Home Blog Page 1292

তামুলপুৰৰ লতিবাৰীত পুখুৰীৰ পৰা নিৰুদিষ্ট লোকৰ মৃতদেহ উদ্ধাৰ…

তামুলপুৰৰ লতিবাৰীৰ বৰ্মন চুপাত পুখুৰীৰ পৰা উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ। মৃত লোকজন গুৱাবাৰী অঞ্চলৰ ধীৰেন বৰ্মন(৭০)বুলি জানিব পৰা গৈছে।

যোৱা সোমবাৰে গাঁওখনলৈ আহি নিৰুদিষ্ট হৈ আছিল লোকজন। আজি পুৱা পুখুৰীত উপঙি থকা অৱস্থাত উদ্বাৰ হয় মৃতদেহ।

দিনাকৰ কলিতা নামৰ এজন লোকৰ পুখুৰীৰ পৰা উদ্বাৰ হৈছে মৃতদেহটো। ঘটনাস্থলীত তামুলপুৰ আৰক্ষীৰ লোকে উপস্থিত হৈ মৃতদেহ উদ্বাৰ কৰি লৈ গৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে।###

তামুলপুৰৰ পৰা প্ৰসাদ দাস,১৮ অক্টোবৰ

জনজাতীয় সাজপাৰত এইবাৰ মা দূৰ্গা ! এগৰাকী অধ্যাপিকাৰ হাতৰ পৰশত প্ৰাণ পাইছে দূৰ্গাৰ প্ৰতিমা…

জনজাতীয় সাজপাৰত এইবাৰ মা দূৰ্গা।।

এগৰাকী অধ্যাপিকাৰ হাতৰ পৰশত প্ৰাণ পাইছে দূৰ্গাৰ প্ৰতিমা।।

শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান ক্ষণ। চৌপাশে এতিয়া সীমাহীন ব্যস্ততা। ঢেকিয়াজুলিৰ মা লক্ষ্মী শিল্পালয়ত বড়ো জনগোষ্ঠীয় সাজপাৰত দেখা গৈছে মা দূৰ্গাৰ প্ৰতিমা। সৰ্বমুঠ ২৩ টা প্ৰতিমা নিৰ্মাণ কৰা হৈছে এই মা লক্ষ্মী শিল্পালয়ত। লগতে এই শিল্পালয়তেই এগৰাকী অধ্যাপিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দেৱীৰ প্ৰতিমা।

ঢেকিয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ ইংৰাজী আৰু কম্পিউটাৰ বিভাগৰ অধ্যাপিকা ৰঞ্জিতা দাস এতিয়া ব্যস্ত প্ৰতিমাত শেষ পৰশ দিয়াত। পুৱা ৯ বজাৰ পৰা ১২ বজালৈ পাঠ দান সম্পূৰ্ণ কৰি দিনৰ ১২ বজাৰ পাছত তেখেত ব্যস্ত হৈ পৰে প্ৰতিমাৰ চকু অংকন কৰাত। ঢেকিয়াজুলিৰ মা লক্ষ্মী শিল্পালয়ত হাতত ৰঙ-তুলিকা লৈ এইদৰে ব্যস্ত অধ্যাপিকা ৰঞ্জিতা দাস। ঢেকিয়াজুলিৰ ৫ নং ওৱাৰ্ডৰ নিবাসী দিপাঙ্কৰ দাসৰ কন্যা ৰঞ্জিতা দাসৰ কৰ্মৰাজীয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

