Home Blog Page 127

Roi Roi Binale: পুৱতি নিশাৰ পৰা চিনেমা হলত দৰ্শকৰ ভিৰ

পুৱতি নিশাৰ পৰা চিনেমা হলত দৰ্শকৰ ভিৰ
পুৱতি নিশাৰ পৰা চিনেমা হলত দৰ্শকৰ ভিৰ

ইতিহাস ৰচি আজি মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’।(Roi Roi Binale)

পুৱতি নিশাৰে পৰা চিনেমা হলত দৰ্শকৰ ভিৰ।

ডিব্ৰুগড়ৰ গেলেৰীয়া চিনেমা গৃহতো হাউচফুল।

ডিব্ৰুগড়ত ৰৈ ৰৈ বিনালে ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰিল এজন যুৱক।

ৰৈ ৰৈ বিনালে চবিখন চাবলৈ পুৱাৰ ভাগৰ পৰাই দৰ্শকসকলৰ ভিৰ।

এনেই লাগিছে উৰে নিশা উজাগৰে থাকি একমাত্ৰ সময়ৰ বাবে অপেক্ষা।

আজিৰ সেই অপেক্ষা সমাপ্ত হোৱা প্ৰতিচ্ছবি ডিব্ৰুগড়ৰ গেলেৰীয়া চিনেমা গৃহতো HousEfull।

Roi Roi Binale: ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ দিনা কি ক’লে গৰিমা শইকীয়া গাৰ্গে…

'ৰৈ ৰৈ বিনালে'ৰ মুক্তিৰ দিনা কি ক'লে গৰিমা শইকীয়া গাৰ্গে
'ৰৈ ৰৈ বিনালে'ৰ মুক্তিৰ দিনা কি ক'লে গৰিমা শইকীয়া গাৰ্গে

আজি বহু(Roi Roi Binale)অপেক্ষাৰ অন্তত ছবিগৃহলৈ আহিল ৰৈ ৰৈ বিনালে ছবিখন। ছবিখনৰ মুক্তিলাভৰ পিছতে গৰ্মা শইকীয়া গাৰ্গে ক’লে-

‘পুৱা ৪.২৫ বজাতে প্রথম দৰ্শনী আৰম্ভ হৈছে। এয়া এক সাংঘাতিক ঘটনা। ইমান পুৱতি নিশা অসমীয়া চিনেমাৰ দৰ্শনী আৰম্ভ হোৱা নাছিল। তেওঁৰ সপোন পূৰণ হৈছে বুলিয়েই ভাবিছো। অসমৰ ৰাইজে যি দৰে তেওঁক মৰম, আশীৰ্বাদ দি আছিল সদায় দি থাকিব। তেওঁ আমাৰ মাজত সদায় অমৰ হৈ থাকিব।’

‘লগতে তেওঁ ক’লে- ‘তেওঁ যিদিনা অসমলৈ আহিছিল সেইদিনাও লগতে বৃষ্টি লৈ আহিছিল আজিও বৃষ্টি লৈ আহিছে। বহু সমত মই নিজেও অনুভৱ কৰিছো বহু কথা। এতিয়া তেওঁ কানেক্টেড হৈ আছে বুলি আমাক দেখুওৱাব বিচাৰে বৰষুণ হৈ নহ’লে অন্য কিবা হৈ। তেওঁ অনুভৱ কৰাইছে সকলোকে যে তেওঁ আমাৰ মাজতে আছে।’


Roi Roi Binale: ‘ৰৈ ৰৈ বিনালে’ৰ চাই কান্দি কান্দি ওলাই আহিল দৰ্শক

'ৰৈ ৰৈ বিনালে'ৰ চাই কান্দি কান্দি ওলাই আহিল দৰ্শক
'ৰৈ ৰৈ বিনালে'ৰ চাই কান্দি কান্দি ওলাই আহিল দৰ্শক

‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম (Roi Roi Binale) দৰ্শনী চাই কান্দি কান্দি ওলাই আহিল দৰ্শক। সকলোৱে কান্দি কান্দি ওলাই আহি ক’লে- ‘জুবিন দাই সকলো জানিছিল।’

‘জুবিন গাৰ্গৰ সৈতে ঘটা সকলো ঘটনা সন্নিবিষ্ট হৈ আছে ছবিখনত। অনুৰাগীৰ হাহাকাৰ, চিনেমা শেষ হোৱাৰ পিছতো ছবিগৃহৰপৰা আহিব বিচৰা নাই দৰ্শক।’

‘আজি দাদা থকা হ’লে, দাদাক বহুত মিচ কৰিছো, সকলোৱে চিনেমাখন চাওক, চিনেমাখন চালে বুজি পাব বহু কথা’ ‘চিনেমাৰ কাহিনীৰ সৈতে মিল আছে জুবিনদাৰ কাহিনী’ ৰৈ ৰৈ বিনালে চাই হুকহুকাই কান্দি উঠিল অনুৰাগী ।

