Home Blog Page 126

১৯ ছেপ্টেম্বৰৰ ঘটনাৰ প্ৰেক্ষাপটত গৰিমা গাৰ্গৰ আবেগপূর্ণ প্ৰতিক্ৰিয়া ।Zubeen Garg

Zubeen Garg । অভিনেত্ৰী গায়ক জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত এটা হৃদয়স্পৰ্শী লিখনি প্ৰকাশ কৰিছে। লিখনিটোত তেওঁ জুবিন গাৰ্গৰ সৈতে সঘনিষ্ঠ সম্পর্ক থকা কেইবাগৰাকী পৰিয়ালৰ ল’ৰা–ছোৱালীৰ নাম উল্লেখ কৰি কয় যে, “এইসকল অকণমানিয়ে জুবিনক জন্মৰপৰাই দেউতা ৰূপে পালে, মোক ‘গৰিমা’ বুলি মাতে আৰু দুয়ো জনৰ সৈতে বেছিকৈ মৰমৰ সম্পৰ্ক ৰাখে।”

গৰিমা গাৰ্গে লিখিছে, “জুবিনে কৈছিল — এইবোৰ লʼৰা-ছোৱালী ডাঙৰ হ’লে মোৰ বন্ধু হ’ব। মাত ফুটোতেই শিকাইছিল ‘জুবিন’ আৰু মোক ‘গৰিমা’ বুলি মাতিবলৈ।” তেওঁ এই মন্তব্যত স্পষ্টকৈ কয় যে এই অকণমানিয়ে এতিয়াও তেওঁলোকৰ জীৱনত জুবিনক আৰু গৰিমাক সঁচাকৈয়ে পিতৃ-মাতৃসদৃশ স্থানত ৰাখিছে।

তেওঁ আরও কয় — “ৰাজহুৱা ক্ষেত্ৰত আস্থাই কিবা এটা ভুল কৰিছে যদিও সেয়া ইচ্ছাকৃত নহয়। আপোনালোকে শুদ্ধৰাই দিব, প্ৰথম বুলি ক্ষমা কৰিব। সৰু ছোৱালী, তাই শিকিব।” এই বক্তব্যৰ জৰিয়তে গৰিমা গাৰ্গে আস্থা বৰাক লৈ থকা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত শান্তি আৰু সহানুভূতিৰ বাৰ্তা প্ৰেৰণ কৰিছে।

এই মন্তব্যৰ পাছত চৰ্চা পুনৰ আৰম্ভ হৈছে —

সূত্ৰমতে, ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ অন্তিম চলচ্চিত্ৰ *‘ৰৈ ৰৈ বিনালে’*ৰ প্ৰচাৰ চলি থকা অৱস্থাত এখন লাইভ অনুষ্ঠানত গায়িকা আস্থা বৰাই কিছু মন্তব্য কৰে যিটো জুবিন গাৰ্গৰ অনুৰাগীসকলে ভুলভাবে গ্ৰহণ কৰে। তাৰ ফলত সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া দেখা যায়, আৰু আস্থাৰ ওপৰত সমালোচনাৰ ধুমুহা উঠে। তাৰ পিছতেই বিভিন্ন কণ্ঠশিল্পী, জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য আদি সকলোৰে পৰা সান্ত্বনা আৰু আহ্বান আহে যেন বিতৰ্ক বৃদ্ধি নপায়।

১৯ ছেপ্টেম্বৰৰ এই ঘটনাই জুবিন গাৰ্গক লৈ থকা জনমত আৰু শিল্পীমণ্ডলীৰ সংবেদনশীল সম্পৰ্কৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।

Zubeen Garg : জুবিন গাৰ্গ অনুৰাগী কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী নহয়ঃ উৎপল শৰ্মা

জুবিন গাৰ্গ অনুৰাগী কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী নহয়ঃ উৎপল শৰ্মা
জুবিন গাৰ্গ অনুৰাগী কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী নহয়ঃ উৎপল শৰ্মা

