। ১৭ দিনৰ পিছত ৪১ জন শ্ৰমিকক অন্ধকাৰ সুৰংগৰ পৰা মুকলি কৰাৰ আঁৰত মুন্না আৰু তেওঁৰ সহযোগীসকলৰ অবদানেই মূল। হৈছে। সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত মুন্নাই কয় যে মানুহৰ জীৱনৰক্ষা কৰাতকৈ পৃথিৱীত আৰু কোনো ডাঙৰ কাম নাই। এনে কৰিবলৈ যাওঁতে কেতিয়াবা নিজৰ জীৱনো বিপদত পোেলাবলগীয়া হ’ব পাৰে। তেওঁ এতিয়া বহুত সুখী।মুন্নাই কয় “মই শেষ শিলটো আঁতৰ কৰাৰ লগে লগে তেওঁলোকক দেখিছিলো। সকলোৱে আমাক আলিঙ্গন কৰিছিল। আনকি ৪১ জন লোকক বচাবলৈ চেষ্টা কৰোতে এজন ব্যক্তিৰ মৃত্যু হ’লেও সেয়া গুৰুত্বপূৰ্ণ নহয়। কাৰণ ৪১ টা জীৱনৰ ওপৰত নিৰ্ভৰশীল হৈ আৰু বহু কেইটা জীৱন আছে।”


গাঁত খান্দি খান্ধি আবদ্ধ শ্ৰমিকৰ কাষ পোৱাৰ পিছতে হুকহুকাই কান্দি দিছিল মুন্নাই। সেয়া আনন্দৰ কান্দোন। উত্তৰকাশীত উদ্ধাৰ অভিযানৰ অন্যতম নায়ক মুন্না আৰু আন ১১ গৰাকী শ্ৰমিকক চৰকাৰে উপযুক্ত পুৰস্কাৰ প্ৰদান কৰিব লাগে বুলি বহুতে কৈছে। মন কৰিকৰিবলগীয়া কথাটো হ’ল আমেৰিকাৰ পৰা অনা অগাৰ মেচিনটো সুৰংগৰ ভিতৰতে ভাঙি যোৱাৰ পিছত ১২ জন খনি কৰ্মীক ‘নিগনি-গহ্বৰ’ খনন কৰিবলৈ মাতি অনা হৈছিল। তেওঁলোকে ২৬ ঘণ্টাৰ নিৰন্তৰ শ্ৰমৰ পিছত ১০ মিটাৰ গাঁত খান্দিছিল । সেই এক ডজন মানুহৰ কঠোৰ পৰিশ্ৰমেই সুৰংগটোত আৱদ্ধ হৈ থকা ৪১ জন লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

শীতকালত খাব লাগে ব্ৰকলি, ব্ৰকলি খালে শৰীৰ শক্তিশালী হয়…

ব্ৰকলিৰ উপকাৰ: দেখাত কবিৰ দৰে ব্ৰকলি অতি উপকাৰী। ব্ৰকলিত প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। ব্ৰকলি খালে স্বাস্থ্য সুস্থ হৈ থাকে। নিৰামিষভোজী লোকৰ বাবে ব্ৰকলিয়ে সমানেই প্ৰটিন যোগান ধৰে। সুস্বাস্থ্য বজাই ৰখাত প্ৰটিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্ৰকলি কিয় ইমান উপকাৰী বুলি কোৱা হয় জানো আহক-

ব্ৰকলিৰ উপকাৰিতা-

ব্ৰকলিত ২.৬ গ্ৰাম ডায়েটাৰী ফাইবাৰ থাকে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। ব্ৰকলি খালে ওজন কমি যায় আৰু মেদবহুলতাও বৃদ্ধি নহয়।

ব্ৰকলি হৈছে এক প্ৰকাৰৰ ক্ৰুচিফেৰাছ শাক, য’ত বহু ধৰণৰ এন্টিঅক্সিডেন্ট পোৱা যায়। এই সকলোবোৰে কেন্সাৰ সৃষ্টিকাৰী কোষবোৰৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে। ইয়াৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

ব্ৰকলিয়ে কেলচিয়াম আৰু কলাজেনে হাড় শক্তিশালী কৰাৰ কাম কৰে। ইয়াৰ উপৰিও ব্ৰকলিত ভিটামিন কেও পোৱা যায়। যাৰ নিয়মিত সেৱনে অষ্টিঅ’পৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