আনহাতে ৰৈ ৰৈ বিনালে শুভমুক্তিৰ প্ৰথম দিনটোত ছবিগৃহত উপস্হিত হৈ তেজপুৰ জুবিনিয়ানছৰ তৰফৰ পৰা প্ৰায় প্ৰতিজন দৰ্শকক একোটাকৈ নাহৰ পুলি আৰু জুবিন গাৰ্গৰ স্বাক্ষৰ সম্বলিত ছবিখনৰ পোষ্টাৰ বিতৰণ কৰা পৰিলক্ষিত হয়৷

Roi Roi Binale: অপেক্ষাৰ অন্তঃ ছবি গৃহত ৰৈ ৰৈ বিনালে

Roi Roi Binale: অপেক্ষাৰ অন্তঃ ছবি গৃহত ৰৈ ৰৈ বিনালে
Roi Roi Binale: অপেক্ষাৰ অন্তঃ ছবি গৃহত ৰৈ ৰৈ বিনালে

বহু অপেক্ষাৰ অন্তত ছবিগৃহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰিয় ছবি ৰৈ ৰৈ বিনালে।(Roi Roi Binale)

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে ‘ৰৈ ৰৈ বিনালে’ই।

পুৱতিনিশাৰে পৰা আৰম্ভ ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী।

গুৱাহাটী মহানগৰীৰ মেট্ৰিক্সত ৪.২৫ বজাৰ পৰাই আৰম্ভ হ’ল ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী।

ধেমাজীতো পুৱতি নিশাতেই আৰম্ভ ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী।

গুৱাহাটী মহানগৰীৰ মেট্ৰিক্সত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছিল এখন বিশেষ আসন।

এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি এখন আসন সংৰক্ষণ কৰি থোৱা হৈছে।

জুবিন গাৰ্গৰ প্ৰিয় ছবি ‘ৰৈ ৰৈ বিনালে’ চায় উচুপি উঠিল অনুৰাগী।

আনহাতে ছবিখনক লৈ চকুলো টুকি কি ৰাজেশ ভূঞাই ক’লে

‘বৰষুণজাকে বহু কথাই কৈ গৈছে। ৰাইজৰ সঁহাৰি দেখি ভাল লাগিছে।’ ছবিগৃহত ‘ৰৈ ৰৈ বিনালে’।

বঢ়মপুৰৰ বৰটোপত অঘটন: মিস্ত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ গৃহস্থৰ মৃত্যু

নগাঁও জিলাৰ ইটাচালি নগৰ আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰ বৰটোপত আজি পুৱা ভাগত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। অসম আৰক্ষীৰ সহ: পৰিদৰ্শক মন্টু বৰদলৈৰ নিৰ্মীয়মান ঢালাই ঘৰটোৰ লেট্ৰিনৰ টেংকিৰ ভিতৰৰ তক্তা খুলিবলৈ গৈ পুৰণিগুদাম চলচলিৰ চায়েদ ৰাজাক মহম্মদ ওৰফে ভাইটি নামৰ ৰাজ মিস্ত্ৰীজন (৩৫) টেংকিৰ ভিতৰলৈ উঠা-নমা কৰা জখলাটো ভাঙি তলত পৰি যায়। উশাহ-নিশাহ ল’বলৈ অতি কষ্টকৰ টেংকিটোৰ তলত পৰি যোৱাৰ পিছত ভাইটি নামৰ মিস্ত্ৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে মিস্ত্ৰীজন পৰি যোৱাৰ পিছত ঘৰৰ গৃহস্থ মন্টু বৰদলৈ টেংকিৰ ভিতৰলৈ মিস্ত্ৰীজনক উদ্ধাৰ কৰিবলৈ যায় যদিও তেওঁৰো টেংকীৰ ভিতৰতে মৃত্যু হয়। ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাইটি মিস্ত্ৰীয়েও উশাহ ল’ব নোৱাৰি টেংকীৰ ভিতৰতে মৃত্যু হয়। উল্লেখযোগ্য যে, আৰক্ষী বাহিনীৰ সহকাৰী পৰিদৰ্শক মন্টুয়ে নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ মিস্ত্ৰীৰ লগত নিজেও হাতে-কামে লাগি আছিল।