আজি সদৌ অসম (Zubeen Garg) ছাত্ৰসন্থা সভাপতি মঙলদৈত শনিবাৰে দৰং জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী আৰু কৃত্ৰিম অনুৰাগী সম্পৰ্কত কোৱা বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিলে ৷

ইয়াৰ উপৰিও জুবিন গাৰ্গ অনুৰাগীক কোনো ৰাজনৈতিক দলে চিনাক্ত কৰাৰ প্ৰয়োজন নাই বুলি ক’লে ৷ অসমত বাস কৰা প্ৰতিজন লোকেই জুবিন অনুৰাগী বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় উৎপল শৰ্মাই। লগতে জুবিন গাৰ্গ অনুৰাগী কোনো চৰকাৰী আঁচনিৰ হিতাধিকাৰী নহয়, জুবিন গাৰ্গৰ অনুৰাগী সকলক ৰাজনৈতিক ভাবে স্বীকৃতিৰ প্ৰয়োজন নাই৷ এইদৰে জুবিন গাৰ্গৰ অনুৰাগীৰ মুখ্যমন্ত্ৰীৰ মন্তব্য ওপৰত প্ৰতিক্ৰিয়া আছুৰ সভাপতি উৎপল শৰ্মাৰ।

Himanta Biswa Sarma: ১০ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাই ন্যায় পাবঃ মুখ্যমন্ত্ৰী

১০ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাই ন্যায় পাবঃ মুখ্যমন্ত্ৰী
১০ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাই ন্যায় পাবঃ মুখ্যমন্ত্ৰী

বহু বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে।(Himanta Biswa Sarma)

১০ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাই ন্যায় পাব।

সম্পূৰ্ণ ঘটনা ৰাইজে জানিব।

১০ ডিচেম্বৰত SITএ জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ ছাৰ্জশ্বীট দাখিল কৰিব।

জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত SITএ বহুত ভাল পথত আগবাঢ়িছে।

জুবিনৰ জীৱনৰ বহু নজনা কথা জানিব ৰাইজে।

নিৰ্বাচনলৈকে জুবিন ক্ষেত্ৰলৈ আহিব DUPLICATE অনুৰাগী।

কংগ্ৰেছ, অখিল গগৈয়ে এনে লোকক সমাধিক্ষেত্ৰলৈ লৈ আহে।

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত একাংশ মিঞা মুছলমানে ৰাজনীতি কৰিছে।

জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীয়ে অসুবিধাৰ সন্মুখীন হয়।

একাংশ মিঞা মুছলমানে জুবিনক্ষেত্ৰত আহি জুবিন গাৰ্গক কষ্ট দিয়ে।

মৰিগাঁৱত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Bikash Asom: জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিলঃ বিশেষ ৰূপত ‘ৰৈ ৰৈ বিনালে’ চালে বিকাশ অসমে

জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিলঃ বিশেষ ৰূপত 'ৰৈ ৰৈ বিনালে' চালে বিকাশ অসমে
জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিলঃ বিশেষ ৰূপত 'ৰৈ ৰৈ বিনালে' চালে বিকাশ অসমে

বিশেষ ৰূপত ‘ৰৈ ৰৈ বিনালে’ চালে বিকাশ অসমে।(Bikash Asom)

‘জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল’

জে’লৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ’

‘আৰক্ষীৰ সহযোগিতাৰ বাবে’

‘মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম’

‘এই জাতীয়তাবোধ মোৰ সংগ্ৰামী জীৱনত সদায়েই থাকিব তেজত যিকোনো অসমীয়া ব্যক্তিৰ বাবে’

‘ জয় জুবিন দা। জয় আই অসম’

‘জুবিন দা পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বুকুত আজিৰ দৰেই মৰমৰ আৰু প্ৰাণৰ হৈ থাকক’

‘বৰ সুন্দৰ এখন চিনেমা’

“ৰৈ ৰৈ বিনালে” সকলোৱে চাব’