ব্ৰকলিত ভাল পৰিমাণৰ ভিটামিন চি থাকে, যিটো এন্টিঅক্সিডেন্ট আৰু ইমিউন চিষ্টেম শক্তিশালী কৰাৰ কাম কৰে। ইয়াক সেৱন কৰিলে শীতকালত বহু ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি আৰু ৰোগবোৰ আঁতৰত থাকে।


মহাৰাষ্ট্ৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহক আৰ এছ এছ নেতাৰ জন্ম শতবাৰ্ষিকী পালনৰ নিৰ্দেশ ইউজিচিৰ…

মহাৰাষ্ট্ৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহক আৰ এছ এছ নেতাৰ জন্ম শতবাৰ্ষিকী পালনৰ নিৰ্দেশ ইউজিচিৰ ।ইউজিচিয়ে সমগ্ৰ মহাৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় আৰু অনুমোদিত মহাবিদ্যালয়সমূহক আৰ এছ এছৰ নেতা আৰু এবিভিপিৰ প্ৰতিষ্ঠাপক সদস্য দত্তজী দিডলকাৰৰ জন্ম শতবাৰ্ষিকী উদযাপনত কৰিবলৈ কৈছে। শিৱসেনাৰ (ইউবিটি) যুৱ শাখাই ইউজিচিৰ পত্ৰখনত আপত্তি দৰ্শাইছে আৰু ইয়াক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। বিশ্ববিদ্যালয় অনুদান আয়োগে সমগ্ৰ মহাৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) নেতা দত্তজী দিডলকাৰৰ জন্ম শতবাৰ্ষিকী বৰ্ষ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ আহ্বান জনাইছে।

২১ নৱেম্বৰৰ এখন পত্ৰত ইউজিচিয়ে কয়, “স্বৰ্গীয় দত্তজী দিডলকাৰ ভাৰতৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী আৰু যুৱসকলৰ বাবে এক অনুপ্ৰেৰণা আছিল। তেওঁ বহু সামাজিক আৰু অন্যান্য সংগঠনৰ প্ৰতিষ্ঠাপক আছিল। এই বছৰটো তেওঁৰ জন্ম শতবাৰ্ষিকী বৰ্ষ। এই ক্ষেত্ৰত কোৱা হৈছে যে ৭ আগষ্ট ২০২৩ ৰ পৰা ৭ আগষ্ট ২০২৪ লৈ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। মহাৰাষ্ট্ৰৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক যুৱ আৰু শিক্ষাৰ্থীসকলক কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।” কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ এখন পত্ৰ লিখাৰ পিছত ইউজিচিৰ এনে নিৰ্দেশনা আহে। য’ত কোৱা হৈছে যে দিডলকাৰক স্মৰণ কৰিবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব। তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰো (এবিভিপি) প্ৰতিষ্ঠাপক সদস্য আছিল। গাডকাৰীয়ে লিখিছিল যে এ তেওঁৰ স্মৃতিত খন স্মাৰক পুস্তিকা প্ৰকাশ কৰা হ’ব। শিৱসেনাৰ (ইউবিটি) যুৱ সেনাৰ মুম্বাই বিশ্ববিদ্যালয়ৰ চিনেটৰ প্ৰাক্তন সদস্য প্ৰদীপ সাৱন্তে কয়, “আমি জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ বিৰোধী নহয়। কিন্তু এই কামটো ৰাজনৈতিক দল আৰু আৰ এছ এছে তেওঁলোকৰ নিজা পুঁজিৰে কৰা উচিত। ইয়াক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ওপৰত আৰোপ কৰা উচিত নহয়।”

তেওঁ লগতে প্ৰশ্ন কৰে “অনুষ্ঠানটো নাগপুৰত অনুষ্ঠিত হ’ব। কিন্তু মহাৰাষ্ট্ৰৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ কিয় পত্ৰ জাৰী কৰা হৈছে?” এবিভিপিৰ কোঙ্কন অঞ্চলৰ মুৰব্বী অমিত ধোমছে কয়, “দত্তজী দিডলকাৰে সামাজিক আৰু শিক্ষা খণ্ডত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ বিবেকানন্দ স্মাৰক নিৰ্মাণ সংগ্ৰামৰ শীৰ্ষত আছিল। এনে সমাজকৰ্মীৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাটো আমাৰ সংস্কৃতি। যুৱ সেনাই ৰাজনীতিক টানি অনাৰ পৰিৱৰ্তে দিডলকাৰৰ শৈক্ষিক আৰু সামাজিক অৱদান অধ্যয়ন কৰা উচিত।”

নিলম্বন হ’ব APSCৰ কেলেংকাৰীত জড়িত সকলো বিষয়া ! ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াক শীঘ্ৰে কৰিব নিলম্বন…

????????????????????????????????????

