Home Blog Page 128

Syed Sadullah: বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান
বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান

চৈয়দ ছাদুল্লাৰ বিয়োগত (Syed Sadullah) গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোকবাৰ্তাত উল্লেখ কৰে, “স্বনামধন্য সংগীতশিল্পী, গীতিকাৰ তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ চিৰপৰিচিত কণ্ঠ, এসময়ৰ জনপ্ৰিয় বেণ্ড The Quivers-ৰ অন্যতম সদস্য চৈয়দ ছাদুল্লাদেৱৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হৈছোঁ।

তেখেতৰ বিয়োগ ডিব্ৰুগড়ৰ সমাজ জীৱনৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। কিছু দিনৰ পূৰ্বে তেখেতৰ স্বাস্থ্যৰ খবৰ ল’বলৈ যোৱাৰ সময়ত গীতে-মাতে মধুৰ মুহূৰ্ত অতিবাহিত কৰাৰ ক্ষণবোৰ মনত আকৌ সজীৱ হৈ উঠিছে। তেখেতে মোক ভাতৃসুলভ মৰম কৰিছিল আৰু ৰাইজৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ সদায়েই উৎসাহিত কৰিছিল।

ছাত্ৰাৱস্থাৰপৰাই তেখেতৰ সৈতে আমাৰ ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেখেতৰ বৰ্ণাঢ্য কৰ্মৰাজি আৰু স্মৃতি আমাৰ মাজত জীয়াই থাকিব। ছাদুল্লাদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকাকুল পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি!”

Roi Roi Binale SGST: কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰা হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ কৰ…

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰা হ'ব 'ৰৈ ৰৈ বিনালে'ৰ কৰ...
কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰা হ'ব 'ৰৈ ৰৈ বিনালে'ৰ কৰ...

কাইলৈ ছবিগৃহলৈ আহিব ‘ৰৈ ৰৈ বিনালে’।(Roi Roi Binale SGST)

মুক্তিৰ পূৰ্বেই ‘ৰৈ ৰৈ বিনালে’লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

‘ৰৈ ৰৈ বিনালে’ৰ পৰা সংগ্ৰহ হোৱা ৰাজ্যিক কৰক লৈ বিশেষ সিদ্ধান্ত ।

জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ ৰাজ্যিক GST শিল্পীৰ কল্যাণৰ বাবে দিব চৰকাৰে।

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰা হ’ব ‘ৰৈ ৰৈ বিনালে’ সংগ্ৰহ কৰা সকলো কৰ।

গৰিমা শইকীয়া গাৰ্গৰ ইচ্ছা অনুসৰি কলাগুৰু ফাউণ্ডেশ্যনক দিয়াৰ সিদ্ধান্ত কেবিনেটৰ।

ৰাজ্যিক কেবিনেটৰ অন্তত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।


কেবিনেট বৈঠকৰ একগুচ্ছ গুৰুত্বপূৰ্ণ সিদ্ধান্ত — ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰক লৈও মুখ্যমন্ত্ৰীৰ ঘোষণা । Assam Cabinet

কেবিনেট বৈঠকৰ একগুচ্ছ গুৰুত্বপূৰ্ণ সিদ্ধান্ত — ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰক লৈও মুখ্যমন্ত্ৰীৰ ঘোষণা । Assam Cabinet
কেবিনেট বৈঠকৰ একগুচ্ছ গুৰুত্বপূৰ্ণ সিদ্ধান্ত — ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰক লৈও মুখ্যমন্ত্ৰীৰ ঘোষণা । Assam Cabinet


Assam Cabinet । ৰাজ্যিক কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই সকলো সিদ্ধান্ত সদৰি কৰে। অসমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ লগতে শিল্পী **জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ লৈ কেবিনেটে এক বিশেষ সিদ্ধান্ত লৈছে।

কেবিনেটৰ মুখ্য সিদ্ধান্তসমূহ —

১️⃣ বান প্ৰতিৰোধৰ বাবে ২২০৫ কোটি টকাৰ প্ৰকল্প অনুমোদন
আছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সহায়ত ২২০৫ কোটি টকাৰ এক বৃহৎ বান প্ৰতিৰোধ প্ৰকল্প অনুমোদন কৰা হয়। এই প্রকল্পত ৭৬ কিলোমিটাৰ লম্বা বান প্ৰতিৰোধৰ দেৱাল নিৰ্মাণ, ৩৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ আৰু ১৭.৭২ কিলোমিটাৰ প্ৰ’ ছিলটেচন কাম কৰা হ’ব।

