Home Blog Page 1304

সন্ধিয়া ৫-৭ বজাৰ ভিতৰত কৰক এই কাম…

সন্ধিয়া কোনবোৰ কাম কৰি ওজন সোনকালে কমাব পাৰি জানেনে? মেদবহুলতা আজিকালি এটা সাধাৰণ সমস্যা হৈ পৰিছে। অনিয়মিত খাদ্যাভ্যাস আৰু ব্যায়ামৰ অভাৱৰ বাবে মানুহৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰিছে। ওজন কমাবলৈ মানুহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু আপুনি জানেনে যে কেৱল দৈনন্দিন জীৱনত সামান্য পৰিৱৰ্তন হ’লেই ওজন কমাব পাৰি। ৫-৭ বজাৰ ভিতৰত যদি এই কাম কৰে তেন্তে ওজন কমোৱাত সহায় হ’ব…

ওজন কমাবলৈ ৰাতিৰ আহাৰ সঠিক সময়ত খোৱাটো অতি প্ৰয়োজনীয়। সন্ধিয়া ৫ৰ পৰা ৭ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে।ইয়াৰ ফলত ওজন কমোৱাত সহায় হয়। এই সময়ত ৰাতিৰ আহাৰ খালে বহু উপকাৰ পোৱা যায়। ৰাতি সোনকালে খাদ্য গ্ৰহণ কৰিলে শৰীৰে খাদ্যৰ পৰা সম্পূৰ্ণ সুফল লাভ কৰাত সহায় কৰে। ইয়াৰ বাবে খাদ্য হজম প্ৰক্ৰিয়া অৰ্থাৎ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। যাতে শৰীৰে খাদ্যৰ পৰা সম্পূৰ্ণ পুষ্টি লাভ কৰে আৰু লগতে ভাল শক্তিও পায়। ইয়াৰ উপৰিও অতিৰিক্ত কেলৰি কমোৱাত সহায় কৰে যিটো ওজন হ্ৰাস কৰাত অতি উপকাৰী।

ৰাতিৰ আহাৰ অতি দেৰিকৈ খোৱাৰ পিছত শুলে পাচনতন্ত্ৰই খাদ্য হজম কৰিবলৈ পৰ্যাপ্ত সময় নাপায়। ইয়াৰ বাবে খাদ্য সঠিকভাৱে হজম নোহোৱাৰ বাবে পেটৰ বিষ, বদহজম, গেছ আৰু পেট ফুলা আদি পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে।সন্ধিয়া সোনকালে খালে খাদ্য খোৱাৰ পিছত বহু সময় বাকী থাকে, য’ত পাচনতন্ত্ৰই হজম কৰিব পাৰে খাদ্য সঠিকভাৱে হজম কৰিবলৈ সক্ষম। গতিকে সন্ধিয়া সোনকালে খাদ্য খোৱা হজম শক্তি আৰু পেটৰ স্বাস্থ্যৰ বাবে ভাল। আৰু ইয়াৰ ফলত ওজনো দ্ৰুতগতিত হ্ৰাস পাব।

সন্ধিয়া ৱৰ্কআউট কৰিলে বহু উপকাৰ পোৱা যায়, দিনৰ ভাগত কাম কৰা সকলৰ বাবে সন্ধিয়া ৱৰ্কআউট কৰাটো উপকাৰী। সন্ধিয়া ৱৰ্কআউট কৰিলে শৰীৰত শীতলতা পোৱা যায় আৰু ভাগৰুৱা হোৱাৰ বাবে টোপনিও ভাল হয়।

তেজপুৰ ভোমোৰাগুৰিৰ পথ দুৰ্ঘটনাত মৃত্যু এটি হৰিণাৰ

উন্নয়নে জীৱকুল আৰু প্ৰকৃতিৰ প্ৰতি বিপদ কঢ়িয়াই আনিছে নেকি? কাৰ ভুল আৰু অমনোযোগিতাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়?