‘মানুহে ভুলৰ পৰাই শিক্ষণৰ নতুন দস্তাবেজ মেলে’

‘আই মাতৃ সকলে মোক ভুল বুজি নাথাকিব কাৰণ কোনো কালে মোৰ জীৱনত অসমীয়াক অপমান কৰাৰ আজিলৈ উদাহৰণ নাই’

ছবিখন চাই এইদৰে সামাজিক মাধ্যমত পোষ্ট কৰে বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা বিকাশ অসমে-

‘জুবিন দা পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বুকুত আজিৰ দৰেই মৰমৰ আৰু প্ৰাণৰ হৈ থাকক। বৰ সুন্দৰ এখন চিনেমা। “ৰৈ ৰৈ বিনালে” সকলোৱে চাব। মানুহে ভুলৰ পৰাই শিক্ষণৰ নতুন দস্তাবেজ মেলে। আই মাতৃ সকলে মোক ভুল বুজি নাথাকিব কাৰণ কোনো কালে মোৰ জীৱনত অসমীয়াক অপমান কৰাৰ আজিলৈ উদাহৰণ নাই। এটা কথা সত্য যে কোনো ব্যক্তিক মই জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দি কোনো দিনে সুখী হ’ব নোৱাৰিম। বিগত দিনত অসমীয়া জাতিটোৰ বাবেই বহুবাৰ গ্ৰেপ্তাৰ বা কাৰাবাসত গৈছোঁ। গতিকে মই সৰু হিচাবে ক্ষমা বিচাৰিম জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দিয়া প্ৰতিজন ব্যক্তিৰ ওচৰত। ধৰি নাথাকিব। জাতিটোৰ বাবে আমি সকলোৱে যিকোনো দৃষ্টিকোণৰ পৰা কৰিব লগীয়া বহু কাম আছে। জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল। জেলৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ আৰক্ষীৰ সহযোগিতাৰ বাবে। মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম। এই জাতীয়তাবোধ মোৰ সংগ্ৰামী জীৱনত সদায়েই থাকিব তেজত যিকোনো অসমীয়া ব্যক্তিৰ বাবে। জয় জুবিন দা।

জয় আই অসম॥’

#JusticeForZubeenGarg

মুখ্যমন্ত্ৰীয়ে ভাষন দি থাকোতেই ঘটিল অঘটন…

আজি মৰিগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰনৰ উদ্দেশ্যে অনুষ্ঠিত বিশাল জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী ।


কিন্তু সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষন দি থাকোতেই ঘটিল অঘটন ।
মুখ্যমন্ত্ৰীৰ সভাত অসুস্থ হৈ পৰে এগৰাকী মহিলা ।

অসুস্থ মহিলাগৰাকীক মুখ্যমন্ত্ৰীৰ বাহনতেই চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় ।
মৰিগাঁৱৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ সময়তে এই ঘটনা ।

Jatin Bora’s Daughter: সামাজিক মাধ্যমত অভিনেতা যতীন বৰাৰ কন্যাৰ বিৰুদ্ধে ক্ষোভ!

সামাজিক মাধ্যমত অভিনেতা যতীন বৰাৰ কন্যাৰ বিৰুদ্ধে ক্ষোভ!
সামাজিক মাধ্যমত অভিনেতা যতীন বৰাৰ কন্যাৰ বিৰুদ্ধে ক্ষোভ!

