Home Blog Page 123

Bhupen Hazarika: বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী

ভূপেনদাবিহীন ১৪টা বছৰ।(Bhupen Hazarika)

বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী।

মৃত্যু তিথিত সুধাকণ্ঠগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত।

জালুকবাৰী সমন্বয় ক্ষেত্ৰত সুধাকন্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্রশাসনেও আজি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।

জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 

পঞ্চভূতত বিলীন প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য । Dipak Sarma

পঞ্চভূতত বিলীন প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য । Dipak Sarma
পঞ্চভূতত বিলীন প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য । Dipak Sarma

Dipak Sarma । প্ৰখ্যাত বাঁহীবাদক তথা সংগীত পৰিচালক দীপক শৰ্মাৰ মৃত্যুতে ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা এই বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুক অসমৰ সংগীত তথা সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি গণ্য কৰা হৈছে।

১৯৬৮ চনৰ ২৩ আগষ্ট তাৰিখে নলবাৰীৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা দীপক শৰ্মাই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী আৰু কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক (বাঁহী) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৯২ চনৰ পৰা ভাৰতীয় বাঁহীৰ যাদুকৰ পণ্ডিত হৰিপ্ৰসাদ চৌৰসিয়াৰ তত্ত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰিছিল তেওঁ।

আকাশবাণীৰ বি-হাই গ্ৰেড শিল্পী দীপক শৰ্মা আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত সংগীত পৰিচালক আছিল। লগতে তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰ দায়িত্বও পালন কৰিছিল। মুম্বাইত থকাৰ সময়তে তেওঁ দক্ষিণ আফ্ৰিকালৈ বাঁহী বাদনৰ বাবে আমন্ত্ৰিত হৈছিল। তাৰ পাছত ছুইজাৰলেণ্ড, জাৰ্মানী, পোলেণ্ড, ফ্ৰান্স আদিকে ধৰি ৪২খন দেশত বাঁহীৰ সুৰেৰে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

৫৭ বছৰ বয়সত নিঃশেষ হৈ গ’ল এই বিশ্ববন্দিত শিল্পীগৰাকী। দীপক শৰ্মাৰ নশ্বৰ দেহ আজি বিমানেৰে অসমলৈ অনা হয়। বিমানবন্দৰত বাঁহীবাদকৰ দলৰ শিল্পীসকলে বাঁহীৰ সুৰেৰে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত তেওঁৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ বাসগৃহলৈ লৈ অহা হয়। সন্ধিয়া নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় দীপক শৰ্মাৰ শেষকৃত্য।

অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত আছিল শিল্পীগৰাকীৰ অগণন গুণমুগ্ধ, ভক্ত আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধি। সমগ্ৰ ৰাজ্যৰ সংগীতপ্ৰেমীয়ে আজিৰ দিনটোত গভীৰ বেদনা আৰু শোকত দীপক শৰ্মাক সাৱটিলে।

Zubeen Garg Death Case: মুম্বাইলৈ ৰাওনা APS মৰমী দাসৰ নেতৃত্বত SIT

মুম্বাইলৈ ৰাওনা APS মৰমী দাসৰ নেতৃত্বত SITৰ
মুম্বাইলৈ ৰাওনা APS মৰমী দাসৰ নেতৃত্বত SITৰ

মুম্বাইলৈ ৰাওনা SIT। (Zubeen Garg Death Case)

জুবিনৰ ঘনিষ্ঠৰ সাক্ষ্য গ্ৰহণ কৰিব তদন্তকাৰী দলটোৱে।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুম্বাইত উপস্থিত মৰমী দাস ।

কিছু বছৰ পূৰ্বে মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিছিল জুবিন গার্গে।

