Home Blog Page 1267

গাজাত এম্বুলেন্সক আক্ৰমণ ইজৰাইলৰ…

গাজাত এম্বুলেন্সক আক্ৰমণ ইজৰাইলৰ। শুকুৰবাৰে উত্তৰ গাজাৰ পৰা আহতসকলক উলিয়াই আনিবলৈ ব্যৱহাৰ কৰা এম্বুলেন্সৰ ওপৰত ইজৰাইলে বিমানেৰে আক্ৰমণ কৰে। ১৫ জন লোক নিহত হোৱাৰ লগতে ৬০ জন আহত হয়।


গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আশ্ৰাফ আল কিদ্ৰাই কয় যে গাজা চহৰৰ আল শ্বিফা চিকিৎসালয়ৰ ওচৰত ইজৰাইলে লক্ষ্য কৰি লোৱা কনভয়ৰ অংশ আছিল এই এম্বুলেন্সখন।


ইজৰাইলে যোৱা মাহত সকলো সাধাৰণ নাগৰিকক উত্তৰ গাজা এৰি যাবলৈ নিৰ্দেশ দিছিল। গাজাৰ উত্তৰ অঞ্চল এৰি সাধাৰণ লোকক নিৰ্দেশ দিয়াৰ পিছতো ইজৰাইলী বাহিনীয়ে ষ্ট্ৰিপৰ দক্ষিণ অংশত বোমা বিস্ফোৰণ অব্যাহত ৰাখিছে।


ধুমধামেৰে পাতিব আমিৰ খানৰ কন্যা ইৰাৰ বিয়া, প্ৰি-ৱেডিং ফাংচন আৰম্ভ, বিয়াৰ তালিকত কাৰ কাৰ নাম জানক…


২০২৪ চনৰ জানুৱাৰীত আমিৰ খানৰ কন্যা ইৰা খানে প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। তাৰ আগতে দম্পতীহালৰ প্ৰি-ৱেডিং ফাংচন আৰম্ভ হৈছে। কালি বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানৰ কন্যা ইৰা খান আৰু নুপুৰৰ বিয়াৰ অনুষ্ঠান কেলভান অনুষ্ঠানেৰে আৰম্ভ হয়। ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে দম্পতীহালে নিজৰ ছবি। আচলতে ইৰাৰ হ’বলগীয়া দৰা নুপুৰ এজন মহাৰাষ্ট্ৰীয়, গতিকে মহাৰাষ্ট্ৰীয় বিয়াত এইটো এটা গুৰুত্বপূৰ্ণ কাম।

কেলভান অনুষ্ঠানত দৰা-কইনাৰ পৰিয়ালে বিয়াৰ আগতে পৰম্পৰাগত সুস্বাদু আহাৰ গ্ৰহণ কৰে যাতে ইজনে সিজনক বিয়ালৈ নিমন্ত্ৰণ কৰিব পাৰে। ইয়াত ইজনে সিজনক উপহাৰো দিয়া হয়। দৰা-কইনাৰ আত্মীয়ও এই অনুষ্ঠানত উপস্থিত থাকে। ইৰা আৰু নুপুৰৰ কেলভান ফাংচনৰ ছবি এতিয়া ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। ইৰাৰ সৈতে ঘনিষ্ঠ বন্ধু অভিনেত্ৰী মিথিলা পালকাৰকো দেখা গ’ল।

২০২৪ চনৰ ৩ জানুৱাৰীত ইৰা আৰু নুপুৰৰ আদালতৰ বিবাহ হ’ব। ইয়াৰ পিছত তেওঁলোক বিয়াৰ বাবে উদয়পুৰলৈ যাব। ইৰাৰ পিতৃ আমিৰে ১৩ জানুৱাৰীত মুম্বাইত কন্যাৰ বাবে এক বৃহৎ বিবাহ অভ্যৰ্থনা আয়োজন কৰিব। প্ৰতিবেদন অনুসৰি, এক সূত্ৰই কয় যে, “আমীৰ খানৰ কন্যা ইৰাৰ বিয়াখন এক বৃহৎ উদযাপন হ’ব।” আমিৰে ব্যক্তিগতভাৱে ছবি জগতৰ লোকক আমন্ত্ৰণ জনাইছে অভ্যৰ্থনা অনুষ্ঠানৰ বাবে। অতিথি তালিকাত যুৱ তাৰকাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ অভিনেতালৈকে সকলোকে অন্তৰ্ভুক্ত কৰা হৈছে।


দৈনিক পনীৰ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে…

নিৰামিষভোজী মানুহৰ প্ৰিয় ৰেচিপি হ’ল পনীৰ। পনীৰ সুস্বাদু হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও অতি উপকাৰী। কিছুমান মানুহে পনীৰ ইমানেই ভাল পায় যে প্ৰতিদিনে খায়। পনীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। কিন্তু প্ৰশ্ন হয়, পনিৰ প্ৰতিদিনে খাব পাৰিনে-

পনীৰ প্ৰটিনৰ এক উত্তম উৎস, যাৰ বাবে ই নিৰামিষভোজীৰ বাবে এক উত্তম বিকল্প। ১০০ গ্ৰাম পানীৰত প্ৰায় ১৮ গ্ৰাম প্ৰটিন থাকে, যিটো ১০০ গ্ৰাম কুকুৰাত পোৱা প্ৰটিনৰ সমান। শৰীৰৰ কলা, এনজাইম, হৰমন আৰু পেশী গঠন আৰু মেৰামতিৰ বাবে প্ৰটিনৰ প্ৰয়োজন।ইয়াৰ উপৰিও পেটৰ পাচন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। লগতে পনীৰ খোৱাৰ পিছত পেটটো বহু সময়লৈকে ভৰি থকা যেন অনুভৱ হয়। যাৰ বাবে আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব পাৰে।

পানীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যিয়ে হাড়ক শক্তিশালী আৰু সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেলচিয়ামে হাড় শক্তিশালী কৰাই নহয় অষ্টিঅ’পৰ’ছিছৰ আশংকাও ৰোধ কৰে। হাড় দুৰ্বল আৰু ভংগুৰ হৈ পৰা অৱস্থা। ইয়াৰ উপৰিও ইয়াত ফছফৰাছ থাকে, যিয়ে কেলচিয়ামৰ সৈতে মিলি হাড়ক শক্তিশালী আৰু সুস্থ কৰি ৰাখে। যিসকলৰ হাড়ৰ লগত জড়িত ৰোগ যেনে অষ্টিঅ’পৰ’ছিছৰ আশংকা থাকে তেওঁলোকৰ বাবে দৈনিক পনিৰ খোৱাটো উপকাৰী হ’ব পাৰে।

দৈনিক পনীৰ খাব পাৰে কিন্তু সীমিত পৰিমাণত খোৱাই ভাল। ই আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিব। পানীৰ প্ৰটিন বেছি আৰু কাৰ্বহাইড্ৰেট কম।

পনীৰ জিংকৰ এক গুৰুত্বপূৰ্ণ উৎস, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। শ্বেত ৰক্তকণিকা তৈয়াৰ কৰাত জিংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিয়ে সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। সামগ্ৰিক স্বাস্থ্যৰ বাবে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা গুৰুত্বপূৰ্ণ আৰু দৈনিক পনীৰ সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে।

পনীৰ পটাছিয়ামৰ এক উত্তম উৎস, যিয়ে বি পি নিয়ন্ত্ৰণৰ লগতে হৃদযন্ত্ৰক সুস্থ কৰি তোলাতো সহায় কৰে। ইয়াৰ উপৰিও পনীৰত ছডিয়ামৰ পৰিমাণো কম। যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

পনীৰ খোৱাটো স্বাস্থ্যৰ বাবে ভাল যদিও প্ৰতিদিনে ১০০-২০০ গ্ৰাম পনিৰ খোৱাটো বাঞ্ছনীয়। চৰ্বিৰ পৰা হাত সাৰিবলৈ প্ৰায়ে কম কেলৰিযুক্ত চৰ্বি বা স্কিমড মিল্ক চীজ খোৱাটো বাঞ্ছনীয়। আপুনি ইয়াক দৈনন্দিন জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তুলিব পাৰে। টিফিন চালাডৰ লগতো খাব পাৰে।


চুতীয়া ৰজা আৰিমত্তই নিৰ্মাণ কৰা ঐতিহাসিক ৰাজাখনা পুখুৰী, ৰুক্মিণী আলিৰ সংৰক্ষণ কৰি পৰ্য্যটন স্থলী হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী চুতীয়া জাতি সন্মিলন, কুণ্ডিল সেনাৰ…