নিজৰ ভাল লগা যিকোনো কৰ্ম মানুহে কৰিব লাগে, কৰ্মত কেতিয়াও লাজ কৰিব নালাগে বুলি জনাইছে অধ্যাপিকা গৰাকীয়ে।  লগতে জনজাতীয় সাজপাৰ প্ৰতিমাত পৰিধান কৰোৱা সন্দৰ্ভতো তেখেতে কয় যে- যিহেতু অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে একেলগে অতীজৰে পৰাই মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে, গতিকে সম্প্ৰীতিৰ এক নিদৰ্শন দেখুওৱাবলৈ দেৱীৰ প্ৰতিমা এইদৰে সাজি উলিওৱা হৈছে। নিজৰ কৰ্মৰাজীৰে পৰিচয় লাভ কৰা ৰঞ্জিতা দাস এতিয়া হৈ পৰিছে আন বহু জনৰ বাবে আদৰ্শ স্বৰূপ।

গাজাৰ এখন চিকিৎসালয়ত সংঘটিত ভয়ংকৰ বিস্ফোৰণত ৫০০ লোকৰ মৃত্যু…

গাজাৰ এখন চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত প্ৰায় ৫০০ লোকৰ মৃত্যু হোৱা বুলি হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰৰ দ্বাৰা জানিব পৰা গৈছে।

এই ঘটনাৰ বাবে হামাছে ইজৰালক দোষাৰূপ কৰাৰ বিপৰীতে ইজৰাইলে সম্পূৰ্ণৰূপে এই অভিযোগ অস্বীকাৰ কৰিছে। আনহাতে এই ভয়ংকৰ আক্ৰমণৰ বাবে ইজৰাইলে পেলেষ্টাইনৰ ইছলামিক জেহাদ সংগঠন দায়ী বুলি অভিযোগ উত্থাপন কৰিছে।

ইজৰাইলৰ সেনাই কয় যে, তেওঁলোকে একাধিক সূত্ৰৰ পৰা পোৱা চোৰাংচোৱা তথ্যই ইংগিত দিয়ে যে গাজাৰ চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হোৱা ব্যৰ্থ ৰকেট উৎক্ষেপণৰ বাবে ইছলামিক জেহাদ দায়ী।

ৰঙামাটিত দ্বীনি জলছাৰ ব্যাপক প্ৰস্তুতি ! দুদিনীয়াকৈ ২৫হাজাৰ লোকৰ সমাগমেৰে অনুস্থিত হব দ্বীনি জলছাৰ…

ৰঙামাটিত দ্বীনি জলছাৰ ব্যাপক প্ৰস্তুতি

২৭আৰু ২৮ জানুৱাৰীত দুদিনীয়াকৈ ২৫হাজাৰ লোকৰ সমাগমেৰে অনুস্থিত হব দ্বীনি জলছাৰ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে গিজ্ গিজাই থকা গোলাঘাট জিলাৰ ৰঙামাটিত দুদিনীয়াকৈ বৃষ্টিত কাৰ্যসূচীৰে অনুস্থিত হ’ব ইছলাম ধৰ্মালম্বী লোকৰ অন্যতম ধৰ্মীয় অনুস্থান দ্বীনি জলছাৰ।

ৰঙামাটি মছজিদ ও জামাত পৰিচালনা সমিতিৰ উদ্যোগত বিশ্ব শান্তিৰ অৰ্থে ৰাজ্যখনৰ বিভিন্ন জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ বিশাল সমাবেশেৰে ৰঙামাটিস্থিত

জাম্মে মছজিদ প্ৰাঙ্গনত অনুস্থিত হ’ব এই দ্বীনি জলছাৰ। ইতিমধ্যে ৫১জনীয়া এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি দুদিনীয়াকৈ অনুস্থিত হ’ব লগা দ্বীনি জলছাৰ ব্যাপক প্ৰস্তুতি চলি আছে।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

কাতি বিহুৰ দিনটোতে মাজুলীত শোকাৱহ ঘটনা…

কাতি বিহুৰ দিনটোতে মাজুলীত শোকাৱহ ঘটনা।

ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি এজন ছাত্ৰৰ। নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ অঞ্জন পায়েং।