বৃহস্পতিবাৰে ৰাতিপুৱা আনুমানিক ৪.৩০ মান বজাত পশ্চিম শোণিতপুৰ বন সংমণ্ডল আৰু তেজপুৰ সদৰ বনাঞ্চলৰ অন্তৰ্গত ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ ভোমোৰাগুৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটি হৰিনাৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

 উক্ত পথ দুৰ্ঘটনাত অচিনাক্ত বাহনে এটি হৰিণাক খুন্দিয়াই যোৱাৰ ফলত হৰিণাটিৰ মৃত্যু হয়।

তৎক্ষণাৎ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত হৈ পশু চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুতি থয়।

লক্ষণীয় যে ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ মাজেদি  চাৰিলেন যুক্ত ৩৭ নং ক ৰাষ্ট্ৰীয় ঘাইপথ গৈছে। উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ জীৱ-জন্তু অহা যোৱা কৰে।

কিন্তু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলত গতি ৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

আনকি পৰিবহন বিভাগেও ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথত গতি ৰোধৰ বাবে সংকেত, কোনো চাইন বৰ্ড আদি লগোৱা পৰিলক্ষিত হোৱা নাই বুলি পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ অতিৰিক্ত বন সংৰক্ষক তথা তেজপুৰ সদৰ বনাঞ্চলৰ আঞ্চলিক বন বিষয়া গৌতম মহন্তই মন্তব্য কৰে।

জীৱ জন্তৰ সুৰক্ষাৰ বাবে বন বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পৰিবহন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াই হব লক্ষণীয়।

-বিশ্বজিৎ দাস, তেজপুৰ

বটদ্ৰৱাৰ চমকাত নিৰুদ্দেশ শিশু

নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত চমকা গাঁৱৰ পৰা এগৰাকী শিশু নিৰুদ্দেশ হোৱাৰ ঘটনাই পৰিয়ালত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, চমকা গাঁৱৰ মুস্তাফিজুৰ ৰহমানৰ বোবা কন্যা উম্মে ছালামা (৮) যোৱা ১১ অক্টোবৰৰ দিনা দুপৰীয়া নিজ গৃহৰ পৰা নিৰুদ্দেশ হয়।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ- খোচাৰ কৰিও এতিয়ালৈকে ছালমাৰ কোনো সন্ধান লাভ কৰিব পৰা নাই।

যদি কোনোবা লোকে কথা ক’ব নোৱাৰা উম্মে ছালমাৰ সন্ধান পায় তেন্তে 9387791564 নম্বৰত যোগাযোগ কৰিবলৈ মাতৃ তাচলিমা বেগম আৰু পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।


ৰাজ্য কঁপাই যোৱা ডাবল মাৰ্ডাৰৰ অভিযুক্ত অৰূপ ডেকাৰ জামিন লাভ…

ৰাজ্য কঁপাই যোৱা ডাবল মাৰ্ডাৰৰ অভিযুক্ত অৰূপ ডেকাৰ জামিন লাভ ৷

শংকৰী দে’, অমৰজ্যোতি দে’ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল অৰূপ৷

বৰ্তমানেও ন্যায়িক জিম্মাত মূল হত্যাকাৰী বন্দনা কলিতা৷ শীঘ্ৰেই জামিন লাভৰ সম্ভাৱনা আনজন অভিযুক্ত ধনটি ডেকাৰো৷

মৰিয়নিত বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত এগৰাকী বাইক আৰোহী…


মৰিয়নিত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম,ডাম্পাৰৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত এগৰাকী বাইক আৰোহী
পুৱাৰ ভাগৰ পৰা মৰিয়নি নগৰৰ মাজেৰে শ শ বালি কঢ়িওৱা ডাম্পাৰৰ অতপালি,

নামানে কোনো চৰকাৰী নিতী নিয়ম।মৰিয়নিবাসীয়ে বাৰম্বাৰ প্ৰশাসনক এই বালি ডাম্পাৰখিনিক নিয়ন্ত্ৰণ কৰাৰ বাবে অনুৰুধ জনাই অহাৰ পাছতো প্ৰশাসনে চকু মুদা কুলিৰ ভাও জুৰি আহিছিল।

আজি পুৱাৰ ভাগতে এখন দ্ৰুতবেগী বালি ভৰ্ত্তি ডাম্পাৰে মহতিয়ালে এজন বাইক আৰোহীক।বাদল বাছফৰ নামৰ বাইক চালক গৰাকীক AS03CC 3768 নম্বৰৰ ডাম্পাৰ খনে মহতিয়াই গুৰুত্বৰ ভাৱে আহত কৰে।ইতিমধ্যে আহত গৰাকীক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

“মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ ৰিপ’ৰ্ট

মধুৰিআমৰ নানান‌ ঔষধীয় গুণৰ বিষয়ে জানো আহক…

মধুৰীআম -মধুৰ ৰস, বলকাৰক, হৃদয়গ্রাহী, দিগ্ধ, ৰুচিকৰ আৰু শুক্রজনক তথা ই ক্রিমি, বায়ু, তৃষ্ণা, জম্বৰ, বিদাহ, মূৰ্ছা, ভ্ৰম, শ্রম আৰু শোথ বিনাশক। আৰু এক প্ৰকাৰ মধুৰীআম আছে, যি অতি বৃহৎ আৰু গোলাকাৰ । মহাপাৰেবত, স্বর্ণপাৰেবত, সাম্রাণিজ, খাৰিক, ৰক্তৰৈবতক, বৃহৎ পাৰেবত, দ্বীপজ আৰু দ্বীপখজুৰ, এইবোৰ ডাঙৰ মধুৰীআমৰ পর্য্যায়। ই বলকাৰক, পুষ্টিকৰ , বৃষ্য, মূৰ্ছা ও জ্বৰ নাশক। মধুৰীআম (Guava) আমাৰ সকলোৰে বাবে এটি জনপ্রিয় ফল। মধুৰীআম Psidium গণৰ অন্তর্ভূক্ত। এই গণৰ প্রায় ১৫০টা প্ৰজাতি আছে । কিন্তু আমাৰ দেশত Psidium guajava প্ৰজাতিটো বেছিকৈ দেখা যায়।

আমেৰিকাৰ নিৰক্ষীয় অঞ্চল মধুৰীআমৰ আদি জন্মস্থান। পেৰুৰ পৰা মেক্সিকো পৰ্যন্ত অঞ্চলত দ্রুত ইয়াৰ বিস্তাৰ ঘটে। ভাৰত , মেক্সিকো, ব্রাজিল, পাকিস্তান, শ্রীলংকা, বাংলাদেশ, বার্মা, থাইল্যান্ড, মালয়েছিয়া , হাৱাই, ফিলিপাইন, ফ্লোৰিডা প্রভৃতি দেশত ব্যাপকভাবে মধুৰীআমৰ খেতি হয়। মধুৰীআমৰ গছৰ বাবে সর্বোত্তম তাপমাত্রা হৈছে ২৩-২৮° সে.। তথাপি পৈণত গছ ৪৫° চে. তাপমাত্রাতো বাচি থাকিব পাৰে ।

মধুৰীআম ভিটামিন-C আৰু পেক্টিনৰ অন্যতম উৎস। মধুৰীআম ফলত ৮০-৮৩% পানী , ২.৪৫% অম্ল, ৩.৫০-৪.৪৫% গ্লুকজ বা চেনী , ৯.৭৩% দ্রবনীয় শুষ্ক পদার্থ, ০.৪৮% পটাছিয়াম , ২৬০ মিলিগ্রাম/১০০ গ্রাম ভিটামিন-C থাকে। বতৰ, পৰিপক্কতা আৰু জাতভেদে ইয়াৰ তাৰতম্য হয়। মধুৰীআম পৈণত হলে কেঁচা আৰু পঁকা উভয় অবস্থাতেই খাব পাৰি। পৈণত ফলৰ দ্বাৰা চালাদ, পুডিং আৰু সুস্বাদু জেলী, চৰবত, পাউডাৰ , আচাৰ আৰু আইচক্ৰীম তৈয়াৰ কৰা হয়।

মধুৰীআমৰ গছ সৰুৰ পৰা মধ্যমীয়া (২.৩-১০ মি) আকাৰৰ হয়। শিপা মাটিৰ বেছি গভীৰলৈ প্রবেশ নকৰে । পাতৰ কক্ষৰ পৰা পুস্পমুকুল এককভাবে অথবা পুষ্পমঞ্জুৰীত ২-৩টা ফল একেলগে উৎপন্ন হয়। উৎপাদনৰ বতৰত ২৫-৪৫ দিন ধৰি ফুল ফুলে । ফুল উভয়লিঙ্গী আৰু বায়ুপ্রবাহ আৰু কীট-পতংগৰ দ্বাৰা পৰাগায়ন সম্পন্ন হয়। উৎপাদিত ফুলৰ প্রায় ৮০-৮৬% ফলত পৰিণত হয়। কিন্তু প্রাথমিক পৰ্যায়ৰ ফল বতাহ আদিৰ দ্বাৰা সৰি যোৱাৰ ফলত মাত্র ৫০-৬০% ফল পৰিপক্ক হয়। কেঁচা অবস্থাত ফল সেউজীয়া থাকে কিন্তু পকিবলৈ আৰম্ভ কৰিলে পাতল সেউজীয়া বা পাতল হালধীয়া ৰং ধাৰণ কৰে।

কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস: মাত্ৰ ৯৯ টকাত চাওক ‘জৱান’! অনুৰাগীলৈ উপহাৰ শ্বাহৰুখ খানৰ…

ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষেও নিজৰ যাদু দেখুৱাবলৈ সাজু হৈছে জৱান। ইতিমধ্যে জৱানৰ প্ৰায় ১ লাখ টিকট বিক্ৰী হৈছে আৰু ইয়াকে দেখি ছবিখনৰ শ্ব’ বৃদ্ধি কৰিছে। শ্বাহৰুখ খানৰ ছবি জৱান ছবিগৃহত ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল আৰু এতিয়া ছবিখন মুক্তি পোৱাৰ এমাহতকৈও অধিক হ’ল, কিন্তু জৱানৰ মৰ্যাদা কোনো ধৰণে কমি যোৱা নাই। এতিয়াও বক্স অফিচত নতুন আদৰ্শ দাঙি ধৰাত ব্যস্ত আৰু কাইলৈ ​​ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে এই জৱানে যাদু দেখুৱাবলৈ সাজু। আনহাতে বক্স অফিচত বহু ছবিয়ে মুক্তি লাভ কৰিছে।

ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে সমগ্ৰ দেশৰ চিনেমাগৃহত চলি থকা সকলো ছবিৰ টিকটৰ মূল্য মাত্ৰ ৯৯ টকাত ৰখা হৈছে। যদিও এই ৰেটসমূহ কেৱল ২ডিৰ বাবে, থ্ৰীডি, আইমেক্স আৰু ৪ডিএক্সো কম ৰেটত উপলব্ধ, কিন্তু ৯৯ টকাত নহয়। এই পৰ্যন্ত সমগ্ৰ দেশতে এই ছবিখনৰ প্ৰায় ১ লাখ টিকট বিক্ৰী হৈছে। ইমান ডাঙৰ সঁহাৰি দেখি প্ৰদৰ্শকসকলেও কাইলৈ ​​বিপুল জনসমাগমৰ আশা কৰি জৱান শ্ব’ৰ সংখ্যাও বৃদ্ধি কৰিছে।

কাশ্মীৰত নিহত প্ৰথমগৰাকী অগ্নীবীৰ জোৱান…

এক হৃদয় বিদাৰক ঘটনা ঘটিল কাশ্মীৰত। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ অধীনত ভাৰতীয় সেনা বাহিনীত অস্থায়ী ৰূপে নিয়োজিত এজন অগ্নিবীৰ জোৱানে আজি কাশ্মীৰত প্ৰাণাহুতি দিবলগীয়া হয়। বুধবাৰে কাশ্মীৰ সীমান্তত এজন অগ্নিবীৰ জোৱানক অচিনাক্ত লোকে গুলীয়াই হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁ উপত্যকাৰ পুঞ্চ জিলাৰ মানকোট চেক্টৰত কৰ্তব্যৰত হৈ আছিল। সৈনিকজনক কেনেকৈ গুলীয়াই হত্যা কৰা হ’ল সেই বিষয়ে বিতং খবৰ এতিয়াও পোৱা হোৱা নাই। জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে মৃতব্যক্তিজনৰ নাম অমৃতপাল সিং। ছমাহৰ প্ৰশিক্ষণৰ পিছত তেওঁ সেনাত যোগদান কৰিছিল।

