Home Blog Page 125

সদৌ অসম কবি সম্মিলনৰ উদ্যোগত ‘কৈঠালকুছি শাখা কবি সম্মিলন’ গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠান

নলবাৰী জিলাৰ কৈঠালকুছিত আজি সদৌ অসম কবি সম্মিলনৰ উদ্যোগত কৈঠালকুছি শাখা কবি সম্মিলন গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিৰ পূৰ্বে অসমবাসীৰ হিয়াৰ আমঠু,গণশিল্পী, যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ খ্যাত সদ্যপ্ৰয়াত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।গামাৰিমূৰীস্থিত উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেলি ২ বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে স্থানীয় আদৰ্শ কৃষক তথা কবি মধু ডেকা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিশিষ্ট কবি মৃণাল কুমাৰ বৰা, সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক পৰিষদৰ সদস্য শোভন কুমাৰ মেধি, ৰাজ্যিক উপ সমিতিৰ যুৱ শাখাৰ সমন্বয়ক পঞ্চমী চৰকাৰ, সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী কবি সন্মিলনৰ সম্পাদক তথা যুৱ- প্ৰজন্মৰ কবি-লিখক-শিক্ষক পিংকু মণি ৰায় চৌধুৰী, বৰক্ষেত্ৰী কবি সন্মিলনৰ সহকাৰী সম্পাদক ধনজিৎ বৈশ্যৰ উপস্থিতিত কৈঠালকুছি শাখা কবি সন্মিলনখন গঠন কৰা হয়।

উক্ত শাখা কবি সন্মিলনখনৰ সভাপতি হিচাপে কবি তথা আদৰ্শ কৃষক মধু ডেকা, উপ-সভাপতিদ্বয় ক্ৰমে প্ৰদীপ শৰ্মা আৰু নৃপেন বৰ্মণ, সম্পাদক হংস বৰ্মণ, সহকাৰী সম্পাদকদ্বয় চন্দন বেজবৰুৱা, শংকৰজ্যোতি বৰ্মণ, কোষাধ্যক্ষ অখিল বৈশ্য, প্ৰচাৰ সম্পাদক তন্ময় শৰ্মা, সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বেজবৰুৱা, পত্ৰিকা সম্পাদক প্ৰণীতা ঠাকুৰীয়া বেজবৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মা, মনোজ শৰ্মাক নিৰ্বাচিত কৰা হয়। উক্ত অনুষ্ঠানটিত ভালেকেইজন কবিয়ে স্ব-ৰচিত কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলাৰ উপৰিও প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ মায়াবিনী গীত গাই সমূহীয়া শ্ৰদ্ধাঞ্জলি জনায়। পৰৱৰ্তী পৰ্যায়ত কৈঠালকুছিৰ গণ্য মান্য ব্যক্তিসকলৰ দিহা পৰামৰ্শক শিৰোগত কৰি কৈঠালকুছি কবি সন্মিলনখনক বিস্তাৰিত ৰূপ প্ৰদান কৰা হ’ব বুলি জনাইছে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰাই।

Memory Power: নাৰীৰ নে পুৰুষ, কাৰ স্মৃতিশক্তি বেছি ?

Memory Power: নাৰীৰ নে পুৰুষ, কাৰ স্মৃতিশক্তি বেছি ?
Memory Power: নাৰীৰ নে পুৰুষ, কাৰ স্মৃতিশক্তি বেছি ?