২️⃣ বসুন্ধৰা আঁচনিৰ সুৰক্ষিত মাটিৰ অধিকার মরাণ-মটকলৈও
গাঁও অঞ্চলৰ জনজাতীয় লোকক ৫০ বিঘালৈ মাটি প্ৰদানৰ ব্যৱস্থা আগতে আছিল। এতিয়া সেই সুবিধা মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোকসকললৈও সম্প্রসাৰিত কৰা হ’ল।

৩️⃣ ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটী কমিচন পুনৰ গঠন
জিলাস্তৰীয় আৰক্ষী জবাবদিহিতা নিশ্চিত কৰিবলৈ ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটী কমিচনসমূহ পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়, যাতে এই সংস্থাসমূহ অধিক সক্ৰিয়ভাৱে কাম কৰিব পাৰে।

৪️⃣ ভিলেজ ডিফেন্স সংগঠনৰ নিয়ম সংশোধন
ভিলেজ ডিফেন্স পাৰ্টি (VDP)-ৰ বয়সসীমা ২৫–৫০ বছৰৰ পৰা সলনি কৰি ২৫–৪০ বছৰ কৰা হৈছে। প্ৰয়োজন অনুসৰি নতুন ভিডিপি গঠন কৰাৰ ক্ষমতাও স্থানীয় প্ৰশাসনক প্ৰদান কৰা হ’ব।

৫️⃣ লাচিত মৈদাম মেম’ৰিয়েলৰ চূড়ান্ত পুঁজি ধাৰ্য
যোৰহাটত নিৰ্মাণ হৈ থকা লাচিত মৈদাম মেম’ৰিয়েল প্ৰকল্পৰ বাবে চূড়ান্ত পুঁজি ৰূপে ২৪৯ কোটি টকা ধাৰ্য কৰা হয়।

৬️⃣ বিটিচিৰ চিইএম আৰু ডেপুটি চিইএমক কেবিনেট মৰ্যাদা
বিটিচিৰ চিফ এক্সিকিউটিভ মেম্বাৰ (CEM) আৰু ডেপুটি চিইএমক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হ’ব। লগতে, বিটিচিৰ কাৰ্যবাহী সদস্যসকলেও ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব।

৭️⃣ ৰাস উত্সৱ কমিটীসমূহক এককালীন সাহায্য
ৰাজ্যজুৰি ২০৬৮খন ৰাস কমিটী২৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। মাজুলীৰ ৫৭খন ৰাস কমিটীক বিশেষভাৱে ৫০ হাজাৰ টকাকৈ সহযোগিতা দিয়া হ’ব।

৮️⃣ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ৰাজ্যব্যাপী উদযাপন
৫ নৱেম্বৰ, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু দিৱস, ৰাজ্য চৰকাৰে বিশেষভাৱে পালন কৰিব। প্ৰতিখন জিলা সদৰত ৫ হাজাৰৰো অধিক লোক একত্ৰিত হৈ ‘মানুহে মানুহৰ বাবে’ গীত পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰে সমাধি সমন্বয় তীৰ্থত আনুষ্ঠানিকভাৱে মৃত্যু দিৱস পালন কৰিব।

৯️⃣ ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰৰ জিএছটি কলাগুৰু ফাউণ্ডেশ্যনক
চিনেমাৰ টিকটত সংগ্ৰহ কৰা জিএছটিক লৈ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে — অসমত কোনো পৃথক আমোদ কৰ নাই। কেন্দ্ৰীয় চৰকাৰে ১০০ টকাতকৈ ওপৰৰ টিকটত ১৮% আৰু তলৰ টিকটত ৫% জিএছটি সংগ্ৰহ কৰে, যাৰ অর্ধাংশ ৰাজ্যলৈ ঘূৰি আহে।
কেবিনেটে সিদ্ধান্ত লৈছে যে, ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰৰ পৰা সংগৃহীত জিএছটিৰ ৰাজ্যীয় অংশটো সম্পূৰ্ণৰূপে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনক প্ৰদান কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয়,