সেই হাস্পতালখনৰ চিকিৎসবকক সোধা-পোছা কৰিব মৰমী দাসে।

জুবিন গাৰ্গৰ অসুস্থতা সন্দৰ্ভত তথ্য ল’ব SIT-এ।

এই সকলো তথ্য সন্নিবিষ্ট কৰা হ’ব চার্জশীটত।



Crime News: হ*ত্যাৰ অপৰাধত গ্ৰে*প্তাৰ ভাৰতীয় সেনাৰ কৰ্মৰত লেন্সনায়ক

হ*ত্যাৰ অপৰাধত গ্ৰে*প্তাৰ ভাৰতীয় সেনাৰ কৰ্মৰত লেন্সনায়ক
হ*ত্যাৰ অপৰাধত গ্ৰে*প্তাৰ ভাৰতীয় সেনাৰ কৰ্মৰত লেন্সনায়ক

হত্যাৰ অপৰাধত (Crime News) ভাৰতীয় সেনাৰ কৰ্মৰত লেন্সনায়ক গ্ৰেপ্তাৰ। যোৱা মাহৰ ৩১ তাৰিখে মৃত অৱস্থাত উদ্ধাৰ হৈছিল বিকাশ হাজৰিকা নামৰ এগৰাকী লোকৰ। ২৭ অক্টোবৰত হত্যাৰ বলি হোৱা বিকাশ হাজৰিকাৰ মৃতদেহ ৩১ অক্টোবৰ তাৰিখে নিজ বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত প্ৰত্যক্ষ কৰিছিল ভতিজী মেঘনা ময়ূৰ হাজৰিকাই। প্ৰাক্তন ৰেলৱে বিষয়া, অধিবক্তা, গ্ৰন্থ লেখক, মাহেকীয়া গণশক্তি কাকতৰ প্ৰকাশক তথা সম্পাদক, কলিয়াবৰ বিশিষ্ট নাগৰিক বিকাশ হাজৰিকাৰ হত্যাকাৰী ভাৰতীয় সেনা বাহিনীৰ লেঞ্চ নায়ক মনজিত গগৈক গ্ৰেপ্তাৰ।


প্ৰাক্তন ৰেলৱে বিষয়া, অধিবক্তা, গ্ৰন্থ লেখক, মাহেকীয়া গণশক্তি কাকতৰ প্ৰকাশক তথা সম্পাদক কলিয়াবৰ বিশিষ্ট নাগৰিক বিকাশ হাজৰিকাৰ হত্যাকাৰী ভাৰতীয় সেনা বাহিনীৰ লেঞ্চনায়ক মনজিত গগৈ আৰক্ষীৰ জালত। জখলাবন্ধা আৰক্ষী নিৱেশ এলেকাধীন বাণীপুৰ নিৱাসী বিকাশ হাজৰিকাক যোৱা ২৭ অক্টোবৰ তাৰিখে নিজ বাসগৃহত ঘৰৰ ভিতৰতে হত্যা কৰি পলায়ন কৰিছিল হত্যাকাৰী মনজিত গগৈ। এটুকুৰা ভূমিত গাহৰি পালনক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত চলি থকা বিবাদৰ পৰিণতিত হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত তথ্য লাভ কৰিছে।
মনজিত গগৈৰ পিতৃগৃহ লখিমপুৰ ঘিলামৰাত যদিও শৈশৱৰে পৰা কলিয়াবৰৰ শিলঘাটৰ মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি নাম কামাখ্যা গাঁৱত স্থায়ীভাৱে থাকিবলৈ লৈছিল অভিযুক্ত মনজিত গগৈ।

ভাৰতীয় সেনা বাহিনীৰ ২৩ নং গাৰ্ড , ৰাষ্ট্ৰীয় ৰাইফলছৰ লেঞ্চ নায়ক হিচাপে জম্মুত কৰ্মৰত অভিযুক্ত মনজিত গগৈয়ে ১ মাহৰ ছুটী লৈ ঘৰলৈ আহি সংঘটিত কৰিছিল হত্যাকাণ্ডৰ ঘটনা। হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ১০৪/২৫ নম্বৰৰ গোচৰত অভিযুক্ত মনজিত মহন্তক গ্ৰেপ্তাৰ কৰিছে জখলাবন্ধা আৰক্ষীয়ে। হত্যাকাণ্ডৰ বলি হোৱা বিকাশ হাজৰিকাৰ ভতিজী মেঘনা ময়ূৰ হাজৰিকাৰ এজাহাৰৰ ভিত্তিত গুৱাহাটীৰ হাতীগাঁৱৰ এটি ভাড়াঘৰৰ পৰা নিশা জখলাবন্ধা আৰক্ষীয়ে অভিযুক্ত মনজিত গগৈক আটক কৰি তদন্ত অব্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে।

Rajen Gohain: অসম জাতীয় পৰিষদত যোগদান কৰিব ৰাজেন গোহাঁয়ে!