সামাজিক মাধ্যমত (Jatin Bora’s Daughter) অভিনেতা যতীন বৰাৰ কন্যা আস্থা বৰাৰ বিৰুদ্ধে ক্ষোভ।

জুবিন অনুৰাগীৰ ক্ষোভ যতীন বৰাৰ কন্যাৰ বিৰুদ্ধে।

আস্থা বৰাই জুবিন গাৰ্গক জুবিন আৰু সি বুলি সম্বোধন কৰিছিল।

জুবিনক তই বুলি সম্বোধন কৰাৰ বাবেই ক্ষোভ জুবিন অনুৰাগীৰ।

একাংশই আস্থাৰ লগতে পিতৃ অভিনেতা যতীন বৰাক উদ্দেশ্যিও কটু মন্তব্যও কৰে।

আস্থাক ক্ষমা কৰি দিবলৈ আহ্বান গৰিমা গাৰ্গ, পামী বৰঠাকুৰৰ।

এই ঘটনাৰ পাছতে ৰাইজক উদ্দেশি বিশেষ পোষ্ট কৰে জুবিন পত্নী গৰিমা গাৰ্গৰ লগে ভগ্নী পালমী বৰঠাকুৰে।

ৰৈ ৰৈ বিনালে প্ৰথম দিনটোত সংবাদ মাধ্যমৰ আগত আস্থাই ছবিখন সন্দৰ্ভত মন্তব্য কৰোঁতে জুবিন গাৰ্গক জুবিন আৰু সি বুলি সম্বোধন কৰিছিল।

এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পাছতে জুবিন অনুৰাগী সকল ক্ষুব্ধ হৈ পৰে।

এই ঘটনাৰ পাছতে ৰাইজক উদ্দেশি সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিনৰ ভগ্নী পামী বৰঠাকুৰে।

Roi Roi Binale: জুবিন গাৰ্গক মাজত বহুৱাই ‘ৰৈ ৰৈ বিনালে’ চালে গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰে

জুবিন গাৰ্গক মাজত বহুৱাই 'ৰৈ ৰৈ বিনালে' চালে গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰে
জুবিন গাৰ্গক মাজত বহুৱাই 'ৰৈ ৰৈ বিনালে' চালে গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰে

‘ৰৈ ৰৈ বিনালে’ চিনেমাখন (Roi Roi Binale) চোৱাৰ সময়ত চিনেমা হলত দেখা গ’ল এটা বিশেষ দৃশ্য। গৰিমা আৰু পামীৰ মাজত খালী ৰখা হ’ল এখন বিশেষ আসন।

জুবিন গাৰ্গক মাজত বহুৱাই ‘ৰৈ ৰৈ বিনালে’ চালে গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰে। শুকুৰবাৰে সন্ধিয়া ফাঁচীবজাৰস্থিত ‘কেলভিন চিনেমাজ’ত চিনেমাখন চালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। ৰৈ ৰৈ বিনালে চাই গৰিমা শইকীয়া গাৰ্গে ক’লে, ‘জুবিনৰ সপোন বাস্তৱায়িত হ’ল, চিনেমাখন বহুত সাহস গোটাই চাবলৈ যাব ওলাইছোঁ’।

‘টীম ৰৈ ৰৈ বিনালে’ৰ সৈতে চিনেমাখন চালে গৰিমাই। লগত উপস্থিত থকা দেখা গ’ল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰকো।

ছবিখন চাই সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিলে জীৱনৰ যাত্ৰা তোমাতেই বিলীন….।

ৰৈ ৰৈ বিনালে চাই জুবিন গাৰ্গৰ সহশিল্পী জুবলী বৰুৱাই ক’লে গল্ডীদা বিশ্বৰ প্ৰথমগৰাকী ব্যক্তি, যি গুচি যোৱাৰ পাছতো সকলো কাম সম্ভৱ কৰি তুলিছে।

জুবিন গাৰ্গৰ সপোনৰ চিনেমা ‘ৰৈ ৰৈ বিনালে’ চোৱাৰ পাছতেই আৱেগিক হৈ পৰিছে অসমবাসী। শুকুৰবাৰৰ দিনটোত ৰাজ্যত দেখা গ’ল অভূতপূৰ্ব পৰিবেশ। প্ৰায় এসপ্তাহলৈ হাউছফুল ৰাজ্যৰ প্ৰায় প্ৰতিটো চিনেমাহল। প্ৰাণৰ শিল্পীগৰাকীৰ চিনেমাখন চাবলৈ লৱৰি আহিছে অসমৰ জনগণ।