“শিল্পী জুবিন গাৰ্গ অসমৰ গৌৰৱ। তেওঁৰ অন্তিম ছবিৰ সৈতে জড়িত এই সন্মানজনক পদক্ষেপ আমাৰ পক্ষৰ পৰা তেওঁলৈ এক শ্রদ্ধাঞ্জলি।”

এগৰাকী কৰ্মোদ্যমী যুৱতীৰ অদম্য চেষ্টাত বহুতৰ জীৱনলৈ কঢ়িয়াই আনিছে সফলতা

গোসাঁইগাঁও সদৰ চহৰত ‘এয়াৰ বড়োলেণ্ড’ নামৰ এটা সংস্থা স্থাপন কৰি গোসাঁইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীক বিমান সেৱা ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি বিটিচি অঞ্চলৰ শিক্ষিত যুৱক যুৱতীৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ এক সুযোগ কৰি দিছে। ইয়াৰ উপৰি সম্প্ৰতি তেওঁ ট্যুৰিজম ক্ষেত্ৰতো পদাৰ্পণ কৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি দেশ বিদেশৰ পৰ্যটক সকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে।

তদুপৰি তেওঁৰ ঐকান্তিক প্ৰচেষ্টাত আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ উদ্যোগত অলপ সময়ৰ ভিতৰতেই ৰূপসী বিমানবন্দৰৰ পৰা এখন এয়াৰ টেক্সি আৰু এখন এয়াৰ এম্বুলেন্স সেৱাৰ প্ৰৱৰ্তন কৰা হ’ব। ৬ আসন যুক্ত এয়াৰ টেক্সি (হেলিকপ্টাৰ) আৰু ৮ আসন যুক্ত এয়াৰ এম্বুলেন্সৰ সুবিধা থকা হেলিকপ্টাৰ সেৱা বিটিচিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে মুকলি কৰা হ’ব বুলি আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে মুনমুন সিংহ চৌধুৰীয়ে। তেওঁৰ এই উদ্যম আৰু উচ্চাকাঙ্ক্ষাই নাৰী সমাজৰ বাবে অনুকৰণীয় আৰু সমাজৰ পাছপৰা সকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।

গীত-মাত-নৃত্যৰে মুখৰিত ৩২ সংখ্যক ‘সাঁকো আলোচনা চক্ৰ’ৰ সাহিত্যানুষ্ঠান : লেখিকা অমিয়া গোস্বামীৰ গ্ৰন্থ উন্মোচন

‘অসম সাহিত্য সভা’ৰ অন্যতম অগ্ৰণী শাখা নগাঁৱৰ ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উদ্যোগত ‘সাঁকো আলোচনা চক্ৰ’ৰ ৩২ সংখ্যক বৈঠকখনি ২৬ অক্টোবৰৰ বিয়লি শাখাটোৰ প্ৰাক্তন উপ-সভাপতি তথা চকৰিগাঁও নিবাসী কুমুদ চন্দ্ৰ বৰাৰ বাসগৃহ প্ৰাংগণত অনুষ্ঠিত হয়। কলংপৰীয়া শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি গোলাপ বৰাৰ সভাপতিত্বত আৰু সাঁকো আলোচনা চক্ৰৰ সঞ্চালক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিণ্টু দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘সাঁকো আলোচনা চক্ৰ’ৰ সম্পাদক বসন্ত কৌশিক ভাগৱতীয়ে। সভাৰ আৰম্ভণিতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শাখাৰ প্ৰাক্তন সভাপতি ক্ৰমে কমলা কান্ত বৰা, শৈলেন্দ্ৰ গোস্বামী আৰু থুলেশ্বৰ বৰাই।

ইয়াৰ পিছতে ৰূবী বৰা, নৱমল্লিকা কাশ্যপ, দীপশিখা শৰ্মা, শিল্পীশিখা বৰা আৰু মিতালী বৰাৰ কণ্ঠত সুধাকণ্ঠ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কেইবাটাও গীত পৰিৱেশনেৰে শিল্পী দুগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সভাত জুবিন গাৰ্গৰ সম্পৰ্কত বিস্তৃতভাবে আলোকপাত কৰে বিশিষ্ট লেখক চিদানন্দ দেৱ গোস্বামীয়ে আৰু বিশ্ববৰেণ্য কণ্ঠশিল্পী ডঃ ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা আগবঢ়ায় অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক মোহিনী মোহন ডেকাই। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীয়েও সভাত অংশগ্ৰহণ কৰি এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।