স্মৃতিশক্তি অতি গুৰুত্বপূৰ্ণ। (Memory Power) ভাল স্মৃতি অৰ্থাৎ কথাবোৰ মনত ৰখাৰ ক্ষমতাই দৈনন্দিন জীৱনৰ বহু কাম সহজ কৰি তোলে। পুৰুষ আৰু মহিলাৰ স্মৃতিশক্তি বেলেগ বেলেগ। কাৰ স্মৃতিশক্তি চোকা, পুৰুষ নে মহিলা, জানো আহক।

পুৰুষ নে মহিলা কাৰ স্মৃতিশক্তি অধিক তাকে লৈ প্ৰায়ে যথেষ্ট বিতৰ্ক হয়। প্ৰায়ে বিশ্বাস কৰা হয় যে মহিলাৰ স্মৃতি চোকা হয় কাৰণ তেওঁলোকে নিজৰ বাৰ্ষিকী আৰু জন্মদিন মনত পেলাই, আনহাতে পুৰুষে সেইবোৰ পাহৰি যোৱাৰ প্ৰৱণতা থাকে। কিন্তু শেহতীয়া গৱেষণাই এই কথা অসত্য বুলি প্ৰমাণ কৰিছে। গৱেষণাই কি কয় জানো আহক-

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে প্ৰতি ১০০ পুৰুষৰ ভিতৰত ১৩ জন পুৰুষৰ পাহৰণিৰ ক্ষমতা আছিল, আনহাতে মহিলাৰ ক্ষেত্ৰত এই সংখ্যা ১০০ ৰ ভিতৰত ৩৯ গৰাকী। গৱেষণা কৰা বিশেষজ্ঞসকলেও মহিলাৰ পাহৰণিৰ আঁৰৰ কিছুমান কাৰণ কৈছিল। ইয়াৰ প্ৰধান কাৰণ হ’ল মানসিক চাপ, দ্বিতীয়টো ডাঙৰ কাৰণ হ’ল খাদ্য-পানীয়ৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু তৃতীয়টো ডাঙৰ কাৰণ হ’ল নিসংগতা। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল মহিলা অবিবাহিত বা যিসকলৰ সংগী এই পৃথিৱীত নাই, তেওঁলোকৰ পাহৰণিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

গৱেষণাৰ পৰা দেখা গৈছে যে শাৰীৰিক বা মানসিক চাপে মানুহৰ স্মৃতিশক্তিত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। মানুহে প্ৰায়ে মানিবেগ পাহৰে, আন কোনোৱে গাড়ী ক’ত ৰখাইছিল পাহৰি যায়, আন কোনোৱে আনৰ নাম পাহৰি যায়। স্মৃতিশক্তি উন্নত কৰিবলৈ আপুনি খাদ্য তালিকাত ওমেগা-৩ ফেটি এচিড অন্তৰ্ভুক্ত কৰিব পাৰে। আলমণ্ড আৰু আখৰোট খোৱাটো মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰী।

Road Accident: শোকাৱহ পথ দুৰ্ঘটনাত একেলগে অজান দেশলৈ দুই বন্ধু

পথ দুৰ্ঘটনাত একেলগে অজান দেশলৈ দুই বন্ধু
পথ দুৰ্ঘটনাত একেলগে অজান দেশলৈ দুই বন্ধু

কালি নিশা (Road Accident) তেজপুৰৰ নিকটৱৰ্তী শিৱ মন্দিৰৰ সমীপত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় দুজন যুৱক। প্ৰাপ্ত তথ্য অনুসৰি, শুক্ৰবাৰে নিশা প্ৰায় ১০ বজাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুঠিমাৰী আৰক্ষী চকীৰ অন্তৰ্গত
শিৱ মন্দিৰৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা।

AS 12 AL 0712 নম্বৰৰ মটৰ চাইকেলেৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দিশৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে দুয়োকে মহতিয়াই লৈ যায়। দুৰ্ঘটনাত তেজপুৰৰ ২৫ বছৰীয়া আকাশ বনিয়া নামৰ যুৱকজন ঘটনাস্থলীতেই নিহত হয় আৰু লগত থকা পৱিত্ৰ নাথ নামৰ ২৬ বছৰীয়া যুৱকজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।


পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সময়তে পথতেই মৃত্যুবৰণ কৰে। এই দুৰ্ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।।

zubeenkhetra: জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ

zubeenkhetra: জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ
zubeenkhetra: জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ

জুবিন ক্ষেত্ৰত ধৰা পৰিল চোৰ।(zubeenkhetra)

অনুৰাগীয়ে আগবঢ়োৱা অৰিহণা চুৰ কৰি ৰাইজৰ ৰোষত পৰিল চোৰ।

জুবিন অনুৰাগীয়ে আটক কৰি আৰক্ষীক গতাই দিয়ে চোৰটোক।

ধৃত চোৰটো বকোৰ ধূপধৰাৰ আনোৱাৰ হুছেইন।

ভীৰৰ সুযোগ লৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ।

শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা অনুৰাগীৰ ধন মোনাত ভৰাই উধাও হোৱাৰ চেষ্টা এটাচলাইছিল চোৰটোৱে।

অৱশেষত ৰাইজে কৰায়ত্ত কৰিলে বকো ধূপধাৰাৰ আনোৱাৰ হুছেইনক।


সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছিল!

অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে ভাতৃৰ মৃত্যু সন্দৰ্ভত উত্থাপন কৰিছে এক নতুন দাবী। শেহতীয়া এক সাক্ষাৎকাৰত শ্বেতা সিঙে প্ৰকাশ কৰিছে যে দুগৰাকী মনোবিজ্ঞানী, এগৰাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰু আনগৰাকী মুম্বাইৰ, তেওঁলোকে কৈছে যে সুশান্তক দুগৰাকী ব্যক্তিয়ে হত্যা কৰিছে।

উল্লেখযোগ্য যে, ২০২০ বৰ্ষত জুন মাহত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছিল, যাৰ ফলত সংবাদ মাধ্যম জোকাৰি গৈছিল আৰু মুম্বাই আৰক্ষী, বলবৎকাৰী সঞ্চালকালয় (ED), মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থা (NCB) আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)ৰ দ্বাৰা একাধিক তদন্তৰ সৃষ্টি হৈছিল। যদিও সকলো সংস্থাই এই সিদ্ধান্তত উপনীত হৈছে যে ইয়াৰ সৈতে কোনো দুৰ্নীতি নাছিল, তথাপিও শেহতীয়া বক্তব্যৰ পৰা অনুমান কৰিব পাৰি যে চৰকাৰী তদন্তত তেওঁ এতিয়াও পতিয়ন যোৱা নাই।

শ্বেতাই কয় যে ভাতৃৰ মৃত্যুৰ কিছু সময়ৰ পিছতে এজন আমেৰিকান মনোবিজ্ঞানীয়ে পৰিয়ালৰ এগৰাকী চিনাকি ব্যক্তিৰ জৰিয়তে তেওঁৰ সৈতে যোগাযোগ কৰিছিল। অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি শ্বেতাই কয়, “মোৰ সৈতে যোগাযোগ কৰা এজন ব্যক্তি আছিল আমেৰিকান মনোবিজ্ঞানী। আমেৰিকাত মোৰ ভাতৃসদৃশ এগৰাকী বন্ধু আছে। যেতিয়া তেওঁ এই কাণ্ডৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁ কয়, “মোৰ এগৰাকী গডমাদাৰ আছে যিয়ে গভীৰ ধ্যান-সাধনাত সোমাব পাৰে। মই তেওঁৰ লগত কথা পাতিম।” মহিলাগৰাকীক ফোন কৰিলে, তেওঁ জনা নাছিল মই কোন বা মোৰ ভাইটি কোন, তাই কৈছিল, ‘সুশান্তক হত্যা কৰা হৈছে।”

শ্বেতাই কয় যে মুম্বাইৰ আন এজন মনোবিজ্ঞানীয়েও একে কথাই কৈছিল। ‘মুম্বাইৰ পৰা আন এজন মনোবিজ্ঞানী মোৰ ওচৰলৈ আহিল।’ ময়ো তেওঁৰ বিষয়ে একো নাজানিছিলো। ঠিক একেখিনি কথাই ক’লে। দুয়োজনে একেটা কথা কেনেকৈ ক’ব পাৰে? দুয়োজনে ক’লে যে দুজন মানুহে আহি সুশান্তক হত্যা কৰিছিল।’