নিলম্বন হ’ব APSCৰ কেলেংকাৰীত জড়িত সকলো বিষয়া। ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াক শীঘ্ৰে কৰিব নিলম্বন। আজি ১১ গৰাকীক কৰা হৈছে নিলম্বন। বিষয়াসকলৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ।

SITয়ে অভিযুক্ত বিষয়াসকলক নিলম্বন কৰাৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰিছিল প্ৰস্তাৱ। নিকা তদন্তৰ খাতিৰতে নিলম্বন কৰাৰ পোষকতা SITৰ। যাৰ বাবে সকলো অভিযুক্তকে নিলম্বনৰ যো-জা চৰকাৰৰ।

????????????????????????????????????

এইপৰ্যন্ত মুঠ ১৫ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। নিলম্বন কৰা হৈছে APS নন্দিনী কাকতি, APS ছাহজাহান সৰকাৰ, APS ফাৰুক আহমেদ, APS কল্যাণ কুমাৰ দাস, APS কুল প্ৰদীপ ভট্টাচাৰ্য, APS নীলাঞ্জল গগৈ, APS অনলজ্যোতি দাস, APS ঐশ্বৰ্য জীৱন বৰুৱা, APS নীতুমণি দাস, APS ৰুমীৰ তেৰণপী, APS দীপাংকৰ দত্ত লহকৰ, APS হীতেশ মজুমদাৰ, ACS ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ACS আকাশী দুৱৰা আৰু ACS ধীৰাজ কুমাৰ জৈন।

নহ’ল শেষ দেখা! উত্তৰকাশীৰ সুৰংগত আবদ্ধ পুত্ৰৰ চিন্তাতে মৃত্যুক সাৱটিলে পিতৃয়ে…

নহ’ল পুত্ৰৰ সৈতে শেষ দেখা। পুত্ৰ উদ্ধাৰ হ’ল নে নাই সেয়াও নাজানিলে তেওঁ। পুত্ৰ সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে। খবৰটো পোৱাৰ পিছৰে পৰা পুত্ৰৰ চিন্তাতে উজাগৰী নিশা কটাইছিল এগৰাকী পিতৃয়ে। কিন্তু শেষ মুহূৰ্তত পুত্ৰৰে দেখা নহ’ল পিতৃৰ। ১৭ দিনৰ পিছত উত্তৰকাশীৰ সুৰংগৰ পৰা ৪১ জন আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল। আবদ্ধ শ্ৰমিকৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু এজন শ্ৰমিকৰ পিতৃয়ে তেওঁৰ পুত্ৰক দেখা পোৱাৰ আগতেই শেষ নিশ্বাস ত্যাগ কৰিলে। পুত্ৰৰ বাবে অত্যাধিক চিন্তা কৰি থকাৰ ফলতে লোকজনৰ মৃত্যু ঘটা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে। মৃতব্যক্তিজনৰ নাম বাছেট ওৰফে বৰচা মুৰ্মু । ঝাৰখণ্ডৰ পূব সিংভূম জিলাৰ বাহাদা গাঁৱৰ বাসিন্দা আছিল তেওঁ। তেওঁ উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিক ১৮ বছৰীয়া বাকটুৰ পিতৃ। মঙলবাৰে পুৱা প্ৰায় ৮ বজাত বাছেটৰ মৃত্যু হয়। পৰিয়ালৰ মতে, বাছেট তেওঁৰ পুত্ৰক লৈ যথেষ্ট চিন্তিত আছিল। তেওঁ তেওঁৰ পুত্ৰৰ স্বাস্থ্যৰ বিষয়ে দিনে-ৰাতি ভাবি আছিল। তেওঁ ভাল খবৰৰ বাবে অপেক্ষা কৰি আছিল । কিন্তু ভাল খবৰটো পোৱাৰ পূৰ্বেই পুত্ৰৰ চিন্তাত বাছেটৰ মৃত্যু ঘটে।