অসম জাতীয় পৰিষদত যোগদান কৰিব ৰাজেন গোহাঁয়ে!
অসম জাতীয় পৰিষদত যোগদান কৰিব ৰাজেন গোহাঁয়ে!

অসম জাতীয় পৰিষদত যোগদান কৰিব ৰাজেন গোহাঁয়ে। (Rajen Gohain)

বুধবাৰে যোগদান কৰিব প্ৰাক্তন বিজেপি সাংসদজনে।

১০ বজাত লোকনির্মাণ ভৱনত হ’ব যোগদান কার্যসূচী হ’ব।

বহু প্রাক্তন আছু কর্মীয়েও কৰিব যোগদান কার্যসূচীত।

‘২৬ত বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৰাজেন গোহাঁই।

ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰাৰ সন্দৰ্ভত দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া।

দিলীপ শইকীয়াই কয় যে-

‘ৰাজেন গোহাঁই এগৰাকী জ্যেষ্ঠ নেতা আছিল’


‘আমি এতিয়া একো কৰিবলগীয়া নাই’


‘আমাৰ দল আগবঢ়াই নিয়াৰ বাবে তেওঁ পৰামৰ্শ দিব বুলি ভাবিছিলোঁ’


‘কিন্তু তেওঁ ওলোটাহে কৰিছে’


‘তেওঁলৈ আমাৰ শুভেচ্ছা থাকিল’



Nagaon Crime News: নগাঁৱত পুনৰ সক্ৰিয় মানৱ অংগৰ সৰবৰাহকাৰী চক্ৰ !

নগাঁৱত পুনৰ সক্ৰিয় মানৱ অংগৰ সৰবৰাহকাৰী চক্ৰ !

নগাঁৱত পুনৰ সক্ৰিয় মানৱ অংগৰ সৰবৰাহকাৰী চক্ৰ।(Nagaon Crime News)

নগাঁও আৰক্ষীৰ জালত তিনি বৃক্কৰ দালাল।

নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত অভিযান।

নগাঁৱৰ হুজ কৈৱৰ্ত্ত গাঁৱত আৰক্ষীৰ অভিযান।

আৰক্ষীৰ জালত কুখ্যাত বগামূলা ওৰফে দীপ দাস, ধৰণী দাস আৰু মহেন্দ্ৰ দাস।

নগাঁৱৰ পৰা কলকাতালৈ বৃক্ক সৰবৰাহ কৰে চক্ৰটোৱে।

নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জেৰা চলাইছে চক্ৰটোক।

চাৰিবছৰ পূৰ্বেও হুজ গাঁৱত বৃক্কৰ দালালি কৰি আটক হৈছিল কেইবাগৰাকীও লোক

১২বছৰ পূৰ্বে জুবিনে জিৰণি লোৱা শিলচটাৰ আঁৰৰ কাহিনী জানেনে ?

গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ হাতীমূৰা । এই হাতীমূৰাৰ সেউজীয়াৰ মাজতে চিৰদিনৰ বাবে নিৰলে বিশ্ৰাম লৈ আছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ।

তেওঁৰ এই অন্তিম বিশ্ৰামস্থলীৰ কিছু নিলগত এদিন উজনি অসমৰ পৰা গুৱাহাটীলৈ ওভতাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰবৰ বাগান এখনৰ এটা শিলৰ কাষত বহি এখন ফটো উঠিছিল । ১২ বছৰ পূৰ্বে বিখ্যাত ফটোগ্ৰাফাৰ ছামচুল হুদা পাটগিৰিৰ কেমেৰাৰ লেন্সত ধৰা দিয়া সেই ছবিখন সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈছে ।

