Home Blog Page 124

PM Narendra Modi: অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন
অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ (PM Narendra Modi) মোদীৰ আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী। আজি বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

আজি লুইতৰ বুকুত IWTৰ ‘চৰাইদেউ’ জাহাজত প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’অনুষ্ঠান। অনুষ্ঠানত ৰাজ্যৰ ২৫ গৰাকী শিক্ষাৰ্থীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আজি নামৰূপত নতুন সাৰ কাৰখানাৰ ভূমি পূজনৰ লগতে আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে নামৰূপবাসী।


Narendra modi: ৰোডশ্ব’ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰোডশ্ব'ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰোডশ্ব'ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰোডশ্ব’ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।(Narendra modi)

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন বাহনতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

সততে দুৰ্লভ এনে দৃশ্য দেখা গ’ল গুৱাহাটীত।

প্ৰথমবাৰলৈ এগৰাকী প্ৰধানমন্ত্ৰীয়ে এইদৰে মুখ্যমন্ত্ৰীক নিজৰ গাড়ীত উঠাই ৰোড শ্ব’ত অংশগ্ৰহণ কৰা দেখা গ’ল অসমত।

Men ear piercing: কাণ ফুটোৱাটো পুৰুষৰ বাবে শুভ নে অশুভ ?

কাণ ফুটোৱাটো পুৰুষৰ বাবে শুভ নে অশুভ ?
কাণ ফুটোৱাটো পুৰুষৰ বাবে শুভ নে অশুভ ?

কাণ ফুটোৱা আৰু (Men ear piercing) কাণফুলিৰ গুৰুত্ব আজিৰ বস্তুবাদী জগতখনত জনপ্ৰিয় হৈ পৰিছে। কিন্তু সনাতন ধৰ্ম আৰু জ্যোতিষ শাস্ত্ৰত এই পৰম্পৰা কেৱল ষ্টাইলৰ বাবে নহয়, শাৰীৰিক আৰু মানসিক বিকাশৰ বাবেও অপৰিহাৰ্য বুলি বিবেচিত হৈছে। হিন্দু ধৰ্মৰ ১৬টা ৰীতি-নীতিৰ ভিতৰত অন্যতম “কৰ্ণবেধ সংস্কাৰ” পুৰুষৰ বাবে বিশেষ তাৎপৰ্য বহন কৰে। প্ৰাচীন কালত প্ৰায় প্ৰতিজন মানুহেই কাণ ফুটোৱা অনুষ্ঠান সম্পন্ন কৰিছিল। কিন্তু পৰিৱর্তিত সময়ৰ লগে লগে এই পৰম্পৰা সলনি হৈছে, কেৱল নাৰীৰ মাজতহে এই পৰম্পৰা দেখা গৈছে। বৰ্তমান সময়ত বেছিভাগ পুৰুষেই কাণ ফুটাই, কাণ ফুটোৱাটো কেৱল চখ নে সৌভাগ্যৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ শুভ আৰু অশুভ শংকা কি কি? জানো আহক-

জ্যোতিষৰ মতে মানৱ শৰীৰৰ কিছু অংশ বিভিন্ন গ্ৰহৰ লগত জড়িত। কাণৰ তলৰ অংশ মূলতঃ কেতুৰ দ্বাৰা প্ৰভাৱিত হয়। কাণ ফুটোৱালে ৰাহু আৰু কেতুৰ নেতিবাচক প্ৰভাৱ কমি যায় আৰু ব্যক্তিৰ জীৱনৰ অভাৱনীয় বাধা দূৰ হয় বুলি বিশ্বাস কৰা হয়। তদুপৰি কাণত সোণ পিন্ধিলে মানুহৰ ৰাশিফলত বৃহস্পতি আৰু সূৰ্য্য শক্তিশালী হয়। ইয়াৰ ফলত আত্মবিশ্বাস, সামাজিক সন্মান, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পায়।

পুৰুষে সদায় সোণ বা ৰূপক অগ্ৰাধিকাৰ দিব লাগে। কৃত্ৰিম বা সস্তীয়া ধাতু পৰিধান কৰিলে ছালৰ বিকাৰ আৰু বিৰূপ গ্ৰহৰ প্ৰভাৱ পৰিব পাৰে। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা দুয়োখন কাণ ফুটোৱাটো পুৰুষৰ বাবে অধিক শুভ বুলি গণ্য কৰা হয়, যাৰ ফলত সমগ্ৰ শৰীৰত শক্তিৰ সম প্ৰবাহ নিশ্চিত হয়।

বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি ৰণবীৰ কাপুৰৰ দৰে ডাঙৰ তাৰকালৈকে আজিৰ প্ৰজন্মই এই পৰম্পৰাক আঁকোৱালি লৈছে। তেওঁলোকে হয়তো ষ্টাইলৰ বাবে কাণ ফুটাইছে, তথাপিও তেওঁলোকে অজানিতে ইয়াৰ জ্যোতিষ আৰু স্বাস্থ্যজনিত উপকাৰো লাভ কৰে।

Narendra Modi: বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি প্ৰধানমন্ত্ৰী
বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি প্ৰধানমন্ত্ৰী

বৰঝাৰ বিমানবন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। (Narendra Modi)

বিমানবন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰীগৰাকী।

বিমানবন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

গুৱাহাটী বিমানবন্দৰৰ সন্মুখত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশাল প্ৰতিমূৰ্তি উদ্ধোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লগতে মুকলি কৰে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল।


Imran Khan: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ(Imran Khan) ৰাজনীতি সন্দৰ্ভত ডাঙৰ খবৰ। তোছাখানা-দ্বিতীয় গোচৰত আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুশৰা বিবিক দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহিছে। শনিবাৰে ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত অৱস্থিত বিশেষ আদালতে এই ৰায়দান কৰে। আদালতে তেওঁলোকৰ ওপৰত এক কোটি টকাকৈ জৰিমনাও বিহিছিল। এই সিদ্ধান্তৰ পিছতে পাকিস্তানৰ ৰাজনীতি পুনৰ অশান্ত হৈ পৰিছে।

পত্নীসহ ইমৰান খানক ১৭ বছৰ কাৰাদণ্ড বিহা হৈছে। পাকিস্তানৰ এখন আদালতৰ এই ৰায়দান তোষাখানা গোচৰত দুয়োকে ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। বৰ্তমান কাৰাগাৰতে আছে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খান।

আদালতে বিভিন্ন ধাৰাত শাস্তি নিৰ্ধাৰণ কৰিছিল, যিবোৰ একেলগে মিলিলে মুঠ ১৭ বছৰ হ’ব। ইমৰাণ খান আৰু বুশৰা বিবিক পাকিস্তান দণ্ডবিধিৰ ৪০৯ ধাৰাত ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আন আন ধাৰাতো দোষী সাব্যস্ত কৰা হয়। শুনানিৰ সময়ত আদালতত এফ আই এৰ বিষয়াসকল উপস্থিত থকাৰ বিপৰীতে ইমৰাণ খানৰ অধিবক্তাই তেওঁৰ গোচৰ দাখিল কৰে।


Darrang News: স্বামীক বিচাৰি এগৰাকী পত্নীৰ হিয়াভগা কান্দোন

স্বামীক বিচাৰি এগৰাকী পত্নীৰ হিয়াভগা কান্দোন
স্বামীক বিচাৰি এগৰাকী পত্নীৰ হিয়াভগা কান্দোন

স্বামীক বিচাৰি এগৰাকী (Darrang News) পত্নীৰ হিয়াভৰা কান্দোন। স্বামীক বিচাৰি হাবাথুৰি খাই ফুৰিছে এগৰাকী পত্নীয়ে। ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল। বৰ্তমানলৈ পৰিয়ালে কোনো শুং সূত্ৰ পোৱা নাই স্বামী ছাইদুৰ ৰহমানৰ। দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত খাটনীয়াপাৰা গাওঁৰ ৰেজিনা বেগমৰ স্বামী ছাইদুৰ ৰহমানে যোৱা বৃষ্পতিবাৰৰ পৰা দিনৰ ০২:০০ বজাত পত্নীৰ ঘৰৰ পৰা নিজ ঘৰলৈ যাব বুলি ওলাই যায়।

কিন্তু আবেলি পত্নীৰ ঘৰলৈ উভতি নহাত বহু চিন্তাত পৰে পৰিয়ালৰ লোকে। বৰ্তমানলৈ পৰিয়ালৰলোকে কোনো শুং সূত্ৰ নাপালে স্বামী ছাইদুৰ ৰহমানৰ। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি নাপাই উপায়ন্তৰ হৈ ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদিহে কোনো সদাশয় ব্যক্তিয়ে স্বামী ছাইদুৰ ৰহমানক দেখা পাই অতি সোনকালে নিকটৱৰ্তী থানা অথবা 7099934828, 6002944677 নাইবা 9365339227 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সমূহ অসমবাসীক কাতৰ অনুৰোধ জনায় ।

CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত

নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত
নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত

সিদ্ধান্ত সলনি নুছৰত পাৰবীনৰ।(CM Nitish Kumar)

চাকৰিত যোগদান কৰিব নুছৰতে।

নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত।

বিহাৰৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী নীতিশে খুলি দিছিল নুছৰতৰ হিজাব।

মুছলমান যুৱতীৰ হিজাব খুলি দেশজুৰি বিতৰ্ক সৃষ্টি কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

অপমানৰ বাবে বিহাৰ চৰকাৰৰ অধীনত কাম নকৰাৰ লৈছিল সিদ্ধান্ত নুছৰতে।

অৱশেষত সিদ্ধান্ত সলনি কৰিলে নুছৰত পাৰবীনে।

Train Accident: কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ
ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ

ৰাজ্য কঁপাই যোৱা ৰে’ল দুৰ্ঘটনা।(Train Accident )

কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ।(Rajdhani Express)

ৰাজধানী এক্সপ্ৰেছৰ ৫টাকৈ ডবা লাইনচ্যুত।

কথমপি ৰক্ষা পৰে হাজাৰ হাজাৰ যাত্ৰীৰ প্ৰাণ।

দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ।

বাতিল কৰা হয় কেইবাখনো ৰে’ল।

ৰাজধানী এক্সপ্ৰেছ, জনশতাব্দী, হাফলং ভিস্তাদ’ম, ৰঙিয়া-তিনিচুকীয়া, মৰিয়নি-গুৱাহাটী, লামডিং-গুৱাহাটী, গুৱাহাটী-বদৰপুৰ ৰে’ল বাতিল।

আবদ্ধ যাত্রীসকলক উদ্ধাৰৰ বাবে ৩টাকৈ হেল্পলাইন নম্বৰ মুকলি ৰে’ল বিভাগৰ।

হেল্পলাইন নম্বৰকেইটা 0361-2731621,0361-2731622, 0361-2731623।

Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।(Narendra Modi)

বিকাশৰ বতৰা লৈ নিৰ্বাচনী ৰণডংকা বজাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বিয়লি ২:৪৫ বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল।

গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূর্তি টার্মিনেল উদ্বোধনৰ পাছত ৰাজহুৱা সভা সম্বোধন কৰিব প্রধানমন্ত্রীয়ে।

জনসভাৰ পাছত বশিষ্ঠৰ বাজপেয়ী ভৱনলৈ ৰাওনা হ’ব প্রধানমন্ত্রীগৰাকী।

কাইলৈ শিক্ষার্থীৰে ‘পৰীক্ষা পে চর্চা’ত ভাগ ল’ব প্রধানমন্ত্রীয়ে।

তাৰ পাছত বৰাগাঁৱৰ ছহিদ স্মাৰকলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।

কাইলৈ অংশ ল’ব নামৰূপ সাৰ কাৰখানাৰ ১০ হাজাৰ ৬০০ কোটিৰ চতুৰ্থ গোটৰ ভূমিপূজনত।

MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম

সলনি হ'ল MGNREGA আঁচনিৰ নাম
সলনি হ'ল MGNREGA আঁচনিৰ নাম

সলনি হ’ল MGNREGA আঁচনিৰ নাম।(MGNREGA)

MGNREGAৰ নতুন নাম হ’ব VB-G RaM।

লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে গৃহীত বিধেয়কখন।

VB-G RaMৰ অৰ্থ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ আৰু অজীৱিকা মিছন।

২০০৫ৰ ২৫ আগষ্টত সংসদত গৃহীত হৈছিল।

MGNREGA ২০০৯ত ইয়াৰ সৈতে সংযোজন কৰা হৈছিল মহাত্মা গান্ধীৰ নাম।

MGNREGAৰ জৰিয়তে শ্রমিকক প্ৰতি বছৰে দিয়া হৈছিল ১০০ দিনৰ কাম।

VB-G RaM (গ্রামীন) আঁচনিত সলনি কৰা হৈছিল পূৰ্বৰ কেইবাটাও নিয়ম।

১০০ দিনৰ পৰিৱর্তে এই আঁচনিত শ্রমিকে লাভ কৰিব ১২৫ দিনৰ কাম।

ইয়াৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ, ৰাজ্য চৰকাৰে ৪০ শতাংশ পুঁজি যোগান ধৰিব।