চুতীয়া ৰজা আৰিমত্তই নিৰ্মাণ কৰা ঐতিহাসিক ৰাজাখনা পুখুৰী আৰু ৰুক্মিণী আলিৰ সংৰক্ষণ কৰাৰ লগতে ৰজাদিনীয়া কৃৰ্তিচিহ্ন সমূহক পৰ্য্যটন স্থলীলৈ প্ৰতিষ্ঠা কৰাৰ দাবী জনাইছে সদৌ অসম চুতীয়া জাতি সন্মিলন আৰু কুণ্ডিল সেনাই। কালি সদৌ অসম চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সদস্য গোপাল বৰা, জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি ৰঞ্জিত চুতীয়া, সম্পাদক বিশ্ব বৰা, কুণ্ডিল সেনাৰ উপ সভাপতি হিৰেণ শইকীয়াকে ধৰি এটি সঁজাতি দলে চুতীয়া ৰজা আৰিমত্তই খণ্ডা ৰাজা খানা পুখুৰী আৰু ৰুক্মিণী আলি  পৰিদৰ্শন কৰে।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৰাজাখানা গাওঁ পঞ্চায়তত অৱস্থিত ৬৪ বিঘা ভূমিত চুতীয়া ৰজা আৰিমত্তই নিৰ্মাণ কৰা ঐতিহাসিক ৰাজাখনা পুখুৰীটোৰ মাজেৰে বৰ্তমান এখন পাহাৰীয়া নদী বৈ গৈছে।

দুয়োটা চুতীয়া জাতীয় সংগঠনৰ নেতৃত্বই উক্ত ঐতিহাসিক ৰাজাখনা পুখুৰীটো সংৰক্ষণ কৰি এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে পৰ্য্যটন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী জনাইছে। আনহাতে শদিয়াৰ পৰা মালিনীথানলৈ চুতীয়া ৰজা আৰিমত্তই নিৰ্মাণ কৰা বুৰঞ্জী প্ৰসিদ্ধ ৰুক্মিণী আলিৰ জোনাই মহকুমাৰ বেৰাচাপৰি,লুহিজান অঞ্চল আৰু আন আন অঞ্চলত  ভগ্নাৱশেষ হিচাপে অৱস্থিত ৰুক্মিণী আলিৰ সংৰক্ষণ কৰি ইয়াকো পৰ্য্যটন স্থলীলৈ প্ৰতিষ্ঠা কৰাৰ চৰকাৰক দাবী জনাইছে।  

শম্ভূ দাস চিলাপথাৰ 

ধেমাজি

গুৱাহাটীত নিৰ্মাণ হ’ব ছয়লেনযুক্ত ৰোড ! সংবাদমেল যোগে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

গুৱাহাটীত নিৰ্মাণ হ’ব ৰিং ৰোড ৷ ছয়লেনযুক্ত হ’ব এই ৰিং ৰোড ৷

ৰিং ৰোড নিৰ্মাণৰ বাবে NHAIয়ে আহ্বান কৰিব নিবিদা ৷

৫,৮০০ কোটি টকা ব্যয় হ’ব এই ৰিং ৰোড নিৰ্মাণত৷ সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে এই কথা৷

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বাসগৃহত নিৰ্যাতনৰ ঘটনা ! পোহৰলৈ আহিছে চাঞ্চল্যকৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা…

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বাসগৃহত নিৰ্যাতনৰ ঘটনা । পোহৰলৈ আহিছে চাঞ্চল্যকৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা । প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বোৱাৰীয়েকক নিৰ্যাতনৰ অভিযোগ ।

পুত্ৰ ৰাজৰ্ষি সেন ডেকাই পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ । পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল ৰাজৰ্ষি সেন ডেকাৰ ।
পূৰ্বৰ বিবাহৰ কথা গম পোৱা নাছিল বৰ্তমানৰ পত্নীয়ে ।


মহিলাগৰাকীৰ শাহু-স্বামীৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ
আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী বোৱাৰীগৰাকী এইবাৰ প্ৰাক্তন মন্ত্ৰীৰ ঘৰত বোৱাৰী নিৰ্যাতন

আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত ছগৰাকী বিশিষ্ট ব্যক্তিক উৎকৰ্ষ বঁটা প্ৰদান উদ্যোগ মন্ত্রী বিমল বড়াৰ…