যদিও চিবিআইৰ চৰকাৰী ক্লজাৰ ৰিপ’ৰ্টত উল্লেখ আছে যে ৰিয়া চক্ৰৱৰ্তী বা আন কোনোবাই অবৈধভাৱে সুশান্তৰ চৰম সিদ্ধান্তৰ ক্ষেত্ৰত আটক, ভাবুকি বা সহযোগিতা কৰা বুলি কোনো প্ৰমাণ পোৱা নাই! তথাপিও সংস্থাটোৱে ৰিয়াই তেওঁৰ ধন আত্মসাৎ কৰাৰ কোনো ইংগিত পোৱা নাছিল, তাৰ পৰিৱৰ্তে সুশান্তই তেওঁৰ পৰিয়ালক বিবেচনা কৰা বুলি উল্লেখ কৰিছে।

Zubeen Garg: ‘১৮ তাৰিখৰ আগত গান পাই যাবা’। জুবিনৰ জন্মদিনত বিশেষ উপহাৰ দিব মানস ৰবীনে!

Zubeen Garg: '১৮ তাৰিখৰ আগত গান পাই যাবা'
Zubeen Garg: '১৮ তাৰিখৰ আগত গান পাই যাবা'

সামাজিক মাধ্যমত বিশেষ পোষ্ট মানস ৰবীনৰ। (Zubeen Garg) সামাজিক মাধ্যমত মানস ৰবীনে লিখিছে-

‘গল্ডীদা

আজি তোমাৰ গানটো মই আৰম্ভ কৰিলো দেই ৯ আৰু ১০ তাৰিখে ডাবিং ৰাখিছো । ১২ তাৰিখে ভূপেশে মিক্স কৰিব । ১৩ তাৰিখে সৰুকে শ্বোটিং এটা ৰাখিম । ১৪ আৰু ১৫ ত এডিটিং …….

তোমাৰ বাৰ্থদেৰ আগত ৰেডি হৈ যাব দিয়া

নোৱাৰো কালিৰ পৰা মই ৰবীন আৰ্মীৰ কামত উজনি অসমত থাকিম । ইফালে যোৰহাটৰ তোমালোকৰ পুৰণা ঘৰৰ ৰাষ্টাটোত নাহৰ পুলি ৰোৱাৰ সম্পৰ্কত চন্দন নগৰৰ লৰাবোৰৰে কথা পাতিবলৈও আছে । গৰিমা বৌ , পামীক আজি লগ পাম । বাকী তোমাৰ চিনেমাই ফালি দিছে …

ফেন ক্লাবৰ লৰাবোৰে চিনেমাৰ ক্লিপ ভাইৰেল কৰা পেজ বোৰ ৰিপৰ্ট মাৰি উৰুৱাই আছে …..

আৰে কৈছো নহয় হৈ যাব , ১৮ তাৰিখৰ আগত গান পাই যাবা । মই তোমাৰ অমখ আহোমে কথা দিছো’

ICC Womens World Cup 2025: আজি মহিলা ক্রিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল মেচ

আজি মহিলা ক্রিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল মেচ
আজি মহিলা ক্রিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল মেচ

আজি মহিলা ক্রিকেট বিশ্বকাপৰ ৰোমাঞ্চকৰ ফাইনেল মেচ। (ICC Womens World Cup 2025)

ICC মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা।

বিয়লি ৩ বজাৰ পৰা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত আৰম্ভ হ’ব মেচখন।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ষ্টেডিয়ামত নামিব ভাৰত।