কিন্তু, মন্টু বৰদলৈৰ সপোনৰ ঘৰখনত থকাৰ সপোন নিয়তিয়ে কাঢ়ি লৈ গ’ল। ইফালে ৰাজমিস্ত্ৰী কৰি পৰিয়াল পোহপাল দিয়া ভাইটি মিস্ত্ৰীৰো জীৱন কাঢ়ি লৈ গ’ল অভিশপ্ত টেংকীটোৱে। এই ঘটনাৰ পিছত দুয়োটা পৰিয়ালতে লাগিছে হাহাকাৰ। শোকৰ ছাঁ পৰিছে বঢ়মপুৰৰ লগতে চলচলিতো।পত্নীসহ এটা সন্তানৰে সুখৰ সংসাৰখন অকালতে মৰহি গ’ল মন্টু বৰদলৈৰ পৰিয়ালৰ। অভিশপ্ত টেংকীত পৰি মিস্ত্ৰী আৰু গৃহস্থৰ মৃত্যু হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী, এছ ডি আৰ এফ বাহিনী আৰু স্থানীয় লোক উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

চাপৰৰ টোকৰা বান্ধা টুলু পাৰাত আঁচনিৰ নামত ধন সংগ্ৰহ কৰাত নামি পৰিছে দালাল!

চাপৰৰ টিলা পাৰা গাও পঞ্চায়তৰ অন্তৰ্গত টোকৰা বান্ধা গাওঁৰ আত্ম সহায়ক গোটৰ দৰিদ্ৰ মহিলা সকলক ১০০০০ টকাৰ চে’ক দিয়াৰ নামত প্ৰতিজন মহিলাৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰিলে দালাল মদন দাসে।

প্ৰায় ১১৫জনৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰিছে এই দালাল মদন দাসে।

পিছত ৫০০ টকাকৈ লোৱা মহিলা সকলে নাপালে ১০,০০০ টকাৰ চেক।

তাৰ পিছত দৰিদ্ৰ মহিলা সকলে প্ৰতাৰক,দালাল মদন দাসক লগ কৰি মহিলা সকলে দিয়া ৫০০শ টকাটো ঘুৰাই বিচৰাত খঙত ক্ষুব্ধ হৈ পৰে দালাল মদন দাস ।

মন কৰিবলগীয়া কথা যে, প্ৰতাৰক মদন দাসে গোটৰ মহিলা সকলক ভয় ভাবুকি দি কয় যে ‘মই এটকাও ঘুৰাই দিৱ নোৱাৰিম আপোনালোকে কি কৰিব পাৰে কৰক।’

‘মোৰ লগত DC আছে ,প্ৰশাসন আছে মোক একো কৰিব নোৱাৰিবা।’

পিছত উপায় বিহীন হৈ দৰিদ্ৰ মহিলা সকলে শালকোচা উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে প্ৰশাসনে দালাল মদন দাসৰ বিৰুদ্ধে কি ব্যাৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ’ব।

Roi Roi Binale Poster: যোৰহাটত “ৰৈ ৰৈ বিনালে”ৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই

যোৰহাটত "ৰৈ ৰৈ বিনালে"ৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই
যোৰহাটত "ৰৈ ৰৈ বিনালে"ৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই

যোৰহাটত জুবিন গাৰ্গৰ সপোনৰ চলচ্চিত্ৰ “ৰৈ ৰৈ বিনালে”ৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই ৷ (Roi Roi Binale Poster)

যোৰহাটৰ INOX চিনেমা গৃহৰ ওচৰত এই দুষ্কাৰ্য দুৰ্বৃত্তৰ।

আনহাতে কোকৰাঝাৰত দুৰ্বৃত্তই সংঘটিত কৰিলে ঘৃণনীয় কাণ্ড।

নিশা কোকৰাঝাৰ চহৰত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মুক্তি পাবলগীয়া “ৰৈ ৰৈ বিনালে” ছবিৰ পোষ্টাৰ ফালি পেলালে দুৰ্বৃত্তই।

কোকৰাঝাৰ চহৰৰ কোৰ্টপাৰাৰ দেৱলাত জুবিন অনুৰাগীয়ে লগোৱা প্ৰায় পঞ্চাশ খন পোষ্টাৰ ফালিলে দুৰ্বৃত্তই ৷

চিচি টিভি কেমেৰা থকা এছ বি আই বেংকৰ চৌহদৰ লগতে দেৱালত লগোৱা পোষ্টাৰ ফালি পেলোৱাত জুবিন অনুৰাগীয়ে হতভম্ব হৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

কেইদিনমান পূৰ্বেও কোকৰাঝাৰ সদৰ থানা ওচৰত দেৱালত অঁকা জুবিনৰ ছবিত ৰং সানি দিছিল দুৰ্বৃত্তই ।

Justice For Zubeen Garg: ৪ মিলিয়ন অতিক্ৰম কৰিলে #JusticeForZubeenGarg-এ

৪ মিলিয়ন অতিক্ৰম কৰিলে #JusticeForZubeenGarg-এ
৪ মিলিয়ন অতিক্ৰম কৰিলে #JusticeForZubeenGarg-এ