মৃত্যুৰ পূৰ্বে লোকজনে পৰিয়ালৰ সৈতে পুত্ৰৰ বিষয়ে কথা পাতি আছিল। হঠাতে তেওঁ বিচনাৰ পৰা বাগৰি পৰে আৰু মৃত্যুক সাৱটি লয়।অৱশ্যে, স্থানীয় প্ৰশাসনে বাছেটৰ মৃত্যুৰ সঠিক কাৰণ প্ৰকাশ কৰা নাই। বহুতে ধাৰণা কৰিছে যে বাছেট হৃদৰোগত আক্ৰান্ত হৈছিল। উল্লেখনীয় যে বাকটুৰ দৰে ঝাৰখণ্ডৰ আন ১৪ জন শ্ৰমিক সুৰংগটোত আৱদ্ধ হৈ আছিল। মঙলবাৰে তেওঁলোকক উদ্ধাৰ কৰাৰ পিছত শ্ৰমিকসকলক অস্থায়ী চিকিৎসা শিবিৰলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰাৰম্ভিক পৰীক্ষাৰ পিছত তেওঁলোকক সেউজ কৰিডৰৰ জৰিয়তে ৩০ কিলোমিটাৰ দূৰত থকা চিনিয়ালিচাউৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাৰ পিছত শ্ৰমিকসকলক চিনুক হেলিকপ্টাৰৰ জৰিয়তে ঋষিকেশৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)লৈ লৈ যোৱা হৈছিল। তেওঁলোকৰ বিভিন্ন শাৰীৰিক পৰীক্ষা কৰোৱা হৈছিল। ঋষিকেশৰ এইমছৰ কাৰ্যবাহী সঞ্চালক মীনু সিঙে কয় যে প্ৰতিজন শ্ৰমিক সুস্থ হৈ আছিল।

সোণৰ পদক অৰ্জন গুৱাহাটীৰ কুশল কলিতাৰ…

২৫ আৰু ২৬ নবেম্বৰত পাটায়াত অনুষ্ঠিত হোৱা WFF দক্ষিণ-পূব এছিয়ান বডি বিল্ডিং আৰু ফিটনেছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অসমৰ গুৱাহাটীৰ কুশল কলিতাই ৭৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই।

ইয়াৰ পূৰ্বে ২০২২ চনত বেংককত অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ৭০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিছিল।

ভাৰতীয় প্ৰেমিকৰে বিয়াত বহিবলৈ উত্তৰ প্ৰদেশৰ ফতেহপুৰলৈ আহিল নেডাৰলেণ্ডৰ কইনা!

ভাৰতীয় প্ৰেমিকৰে বিয়াত বহিবলৈ উত্তৰ প্ৰদেশৰ ফতেহপুৰলৈ আহিল নেডাৰলেণ্ডৰ কইনা! দুয়োটা পৰিয়ালৰ সদস্যৰ উপস্থিতিত নেডাৰলেণ্ডৰ কইনাৰ সৈতে ভাৰতীয় যুৱকজনৰ বিবাহ সম্পন্ন হয়। এগৰাকী বিদেশী ছোৱালী আৰু এজন ভাৰতীয় যুৱকৰ এই প্ৰেমকাহিনী এতিয়া বহুতৰে মুখে মুখে। অৱশ্যে বিদেশী কইনাৰ আগমনৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষীয়ে লগে লগে যুৱকজনৰ ঘৰত উপস্থিত হৈ ছোৱালীজনীৰ পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰ পৰীক্ষা কৰে।লালাউলি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দাতাউলি গাঁৱৰ বাসিন্দা ৰাধেলাল বাৰ্মাই প্ৰায় চাৰি দশক ধৰি গুজৰাটৰ গান্ধীনগৰ চহৰত বাস কৰি আছে। তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰে। তেওঁলোকৰ দুটা পুত্ৰ নিশান্ত বাৰ্মা আৰু হাৰ্দিক বাৰ্মা (৩২)। হাৰ্দিকে নেডাৰলেণ্ডৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীত প্ৰায় ৮ বছৰ ধৰি চুপাৰভাইজাৰ হিচাপে কাম কৰি আছে। জানিব পৰা মতে প্ৰায় তিনি বছৰ আগতে হাৰ্ডিকে নেডাৰলেণ্ডৰ বাৰ্ণভেল্ড চহৰৰ বাসিন্দা মাৰ্চিন ডুডাৰ ২০ বছৰীয়া কন্যা গেব্ৰিয়েলা ডুডাক লগ পাইছিল। যুৱতীগৰাকীয়ে বাৰ্মাৰ সৈতে একেটা কোম্পানীতে কাম কৰে। লাহে লাহে তেওঁলোক দুয়োৰে ঘনিষ্ঠতা বৃদ্ধি পাইছিল আৰু দুয়োয়ে প্ৰায় দুবছৰ ধৰি লিভ-ইন সম্পৰ্কত আছিল। হাৰ্দিক আৰু গেব্ৰিয়েলাই তেওঁলোকৰ পৰিয়ালক এই বিষয়ে অৱগত কৰাৰ পিছত পৰিয়াল দুটাই বিবাহৰ বাবে সন্মত হৈছিল।