ভাৰত-দক্ষিণ আফ্রিকা ইতিহাস ৰচিবলৈ সাজু হৰমনপ্রীত বাহিনী

Roi Roi Binale: মুক্তিৰ দিনাই ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন ২.৫২ কোটি টকা

মুক্তিৰ দিনাই ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন ২.৫২ কোটি টকা
মুক্তিৰ দিনাই ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন ২.৫২ কোটি টকা

“ৰৈ ৰৈ বিনালে”ৰ অভিলেখ।(Roi Roi Binale)

প্ৰথম দিনাই ২.৫২ কোটি উপাৰ্জন।

‘ৰৈ ৰৈ বিনালে’ই মুক্তিৰ দিনা উপাৰ্জন কৰিলে ২.৫২ কোটি টকা।

দৈনিক উপাৰ্জনৰ পৰিসংখ্যা নিদিয়ে প্রযোজকে।

এমাহৰ অন্তত দাঙি ধৰা হ’ব মুঠ উপাৰ্জনৰ পৰিমাণ।

শুকুৰবাৰে দেশজুৰি মুক্তিলাভ কৰা জুবিন গাৰ্গৰ সপোনৰ চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি সফলতাৰ শিখৰত ‘ৰৈ ৰৈ বিনালে’ ছবিখন।

‘ৰৈ ৰৈ বিনালে’ মুক্তিৰ প্ৰথম দিনটোত চিনেমাখনৰ সৰ্বমুঠ উপাৰ্জন ২ কোটি ৫২ লাখ টকা।

Shah Rukh Khan: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ আজি জন্মদিন

৬০ বছৰীয়া হ'ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান
৬০ বছৰীয়া হ'ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ (Shah Rukh Khan) খানৰ আজি জন্মদিন। ৬০ বছৰীয়া হ’ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। এই ৬০ বছৰৰ ভিতৰত কিং খানে ৩৩ বছৰ বলীউডত কটায়। এই ৩৩ বছৰীয়া কেৰিয়াৰত তেওঁ বহুতো ব্লকবাষ্টাৰ ছবি আগবঢ়াইছে উদ্যোগটোলৈ। তেওঁৰ জন্মদিন উপলক্ষে আহকচোন শ্বাহৰুখৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ বিষয়ে জানো।

ডংকিৰ, জৱান, পাথানৰ পৰা চেন্নাই এক্সপ্ৰেছ, দিলৱালেলৈকে কিং খানৰ সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ।

শ্বাহৰুখ খানৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিখন ‘জৱান’। এক প্ৰতিবেদন অনুসৰি এটলীৰ পৰিচালনাত নিৰ্মিত ছবিখনে মুঠ ₹১১৬০ কোটি (প্ৰায় ₹১১৬০ কোটি) উপাৰ্জন কৰিছিল। ইয়াৰে ছবিখনে ভাৰতত ₹640.25 কোটি (প্ৰায় ₹400 কোটি) সংগ্ৰহ কৰে। বিশ্বজুৰি ছবিখনে প্ৰায় ₹৪০০ কোটি (প্ৰায় ₹৪০০ কোটি) উপাৰ্জন কৰিছে। তদুপৰি, ‘জৱান’ ২০২৩ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিও আছিল। এই ছবিখনৰ বাবে শ্বাহৰুখে তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।

শ্বাহৰুখ খানৰ কেৰিয়াৰৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল পাঠান। “পাথানে” মুঠ ১০৫৫ কোটি ₹ (প্ৰায় ১.৫ বিলিয়ন ডলাৰ) উপাৰ্জন কৰিছিল। ইয়াৰে ছবিখনে কেৱল ভাৰততে ৫৪৩.১০ কোটি ₹ (প্ৰায় ১.৪ বিলিয়ন ডলাৰ) উপাৰ্জন কৰাৰ বিপৰীতে ইয়াৰ বিশ্বব্যাপী সংগ্ৰহ আছিল ₹৩৯৭.৫ কোটি (প্ৰায় ৩.৯৭ বিলিয়ন ডলাৰ)।

ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত “চেন্নাই এক্সপ্ৰেছ”ও শ্বাহৰুখ খানৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম। SaccNilc ৰ মতে, “চেন্নাই এক্সপ্ৰেছ” ভাৰতত ২২৭.১৩ কোটি ₹ (প্ৰায় ১.২ বিলিয়ন ডলাৰ) সংগ্ৰহ কৰিছিল, আনহাতে বিশ্বব্যাপী সংগ্ৰহ হৈছে ₹৪২২ কোটি (প্ৰায় ৪.২২ বিলিয়ন ডলাৰ)।

২০২৩ বৰ্ষটো শ্বাহৰুখ খানৰ কেৰিয়াৰৰ বাবে উল্লেখযোগ্য। শ্বাহৰুখে তিনিখন বেক টু বেক ব্লকবাষ্টাৰ ছবি দিছিল। “ডাংকি” আছিল শ্বাহৰুখৰ সেই বছৰ মুক্তি পোৱা তৃতীয়খন ছবি, “জোৱান” আৰু “পাথান”ৰ পিছত। বক্স অফিচতো “ডাংকি”-এ ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰি শ্বাহৰুখৰ কেৰিয়াৰৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।

ফাৰাহ খানৰ পৰিচালনাত নিৰ্মিত “হেপি নিউ ইয়েৰ” ছবিখনো শ্বাহৰুখৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম। ২০১৪ চনত মুক্তি পোৱা ছবিখনে ভাৰতত ১৯৯.৯৫ কোটি টকা উপাৰ্জন কৰিছিল বুলি SACNILC য়ে প্ৰকাশ কৰিছিল, যাৰ ফলত মুঠ উপাৰ্জন হৈছে ৩৯৭ কোটি ।

২০১৭ চনত শ্বাহৰুখ খানে মুক্তি দিছিল একচন ছবি ‘ৰেইছ’।বক্স অফিচত ₹১০০ কোটিৰো অধিক উপাৰ্জন কৰি তেওঁৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।