‘ৰাজ্যৰ অৰ্থনৈতিক বিকাশ হ’বলৈ বাণিজ্যিক কার্যকলাপ বৃদ্ধি হ’বই লাগিব’ – ইন্ডাষ্ট্রিজ এণ্ড ট্ৰেড ফেয়াৰ এছ’চিয়েচন, অসম(ইটফা)ৰ উদ্যোগত মহানগৰীৰ বেটকুছিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত ১নৱেম্বৰৰ পৰা অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলাত উৎকৰ্ষ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। ইটফাই বিগত২৮ বছৰ ধৰি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা আয়োজন কৰি বিশ্বৰ বহু আগশাৰীৰ দেশৰ প্ৰতিষ্ঠানক এই মেলালৈ আমন্ত্রণ কৰি আনি ইয়াত সামগ্রী প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰাৰ সমান্তৰাল ভাৱে স্হানীয় ব্যৱসায়ী তথা উদ্যমী সকলক সা- সামগ্রী বিপণনৰ লগতে দেশৰ অন্য প্ৰান্তৰ ব্যৱসায়ী সকলৰে সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্রতো অগ্রণী ভূমিকা লোৱা বুলিও মন্ত্রী বড়াই ভাষণত উল্লেখ কৰে।


ব্যৱসায়ৰ এক সুস্থ পৰিবেশ গঢ়ি উঠিলেহে দেশৰ অন্য প্ৰান্তৰ বাণিজ্যিক প্ৰতিষ্ঠান সমূহৰ অসমলৈ আগমনৰ পথ প্ৰশস্ত হ’ব বুলিও তেও কয়। ইয়াৰ পূৰ্বে মন্ত্রী বড়াই ইটফাৰ উপ-সভাপতি ৰাজেশ দাস আৰু সম্পাদক ৰাজীৱ দাসৰ উপস্থিতিত বিভিন্ন ক্ষেত্রত বিশিষ্ট বৰঙণি আগবঢ়োৱা ছগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে জি এন আৰ চি হাস্পতালৰ প্ৰতিষ্ঠাপক ডাঃনোমল বড়া, প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীব নাৰায়ণ, চলচ্চিত্র পৰিচালক সঞ্জীব সভাপণ্ডিত, মাৰিয়া মন্টেশ্বৰীৰ পৰিচালন সঞ্চালিকা নেলী আহমেদ, নন্দন হোটেলৰ পৰিচালন সঞ্চালক অৰুণ শৰ্মা আৰু শ্বেখ ব্ৰাদাৰ্ছক”গুৱাহাটী বাণিজ্য মেলা উৎকৰ্ষ বঁটা ” প্ৰদান কৰে। উল্লেখ্য যে অহা ১৭ নবেম্বৰলৈ চলিব লগা এই বাণিজ্য মেলাত দেশ-বিদেশৰ শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।

তিনিটা দিনে নিৰুদ্দেশ মাজৰবাৰীৰ কিশোৰ অভিজিৎ নমশুদ্ৰ… 

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰীত তিনিটা দিনে এজন কিশোৰ নিৰুৰ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। জানিব পৰা মতে মাজৰবাৰীৰ গোপাল নমশুদ্ৰ আৰু ৰিতো নমশুদ্ৰৰ ১৪ বছৰীয়া পুত্ৰ অভিজিৎ নমশুদ্ৰই বুধবাৰে ৰাতিপুৱা প্ৰায় ৮ বজাত বিদ্যালয়লৈ বুলি ঘৰৰ পৰাই ওলাই যায় যদিও গধুলি লৈ

 বিদ্যালয়ৰ পৰা ঘৰলৈ নঅহাত পৰিয়ালৰ লোকে বিদ্যালয়ত খৱৰ কৰে যদিও উক্ত দিনা বিদ্যালয়ত ছাত্ৰ জন উপস্থিত নাছিল বুলি বিদ্যালয় কতৃপক্ষই জানিব দিয়াত পিতৃ মাতৃয়ে আত্মীয় স্বজন সকলোৰে ঘৰত খৱৰ কৰে যদিও

কোনো সুং সূত্ৰ লাভ নোপোৱাত পৰিয়ালৰ লোকে ডিমৌ তহলদাৰী আৰক্ষী চকীত এখন লিখিত জাননী প্ৰদান কৰে। যদি কোনো সদাশয় লোকে কিশোৰ জনৰ কতবা দেখা পায় তেন্তে ওচৰত থকা আৰক্ষী থানাত খৱৰ দিয়াৰ বাবে অভিজিৎ ৰ পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ যোগেদি কাতৰ অনুৰোধ জনাইছে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