ইয়াৰ পিছত প্ৰায় ১৫ দিন পূৰ্বে হাৰ্দিক আৰু বিদেশী প্ৰেমিকা গেব্ৰিয়েলা ভাৰতত উপস্থিত হৈছিল। ইয়াৰ পিছতয হাৰ্দিকে তেওঁক গান্ধীনগৰত থকা নিজৰ ঘৰলৈ লৈ যায়। তাতেই হাৰ্দিকৰ পৰিয়ালৰ উপস্থিতিত হাৰ্ডিক আৰু গেব্ৰিয়েলাই বিবাহৰ ৰীতি-নীতি সম্পূৰ্ণ কৰি বিবাহপাশত আৱদ্ধ হয়। আৰক্ষীৰ ষ্টেচন হাউচ বিষয়া সন্তোষ কুমাৰ সিঙে কয় যে বিদেশী মহিলা আৰু যুৱকজনৰ বিবাহৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ পাছপোৰ্ট আৰু দুয়োৰে অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষা কৰিছে। দুয়োজনে তেওঁলোকৰ পৰিয়ালৰ সন্মতিত বিবাহপাশত আৱদ্ধ হৈছে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰে।

গুজৰাটত বিষাক্ত কফ চিৰাপ খাই পাঁচ জন লোকৰ মৃত্যু…

গুজৰাটত আয়ুৰ্বেদিক কফ চিৰাপ খাই পাঁচজন লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে। আন দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে কফ চিৰাপত বিষাক্ত ৰাসায়নিক পদাৰ্থ আছিল। সেই ঔষধ গ্ৰহণ কৰাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। যোৱা দুদিনত পাঁচজন লোকৰ মৃত্যু হৈছে। স্থানীয় আৰক্ষীয়ে ইতিমধ্যে কফ চিৰাপ বিক্ৰীৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক কফ চিৰাপৰ বিষয়ে প্ৰশ্ন কৰা হৈছে।

গুজৰাটৰ খেদা জিলাত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এখন দোকানত কালমেঘ্শৱ-আচাব অৰিষ্টা নামৰ এটা কফ চিৰাপ বিক্ৰী হৈ আছিল। কফ চিৰাপবিধ বিল্ডোৰা গাঁৱত কমেও ৫০ জন লোকক বিক্ৰী কৰা হৈছিল। বিষাক্ত কফ চিৰাপ খোৱাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। শেহতীয়া প্ৰতিবেদন অনুসৰি, এই কফ চিৰাপ খোৱাৰ পিছত পাঁচজন লোকৰ মৃত্যু হৈছে।

বহুতে ধাৰণা কৰা অনুসৰি কফ চিৰাপত বিষাক্ত ৰাসায়নিক মিথাইল এলকহল আছিল। খেদাৰ এছপি ৰাজেশ গাৰিয়াই কয়, “এজন গাওঁবাসীয়ে কৰা তেজ পৰীক্ষাত প্ৰকাশ পাইছে যে কফ চিৰাপত মিথাইল এলকহল মিহলি কৰা হৈছিল। মিথাইল এলকহল বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আছে।’

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট পোল প্ৰকাশ, কাৰ ভাগ্যত আছে কি?