আজি অভিনেতাগৰাকীৰ জন্মদিন। শ্বাহৰুখ খানক আপুনিও জনাওক জন্মদিনৰ শুভেচ্ছা।

ক্ৰীড়া মহীৰূহ পুলিন দাসৰ ১০৭ সংখ্যক জন্ম দিৱস আৰু স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া, ক্ৰীড়া সংগঠক, ক্ৰীড়া মহীৰূহ পুলিন দাসৰ ১০৭ সংখ্যক জন্ম জয়ন্তী আৰু স্মাৰক বক্তৃতানুষ্ঠান আজি গুৱাহাটীস্থিত ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহতে বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হয়৷ পুলিন দাস স্মৃতিৰক্ষা সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানৰ আৰম্ভণিতে ক্ৰীড়া মহীৰূহগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱা, ক্ৰীড়া সংগঠক প্ৰদীপ চলিহা, বিশিষ্ট সমাজসেৱী অজয় দত্তৰ লগতে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ৷ ইয়াৰ পিছতে পুলিন দাস স্মৃতিৰক্ষা সমিতিৰ সম্পাদক তথা পুলিন দাসৰ সুপুত্ৰ কল্যাণ কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়ায়৷ তেওঁ আদৰণি ভাষণত ক্ৰীড়া মহীৰূহগৰাকীৰ কৰ্মৰাজি নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়৷ ইয়াৰ পিছতে বিশিষ্ট সমাজসেৱক, প্ৰাক্তন ৰাজনীতিক অজয় দত্ত আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ তথা অইল ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ মাধুৰ্য্য বৰুৱাক স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত ভাষণ দি অজয় দত্তই কয় যে পুলিন দাস আছিল এগৰাকী কিংবদন্তি পুৰুষ৷ পুলিন দাসক এশ শতাংশই ক্ৰীড়া ব্যক্তিত্ব বুলি অভিহিত কৰি তেওঁ কয় যে এইগৰাকী ব্যক্তিয়ে কেৱল সমাজক দিবৰ বাবেই জন্মগ্ৰহণ কৰিছিল৷ অসমত সাংবাদিকতাৰ ধাৰণা ধূসৰ হৈ থকাৰ সময়তে ক্ৰীড়া সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি থৈ যোৱা পুলিন দাস সকলোৰে বাবে গৌৰৱৰ বিষয় বুলি কয়৷ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নয়ন প্ৰসাদে আঁত ধৰা এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ মাধুৰ্য্য বৰুৱাই সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে৷ প্ৰথমগৰাকী ক্ৰীড়াবিদৰূপে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা মাধুৰ্য্য বৰুৱাই “অসমৰ বিশেষ উদ্ধৃতিৰে আমাৰ দেশৰ ক্ৰীড়া ব্যৱস্থাৰ বিকাশত কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ ভূমিকা ” শীৰ্ষক বিষয়ত স্মাকক বক্তৃতা প্ৰদান কৰে৷ বৰুৱাই কয়— “ অসমত কোনো ধৰণৰ আন্তঃগাথনি নথকাৰ সময়তে তেওঁ ৰাধাগোবিন্দ বৰুৱাৰ সৈতে গুৱাহাটীত নেহৰু ষ্টেডিয়াম নিৰ্মাণ কৰি উলিয়াইছিল৷ মই ক্ৰীড়াক্ষেত্ৰৰ পৰা পোনে পোনে অইলৰ ক্ষেত্ৰখনলৈ গৈছো আৰু এতিয়াও মই হাড়ে হিমজুৱে এজন ক্ৰীড়া ব্যক্তিত্ব৷ বৰ্তমান সময়তো ক্ৰীড়া ক্ষেত্ৰৰ অজস্ৰ সমস্যা আছে যদিও সেই সমস্যাবোৰ সমাধান কৰিব নোৱাৰা বিধৰ নহয়৷ অইলৰ দৰে বহুজাতিক সংস্হাসমূহে অন্য বহু বিভাগৰ লগতে ক্ৰীড়া জগতলৈয়ো সহায়ৰ হাত আগবঢ়াই আহিছে৷ উদ্যোগসমূহে দীৰ্ঘকাল ধৰি ক্ৰীড়াবিদৰ নিযুক্তিৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে৷” তেওঁ কয় যে উদ্যোগিক সংস্হাসমূহে প্ৰতি বছৰে কোটি কোটি টকা ক্ৰীড়াৰ উন্নয়নৰ বাবে আগবঢ়াই আহিছে৷ অসমো এইক্ষেত্ৰত ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ খেলুৱৈয়ে শীৰ্ষ পৰ্যায়ত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ পাঠ্যক্ৰমত ক্ৰীড়া বিষয় অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে৷ তেওঁ ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰা খেলুৱৈসকলৰ কৰ্ম সংস্হানৰ ব্যৱস্থা কৰিবলৈয়ো চৰকাৰক আহ্বান জনায়৷ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ ৰত্না সিঙক সম্বৰ্দ্ধনা জনোৱা হয়৷ বৰুৱাই লগতে কয় যে বিগত প্ৰায় ৩০ বছৰ ধৰি ৰাজনীতিকসকলে ক্ৰীড়া ক্ষেত্ৰত পদাৰ্পণ কৰি আহিছে৷ এইটো এক স্পৰ্শ কাতৰ বিষয় বুলি উল্লেখ কৰি তেওঁ ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ তেওঁলোকক আহ্বান জনায়৷ ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে৷ পুলিন ’দাস স্মৃতিৰক্ষা কমিটীৰ হৈ সম্পাদক কল্যাণ কুমাৰ দাসে অনুষ্ঠানত উপস্থিতি থকা ক্ৰীড়া অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে৷