গৰ্ভাৱস্থাত জিংক সমৃদ্ধ খাদ্য কিয় খাব লাগে জানেনে…

গৰ্ভাৱস্থাত নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’ব লাগে, যাতে সন্তান জন্মৰ সময়ত কোনো সমস্যা নহয়। গৰ্ভৱতী মহিলাৰ বাবে জিংক পৰিপূৰক অতি প্ৰয়োজনীয় বুলি বিবেচিত। জিংকে গৰ্ভাৱস্থাত অকাল জন্মৰ সম্ভাৱনা সামান্য হ্ৰাস কৰাত সহায় কৰে। ৩০০ৰো অধিক এনজাইমৰ কাৰ্য্যৰ বাবে জিংক গুৰুত্বপূৰ্ণ। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখে আৰু শৰীৰৰ কলাবোৰ মেৰামতি কৰে। ইয়াৰ লগতে ই পুষ্টিকৰ পদাৰ্থ বিপাকীয় ক্ৰিয়া কৰে। গৰ্ভাৱস্থাত মহিলাসকলে দাইল, কাজু, অমৰা, তিল, পনীৰ খাব লাগে। মাতৃ আৰু সন্তান উভয়ৰে বাবে জিংক অপৰিহাৰ্য। দৈনিক প্ৰয়োজনীয়তাৰ কথা ক’বলৈ গ’লে প্ৰতিদিনে ১২ মিলিগ্ৰাম জিংকযুক্ত খাদ্য খালে কোনো ধৰণৰ অভাৱ নহ’ব।

গৰ্ভৱতী মহিলা আৰু শিশুটিৰ পেটত বাঢ়ি অহাৰ বাবে সকলোৱে চিন্তিত, ইয়াৰ বাবে যিকোনো মূল্যৰ বিনিময়ত জিংক সমৃদ্ধ খাদ্য খাব লগা হয়। যদি ইয়াৰ কোনো অভাৱ হয়, তেন্তে গুৰুতৰ পৰিণতিৰ সৃষ্টি হ’ব পাৰে। এই বিপদসমূহৰ ভিতৰত দীৰ্ঘদিনীয়া প্ৰসৱ, এটনিক প্ৰসৱৰ পিছৰ ৰক্তক্ষৰণ, উচ্চ ৰক্তচাপ, অকাল প্ৰসৱ আৰু সময়ৰ পিছৰ গৰ্ভাৱস্থা আদি অন্তৰ্ভুক্ত।

যদি আপুনি বিচাৰে যে গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ গৰ্ভস্থ সন্তানে গৰ্ভাৱস্থাত বা প্ৰসৱৰ পিছত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, তেন্তে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজনীয় জিংক পূৰণ কৰি থাকিব। এনে পৰিস্থিতিত মাতৃ আৰু সন্তান উভয়ৰে উন্নত স্বাস্থ্য নিশ্চিত কৰিব পাৰিব।

নকল টকা বনোৱা মেচিনসহ দম্পতীক আটক নগাঁৱৰ কচুৱা আৰক্ষীৰ…

নগাঁৱৰ কচুৱা শিমুলুগুৰিত আৰক্ষীৰ অভিযান ৷ অভিযানত নকল টকা বনোৱা মেচিনসহ নাগালেণ্ডৰ দম্পতীৰ লগতে আন দুজনক আটক ৷ নকল টকাৰ বাণ্ডিল বিক্ৰী কৰিবলৈ ওলোৱাৰ সময়তে চাৰিজনক আটক কৰে আৰক্ষীয়ে ৷ আটক ইদ্ৰিছ আলী উইখান এ শিমৰায়(মণিপুৰ) মিছ ভিচেনো(নাগালেণ্ড) আৰু আনোৱাৰ হুছেইন(টেম্পু চালক, কামপুৰ) ধৃত লোক কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা নকল টকা বনোৱা মেচিন, এটা নকল টকাৰ বাণ্ডিল, তিনিটা মোবাইল হেণ্ডছেট ৷

৯ খন পাঁচশ টকাৰ নোট আৰু দলটোৱে ব্যৱহাৰ কৰা AS21C 4119 নম্বৰৰ এখন টেম্পু ৷ বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