মধ্যপ্ৰাচ্যৰ দেশসমূহত যুগ যুগ ধৰি খেজুৰক প্ৰধান ফল হিচাপে সেৱন কৰা হয়। ভাৰততো ইয়াৰ খেতি কৰা হয়। ইয়াৰ সোৱাদে আমাৰ সকলোকে আকৰ্ষণ কৰে। বহু ধৰণে খাব পাৰে। আমেৰিকাৰ কৃষি বিভাগৰ তথ্য অনুসৰি ১০০ গ্ৰাম খেজুৰত ২.৪৫ গ্ৰাম প্ৰটিন আৰু ৮ গ্ৰাম আঁহ থাকে।
কিচমিচ বহু ধৰণৰ ৰেচিপি আৰু মিঠাইত ব্যৱহাৰ কৰা হয়, ইয়াক আঙুৰ শুকুৱাই প্ৰস্তুত কৰা হয়। আমেৰিকাৰ কৃষি বিভাগৰ মতে, প্ৰতি ১০০ গ্ৰাম কিচমিচত প্ৰায় ৩ গ্ৰাম প্ৰটিন থাকে।
যি সকল লোকে মাছ, মাংস, কণী খাই ভাল নাপাই, তেওঁলোকে প্ৰটিনৰ বাবে এই সমূহ ফল খাব পাৰে।
গুৱাহাটীত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন
অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি আজি বিভিন্ন কাৰ্যসূচীৰে গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ লেখক-লেখিকা উপস্থিত থাকে৷ বৰ্ষপূৰ্তি উপলক্ষে পুৱা ৯.৩০ বজাত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিমাংশু পাঠকে পতাকা উত্তোলন কৰে৷
পুৱা ৯.৪৫ বজাত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰঞ্জনজ্যোতি শৰ্মা বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে৷ দিনৰ ১০ বজাত মুকলি সভা আৰু কবিতা পাঠ অনুষ্ঠানত সঞ্চালনা কৰে গুৱাহাটী মহানগৰ কবি কাননৰ সঞ্চালক কমলজিৎ কলিতাই সঞ্চালনা কৰে৷
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ দয়ানন্দ পাঠক৷ অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞি আৰু জ্যেষ্ঠ সাংবাদিক বনদ্বীপ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷
ইয়াতে ডিবি নিউজৰ সাংবাদিক, কবি জেবিন চুলতানাসহ কেইবাগৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ৷ এই বৰ্ষপূৰ্তি অনুষ্ঠানত অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মুকুট শৰ্মাই স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ
লগতে অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ উপদেষ্টা বিপুল শৰ্মাই অনামিকা দেৱীৰ ‘হৃদয়ৰ ভাষা’ নামৰ গ্ৰন্থখন উন্মোচন কৰে৷ সভাত বিভিন্ন শিতানত পুৰস্কাৰপ্ৰাপকক বঁটা প্ৰদান কৰে৷ উল্লেখ্য যে এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ লগতে কবি-সাহিত্যিকসকলক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