ৰৈ ৰৈ বিনালে চাবলৈ আহি আছু সভাপতি উৎপল শৰ্মা কয় প্ৰাণৰ শিল্পী গৰাকীক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত জীৱন্ত ৰূপত চাবলৈ অসমৰ মানুহ ওলাই আহিছে।

ছবিখন চাই সামাজিক মাধ্যমত আঙুৰলতা ডেকাই ক’লে মনত বহুত সাহস গোটাই আপোনাক শেষ বাৰৰ কাৰণে চালো দাদা…একেলগে কাম কৰাৰ লগতে একেলগে চিনেমাখন চোৱাৰো বহুত হেপাঁহ আছিল… নহ’লগৈ! ৰৈ ৰৈ কেৱল কান্দিছোঁ আৰু মোৰ দৰেই আজি কান্দিছে অগণন মানুহে… কান্দিছে প্ৰকৃতিয়ে…৷

জুবিন গাৰ্গ মৃত্যু তদন্তৰ ডাঙৰ আপডেট !

সৰুসজাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা সাংবাদিকৰ বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে জনালে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ আজিৰ দিনটোলৈ হোৱা শেহতীয়া তথ্যৰ সবিশেষ। জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “SIT টীম ছিংগাপুৰলৈ যাওঁতে ছিংগাপুৰ চৰকাৰে আমাক সহযোগিতা কৰিম বুলি আশ্বাস দিছিল। আজি ছিংগাপুৰ চৰকাৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল প’ষ্টমৰ্টেম ৰিপ’ৰ্ট আৰু টক্সিক’ল’জী ৰিপ’ৰ্টটো পঠাইছে। অৰ্থাৎ গুৱাহাটীত আমি যেতিয়া দ্বিতীয়টো প’ষ্টমৰ্টেম কৰিছিলোঁ, তেতিয়ালৈকে শৰীৰ ৫/৬ দিন পুৰণি হৈ গৈছিল।

কিন্তু ছিংগাপুৰত মৃত্যুৰ ৫ মিনিটৰ ভিতৰতে তেজৰ নমুনা লৈ টক্সিক’ল’জীৰ পৰীক্ষা কৰিছিল, গতিকে সেই ৰিপ’ৰ্টটো বহুত বেছি অথেনটিক। আজি মোক বিষয়াসকলে জনোৱা মতে, ছিংগাপুৰ চৰ MLAT অৰ্থাৎ Mutual Legal Assistance Treatyৰ অধীনত আমাক তেওঁলোকে প’ষ্টমৰ্টেম ৰিপ’ৰ্ট আৰু সাগৰৰ লগত জড়িত নিয়ম-নীতিসমূহৰ বিশদ বিৱৰণ আৰু টক্সিক’ল’জী ৰিপ’ৰ্ট তিনিওটাই আমাক পঠিয়াই দিছে যিটোৱে আমাৰ তদন্তত সহায়ক হ’ব।”

“আঁচনিৰ জৰিয়তে চৰকাৰ গঠনৰ সপোন দেখাটো দিল্লীৰ মুখ্যমন্ত্ৰীৰ দৰেই হ’ব।”-নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী

“হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ দৰেই অৱহেলা কৰিলে জুবিন গাৰ্গক।”– প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতা।
শাসকপক্ষ যদি ডালে-ডালে বিৰোধী যেন পাতে- পাতে। তাৰেই যেন প্ৰমাণ দাঙি ধৰিছে কংগ্ৰেছ দলে। মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল। নলবাৰী জিলাৰ কাপলাবড়ীত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু সমূহ মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত আয়োজিত কৰ্মীসভাত উপস্থিত থাকে কংগ্ৰেছ দলৰ ৰথী- মহাৰথী।
নলবাৰী জিলাৰ কাপলাবড়ীত অনুস্থিত হোৱা এই সভাখনৰ পূৰ্বে উপস্থিত সকলোৱে সদ্যপ্ৰয়াত গণশিল্পী তথা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, লৌহ মানৱ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, গৰীৱৰ বন্ধুখ্যাত প্ৰয়াত ডাক্তৰ ভূমিধৰ বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি জনায়। আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ৰণ কৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে অনুস্থিত হোৱা সভাখন বন্দে মাতৰম গীতেৰে আৰম্ভ কৰা হয়। ইয়াৰ পিছতে উপস্থিত সকলোৱে ‘মায়াবিনী ৰাতিৰ বুকুত’- শীৰ্ষক গীত পৰিৱেশন কৰি প্ৰয়াত গণশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায় । বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মণে আঁতধৰা সভাখনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা তথা বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়িকা শিৱামণি বৰা, কমলপুৰ বিধানসভা সমষ্টিৰ অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মণ, অশোক শৰ্মা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী কে ধৰি ভালেমান নেতা কৰ্মী। ভাষণ প্ৰসংগত শিৱামণি বৰাই দিগন্ত বৰ্মণ ২০২৬ ৰ নিৰ্বাচনত জয়লাভ কৰাটো নিশ্চিত বুলি কৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠিত চৰকাৰৰ মন্ত্ৰীত্ব লাভ কৰিব বুলিও দাবী কৰে। আনহাতে,৪২ দিন পিছতো জুবিন গাৰ্গে ন্যায় নোপোৱা প্ৰসংগত অসমৰ ৰাইজে বিজেপিৰ মিছা কথা বুজি উঠিছে বুলি উল্লেখ কৰি নিৰ্বাচন আহিলেই মহিলাসকলক ভুলাবৰ চেষ্টা কৰাৰ কথাও উল্লেখ কৰে বিধায়িকাগৰাকীয়ে।

ৰাইজৰ টকাৰে ৰাইজক হিতাধিকাৰী হিচাপে সজোৱাৰ চেষ্টা কৰাৰ কথাও উল্লেখ কৰি ঔষধৰ মূল্যবৃদ্ধিৰ কথা কৈ অৰুণোদয়ৰ ১২৫০ টকাৰে ঘৰ এখন নচলে বুলিও কয়। কংগ্ৰেছৰ দিনত মাজনী,মামণি আদি আঁচনি দিয়াৰ কথা কৈ আঁচনি পোৱাটো মহিলাসকলৰ প্ৰাপ্য অধিকাৰ বুলি কৈ এই আঁচনিৰে ২০২৬ ৰ নিৰ্বাচনত যাতে মহিলাসকলক প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হৈ থাকিবলৈও মহিলাসকলক আহ্বান জনায়। বিজেপি চৰকাৰক উৎখাত নকৰিলে ৰাইজৰ বহুত অসুবিধা হ’ব বুলিও মন্তব্য কৰি আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰক এসেকা দিবলৈ সকলোকে আহ্বান জনায়। আনহাতে, জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদঘাটন নোহোৱাটোক লৈও সমালোচনা কৰে। জুবিন গাৰ্গক হত্যা কৰা হ’ল বুলি উল্লেখ কৰা মুখ্যমন্ত্ৰীয়ে দিনত এটা ৰাতি এটা কথা কয় বুলিও কয়। আনহাতে, হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ দৰেই জুবিন গাৰ্গক অৱহেলা কৰিলে বুলিও সমলোচনা কৰে। বাক্সাৰ নিকাচিৰ জেলত গুলী খাইছে হিন্দু ল’ৰাই আৰু মাৰ খাইছে মুছলিম মানুহে,এনেদৰে প্ৰথমৰ পৰাই ৰাজনীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যু ৰহস্য অসমৰ ৰাইজে উপলব্ধি নকৰিবলৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে আবোল তাবোল বকিবলৈ লৈছে। সকলো কামতে আনকি চি আই ডি ৰ মুন্না প্ৰসাদ গুপ্তাৰ কথাও মুখ্যমন্ত্ৰীয়ে নিজেই কয় বুলিও তীব্ৰ সমলোচনা কৰে। অসমৰ ৰাইজে আজি অৰুণোদয় নিবিচাৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে বুলি কৈ এতিয়া মানুহক পৰিবৰ্তন নালাগে বিজেপিৰ পৰা পৰিত্ৰাণ লাগে বুলিও কয়। অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাই হেঁচা দি ৰাখিব নোৱাৰে বুলি কৈ পেট্ৰলৰ মূল্য ১০০ টকা হোৱাৰ কথা কৈ মূল্যবৃদ্ধিত জুৰুলা হোৱা ৰাইজৰ কথা কয়। বিজেপিক পে হিন্দু-মুছলিমৰ মাজত সংঘাতৰ সৃষ্টি নহ’লে এইবাৰ কংগ্ৰেছ দলক কোনেও পৰাভূত কৰিব নোৱাৰে বুলিও উল্লেখ কৰে। শঙ্কৰদেৱৰ জন্মস্থানৰ সমষ্টিটোকো নাইকীয়া কৰি দিয়াৰ কথা কৈ আমাক আৰু কোনেও হিন্দু-মুছলিমৰ নামত বিভাজন কৰিব নোৱাৰে বুলিও উল্লেখ কৰে।

২০১৬ চনত অসম গণ পৰিষদৰ সৈতে কংগ্ৰেছৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰি অসমত বৰ্তমান নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাস চলাই থকাৰো কথা কয়। গো-মাতাৰ ৰক্ষক বিজেপিৰ মন্ত্ৰীসকলে গৰুকেইটা চুৰি কৰাৰ কথা কৈ জয়ন্ত মল্ল বৰুৱা,দিগন্ত কলিতাই কেনেকৈ চলিব বুলিও মুখ্যমন্ত্ৰীয়ে পাতল কথা কয়। শিক্ষকক টিউটৰ কৰি পেলোৱা চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰকেই বন্ধ কৰি পেলোৱাৰ কথা কৈ নিবনুৱাৰ সংস্থাপন দিয়াৰ কথাক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক দাবী জনায়। ভাৰতীয় লোকক উচ্ছেদ কৰি আদানী আৰু আম্বানীক মাটি দিছে চৰকাৰে। বসুন্ধৰা আঁচনিৰ জৰিয়তে তেওঁলোকে নিজৰ নামত মাটিবোৰ কৰি ল’লে। অসমৰ ৰাইজক কেৱল প্ৰলোভন দেখুৱাইছে বিজেপি চৰকাৰে। পৰিবৰ্তনৰ লগতে ৰাইজক আজি বিজেপিৰ পৰা পৰিত্ৰাণ লাগে বুলিও উল্লেখ কৰে। আনহাতে, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৱে ভাষণ প্ৰসংগত কয় যে বহুতেই চৰ্দাৰ বল্লভভাই পেটেল আৰু নেহেৰুৰ সম্পৰ্ক বেয়া বুলি প্ৰতিপন্ন কৰিব বিচাৰে, কিন্তু সেয়া নহয়। অৰ্থনৈতিক মন্দৱস্থাই সমগ্র বিশ্বক গ্ৰাস কৰাৰ সময়ত ভাৰতবৰ্ষক ইন্দিৰা গান্ধীয়ে সুৰক্ষিত কৰি ৰাখিছিল বুলিও উল্লেখ কৰে। বিজেপিৰ বুথ পৰ্য্যায়ৰ সভাপতিয়ে জিঅ’ টেগত ভাগ লোৱাৰ কথা কৈ ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ পিছত সকলোৰে ঘৰত জিঅ’ টেগ কৰাৰ কথা উল্লেখ কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। লাখপতি বাইদেউ,অমৃত কলহ, অৰুণোদয় আদিৰে অসমৰ মহিলাক আভুৱা ভৰা বুলি কৈ বিজেপিক ফল নিদিয়া গছ বুলিও কটাক্ষ কৰে। ১০ হেজাৰ টকা দিম বুলি কৈ অসমৰ মহিলাক আভুৱা ভাৰিছে বিজেপি চৰকাৰে। আঁচনিৰ জৰিয়তে চৰকাৰ গঠনৰ সপোন দেখাটো দিল্লীৰ মূখ্যমন্ত্ৰীৰ দেৰেই হ’ব। জুবিন গাৰ্গ, বল্লভ ভাই পেটেল, ইন্দিৰা গান্ধী, ভূমিধৰ বৰ্মনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়।
আনহাতে, অশোক শৰ্মাই ভাষণ প্ৰসংগত কয় যে বিজেপিয়ে প্রতি মুহূৰ্ততে প্ৰলোভন দেখুৱাইছে, তাৰ পৰা আমি মুক্ত হ’ব নোৱাৰিলে ধৰ্মৰ নামত, ভয়-ভীতি দেখুৱাই আমাক শোষণ কৰি থাকিব।শেষত, বিধায়ক দিগন্ত বৰ্মণে “মই নথকাৰ অনুভৱ” শীৰ্ষক গীত পৰিৱেশন কৰি জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। নলবাৰীৰ তিনিওটা সমষ্টি কংগ্ৰেছে দলে দখল কৰিব বুলি মন্তব্য কৰে দিগন্ত ৰাষ্ট্ৰীয় সংগীতেৰে সভাখনৰ সামৰণি পৰে।