৪ মিলিয়ন অতিক্ৰম কৰিলে #JusticeForZubeenGarg হেছটেগয়ে।(Justice For Zubeen Garg)

সামাজিক মাধ্যমত জুবিনৰ ন্যায় বিচাৰি আৰম্ভ হৈছিল ডিজিটেল আন্দোলন।

বিভিন্ন স্তৰৰ লোকে আহ্বান জনাইছিল জুবিনৰ ন্যায় বিচাৰি যাতে সকলোৱে অংশীদাৰ হয় এই আন্দোলনৰ।

অভিনেতা-অভিনেত্ৰী, শিল্পী, ৰাজনীতিৰ লগত জড়িত লোকেৰ লগতে সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিছিল এই আন্দোলনত।

তাৰপিছতে আৰম্ভ হৈছিল এই #JusticeForZubeenGarg ডিজিটেল আন্দোলনে।

এতিয়া এই ডিজিটেল আন্দোলনে সামাজিক মাধ্যমত প্ৰায় ৪ মিলিয়ন অতিক্ৰম কৰিলে।

Syed Sadullah: মৃত্যুৰ পূৰ্বে নেত্রদান কৰি গ’ল বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদ্দুল্লাই

মৃত্যুৰ পূৰ্বে নেত্রদান কৰি গ'ল বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদ্দুল্লাই
মৃত্যুৰ পূৰ্বে নেত্রদান কৰি গ'ল বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদ্দুল্লাই

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান।(Syed Sadullah)

জটিল ৰোগত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল অনাতাঁৰ শিল্পীগৰাকী।

মৃত্যুৰ পূৰ্বে GMCHত নেত্রদান কৰি গ’ল চৈয়দ ছাদ্দুল্লাই।

নেত্ৰদান কৰা শেষ ইচ্ছা আছিল বিশিষ্ঠ কণ্ঠশিল্পীগৰাকীৰ।

কাইলৈ ডিব্ৰুগড়ত জানাজা সম্পন্ন হ’ব চৈয়দ ছাদুল্লাৰ।

Bikash Axom: ৭ পৃষ্ঠাজোৰা চিঠি পলাতক বিকাশ অসমৰ

Bikash Axom: ৭ পৃষ্ঠাজোৰা চিঠি পলাতক বিকাশ অসমৰ
Bikash Axom: ৭ পৃষ্ঠাজোৰা চিঠি পলাতক বিকাশ অসমৰ

অজ্ঞাত স্থানৰ পৰা নিশা ফেচবুকত প’ষ্ট বিকাশ অসমৰ।(Bikash Axom)

৭ পৃষ্ঠাজোৰা চিঠি বিকাশ অসমৰ।

পলাতক বিকাশ অসমৰ বিস্ফোৰক চিঠি।

চিঠিখনত বিকাশ অসমে সময় আহিলে নিজেই ধৰা দিয়াৰ কথা উল্লেখ কৰিছে।

অসম চৰকাৰৰ গৃহ বিভাগ তথা অসম পুলিচে মিছা কষ্ট কৰিব নালাগে বুলি কৈছে।

চিঠিত বিনা দোষত চৰকাৰৰ ৰোষত পৰা বুলি উল্লেখ কৰিছে।

পলাতক বিকাশ অসমৰ বিস্ফোৰক চিঠি।

বিগত কেইবাটাও দিন পলাতক হৈ আছে বীৰ লাচিত সেনাৰ বহিস্কৃত নেতা বিকাশ অসম।

লগতে বিকাশ অসমে চিঠিত উল্লেখ কৰে যে তেওঁ ধনদাবী কৰি কাকোৱেই পত্ৰ দিয়া নাই।

‘স্বৰ্গৰথৰ বাবেহে শুভাকাংক্ষীলৈ প্ৰেৰণ কৰা কেইখনমান পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে বুলি উল্লেখ কৰিছে চিঠিখনত’।

‘সংবাদ মাধ্যমত প্ৰচাৰিত হৈ থকাৰ দৰে কাকোৱেই ১০-২০লাখ টকা দাবী কৰা নাই বুলি প্ৰত্যাহ্বান জনাইছে বিকাশ অসমে’।

বিকাশ অসমে ৭পৃষ্ঠা জোৰা চিঠি লিখি নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছিল।

তাৰ পিছত তেওঁ প্ৰায় ৩০মিনিট সময় ধৰি সামাজিক মাধ্যমত সক্ৰিয় হৈ আছিল বিকাশ অসম।

বিকাশ অসমে লিখা চিঠি সমূহ হৈছে-