উক্ত সভাতে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই লেখিকা অমিয়া গোস্বামীৰ শিশু উপন্যাস “কুঁহেলিকা” উন্মোচন কৰি ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ নিয়মীয়া শিতানত প্ৰিয়াঙ্কু শৰ্মা, ৰিন্টু দাস, জেউতি হাজৰিকা, দিপিকা বৰা, গোলাপ বৰা, মিনা বৰা, মালা বৰুৱা, অংকিতা ভট্টাচাৰ্য, খগেন্দ্ৰ নাথ, মাধবী দাস, কুমাৰ বিভূতি, বসন্ত কৌশিক ভাগৱতী, চিনু ৰাজখোৱা লস্কৰ, দিপালী দেৱী, বিজয়া তামুলী, পৰী নেওগ, দীপজ্যোতি শইকীয়া আদিয়ে ভিন্ন লেখা পাঠ কৰে।অনুষ্ঠানত আবৃত্তি পৰিবেশন কৰে মল্লিকা শইকীয়া ফুকন, জুৰণি প্ৰিয়া বৰা, মোদিতা কলিতা আৰু প্ৰতিভা ভাগৱতীয়ে। দিগন্ত ভাগৱতী, নৱমল্লিকা কাশ্যপ, শিশুশিল্পী দস্মিতা শইকীয়া আৰু দেবাংশ্ৰী বৰাই গীত পৰিৱেশনেৰে সজীৱ কৰি তোলা এই অনুষ্ঠানতে নৃত্য পৰিবেশন কৰে ক্ৰমে নয়না নন্দিনী বৰা, অভিলাষা শইকীয়া আৰু দেৱব্ৰত বৰাই। নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ হাজৰিকা, সহ: সম্পাদক প্ৰিয়াঙ্কু শৰ্মা, পুনিৰাম শইকীয়া, ৰমেশ চন্দ্ৰ ভৰালী, মিত্ৰ কমল বৰা, বৈজয়ন্তী খাউণ্ড, কুশেশ্বৰ বৰা, অজিত কুমাৰ শৰ্মা, দিলীপ চন্দ্ৰ শইকীয়া, তৰামাই বৰা, নয়ন জ্যোতি নেওগ, মনীষা বৰকটকী, নিখিল কলিতা, প্ৰণৱ কুমাৰ বৰা, শিৱ প্ৰসাদ বৰাৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ কেইবাটাও শাখাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ইফালে, পঠিত লেখা সমূহৰ এটি চমু অৱলোকন আগবঢ়ায় গোলাপ বৰা (কনিষ্ঠ)ই। সভাৰ শলাগৰ শৰাই আগবঢ়ায় কুমুদ বৰাই। শেষত সভাপতি আৰু সঞ্চালকৰ মন্তব্যৰ পাছতেই জাতীয় সংগীত পৰিৱেশনেৰে সভা ভঙ্গ কৰা হয়।

৩৮ হাজাৰ গীত আৰু এটা প্ৰশ্ন — জুবিন গাৰ্গৰ গীতৰ মালিকীস্বত্ব কাৰ হাতত? Zubeen Garg

৩৮ হাজাৰ গীত আৰু এটা প্ৰশ্ন — জুবিন গাৰ্গৰ গীতৰ মালিকীস্বত্ব কাৰ হাতত? Zubeen Garg
৩৮ হাজাৰ গীত আৰু এটা প্ৰশ্ন — জুবিন গাৰ্গৰ গীতৰ মালিকীস্বত্ব কাৰ হাতত? Zubeen Garg

Zubeen Garg । অসমীয়াৰ হৃদয়ৰ প্ৰাণ শিল্পী জুবিন গাৰ্গে কায়িকভাৱে এই পৃথিৱী এৰি গ’ল যদিও, তেওঁৰ সংগীতৰ সুৰত আজিো জীৱন্ত আছে লক্ষ লক্ষ অনুৰাগীৰ স্মৃতি। প্ৰায় ৪০ টা ভাষা আৰু উপভাষাত ৩৮,০০০ ৰো অধিক গীত গাই গৈছে এইগৰাকী কিংবদন্তী শিল্পীয়ে। কিন্তু এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে — এই বিপুল সংগীত ভঁৰালৰ মালিকীস্বত্ব (কপিৰাইট) কাৰ হাতত?