নৈ পাৰ হৈ গাখীৰ আনিবলৈ যাওতে মৃত্যু হয় ছাত্ৰজনৰ।

জাগীৰোড আৰক্ষীৰ জালত ৩ কিশোৰী অপহৰণকাৰী…

জাগীৰোড আৰক্ষীৰ জালত ৩ কিশোৰী অপহৰণকাৰী।

আটক অপহৰণকাণ্ডৰ মাষ্টাৰ মাইণ্ড ঢেকীয়াজুলিৰ বাবুল আলী। গাড়ীচালক বচিৰ আহমেদ, মৈৰাবাৰীৰ আলী উপাধিৰ এজন ফাৰ্মাচিষ্টক আটক।

বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ কিশোৰীদ্বয়ক ফুচুলাই আনিছিল অপহৰণকাৰীয়ে। মায়ঙৰ নেপাল নামৰ এজন বেজৰ ঘৰৰ পৰা আটক বাবুল, ফাৰ্মাচিষ্টজনক।

গীতাশ্ৰী সিনহাৰ ম’বাইলৰ সন্ধানত ভৰলু নৈত আৰক্ষীৰ অভিযান…

গীতাশ্ৰী সিনহাৰ ম’বাইলৰ সন্ধানত ভৰলু নৈত আৰক্ষীৰ অভিযান।

গীতাশ্ৰী সিনহাৰ ভগ্নী নেহা সিনহাক লগত লৈ অভিযান।

ভৰলুত ম’বাইলটো দলিয়াই দিয়াৰ কথা স্বীকাৰ নেহা সিনহাৰ। অঞ্জন নাথে গম নোপোৱাকৈয়ে দ্বিতীয়টো ম’বাইল ব্যৱহাৰ কৰিছিল গীতাশ্ৰীয়ে।

ভেটাপাৰাৰ বি. এছ ডায়গনষ্টিক চেণ্টাৰ তথা ক্লিনিক প্ৰতিষ্ঠানটোৰ বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজিত…

আজি ভেটাপাৰা ত থকা বি. এছ ডায়গনষ্টিক চেণ্টাৰ তথা ক্লিনিক প্ৰতিষ্ঠানটোৱে দাঁত,কান, নাক আৰু ডিঙিৰ বিনামূলীয়া চিকিৎসা শিবিৰ, দক্ষিণ বেলতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়,

বনগাঁও ত আয়োজিত কৰিছিল। ইয়াত দন্ত চিকিৎসক ডাঃ বীনাশ্ৰী চৌধুৰী আৰু ই এন টিৰ চিকিৎসক ডাঃ ইলোৰা দাস ৰ বিনামূলীয়া চিকিৎসাৰ উপৰিও বিনামূলীয়া তেজৰ পৰীক্ষা কৰা হয়।

ইয়াত কমেও ১০০ৰ ওপৰত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক -শিক্ষয়ত্ৰীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়।

শিল-বালি কঢ়োৱা ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ ৰাইজ লিকাবালি কুঁৱেৰীৰ ডাম্পাৰৰ সন্ত্ৰাসে যান-জটৰ সৃষ্টি কৰিছে চিলাপথাৰত…

উত্তৰ অসমৰ অন্যতম বানিজ্যিক চহৰ হিচাপে পৰিচিত চিলাপথাৰ নগৰ। ব্যস্ততাপূৰ্ণ চিলাপথাৰ নগৰত সিহতীয়াকৈ একাংশ কাগজ পত্ৰ বিহীন ডাম্পাৰৰ সন্ত্ৰাসে সৰ্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰিছে ভাবুকি। নগৰৰ খনৰ মাজেৰে দিনে নিশাই কোনো নীতি-নিয়ম নমনাকৈ শ শ শিল বালি কঢ়োৱা তীব্ৰ বেগত অহা ডাম্পাৰ সমূহৰ দৌৰাত্মত নগৰখনত ব্যাপক হাৰে সৃষ্টি কৰিছে যান জটৰ। লিকাবালি গাইনৈ কুঁৱেৰীৰ পৰা অহা শিল বালি কঢ়োৱা এই ডাম্পাৰৰ সমুহৰ প্ৰায় খিনিৰে উপযুক্ত নথি পত্ৰ অবিহনেই ডিব্ৰুগড়, ধেমাজি, দুলীয়াজান, টেঙাখাট, লাহোৱাল, বৰবৰুৱা, তিনিচুকীয়া আদি স্হানলৈ সদায় সৰবৰাহ হৈ আছে।