তেলেংগানাত আজি ১১৯ খন আসনৰ বাবে ভোটদান সম্পন্ন হোৱাৰ পিছতে আজি পাঁচখন ৰাজ্যৰ এক্সিট প’লৰ ফলাফল প্ৰকাশ পায়। বিভিন্ন সংবাদ সংস্থাকে ধৰি আন সংস্থাই প্ৰকাশ কৰা ক্সিট পোলত ৰাজ্য কেই খনত নিৰ্বাচনৰ ফলাফল কেনে হ’ব পাৰে তাৰ এক প্ৰাথমিক ধাৰণা পোৱা গৈছে। ৰাজস্থানত ২০০ খন আসনৰ ভিতৰত ১৯৯ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। যদিও কংগ্ৰেছে ৰাজস্থানত পুনৰ ক্ষমতালৈ উভতি আহিব বুলি আশা কৰিছে দলটোৱে সেই আশা পূৰণ কৰাত সহজে সফল নহ’ব। ছত্তীশগড়ত ৯০ খন বিধানসভা আসন আছে আৰু সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৪৬। ৰাজস্থানত, সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১০১। মধ্য প্ৰদেশত, সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৬। মিজোৰামত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২১ আৰু তেলেংগানাত এই সংখ্যা ৬০।

ছত্তীশগড় এক্সিট প’লঃ ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াৰ একজিট প’লত ছত্তীশগড়ত কংগ্ৰেছক ৪০-৫০ খন আৰু বিজেপিক ৩৬-৪৬ খন আসন দিছে। টিভি৫ নিউজৰ এক্সিট পোলে বিজেপিৰ বাবে ২৯-৩৯ খন আৰু কংগ্ৰেছৰ বাবে ৫৪-৬৪ খন আসনৰ ভৱিষ্যতবাণী কৰিছে৷ জন কি বাত এক্সিট পোলত ৪২-৫৩ খন আসনত সম্ভাৱ্য জয় লাভ কৰি কংগ্ৰেছে আগবাঢ়ি যোৱাৰ ভৱিষ্যতবাণী কৰা হৈছে আৰু বিজেপিয়ে ৩৪-৪৫ খন আসন লাভ কৰিব বুলি কোৱা হৈছে৷ মধ্য প্ৰদেশৰ এক্সিট প’লঃ মধ্য প্ৰদেশৰ বাবে ৰিপাব্লিক টিভি-মাট্ৰিজ এক্সিট পোল অনুসৰি কংগ্ৰেছতকৈ বিজেপিয়ে অগ্ৰগতি লভিব। বিজেপিয়ে ১১৮-১৩০ খন আসন লাভ কৰাৰ সম্ভাৱনাৰ বিপৰীতে কংগ্ৰেছে ৯৭-১০৭ খন আসন জিকিব পাৰে, আন দলবোৰে ২খন আসন লাভ কৰিব পাৰে। টিভি৯ ভাৰতবৰ্ষ পলষ্ট্ৰাটৰ মতে কংগ্ৰেছে ১১১-১২১ খন আসনত জয় লাভ কৰিব পাৰে, বিজেপিয়ে ১০৬-১১৬ খন আসনত জয় লাভ কৰিব পাৰে।
আজিৰ চাণক্য এক্সিট প’ল অনুসৰি মধ্য প্ৰদেশ ২০২৩ আসনপ্ৰক্ষেপণঃ বিজেপিঃ ১৫১ খন ± ১২ খন আসন, কংগ্ৰেছঃ ৭৪ ± ১২ খন আসন, অন্যান্যঃ ৫ খন ± ৪খন আসন লাভ কৰিব পাৰে। টাইমছ নাও-ইটিজিয়ে কংগ্ৰেছৰ বাবে ১০৯-১২৫ খন আসন আৰু বিজেপিৰ বাবে ১০৫-১১৭ খন আসনৰ ভৱিষ্যতবাণী কৰিছে।

ৰাজস্থান এক্সিট প’ল ২০২৩: চি-ভোটাৰ এক্সিট প’লৰ জৰীপ অনুসৰি বিজেপিয়ে ৰাজস্থানত ১০৪ খন আসনৰ সৈতে আগবাঢ়ি যাব বুলি ভৱিষ্যতবাণী কৰা হৈছে। টাইমছ নাও ইটিজি ৰাজস্থানৰ এক্সিট প’লত কংগ্ৰেছৰ বাবে ৫৬-৭২ খন আসন আৰু বিজেপিৰ বাবে ১২৮ খন আসন দেখুওৱা হৈছে। আনহাতে কংগ্ৰেছে ৮১ খন আসন লাভ কৰিব বুলি আশা কৰা হৈছে। চি-ভোটাৰ এক্সিট পোলৰ জৰীপ অনুসৰি বাকী ১৪ খন আসন আন দলৰ দ্বাৰা দাবী কৰা হ’ব বুলি আশা কৰা হৈছে। জন কি বাতে ভৱিষ্যতবাণী কৰিছে যে ৰাজস্থানত পাঁচ বছৰৰ পিছত বিজেপি ক্ষমতালৈ ঘূৰি আহিব আৰু ১০০-১২২ খন আসন পাব পাৰে ।