জুবিন গাৰ্গৰ মৃত্যুৱে সকলোৰে হৃদয়ত গভীৰ শোকৰ ছাঁ পেলাইছে। তথাপি তেওঁৰ সংগীতৰ জৰিয়তে তেওঁৰ স্মৃতি সজীৱ ৰাখিবলৈ বিভিন্ন প্ৰচেষ্টা চলিছে। গুৱাহাটীৰ বিশাল কলিতা নামৰ এজন যুৱকে তেওঁৰ ঘৰতেই স্থাপন কৰিছে এক ব্যক্তিগত সংগ্ৰহালয়, য’ত আছে জুবিন গাৰ্গৰ শতাধিক এলবাম, কেছেট আৰু চিডি। প্ৰায় এক দশক ধৰি দেশৰ বিভিন্ন ঠাই ঘূৰি সংগ্ৰহ কৰা এই সামগ্ৰীসমূহ তেওঁ জনসাধাৰণৰ বাবে মুকলি কৰিছে।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, বিশাল কলিতাৰ সংগ্ৰহালয়ত জুবিন গাৰ্গৰ প্ৰায় ৩৮ হাজাৰ গীত সংৰক্ষিত আছে — য’ত বহুতো গীত বৰ্তমান আন ঠাইত পোৱা নাযায়। আৰু আশ্চৰ্যজনকভাৱে, মৃত্যুৰ মাত্ৰ তিনিদিন পূৰ্বে, ১৬ ছেপ্টেম্বৰত জুবিন নিজেই গৈ এই সংগ্ৰহালয় পৰিদৰ্শন কৰিছিল। তেওঁ ক’লে, এই সংগ্ৰহে তেওঁৰ বহুদিনীয়া পাহৰি যোৱা সৃষ্টিৰ স্মৃতি উজাগৰ কৰিছে।

বিশাল কলিতা আৰু তেওঁৰ অনুৰাগীসকলে এতিয়া এই গীতসমূহ ডিজিটেলাইজ কৰি অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্মৰ জৰিয়তে জনসাধাৰণলৈ পোৰাৰ পৰিকল্পনা কৰিছে। লগতে, তেওঁলোক জুবিন গাৰ্গৰ পৰিয়ালৰ বাবে ৰয়েল্টি নিশ্চিত কৰাৰ ব্যৱস্থাও বিচাৰিছে। কিন্তু সমস্যা এটা আছে — বহু গীতৰ কপিৰাইট বা মালিকীস্বত্ব স্পষ্টভাৱে নিৰ্ধাৰিত নহোৱাৰ বাবে এই কামত আইনী জটিলতা দেখা দিব পাৰে।

ভাৰতৰ সংগীত ৰয়েল্টি সংগ্ৰহকাৰী সংস্থা Indian Performing Rights Society (IPRS)-ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাকেশ নিগমে জনাইছে যে, তেওঁলোকৰ সংস্থাই শিল্পী বা তেওঁলোকৰ পৰিয়ালৰ বাবে রয়েল্টি নিশ্চিত কৰিবলৈ কাম কৰি আছে, কিন্তু ডিজিটেল প্লেটফৰ্ম আৰু বিতৰকৰ জটিল নেটৱৰ্কৰ বাবে মালিকীস্বত্ব চিনাক্ত কৰাটো দিনে দিনে কঠিন হৈ পৰিছে।

জনপ্ৰিয় বলীউড গায়ক শ্বানে মন্তব্য কৰিছে, “এই পদক্ষেপটো বহুত আগতেই ল’ব লাগিছিল। আঞ্চলিক সংগীতৰ ক্ষেত্ৰত কপিৰাইট চিনাক্ত কৰা চেলেঞ্জিং হ’ব পাৰে, কিন্তু যদি দলবদ্ধভাৱে কাম কৰা যায়, তেন্তে সেয়া এক বৃহৎ উদাহৰণ হ’ব।”

সংগীত প্ৰযোজক শ্যামন্তক গৌতম আৰু মানস বৰুৱা-ও জনাইছে যে, জুবিন গাৰ্গৰ বহু গীতৰ বিতৰকসকল বৰ্তমান অবশিষ্ট নাই বা তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ গৈছে। ইয়াৰ ফলত অনুজ্ঞাপত্ৰৰ মালিকীস্বত্ব কাকলৈ গ’ল, সেয়া অনুসৰণ কৰাটো এক কঠিন প্ৰক্ৰিয়া।