জোৱানজনক পুঞ্চ জিলাৰ মানকোট চেক্টৰত পাকিস্তান সীমান্তত মোতায়েন কৰা হৈছিল। কাশ্মীৰ আৰক্ষীৰ মতে অমৃতপালক তেওঁৰ নিজৰ বন্দুকেৰেই গুলীয়াই হত্যা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। সৈনিকজনক হত্যা কৰা হৈছে নে তেওঁ আত্মহত্যা কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বহুতে এইবুলি প্ৰশ্ন কৰিছে যে মাত্ৰ ছমাহৰ প্ৰশিক্ষণৰ পিছতে তেওঁক কিয় পাকিস্তান সীমান্তৰ দৰে স্পৰ্শকাতৰ এলেকাত নিয়োজিত কৰা হৈছিল। উল্লেখ্য যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰৰ কম সময়ৰ বাবে সেনাত নিযুক্তিৰ অৰ্থে অগ্নিবীৰ আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিয়ে সমগ্ৰ দেশতে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল। ম্যাদৰ শেষত যুৱ সৈন্যসকলে কি কৰিব? এয়া পবহতে পৃুত্থাপন কৰা প্ৰশ্ন আছিল। বিভিন্ন মহলৰ পৰা পোৱা চাপৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ২৫ শতাংশ অগ্নিবীৰৰ ভাৰতীয় সেনাত ৫০ শতাংশ স্থায়ী নিয়োজনৰ কথা ঘোষণা কৰিছিল।

মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কাৰ্যসূচী…

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন এইবেলি মৰিগাঁও জিলাত অনুষ্ঠিত হ’ব । অহা নৱেম্বৰ মাহৰ ২১ , ২২ , ২৩ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হব । আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্কুল খেলপথাৰ প্ৰাংগণত লাইখুঁটা স্থাপন কৰা হয় ।

লাইখুঁটা স্থাপন কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি উপেন্দ্ৰ নাথ শৰ্মাই । উক্ত কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা , মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেউত , মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ লীলাকান্ত বৰঠাকুৰ , ঘণকান্ত মহাবিদ্যালয়ৰ অধ্যক্ষ বিষ্ণু প্ৰসাদ উপাধ্যায় লগতে জিলা খনৰ বহু জ্যেষ্ঠ গণ্য মান্য ব্যক্তি , সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন জিলাৰ বিষয়ববীয়া , কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে । জিলা খনৰ প্ৰায় ৫ শতাধিক লোক উপস্থিত থাকি এক মংগলিক পৰিবেশৰ মাজেৰে কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলে।

চৰাইদেউ জিলাৰ মাহমৰাত ১৬ অক্টোবৰত অইল লক্ষ্য তৃতীয় বৰ্ষৰ শুভাৰম্ভণিৰ প্ৰস্তুতি…

গ্ৰাম্য অঞ্চলৰ উঠি অহা ফুটবল খেলুৱৈসকলৰ বিকাশৰ উদ্দেশ্যে ‘অইল ইণ্ডিয়া লিমিটেড’ৰ চি এছ আৰ আচঁনিৰ অধীনত ‘অইল লক্ষ্য’ তৃতীয় বৰ্ষৰ শুভাৰম্ভণি ১৬ অক্টোবৰ ২০২৩, সোমবাৰে মাহমৰা ক্ৰীড়া সন্থাৰ সহযোগত চৰাইদেউ জিলাৰ মাহমৰা ‘বালীজান দুৱৰী যুৱক সংঘ’ৰ খেলপথাৰত অনুষ্ঠিত হ’ব । বিগত বৰ্ষত উদ্ধোধনী অনুষ্ঠান হৈছিল ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ত্ৰিনয়নজ্যোতি সংঘ খেলপথাৰত । অইল ইণ্ডিয়া লিমিটেডৰ কর্মাঞ্চলসমূহৰ ৩৪ টা ফুটবল কেন্দ্ৰক সাঙুৰি লোৱা তৃতীয় বৰ্ষৰ কাৰ্যপ্ৰণালী ইতিমধ্যে অইল লক্ষ্য মূল উদ্যোক্তা ‘দুলীয়াজান ফুটবল ক’চিং চেন্টাৰে’ প্ৰকাশ কৰিছে । যোৱা বৰ্ষৰ দৰে এই বছৰও খেলুৱৈসকলক এক প্রতিযোগিতা মূলক মঞ্চ দিয়াৰ উদ্দেশ্য ‘অইল লক্ষ্য ডেভেলপমেণ্ট লীগ’ ৰ দ্বিতীয় সংস্কৰণ ল’ৰা ১৪ আৰু ১৬ বছৰ অনুৰ্দ্ধৰ, ছোৱালী ১৬ বছৰ অনুৰ্দ্ধৰ মুঠ ৭৩ টা দলৰ অংশগ্রহণে আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে । ইয়াৰ উপৰি উক্ত ৩৪ টা ফুটবল কেন্দ্ৰক অইল লক্ষ্য ফালৰপৰা খেলৰ সামগ্ৰীৰ বিতৰণকে ধৰি বিনামূলীয়াভাবে নির্বাচিত প্ৰশিক্ষকক সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ‘ডি’ আৰু ‘চি’ লাইচেন্সৰ পাঠ্যক্ৰমৰ সুবিধা কৰাই দিয়া লগতে খেল পৰিচালকৰ চাৰ্টিফিকেটৰ ব্যৱস্থা আছে । তৃণমূল পৰ্যায়ত ফুটবলৰ প্ৰসাৰৰ বাবে ‘অইল লক্ষ্য’ তৃতীয় বৰ্ষত নতুন সংযোজন সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ‘ব্লু ক্লাব’ লীগ’ অৰুণাচলৰ চাংলাং জিলাত অনুষ্ঠিত কৰা হ’ব বুলি দুলীয়াজান ফুটবল ক’চিং চেন্টাৰৰ সম্পাদক ভবেন চাংমায়ে জানিবলৈ দিয়ে ।