জুবিনৰ গীতক লৈ গীতিকাৰ, সুৰকাৰ,অসম সৌৰভ বঁটা প্ৰাপক হেমন্ত দত্তৰ পৰিয়ালৰ সংবাদমেল

জুবিন গাৰ্গৰ কণ্ঠত প্ৰয়াত হেমন্ত দত্তৰ ৰচিত গীত সমুহ বিভিন্ন সামাজিক মাধ্যমত বেলেগ ব্যক্তিৰ নামত সন্নিৱিষ্ট কৰাত ক্ষোভ প্ৰকাশ হেমন্ত দত্তৰ পত্নী জোস্না দত্তৰ লগতে পৰিয়ালৰ
হেমন্ত দত্তৰ সৃষ্ট গীতক লৈ সংবাদমেল আয়োজন পৰিয়ালৰ।
প্ৰয়াত গীতিকাৰ হেমন্ত দত্তই জীৱিত কালত বহুতো জনপ্ৰিয় গীত লিখিছিল।
তাৰে ভিতৰত নহলে পৰিচয় হিয়াৰে, নায়ক হব খুজি, কিনো সুৰীয়া মাতেৰে, মতলীয়া বতাহ কে ধৰি প্ৰায় অৰ্ধশতাধিক গীত জুবিন গাৰ্গৰ কণ্ঠত নিগৰিছিল।


কিন্তু ইয়াৰে অধিক সংখ্যক গীতৰ ৰচক হিচাবে বৰ্তমান সময়ত গীতিকাৰ হেমন্ত দত্তৰ নামটো ফেচবুক, ইউটিউব আদি সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত উঠাই দি তেখেতৰ নামৰ পৰিবৰ্তে বেলেগৰ নাম সন্নিৱিষ্ট হৈ আছে।
এই লৈ হেমন্ত দত্তৰ পৰিয়ালে ক্ষোভ প্ৰকাশ কৰি পৰবৰ্তী সময়ত যি সমূহ গীতত গীতিকাৰ হেমন্ত দত্তৰ নামৰ সলনি আন ব্যক্তিৰ নাম সন্নিৱিষ্ট হৈ আছে সেই সমুহ উঠাই ল’বলৈ অনুৰোধ জনায়।
আনহাতে গীত সমূহ আনৰ নামত দেখুৱাই বিকৃত কৰিব বুলিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোক।
ইয়াৰ ওপৰিও হেমন্ত দত্তৰ গীত সমগ্ৰ নামৰ গ্ৰন্থ খনত সকলো গীত পাব বুলিও জানিব দিয়ে পৰিয়ালৰ লোকে।