মিজোৰাম নিৰ্বাচনৰ এক্সিট পোল ফলাফল: মিজোৰামত ক্ষমতাসীন মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ), বিৰোধী জোৰাম পিপলছ পাৰ্টি (জেডপিএম) আৰু কংগ্ৰেছৰ মাজত তিনিমুখী প্ৰতিদ্বন্দিতা দেখা গৈছিল যেতিয়া ৰাজ্যখনে ৭ নৱেম্বৰত ৪০ জনীয়া ৰাজ্যিক বিধানসভাত বিধায়ক নিৰ্বাচনৰ বাবে ভোট দিছিল। জন কি বাতে ভৱিষ্যতবাণী কৰিছে যে জেডপিএমে ১৫-২৫ খন আসন লাভ কৰিব পাৰে, আনহাতে এমএনএফে ১৪ খন আসন লাভ কৰিব পাৰে। কংগ্ৰেছে ৫-৯ খন আসন লাভ কৰিব পাৰে আনহাতে বিজেপিয়ে ০-২ খন আসন লাভ কৰিব পাৰে। আনসকলে ১-৫ খন আসন পাব পাৰে। ইণ্ডিয়া টিভি-চিএনএক্সে ভৱিষ্যতবাণী কৰিছে যে শাসনাধিষ্ঠিত এমএনএফে ১৪-১৮ খন আসন লাভ কৰিব পাৰে, আনহাতে জেডপিএমে ১২-১৬ খন আসন লাভ কৰিব পাৰে। কংগ্ৰেছে কিঙৰ ভূমিকা পালন কৰি ৮-১০ খন আসন পাব পাৰে। বিজেপিয়ে ০-২ খন আসনৰ মাজত পাব পাৰে। চিভোটাৰ-ৰিপাব্লিক টিভিয়ে কংগ্ৰেছৰ বাবে ১৬-২০ খন আসন আৰু মিজো নেচনেল ফ্ৰণ্টৰ (এমএনএফ) বাবে ১৪-১৮ খন আসনৰ ভৱিষ্যতবাণী কৰিছে। ইয়াৰ বিপৰীতে, চিএনএক্স-টাইমছে কংগ্ৰেছৰ বাবে ১৮ খন আৰু বিজেপিৰ বাবে ১৬ খন আসনৰ ভৱিষ্যতবাণী কৰিছে।

তেলেংগানা বিধানসভা এক্সিট প’ল: আন এটা এক্সিট পোলত দেখুওৱা হৈছে যে এইবাৰ তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ হ’ব পাৰে। ৰিপাব্লিক-মেট্ৰিজে ভৱিষ্যতবাণী কৰিছে যে কংগ্ৰেছে ৫৮-৬৮ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু বিআৰএছে ৪৬-৫৬ খন আসন লাভ কৰিব পাৰে। বিজেপিয়ে ৪-৯ খন আৰু এআইএমআইএম-এ ৫-৭ খন আসন লাভ কৰিব পাৰে। জন কি বাতৰ ভৱিষ্যতবাণী অনুসৰি তেলেংগানাত প্ৰত্যাশিত আসনৰ অংশ কংগ্ৰেছৰ বাবে ৪৮ ৰ পৰা ৬৪ খন আসন হ’ব, বিআৰএছে লাভ কৰিব ৪০ ৰ পৰা ৫৫ খন আসন, বিজেপিয়ে ৭ ৰ পৰা ১৩ খন আসন আৰু এআইএমআইএম-এ ৪ ৰ পৰা ৭ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য…

বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।
৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতেই বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।


প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ২১ টকাকৈ মূল্য বৃদ্ধি।
১৬ নৱেম্বৰত ৫৭ টকাকৈ হ্ৰাস পাইছিল মূল্য।