এই সম্পূৰ্ণ ঘটনাই পুনৰ এক প্রশ্ন উত্থাপন কৰিছে — ভাৰতৰ বহুলোক কিংবদন্তি শিল্পীৰ দৰে জুবিন গাৰ্গৰ সংগীতৰ অধিকাৰ, রয়েল্টি আৰু সৃষ্টিৰ ওপৰত ন্যায়সঙ্গত মালিকীস্বত্ব নিশ্চিত কৰাৰ বাবে কি যথেষ্ট ব্যৱস্থা আছে?

ইতিহাসে সাক্ষী দিছে, লতা মংগেশকাৰ, এছ. পি. বালাসুব্ৰমণিয়াম, বা কে. জে. যেছুদাছৰ দৰে শিল্পীসকলো নিজৰ সৃষ্টিৰ অধিকাৰ ৰক্ষাৰ বাবে দীঘলীয়া লড়াই চলাইছিল।
জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই আলোচনাই পুনৰ গাম্ভীৰ্য লাভ কৰিছে — কাৰণ তেওঁ যে সংগীতৰ ভঁৰাল দি গ’ল, সেই সম্পদত তেওঁৰ পৰিয়াল আৰু অসমবাসীৰ অধিকাৰ সুৰক্ষিত কৰা সময়ৰ প্ৰয়োজন।

Garima Saikia Garg: অসমৰ মাটি, আকাশ, বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ…

অসমৰ মাটি, আকাশ, বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ...
অসমৰ মাটি, আকাশ, বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ...

আজি মহাবাহু ব্ৰহ্মপুত্ৰত জুবিনৰ চিতাভস্ম বিসৰ্জন।(Garima Saikia Garg)

ব্ৰহ্মপুত্ৰৰ বুকুত গৰিমা শইকীয়া গাৰ্গে বিসৰ্জন দিলে জুবিন গাৰ্গৰ চিতাভষ্ম।

সদায় ব্ৰহ্মপুত্ৰৰ কথা কোৱা মানুহজনক ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন কৰি দিলোঁ…।

শান্তিত থাকক…।

কান্দি কান্দি আবেগিক হৈ এইদৰে মন্তব্য কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে।

ব্ৰহ্মপুত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পাছতে আবেগিক হৈ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে-

অসমৰ মাটি,আকাশ,বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ…।

মানুহ, প্ৰকৃতি সকলোৰে বুকুত মাথোঁ তুমি …।

হে ঈশ্বৰপুত্ৰ অসমখনক সদায় ৰখাৰ দৰেই তোমাৰ স্নেহেৰে আৱৰি ৰাখিবা ।

এদিন লগ হ’ম আকৌ সোনকালেই …জন্মান্তৰৰ কথা পাতিম, নতুন কাহিনী লিখিম তোমাৰ আৰু মোৰ…।

কিন্তু এতিয়া আমি তোমাৰ সতে প্ৰকৃততে কি ঘটিছিল সেই অভিশপ্ত দিনটোত সেয়া জানিব লাগে ।

Zubeen Garg: জুবিন গাৰ্গৰ গান-কবিতাক গল্পৰ ৰূপ প্ৰদান ঔপন্যাসিক নীলিম আকাশ কাশ্যপৰ

Zubeen Garg: জুবিন গাৰ্গৰ গান-কবিতাক গল্পৰ ৰূপ প্ৰদান ঔপন্যাসিক নীলিম আকাশ কাশ্যপৰ
Zubeen Garg: জুবিন গাৰ্গৰ গান-কবিতাক গল্পৰ ৰূপ প্ৰদান ঔপন্যাসিক নীলিম আকাশ কাশ্যপৰ