বিভিন্ন সময়ত কুঁৱেৰীৰ মহলদাৰৰ বিৰুদ্ধেও দল সংগঠনে অভিযোগ তুলি আহিছে যে চৰকাৰী নীতি নিৰ্দেশনাৰ পৰিবৰ্তে নিজৰ লাভৰ সোৱাদত অবৈধ ভাৱে মহলটোত খননকাৰ্য চলাই আহিছে। একাংশ বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি গাই নৈ ৰ বুকুত দৈনিক জে চি বি, ফকলেঙৰ পৰা খনন কৰি শ শ ডাম্পাৰ, টেক্টৰৰ পৰা শিল বালিৰ খননে পাৰ্শ্বৱৰ্তী অঞ্চলসূহত বাৰিষাত লৈ আহে বিপদাপন্ন।নৈ কাষৰীয়া গাওঁৰ জীৱন সম্পত্তিক বিপদাপন্ন কৰি চলোৱা খননকাৰ্যৰ লগতে ব্যস্ততাপূৰ্ণ চিলাপথাৰ নগৰত অব্যাহত থকা ডাম্পাৰৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ দাবী জনায়

আহিছে যদিও আজিলৈকে বিভাগে গুৰুত্ব নিদিলে। তীব্ৰ গতিত অহা ডাম্পাৰৰ ভয়ত ৰাতিপুৱা স্কুল, কলেজত শিক্ষাৰ্থীৰ লগতে হাট বজাৰ কৰিবলৈ যাওঁতে এশ বাৰ ভাবিব লগা হৈছে সাধাৰণ জনতাই। সমাগত শাৰদীয় দূৰ্গা পূজাৰ বতৰত নগৰত দিনে নিশাই ৰাইজৰ সমাগম হৈছে যদিও আন একাংশই বজাৰত যাবলৈ চিন্তা কৰিব লগা হৈছে কিয়নো যিকোনো সময়ত এই ডাম্পাৰ খুন্দাত পৰা ভয়। শীঘ্ৰেই এইবোৰ বিষয়ৰ ওপৰত প্ৰশাসন তথা বিভাগীয় বন বিভাগক নাকি লগা’বলৈ দাবী জনাইছে সচেতন মহলৰ লগতে দল সংগঠনে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

বকতা নঙলামৰা জীৱনজ্যোতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত ১ মহীয়া ডবা খেলৰ প্ৰক্ষিশন শিবিৰ…

সামাজিক উত্তৰণৰ ক্ষেত্ৰত শিশু সকলৰ মাজত শিক্ষাৰ সমান্তৰাল ভাৱে খেলৰো বিকাশ ঘটোৱাৰ প্ৰয়োজন আছে | থিক তাৰ এক প্ৰয়াস হিচাপে চৰাইদেউৰ বকতা নঙলামৰা জীৱনজ্যোতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত ১ মহীয়া

ডবা খেলৰ প্ৰক্ষিশন শিবিৰৰ আয়োজন কৰা হয় | জীৱনজ্যোতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত প্ৰায় দুকুৰি প্ৰশিক্ষাৰ্থীৰ লগতে স্থানীয় বহু সংখ্যক শিশু,

কিশোৰসকলৰ মাজত ডবা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে | লগতে বিজয়ী প্ৰতিযোগীসকলক উদ্যোক্তাসকলে মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰে |