Home Blog Page 122

৯ মাহতে অন্তৰ্ধান হৈছিল সুধাকণ্ঠ…

শদিয়াত থকা সময়ত কেঁচুৱা ভূপেন হাজৰিকাৰ এটা মনোৰম কাহিনী আছে । এই সন্দৰ্ভত মঞ্জুলা হাজৰিকাই কয়, “ভূপেনদাৰ পিতৃ নীলকান্ত হাজৰিকাই কাম কৰিছিল শদিয়াত । তেওঁ নেফাত কাম কৰিছিল । সেইসময়ত তেওঁৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাই উক্ত অঞ্চলটোৰ লোকসকলৰ সৈতে খুব মিলাপ্ৰীতিৰে আছিল । এদিন মাতৃ শান্তিপ্রিয়া হাজৰিকাই ভূপেনদাক শুৱাই থৈ ঘৰুৱা কাম-কাজত ব্যস্ত হৈ আছিল । কাম কৰি আহি দেখে যে তাত ভূপেনদা নাই । চাৰিওফালে হুলস্থূল লাগিল । থানাতো খবৰ দিয়া হ’ল । পিছে, তিনিদিনলৈ ভূপেনৰ কোনো খবৰ নাই ।”

মঞ্জুলা হাজৰিকাই পুনৰ কয়, “তিনিদিনৰ পিছত বলুং গাঁৱৰ আদি মহিলা কেইগৰাকীমানে ভূপেনদাক লৈ আহিছে । লৈ আহি শান্তিপ্রিয়াক জনালে যে তেওঁলোকে মৰমতে শিশুটিক লৈ গৈছিল । সেই তিনিদিন মহিলাসকলে ভূপেনদাক তেওঁলোকৰ দুগ্ধ খুৱাই ৰাখিছিল ।” লগতে তেওঁ কয়, “ভূপেনদা শেষৰ তিনি মাহমান সময় আমাৰ ঘৰত আছিল । সেইসময়ত মই ভূপেন হাজৰিকাৰ ‘লুইতৰ পৰা মিচিচিপিলৈ’ এই গ্ৰন্থখন লিখিবলৈ লৈছিলো । এইবোৰ ভূপেনদাৰ মুখেৰে শুনা কথা ।”

Harmanpreet Kaur-Smriti Mandhana: বিশ্বকাপ জয়ৰ ট্ৰফী হৰমনপ্ৰীত-স্মৃতিৰ ‘হাতত’…

বিশ্বকাপ জয়ৰ ট্ৰফী হৰমনপ্ৰীত-স্মৃতিৰ 'হাতত'
বিশ্বকাপ জয়ৰ ট্ৰফী হৰমনপ্ৰীত-স্মৃতিৰ 'হাতত'

বিশ্বকাপৰ ট্ৰফীৰ ছবিৰ হৰমনপ্ৰীত-স্মৃতিৰ ‘হাতত’! (Harmanpreet Kaur-Smriti Mandhana) জয়পুৰত স্থাপন কৰা হ’ব ভাৰতীয় অধিনায়কগৰাকীৰ মূৰ্তি। দেওবাৰে মহিলাৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় দলটোৱে জয়লাভ কৰে। হৰমনপ্ৰীত কৌৰ আৰু স্মৃতি মান্ধনাই গোটেই জীৱন বিশ্বকাপৰ ট্ৰফী ‘হাততে’ ৰাখে।

হৰমনপ্ৰীত আৰু স্মৃতিয়ে হাতত বিশ্বকাপৰ টেটু আঁকিলে। হৰমনপ্ৰীতে বাওঁ হাতত টেটু কৰিছে। হৰমনপ্ৰীতৰ টেটুত ২০২৫ আৰু ৫২ নম্বৰ অঁকা হৈছে। ক্ৰমে বিশ্বকাপ জয়ৰ বছৰ আৰু জয়ৰ ব্যৱধান। সোঁহাতত বিশ্বকাপ জয়ৰ টেটু কৰিছে স্মৃতিয়ে। ইয়াৰ চাৰিওফালে ভাৰতীয় জাতীয় পতাকা আছে। তলত বিশ্বকাপ জয়ৰ বছৰটো আছে।

ইফালে ৰাজস্থানৰ নাহৰগড় দুৰ্গৰ ভিতৰত আছে জয়পুৰ সংগ্ৰহালয়। তাত হৰমনপ্ৰীতৰ মূৰ্তি স্থাপন কৰা হ’ব। অহা বছৰৰ ৮ মাৰ্চ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব। এই প্ৰতিমূৰ্তিটো ভাৰতীয় দলে বিশ্বকাপ বিজয়ী হোৱাৰ পুৰস্কাৰ হিচাপে স্থাপন কৰা হৈছে।

জয়পুৰৰ এই সংগ্ৰহালয়ত ইতিমধ্যে মহেন্দ্ৰ সিং ধোনী, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীৰ প্ৰতিমূৰ্তি আছে। বিষয়াসকলে জনোৱা মতে, হৰমনপ্ৰীতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

Virat kohli: ছোলে ভাতুৰে বাহিৰেও বিৰাটে তেওঁৰ ৰেষ্টুৰেণ্টত আৰু কি খাদ্য ভাল পায়?

ছোলে ভাতুৰে বাহিৰেও বিৰাটে তেওঁৰ ৰেষ্টুৰেণ্টত আৰু কি খাদ্য ভাল পায়?
ছোলে ভাতুৰে বাহিৰেও বিৰাটে তেওঁৰ ৰেষ্টুৰেণ্টত আৰু কি খাদ্য ভাল পায়?

ক্ৰিকেটাৰ বিৰাট (Virat kohli) কোহলী এতিয়া এখন বিলাসী ৰেষ্টুৰেণ্টৰ মালিকো। তেওঁৰ ৰেষ্টুৰেণ্টখনৰ নাম ‘ৱান এইট কমিউন’। বিৰাটৰ এই ৰেষ্টুৰেণ্ট খন কলকাতা, বেংগালুৰু, দিল্লী, মুম্বাই, পুনে আৰু জয়পুৰত আছে। বিৰাটৰ প্ৰিয় বিদেশী খাদ্যই ৰেষ্টুৰেণ্টৰ মেনুত সুকীয়া স্থান দখল কৰিছে। তালিকাত কি আছে জানো আহক-

বিৰাট কোহলীয়ে তেওঁ পুৰণি কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ প্ৰিয় খাদ্য হৈছে বাটাৰ চিকেন। ২০১৮ চনত কোহলীয়ে হঠাতে ঘোষণা কৰিছিল যে তেওঁ আৰু আমিষ খাদ্য নাখাব। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে সদায় ফিটনেছৰ প্ৰতি সতৰ্ক। প্ৰায় প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি খেলপথাৰত অনুশীলন কৰে। লগতে গধুৰ ৱৰ্কআউট। স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ বিৰাটে নিৰামিষভোজী হোৱাৰ সিদ্ধান্ত ল’লে।

এতিয়া কোহলীয়ে বহু সাক্ষাৎকাৰত কৈছে যে তেওঁৰ প্ৰিয় খাদ্য হৈছে ছোলে ভাতুৰে। বিশেষকৈ তেওঁ দিল্লীৰ ছোলে ভাতুৰে ভাল পায়। দিল্লীৰ ঘৰলৈ গ’লেই মাকে বনোৱা ৰাজমা-চাওল খাই ভাল পায়। অৱশ্যে বছৰটোৰ বাকী সময়খিনি তেওঁ ডায়েটত থাকে। বিৰাট খাদ্যৰ প্ৰতি যথেষ্ট গুৰুত্বপূৰ্ণ।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বিৰাটে কয়, “মই ভাবো ফিটনেছৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল খাদ্য। মই একেটা খাদ্যই ছমাহ একেৰাহে খাব পাৰো। দিনটোৰ ভিতৰত মই খোৱা খাদ্যৰ ৯০ শতাংশই সিজোৱা বা ভাপত দিয়া হয়। তাৰ লগত নিমখ, জলকীয়া আৰু নেমু! চালাড খাই ভাল পাওঁ। পেন-গ্ৰিল কৰা খাদ্য খাওঁ। কিন্তু মই কোনো গ্ৰেভি টাইপৰ খাদ্য নাখাওঁ।”

বিৰাটৰ প্ৰিয় বিদেশী খাদ্যৰ তালিকাত প্ৰথমে টাৰ্টাৰ টপড উইথ এভোকেডো।

Sapekhati News: সাপেখাতীৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি উন্মোচন

সাপেখাতীৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি উন্মোচন
সাপেখাতীৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি উন্মোচন

প্ৰাণৰ শিল্পী জুবিন (Sapekhati News) গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে অসমৰ প্ৰান্তে-প্ৰান্তে অগণন চিত্ৰশিল্পীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিছে।পিছ পৰি ৰোৱা নাই চৰাইদেউ জিলাৰ ঘোঁৰাজান বাসী। পবিত্ৰ ৰাস মহোৎসৱৰ এই দিনটোতে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাপেখাতী নতুন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা স্থায়ী ৰাস মঞ্চৰ সভাপতি দীপক কুমাৰ দাসৰ তত্বাৱধানত বিদ্যালয়ৰ দেৱালত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাক আৰু সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাই আজি দুয়োগৰাকী বৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি উন্মোচন কৰি সমাজ সেৱক গোবিন্দ মহাপুৰুষীয়া আৰু বিবেকা হাজৰিকাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুয়োজনা শিল্পীক স্মৰণ কৰে। লগতে জুবিন গাৰ্গৰ আদর্শক শ্ৰদ্ধা জনাই সমাজ সেৱক তিলক দাস আৰু বলোৰাম চেতিয়াই একোটাকৈ নাহৰ পুলি ৰোপন কৰে।

Haflong Sub-Jail: অমৃতপ্ৰভা, শেখৰজ্যোতি থকা উপ-কাৰাগাৰত অঘটন

অমৃতপ্ৰভা, শেখৰজ্যোতি থকা উপ-কাৰাগাৰত অঘটন
অমৃতপ্ৰভা, শেখৰজ্যোতি থকা উপ-কাৰাগাৰত অঘটন

হাফলং উপ-কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন। (Haflong Sub-Jail)

অমৃতপ্ৰভা, শেখৰজ্যোতিৰ কাষতে থকা কয়দীৰ পলায়ন।

পলাতক কয়দীটো DNLAৰ প্ৰাক্তন কেডাৰ বেটছিং জিডুং ওৰফে মাষ্টাৰ ওৰফে ডিমাছা জিডুং।

দিনৰ প্ৰায় ১২ বজাত পলায়ন কৰে DNLAৰ প্ৰাক্তন কেডাৰ।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক ৰখা হৈছে হাফলং উপ-কাৰাগাৰত।

Garima Saikia Garg: পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ

অসুস্থ গৰিমা শইকীয়া গাৰ্গ
অসুস্থ গৰিমা শইকীয়া গাৰ্গ

অসুস্থ গৰিমা শইকীয়া গাৰ্গ। (Garima Saikia Garg)

মহানগৰীৰ ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক।

গৰিমাৰ লগত আছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ।

পূৰ্বেও অসুস্থ হৈছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

শৰীৰৰ দুৰ্বলতাৰ বাবে গৰিমাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।


Rash Mahotsav: মাজুলীৰ মিচিং সম্প্ৰদায় অধ্যুষিত নলদুৱাৰ জনজাতি যুৱ-কৃষ্টি সংঘৰ উদ্যোগত ৰাসোৎসৱ

মাজুলীৰ মিচিং সম্প্ৰদায় অধ্যুষিত নলদুৱাৰ জনজাতি যুৱ-কৃষ্টি সংঘৰ উদ্যোগত ৰাসোৎসৱ
মাজুলীৰ মিচিং সম্প্ৰদায় অধ্যুষিত নলদুৱাৰ জনজাতি যুৱ-কৃষ্টি সংঘৰ উদ্যোগত ৰাসোৎসৱ

সমগ্ৰ অসমৰ লগতে নামনি (Rash Mahotsav) মাজুলীৰ বৃহত্তৰ অঞ্চলক সামৰি নলদুৱাৰ জনজাতি যুৱ-কৃষ্টি সংঘৰ উদ্যোগত ধূনাগুৰি পাৰঘাটৰ সমীপৰ কমলপুৰ নলদুৱাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আৰম্ভ হৈছে। থলুৱা মিচিং জনগোষ্ঠীয় ভা-ভাৱৰীয়াৰ অভিনয়, নতুন দৃশ্য সজ্জা, আলোকসজ্জাৰে প্ৰদৰ্শিত হ’বলগীয়া এইবাৰৰ ৰাসোৎসৱত স্থানীয় শিল্পীৰ লগতে আমন্ত্রিত শিল্পীৰো পয়োভৰ ঘটিব।

বিশেষকৈ মিচিং চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূজা মিলিৰ দৈৱকী আৰু বলিষ্ঠ ৰাস অভিনেতা শংকুসিদ্ধ নাথ আৰু স্থানীয় শিল্পী হেমন্ত মিলিৰ কংসাভিনয় প্রদর্শন কৰা হ’ব। ১৯৭৪ চনতেই প্ৰতিষ্ঠা লাভ কৰা এই নলদুৱাৰ জনজাতি যুৱ-কৃষ্টি সংঘৰ দুয়োদিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি, সহযোগিতা আয়োজক সমিতিৰ সভাপতি কৃষ্ণ দলে আৰু সম্পাদক যদু বৰিয়ে।

Rajen Gohain: ৰাজেন গোঁহাইৰ নতুন ৰাজনৈতিক যাত্ৰাঃ AJPত যোগদান প্ৰাক্তন বিজেপি নেতাৰ

AJPত যোগদান ৰাজেন গোহাঁইৰ।(Rajen Gohain)
AJPত যোগদান ৰাজেন গোহাঁইৰ।(Rajen Gohain)

AJPত যোগদান ৰাজেন গোহাঁইৰ।(Rajen Gohain)

বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান ৰাজেন গোঁহাইৰ।

কেইদিনমান পূৰ্বে বিজেপি ত্যাগ কৰিছিল ৰাজেন গোহাঁইয়ে।

দিচপুৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আছিল যোগদান কাৰ্যসূচী।

নগাঁও সমষ্টিৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব পাৰে ৰাজেন গোঁহাই।

যোগদানৰ প্ৰাকক্ষণত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰাক্তন বিজেপি নেতা ৰাজেন গোঁহাইয়ে।

Dr Bhupen Hazarika: সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনায় বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনায় বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনায় বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী।(Dr Bhupen Hazarika)

চতুৰ্দশ মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ।

জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিক্ষেত্ৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠলৈ জনায় শ্ৰদ্ধাঞ্জলি।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা বহুকেইটা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ-

‘সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটি সমগ্ৰ মানৱ সমাজৰ গীত ৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰ সংঘক অনুৰোধ জনাম’

‘এইবাৰ বহাগ বিহুত এটা নিশা প্ৰতি খন বিহুতে সুধাকণ্ঠৰ গীত মাতে জীপাল কৰাৰ ব্যৱস্থা কৰা হ’ব’

‘বিহু সমিতি সমূহক আৰু অলপ বেছিকৈ অনুদান দি এই ব্যৱস্থা আমি লম’

‘সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঢলা শদিয়া ডঃ ভূপেন হাজৰিকা সেতুত এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লৈছো’

‘১০০ ফুটৰো অধিক ডাঙৰ হ’ব এই প্ৰতিমূৰ্তি’

‘আজি সমগ্ৰ অসমতে ২ লাখৰো অধিক ৰাইজে মানুহে মানুহৰ বাবে গীতটে মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব’

Bhupen Hazarika: বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী

ভূপেনদাবিহীন ১৪টা বছৰ।(Bhupen Hazarika)

বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী।

মৃত্যু তিথিত সুধাকণ্ঠগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত।

জালুকবাৰী সমন্বয় ক্ষেত্ৰত সুধাকন্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্রশাসনেও আজি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।

জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।