বহুল প্ৰচলিত, ভাৰতৰ এখন (Zubeen Garg) বিখ্যাত কাকত ‘আনন্দ বাজাৰ পত্ৰিকা’ই বেষ্টচেলাৰ হিচাপে উল্লেখ কৰিলে এখন সদ্যপ্ৰকাশিত অসমীয়া গ্ৰন্থক। গ্ৰন্থখন হ’ল ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ পৰিচিত ঔপন্যাসিক নীলিম আকাশ কাশ্যপ ৰচিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’। জানিব পৰা মতে ১৯ ছেপ্টেম্বৰত আকস্মিকভাৱে ছিংগাপুৰত অকাল মহাপ্ৰয়াণ ঘটা হাৰ্টথ্ৰ’ৱ কণ্ঠশিল্পী জুবিন গাৰ্গে লিখা আৰু গোৱা গানৰ লগতে তেওঁ ৰচিত কবিতাক গল্পৰ ৰূপ দি প্ৰকাশিত গ্ৰন্থ ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ শেহতীয়াকৈ মুকলি কৰা হৈছে। অসম পাবলিচিং কোম্পানীয়ে গ্ৰন্থখন প্ৰকাশ কৰিছে। মুকলি কৰাৰ লগে লগে গ্ৰন্থখনে ৰাজ্যজুৰি পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ৰ প্ৰকাশক সঞ্জয় সান্যালে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ৰ পৰিবৰ্ধিত-পৰিমাৰ্জিত সংস্কৰণ প্ৰকাশ কৰা হৈছে বুলি সদৰী কৰি আজি ইয়াত সাংবাদিকক তেওঁ জানিবলৈ দিয়ে, “ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ যথেষ্ট পঢ়ুৱৈয়ে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন আদৰি লৈছে। এমাজনতো কিতাপখনৰ প্ৰতি ৰাইজৰ সঁহাৰি সন্তোষজনক।

আনকি পঢ়ুৱৈৰ সহাঁৰিৰ বাবেই আমি এই বছৰ প্ৰকাশ কৰা গ্ৰন্থ সম্ভাৰৰ বেষ্টচেলাৰৰ তালিকাভুক্ত হৈছে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ নামৰ কিতাপখন।” উল্লেখ্য যে অসমীয়াৰ লগতে ভাৰতীয় ইংৰাজী সাহিত্যতো ঔপন্যাসিক হিচাপে সমাদৃত তৰুণ লেখক নীলিম আকাশ কাশ্যপে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন ৰচনা কৰিছে। নলবাৰীৰ সন্তান তথা তৰুণ ঔপন্যাসিক নীলিম আকাশ কাশ্যপে সংবাদ মাধ্যমক অৱগত কৰা মতে গ্ৰন্থখনত ‘পাখি পাখি এই মন’, ‘হাঁহিলে তুমি মুকুতামণি সৰে’, ‘শব্দ যদি প্ৰেৰণা হয়’, ‘কাৰ পৰশ’, ‘অন্ধ আকাশ, ৰুদ্ধ বতাহ’, ‘দিয়া ঘূৰাই দিয়া’ আদিকে ধৰি জুবিন গাৰ্গৰ কণ্ঠত প্ৰাণ পোৱা কেইবাটাও গানক গল্পৰ ৰূপ দিয়া হৈছে। ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ত জুবিন গাৰ্গ ৰচিত ‘চক্র’, ‘মেটামৰফ’চিছ’, ‘তুমি’, ‘পদধ্বনি’ আদিকে ধৰি বহুকেইটা কবিতাকো গল্পৰূপ দিয়া হৈছে বুলি সদৰী কৰা নীলিম আকাশ কাশ্যপে কয়, “প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মানসেৰে পৰিবৰ্ধিত আৰু পৰিমাৰ্জিত ৰূপত প্ৰকাশিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখনত শিল্পীগৰাকীয়ে গোৱা গান আৰু লিখা কবিতাক গল্পৰ মাধ্যমেৰে নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰাৰ লগতে গ্ৰন্থখনত জুবিন গাৰ্গৰ শৈশৱৰ পৰা অন্তিম শয়নলৈকে বিভিন্ন ফটো সংকলিত কৰা হৈছে।”