১৬ অক্টোবৰৰ উদ্ধোধনী দিনা মাহমৰা ফুটবল ক’চিং চেন্টাৰ আৰু লাকুৱা ফুটবল ক’চিং চেন্টাৰৰ ল’ৰাৰ ১৪ বছৰ অনুৰ্দ্ধৰে আৰম্ভ হ’ব । এই অনুষ্ঠানত অইল ইণ্ডিয়াৰ বিষয়াবৰ্গৰ লগতে কেইবাগৰাকীও প্ৰাক্তন ফুটবলাৰ উপস্থিত থাকিব । এইবাৰৰ ‘অইল লক্ষ্য’ আঁচনিয়ে সামৰি লোৱা চাৰিখন জিলা হ’ল – তিনিচুকীয়া, ডিব্ৰগড়, চৰাইদেউ আৰু শিৱসাগৰ । কেন্দ্ৰ সমূহ :-
১. কাকপথাৰ ফুটবল ক’চিং চেন্টাৰ
২. ৰঙাজান ইউনাইটেড এফ চি
৩. মাকুম এফ চি চি
৪. তালাপ কৰদৈগুৰি আঞ্চলিক ক্ৰীড়া সন্থা
৫. বাৰেকুৰী এফ চি চি
৬. তিনিচুকীয়া খেল’ ইণ্ডিয়া চেন্টাৰ
৭. দেওশাল ফুটবল একাডেমী
৮. ইউনাইটেড চাবুৱা এফ চি
৯. বৰহোলা এফ চি চি
১০. লাংকাচি ফুটবল একাডেমী


১১. ভাদৈ ফুটবল ক্লাব
১২. দুলীয়াজান ফুটবল ক’চিং চেন্টাৰ
১৩. দুলীয়াজান ফুটবল একাডেমী
১৪. পি পি এফ নাহৰকটীয়া
১৫. নাহৰকটীয়া ফুটবল একাডেমী
১৬. শলগুৰি টিপমিয়া ফুটবল ক’চিং চেন্টাৰ
১৭. মাহ’মৰা স্পটছ ক্লাব, টিংখং
১৮. কপৌহোৱা নৱজ্যোতি সংঘ
১৯. জয়পুৰ তৰুণ সংঘ
২০. জয়পুৰ ছকাৰ চেন্টাৰ
২১. নামৰূপ টাউন ক্লাব ফুটবল একাডেমী
২২. চি চি ডি ডিব্ৰগড়
২৩.:যদু শ্যাম ফুটবল ক’চিং চেন্টাৰ
২৪. লুইত ফুটবল ক’চিং চেন্টাৰ
২৫. বৰবৰুৱা ফুটবল ক’চিং চেন্টাৰ
২৬. চ্যুকাফা ক’চিং স্পৰ্টছ একাডেমী, বৰুৱানগৰ
২৭. মাহমৰা ফুটবল ক’চিং চেন্টাৰ
২৮. লাকুৱা ফুটবল ক’চিং চেন্টাৰ
২৯. বাম ৰজাবাৰী ক’চিং চেন্টাৰ
৩০. ভোগবাৰী ফুটবল ক’চিং চেন্টাৰ
৩১. ধমন ক্ৰীড়া প্ৰকল্প
৩২. চৰাইদেউ ফুটবল একাডেমী
৩৩. তিনিচুকীয়া ফুটবল একাডেমী আৰু
৩৪. টিমনা ফুটবল ক’চিং চেন্টাৰ ।