কিয়নো অতি নিৰলে শান্ত পৰিৱেশত জিৰণি লৈ ফটো উঠা স্থানৰ পৰা কিছু নিলগতে পঞ্চভূতত বিলীন হৈ গৈছে প্ৰাণৰ শিল্পীগৰাকী । এইখিনিতে উল্লেখ কৰিব লাগিব যে আজিৰে পৰা ১২ বছৰ পূৰ্বে যিটো শিলৰ কাষত বহি অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে এখন ঐতিহাসিক ফটোৰ বাবে প’জ দিছিল, সেই শিলটো আছিল কাৰ্বি জনগোষ্ঠীৰ অত্যন্ত পবিত্ৰ লং-এ । এই লং-এ মানে হ’ল মৃতৰ স্মৃতিত পোতা এটুকুৰা শিল ।

লং-এ‘ মৃতকলৈ শ্রদ্ধা জনাই এটুকুৰা গ্রেনাইটজাতীয় ‘শিল তর্পণ’ । কার্বি ভাষাত ই হৈছে লং-এ । ডিমৰীয়াৰ কাৰ্বিসকলে সৎকাৰৰ পিছত মৃতকলৈ জনোৱা ই এক পৰম্পৰা ।লোকসংস্কৃতিৰে ভৰি থকা এটা অঞ্চল হৈছে ডিমৰীয়া । এই অঞ্চলটোৰ গৰিষ্ঠসংখ্যক লোক কাৰ্বি জনগোষ্ঠীৰ হোৱা হেতুকে তেওঁলোকৰ সংস্কৃতিয়ে অতীজৰে পৰা গুৰুত্ব পাই আহিছে । ডিমৰীয়াৰ কাৰ্বিসকলৰ সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্যৰ বাহক হিচাপে স্মৃতিশিলা বা লং-এই উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে । এই লং-এ বা স্মৃতিশিলা হ’ল অঞ্চলটোৰ কোনো কার্বি লোকৰ মৃত্যু ঘটিলে মৃতকৰ স্মৃতিৰ চিনস্বৰূপে পোতা শিলৰ স্তম্ভ । একেলগে বহুতো মৃত লোকৰ স্মৃতিত লং-এ থকা ঠাইটুকুৰাক লং-এ আৰি বুলি কোৱা হয়।

Dipak Sarma: অজস্ৰ গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাক

Dipak Sarma: অজস্ৰ গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাক
Dipak Sarma: অজস্ৰ গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাক

নিথৰ হৈ স্বগৃহত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা।(Dipak Sarma)

পুষ্পসজ্জিত বাহনেৰে দীপক শৰ্মাৰ শেষযাত্ৰা।

বিয়লি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব শিল্পীগৰাকীৰ।

মঙলবাৰে পুৱাই চেন্নাইৰ পৰা আহি পালেহি দীপক শৰ্মাৰ নশ্বৰদেহ।

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব দীপক শৰ্মাৰ শেষকৃত্য।

অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত পুৱা ১০ বজাৰ পৰা ২ বজালৈ ৰখা হ’ব দীপক শৰ্মাৰ নশ্বৰ দেহ ।

তাতেই গুণমুগ্ধ তথা দল-সংগঠনে তেওঁক জনাইছে অন্তিম শ্ৰদ্ধাঞ্জলি।

Rhino Horns: অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ
অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত উদ্ধাৰ গঁড়ৰ খৰ্গ। (Rhino Horns)

CRPF 155(D) কেম্পৰ সমীপৰ মজিবুৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ খৰ্গটো।

উদ্ধাৰ হোৱা খৰ্গটোৰ ওজন ১ কেজি ২০০ গ্ৰাম।

নগাঁৱৰ পৰা মজিবুৰ ৰহমানে নগাক দিবলৈ আনিছিল খৰ্গটো।

Dipak Sarma: আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ।

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ।
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ।

গুৱাহাটী পালেহি বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ।(Dipak Sarma)

আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ।

বিমানবন্দৰৰ পৰা অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ অনা হৈছে পাৰ্থিৱ শৰীৰ।

পুষ্পসজ্জিত বাহনেৰে লৈ অনা হৈছে তেওঁৰ নশ্বৰদেহ।

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব দীপক শৰ্মাৰ শেষকৃত্য।