জানিব পৰা মতে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ শীৰ্ষক গ্ৰন্থখনত জুবিন গাৰ্গ সম্পৰ্কত অনুৰাগী ৰাইজৰ চমু মতামতৰ উপৰিও শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ উপৰি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° কমল কুমাৰ তাঁতী, পবিত্ৰ মাৰ্ঘেৰিটা, ৰবচন বৰুৱা, জুবলি বৰুৱা, দেৱ বৰকটকী, দিগন্ত ভাৰতী, যতীন বৰা, ৰাজেশ ভূঞা, তৃতীয় শ্ৰেণীৰ ছাত্ৰী চান্‌ভি কাশ্যপ, প্ৰাণজিৎ শইকীয়া, হেমন্ত শৰ্মা আদিৰ জুবিন গাৰ্গ সম্পৰ্কীয় তথ্যগধূৰ লেখা আৰু মন্তব্যও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে নলবাৰীৰ সন্তান, তৰুণ ঔপন্যাসিক নীলিম আকাশ কাশ্যপ ৰচিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰি উলিয়াইছে। ভাৰতৰ এগৰাকী আগশাৰীৰ প্ৰচ্ছদ শিল্পী সৌৰিশ মিত্ৰই ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ নামৰ বেষ্টচেলাৰ গ্ৰন্থখনৰ প্ৰচ্ছদ সজ্জা কৰিছে।

World Stroke Day: গুৱাহাটী মেট্ৰ’ হাস্পতালত উদযাপন বিশ্ব ষ্ট্ৰোক দিৱস

World Stroke Day: গুৱাহাটী মেট্ৰ' হাস্পতালত উদযাপন বিশ্ব ষ্ট্ৰোক দিৱস
World Stroke Day: গুৱাহাটী মেট্ৰ' হাস্পতালত উদযাপন বিশ্ব ষ্ট্ৰোক দিৱস

আজি বিশ্ব ষ্ট্ৰোক দিৱস।(World Stroke Day)

স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ লক্ষ্যৰে অক্টোবৰ মাহত উদযাপন কৰা হয় বিশ্ব ষ্ট্ৰোক দিৱস।

গুৱাহাটী মেট্ৰ’ হাস্পতালত উদযাপন কৰা হয় এই দিৱস।

বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে গুৱাহাটী মেট্ৰ’ হাস্পাতালে আয়োজন কৰে ৱাকাথন।

ষ্ট্ৰোক প্ৰতিৰোধ, আগতীয়াকৈ চিনাক্তকৰণ আৰু সময়মতে চিকিৎসাৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে এক ৱাকাথনৰ আয়োজন কৰে।

গুৱাহাটী মেট্ৰ’ হস্পিতালছ প্ৰাইভেট লিমিটেড, খানাপাৰাৰ পৰা বশিষ্ঠ চাৰিআলি হৈ পুৱা ৫:৩০ বজাৰ পৰা ৭:৩০ বজালৈ ৱাকথন আৰম্ভ কৰে।

এই অনুষ্ঠানৰ জৰিয়তে সমাজলৈ ষ্ট্ৰোক সজাগতাৰ বাৰ্তা বৃদ্ধি কৰাৰ প্ৰয়াস গুৱাহাটী মেট্ৰ’ হাস্পাতাৰ।

অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে Interventional Neuro-radiologist Dr Gorky Medhi আৰু Dr.Chintu Patowary (Neurosurgeon)।

Zubeen Garg: ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ

Zubeen Garg: ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ
Zubeen Garg: ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ। (Zubeen Garg)

বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন জুবিন।

মহাবাহু ব্ৰহ্মপুত্ৰত জুবিনৰ চিতাভস্ম বিসৰ্জন।

ব্ৰহ্মপুত্ৰৰ বুকুত গৰিমা শইকীয়া গাৰ্গে বিসৰ্জন দিলে জুবিন গাৰ্গৰ চিতাভষ্ম

সদায় ব্ৰহ্মপুত্ৰৰ কথা কোৱা মানুহজনক ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন কৰি দিলোঁ…

শান্তিত থাকক…

কান্দি কান্দি আবেগিক হৈ ক’লে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ।

ব্ৰহ্মপুত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পাছতে আবেগিক পত্নী গৰিমা গাৰ্গ

ফাঁচীবজাৰ ঘাটত জুবিন গাৰ্গৰ অস্থি বিসর্জন।

গৰিমা গাৰ্গসহ পৰিয়ালে দিলে অস্থি বিসর্জন লগত আছে জুবলী বৰুৱাও।

জুবিনে বিছাৰিছিল তেওঁৰ মৃত্যুৰ পাছত মহাবাহুত উটুৱাই দিয়া।

যাৰ বাবে মহাবাহুৰ বক্ষত দিলে অস্থি বিসর্জন।